ভয়াবহ প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ, দৈনিক ৩.৬টা চিগাৰেট খোৱাৰ দৰে বিষাক্ত বায়ু সেৱন কৰিছে মহানগৰবাসীয়ে

Story by  atv | Posted by  Munni Begum • 11 d ago
 প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ
প্ৰদূষণৰ কবলত গুৱাহাটী মহানগৰ
 
প্ৰিয়া শৰ্মা
 
অপুনি যদি গুৱাহাটী মহানগৰীত থাকি এক ধুমপান-বৰ্জিত স্বাস্থ্যসন্মত পৰিবেশত বসবাস কৰিব বিচাৰিছে, তেন্তে বৰ্তমানৰ পৰিস্থিতিত আপোনাৰ সেই সপোন পূৰণ হোৱাৰ কোনো সম্ভাৱনা নাই৷ গুৱাহাটীৰ বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিয়ে আপোনাক সেই সুযোগ নিদিয়ে৷ বিশেষকৈ বিগত প্ৰায় তিনিমাহ ধৰি গুৱাহাটীত যি পৰিবেশ বিৰাজ কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই মহানগৰী বসবাসৰ বাবে মুঠেই উপযোগী হৈ থকা নাই৷ 
 
হয়, সম্প্ৰতি ভয়াৱহ বায়ু প্ৰদুষণৰ কবলত পৰিছে সমগ্ৰ উত্তৰ-পূৱৰ প্ৰৱেশদ্বাৰ হিচাপে চিহ্নিত গুৱাহাটী মহানগৰী৷ মূলতঃ বিগত নৱেম্বৰ মাহৰ পৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে গুৱাহাটীৰ বায়ুপ্ৰদুষণ৷ পৰিস্থিতি এনে পৰ্যায় পাইছে যে, দেশৰ অন্যতম প্ৰদূষিত নগৰ হিচাপে চিহ্নিত নতুন দিল্লীৰ প্ৰদূষণৰ সৈতে গুৱাহাটীৰ প্ৰদূষণক তুলনা কৰিব পৰা হৈছে৷ 
 
প্ৰতিনিধিত্বমূলক ছবি
 
বতৰ বিজ্ঞান কেন্দ্ৰ অথবা প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদকে ধৰি বায়ুৰ গুণাগুণ নিৰ্ণয় কৰা সংস্থাবোৰে যি তথ্য প্ৰকাশ কৰিছে, সেইমতে গুৱাহাটীৰ বায়ুমণ্ডলত উশাহ লোৱা মানে দৈনিক ৩.৬ টা চিগাৰেট সেৱন কৰা সদৃশ৷ অৰ্থাৎ দৈনিক ৩.৬টা চিগাৰেট সেৱন কৰিলে শৰীৰত যিমান ক্ষতি হ'ব, গুৱাহাটীৰ বায়ুমণ্ডলত এতিয়া উশাহ ললে সিমানেই ক্ষতি হ'ব৷ 
 
এয়া দৈনিক হিচাব৷ সপ্তাহত এই সংখ্যা ২৫.২টা চিগাৰেট আৰু মাহেকত ১০৮টা চিগাৰেটৰ সমান৷ মহানগৰীত বসবাস কৰা যিকোনো লোকৰ বাবে এই পৰিসংখ্যা নিঃসন্দেহে বিপদজনক৷ বিশেষকৈ শিশু আৰু বয়জেষ্ঠ লোকসকলৰ বাবে এই পৰিবেশ যে অতি বিষাক্ত, তাত কোনো সন্দেহ নাই৷
 
প্ৰদূষণ নিয়ন্ত্ৰন পৰিষদে যি তথ্য প্ৰকাশ কৰিছে সেয়া বিশ্লেষণ কৰিলে দেখা যায় যে, বিগত নৱেম্বৰ মাহৰ পৰা গুৱাহাটীৰ বায়ুৰ গুণাগুণ সূচাংক অৰ্থাৎ এয়াৰ কোৱালিটি ইনডেক্স (এ কিউ আই) কেতিয়াও ১০০ৰ তলত নমা নাই৷ বায়ুৰ গুণাগুণ সূচাংকৰ পৰিমাপ এনেধৰনৰ— ০ৰ পৰা ৫০ৰ ভিতৰত থাকিলে ভাল, ৫১ৰ পৰা ১০০ৰ ভিতৰত থাকিলে মজলীয়া, ১০১ৰ পৰা ১৫০ৰ ভিতৰত থাকিলে বেয়া, ১৫১ৰ পৰা ২০০ৰ ভিতৰত থাকিলে অস্বাস্থ্যকৰ, ২০১ৰ পৰা ২৫০ ভিতৰত থাকিলে অতিশয় গুৰুতৰ আৰু ২৫০ৰ বেছি হ'লে অতি বিপদজনক৷ 
 
ব্ৰহ্মপুত্ৰৰ উপৰেৰে নিৰ্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং
 
এতিয়া বিগত নৱেম্বৰ মাহৰ গুৱাহাটীৰ এ কিউ আই চালে দেখা যায় যে, গোটেই মাহটোত ই মাত্ৰ দুদিনহে ১০০ৰ তলত আছিল৷ ৭ নৱেম্বৰত ৯৪ আৰু ৮ নৱেম্বৰত ৯৬ আছিল গুৱাহাটীৰ এ কিউ আই৷ ৩০ দিনীয়া মাহটোত এই দুদিনৰ বাহিৰে বাকী আটাইকেইটা দিনত এ কিউ আই ১০০ৰ তলত নমা নাই৷ 
 
