আহিন মাহৰ এই উৎকট গৰম কাৰ বাবে হৈ পৰিছে আশীৰ্বাদ স্বৰূপ

Story by  Ariful Islam | Posted by  Munni Begum • 4 h ago
পদপথত নেমু চৰবত আৰু ডাব নাৰিকল বিক্ৰী কৰাৰ এক দৃশ্য
পদপথত নেমু চৰবত আৰু ডাব নাৰিকল বিক্ৰী কৰাৰ এক দৃশ্য
 
আৰিফুল ইছলাম / গুৱাহাটী
 
আজিৰ পৰা কিছু বছৰ আগলৈ আহিন মাহত অসমৰ পৰিৱেশ অতিকৈ মনোমোহা হৈ পৰিছিল। গাঁওসমূহত পুৱা আৰু গধূলি শীতৰ অনুভৱ আৰম্ভ হ'বলৈ লৈছিল। শৰতৰ বতৰা লৈ আহিছিল নিয়ৰসনা দূৱৰিয়ে। ৰূপোৱালী জোনাকৰ স্নিগ্ধতাত অসমীয়াৰ চোতালত জিলিকি উঠিছিল শেৱালিৰ শুভ্ৰ দলিচা। 
 
কিন্তু, সময়ে সকলো সলনি কৰিলে। এতিয়া আহিনৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্যবাসীক। নিশাৰ ভাগতো উৎকট গৰমে জ্বলাকলা খুৱাইছে সকলোকে। হয়তো ইতিহাসত প্ৰথমবাৰলৈ অসমত ছেপ্টেম্বৰ মাহত পাৰাস্তম্ভই ৩৯ ডিগ্ৰী স্পৰ্শ কৰিছে।বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অসমত তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ। শৰতৰ আগমনৰ এই ক্ষণত এনে অস্বাভাৱিক গৰম হয়তো পূৰ্বতে অসমবাসীয়ে সহ্য কৰি পোৱা নাই। 
 
 
উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত গৰমৰ বাবে বহুজন অসুস্থ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। কিন্তু এই প্ৰচণ্ড গৰম যেন পদপথৰ একাংশ ব্যৱসায়ীৰ বাবে আশীৰ্বাদ স্বৰূপ। শনিবাৰে বতৰ কিছু পৰিমানে গোমা কৰিছিল যদিও চলিত সপ্তাহটোৰ প্ৰচণ্ড গৰম যেন এই ব্যৱসায়ীসকলৰ বাবে এক আশীৰ্বাদহে আছিল। নাৰিকল পানী, নিমু পানী, কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা ব্যৱসায়ীসকলৰ গৰমৰ ফলত ব্যৱসায় বেছি ভাল হোৱা পৰিলক্ষিত হৈছে। 
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিমু পানী বিক্ৰী কৰা ব্যৱসায়ী প্ৰিন্স কুমাৰে কয়; "বেছি গৰম পৰিলে বা প্ৰচণ্ড ৰ'দ দিলে আমাৰ ব্যৱসায় যথেষ্ট ভাল হয়। এইকেইদিন গৰমৰ ফলত আমাৰ ব্যৱসায় ভাল হৈছে। সাধাৰণ অন্য দিনতকৈ এই সপ্তাহটোত আমাৰ বিক্ৰী ভাল হৈছে। বৰষুণ দিলেটো আমাৰ লোকচান হয়। বৰ্তমান আমি দিনত ৪-৫ হাজাৰ টকাৰ নেমু পানী বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ৪ খন নেমু পানীৰ বিক্ৰী কৰা দোকান আছে। এইকেইদিন নেমুৰ দামো বৃদ্ধি পাইছে। গৰম দিলে আমাৰ অলপ ভালেই লাগে, কিন্তু অত্যন্ত গৰমৰ ফলত অন্য বহুত লোকৰ কষ্ট হয়, গতিকে বহুত বেছি গৰম পৰিবও নালাগে।"
 
কুঁহিয়াৰৰ ৰসৰ ব্যৱসায়ী
 
পদপথত ডাব নাৰিকল বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়ী দুৰ্গেশ্বৰ ডেকাই কয়; "ডাব নাৰিকলৰ বাবে বৰ্তমান ব্যৱসায় ভালেই। কিন্তু গৰমত মানুহ ওলাই আহিব ইচ্ছা নকৰে গতিকে বহুত বেছি গ্ৰাহকো হোৱা নাই। ৰাস্তাৰে গাড়ীত গৈ থকা মানুহে ডাব দেখা পালে ৰখে আৰু ডাব খাই, ঘৰলৈ লৈও যায়। আমি ডাবসমূহ গাওঁ অঞ্চলৰ পৰা কিনি আনো। প্ৰতিটো ডাব ৩০ টকাকৈ কিনো। আমি নিজেই গছত উঠি নাৰিকলবোৰ পাৰি লৈ আহোঁ। গৰম বেছি হোৱা বাবেই নাৰিকল গছত উঠোতেও কষ্ট হৈছে। আমি ডাবসমূহ মৰিগাঁওৰ ফালৰ পৰা আনো। আগন্তুক আৰু দুই তিনিদিন বেছি গৰম পৰিব বুলি শুনিছোঁ। ব্যৱসায়টো ভালেই হ'ব, কিন্তু গছত উঠোতে কষ্ট হ'ব অলপ। এইবাৰটো ডাব, নেমু, কুঁহিয়াৰ আদিৰ বাবে ব্যৱসায়টো ভালেই হৈছে সকলোৰে।"
 
কুঁহিয়াৰৰ ৰস আৰু নেমু পানী বিক্ৰী কৰা ব্যৱসায়ী ৰঞ্জিত দাসে কয়; "আমাৰ ব্যৱসায়টো গৰমৰ দিনতে হয়, গতিকে গৰম বেছি পৰিলেটো ব্যৱসায় ভাল হ'বই। প্ৰচণ্ড গৰমৰ বাবে আমাৰ ব্যৱসায় যথেষ্ট ভাল হৈছে। কিন্তু গৰম কোনে ভাল পাই ? গৰম বেছি পৰিলে আমাৰো কষ্ট হয় বহুত। বৰ্তমান কুঁহিয়াৰ আৰু নেমু দুয়োটাৰে দাম বৃদ্ধি পাইছে আৰু বজাৰত কমকৈ উপলব্ধ। গতিকে দাম বৃদ্ধি পোৱাটো স্বাভাৱিক। মই প্ৰতি গিলাচ কুঁহিয়াৰৰ ৰস ২০ টকাকৈ আৰু প্ৰতি গিলাচ নেমু পানী ২০-৩০ টকাকৈ বিক্ৰী কৰোঁ। আমি নেমুবোৰ গড়চুকৰ পৰা আৰু কুঁহিয়াৰবোৰ মাছখোৱাৰ পৰা ক্ৰয় কৰোঁ।"
 
পদপথত নেমু চৰবতৰ এখন দোকান
 
উল্লেখযোগ্য যে, গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বৰে পৰিৱেশ সলনি কৰিছে। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমৰ চৌদিশে উন্নয়নৰ নামত ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ ফলত এতিয়া শীতকাল ক্ৰমান্বয়ে কমি কমি গৈ আছে। ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ বাহিৰে বাকী সময়ছোৱাত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন অঞ্চলত শীতৰ আমেজ অনুভৱ কৰাটো কঠিন হৈ পৰিছে।