অৰ্থাৎ গোটেই মাহটোত গুৱাহাটীৰ বায়ুমণ্ডল বেয়া হৈয়ে আছিল আৰু ই বসবাসৰ উপযোগী নাছিল৷ ইয়াৰে ১ নৱেম্বৰত ১৪৫, ২ নৱেম্বৰত ১৪৯, ২৬ নৱেম্বৰত ১৩৯, ২৮ আৰু ৩০ নৱেম্বৰত ১৩০ আছিল৷ ডিচেম্বৰ মাহত পৰিস্থিতি আৰু বেয়ালৈ ঢাল খায়৷ কাৰণ এই মাহটোত গুৱাহাটীৰ এ কিউ আই মাত্ৰ ৫ দিন হে ১৫০ৰ তলত আছিল৷ 
 
৩১ দিনীয়া মাহটোত বাকী ২৬ দিন এ কিউ আই ১৫০ৰ ওপৰত অৰ্থাৎ অস্বাস্থ্যকৰ আছিল৷ ইয়াৰে চাৰিদিন ই ১৭০ অতিক্ৰম কৰিছিল৷ ৬ ডিচেম্বৰত সৰ্বাধিক ১৭৩ আছিল৷ জানুৱাৰী মাহত গুৱাহাটীৰ এ কিউ আই যেন আৰু দুগুন উৎসাহেৰে আগবাঢ়ি যায়৷ এই মাহটোত এনে কোনো এটা দিন নাই যিদিনা গুৱাহাটীৰ এ কিউ আই ১৫০ৰ তলত আছিল৷ 
 
মহানগৰীত নিৰ্মীয়মান উৰণ সেতু
 
এই মাহটোত গুৱাহাটীৰ এ কিউ আই সৰ্বনিম্ন ১৬১ ৰ পৰা সৰ্বাধিক ১৯৪ৰ ভিতৰত থাকে৷ মাহটোত তিনিদিন ১৯০ৰ ওপৰত, ১০ দিন ১৮০ৰ ওপৰত আছিল৷ আনহাতে, ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ এ কিউ আই ২০০ৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানলৈকে মাহটোৰ পহিলা দিনটোৰ বাহিৰে বাকী আটাইকেইটা দিন গুৱাহাটীৰ এ কিউ আই ২০০ৰ ওপৰত আছে৷ সেইদিনা এ কিউ আই আছিল ১৮০৷ ৩ ফেব্ৰুৱাৰীৰ দিনাখন সৰ্বাধিক ২৫০ আছিল গুৱাহাটীৰ এ কিউ আই৷ বাকী দিনবোৰত ই ২৩০ৰ পৰা ২৫০ৰ ভিতৰত থাকে৷ মুঠতে ই বসবাসৰ বাবে একেবাৰে উপযোগী নহয়৷
 
গুৱাহাটীৰ এই পৰিবেশৰ কাৰনে মূলতঃ অপৰিকল্পিত তথা যধে-মধে চৰকাৰীভাৱে চলোৱা নিৰ্মানকাৰ্য, নিৰ্মানৰ নামত গছ কটা আৰু পৰিবেশ ধ্বংস কৰা, ব্যক্তিগত খণ্ডত ফ্লেটকে ধৰি কৰা নিৰ্মাণ কাৰ্যবোৰকে জগৰীয়া কৰিব পাৰি৷ আজিৰ দিনটোত গুৱাহাটীত একে সময়তে পাঁচখনকৈ ফ্লাইঅভাৰ অৰ্থাৎ উৰণ সেতু নিৰ্মান কৰি থকা হৈছে৷ সেই কেইখন ক্ৰমে ৰুক্মিণীগাঁও, বামুনীমৈদামৰ পৰা দীঘলীপুখুৰী, পাণবজাৰ, ভৰলুমুখ আৰু কালাপাহাৰ এলেকাত নিৰ্মান কৰি আছে৷  
 
ইয়াৰ বাহিৰেও ব্ৰহ্মপুত্ৰৰ পাৰত সৌন্দৰ্যবৰ্ধন আঁচনিৰ কাম চলি আছে৷ লগতে বিভিন্ন পদপথ, উপপথ, নলা-নৰ্দমা, জিলা আয়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়কে ধৰি বিভিন্ন ভৱন আদি একে সময়তে নিৰ্মান কৰি থকা হৈছে৷ ইয়াৰ বিপৰীতে নিৰ্মান কাৰ্যৰ নামত যধে-মধে কাটি পেলোৱা হৈছে বহু গছ-গছনি৷ এনেধৰনৰ কাম-কাজবোৰেই মহানগৰবাসীৰ বাবে কঢ়িয়াই আনিছে ভয়াবহ বিপদ৷ এনে বিপদজনক পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ হ'লে এজাক বৰষুণৰ অতি প্ৰয়োজন৷ এই বৰষুণ জাকেহে ধুই নিকা কৰিব পাৰিব মহানগৰীৰ বায়ুমণ্ডল৷ সকাহ দিব পাৰিব গুৱাহাটীবাসীক৷  
 
(প্ৰিয়া শৰ্মা এগৰাকী  স্বতন্ত্ৰ লেখিকা)