কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে ঐতিহাসিক দীঘলীপুখুৰীয়ে

Story by  Munni Begum | Posted by  Munni Begum • 22 d ago
দীঘলীপুখুৰীৰ পাৰৰ 'খাওঁগলি'
দীঘলীপুখুৰীৰ পাৰৰ 'খাওঁগলি'
 
মুন্নী বেগম / গুৱাহাটী
 
দীঘলীপুখুৰী কেৱল এটা পুখুৰীৰ নাম নহয়। ই হৈছে গুৱাহাটীৰ বহু ঐতিহ্য, আৱেগ আৰু ইতিহাসৰ সাক্ষী। দীঘলীপুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্য্যই কংক্ৰিটৰ মহানগৰবাসীক মুহূৰ্তৰ বাবে হ'লেও নৈসৰ্গিক পৰিৱেশৰ মাদকতা দি আহিছে। বহু কবিৰ কবিতাৰ পটভূমিও এই দীঘলীপুখুৰী। প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম নিবেদনৰ আকৰ্ষণীয় স্থানো হৈছে হেঁপাহৰ দীঘলীপুখুৰী। 
 
গুৱাহাটীৰ প্ৰতিটো প্ৰজন্মৰ জীৱন-যৌৱনৰ ঠিকনা এই ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীয়ে শেহতীয়াকৈ লাভ কৰিছে এক নতুন পৰিচয়। নতুন প্ৰজন্মৰ বাবে এই ঠাই ডোখৰ এতিয়া 'খাওঁগলি' নামেৰে বিখ্যাত হৈ পৰিছে। উদ্যমী মনৰ যুৱক-যুৱতীসকলৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছে দীঘলীপুখুৰী। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল হাজো, চাংসাৰি, বাইহাটা চাৰিআলি আদিৰ পৰা বহু যুৱক-যুৱতীয়ে দীঘলীপুখুৰীৰ পাৰৰ 'খাওঁগলি'ত ফাষ্টফুডৰ বিপণী স্থাপন কৰি কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে আৰু পৰিয়াল পোহপাল দি আহিছে। 
 
 
দীঘলীপুখুৰী পাৰৰ খাওঁগলিত ক্ষুদ্ৰ ব্যৱসায়ী জেচমিন বেগমে আৱাজ-দ্য ভইচ'ক কয়, "মোৰ ঘৰ জালুকবাৰীৰ গাৰিগাঁওত। আমাৰ ঘৰৰ দেউতা একমাত্ৰ উপাৰ্জনকাৰী আছিল, কিন্তু দেউতাৰ বেমাৰ হোৱাৰ পিছত মইয়ে ঘৰখন চালাবলগীয়া হৈছে। সেয়েহে মই দীঘলীপুখুৰী পাৰৰ খাওঁগলিত দিয়া বিপণিৰ উপাৰ্জনেৰে মা, দেউতা আৰু মোৰ দুটা সন্তানক পোহপাল দি আছোঁ। বৰ্ধিত বস্তুৰ দামৰ বাবেই দোকান চলোৱাত কিছু অসুবিধা হয় যদিও এনেকৈয়ে চলি আছোঁ।  খাওঁগলিলৈ দেওবাৰৰ উপৰিও অন্য বন্ধৰ দিনত গ্ৰাহকৰ সমাগমৰ  হাৰ কিছু বৃদ্ধি পায়। আমাৰ দৈনিক বিক্ৰী বুলি কবলৈ গ'লে ৩০০০ ৰ পৰা ৫০০০ হাজাৰ টকা পৰ্যন্ত হয়। মোৰ বিপণিত পিজ্জা আৰু স্পাইৰেল প'টেটো ফ্ৰাই পোৱা যায়। ইয়াত মোৰ এখন শীতল পানীয়ৰো বিপণি আছে।"
 
খাওঁগলিৰ চাহ বিক্ৰেতা ইছা দাসে, "আমি দোকান বিয়লি ৩ বজাত খোলো আৰু ৰাতি ১১ বজাত বন্ধ কৰোঁ। বৰ্তমানলৈ ইয়াত মানুহৰ সঁহাৰি ভালেই পাই আছোঁ। সাধাৰণতে অন্য দিনৰ তুলনাত দেওবাৰে গ্ৰাহকৰ অলপ বেছি ভিৰ হয়। গৰমৰ বন্ধৰ সময়ত গ্ৰাহকে যথেষ্ট ভিৰ কৰিছিল। মোৰ বিপণিত মছলা চাহ, কাটিং চাহ আৰু বেলেগ বেলেগ ধৰণৰ ফ্ৰাইড চিকেন পোৱা যায়। ১০ পিছ চিকেন পোপকৰ্ণত ৫০ টকা, ৫ পিছ চিকেন পকোৰাত ৫০ টকা, ৩ পিছ চিকেন ল'লিপোপত ১০০ টকা আৰু চিকেন লেগপিছত ৫০ টকা। মই এই সকলোবোৰ খাদ্য সামগ্ৰী নিজেই ঘৰতে প্ৰস্তুত কৰো। সামগ্ৰীবোৰ বনোৱাৰ সময়ত মই পৰিস্কাৰ-পৰিছন্নতাৰ ওপৰত বেছি গুৰুত্ব দিওঁ।"
 
খাওঁগলিৰ এখন বিপণি
 
ইছা দাস এছ বি দেউৰা মহাবিদ্যালয় স্নাতক মহলাৰ পঞ্চম চেমিষ্টাৰৰ ছাত্ৰী। ঘৰৰ অৱস্থা আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে শিক্ষাৰ লগতে নিজে উপাৰ্জন কৰি পৰিয়ালক ভৰণ-পোষণ  দিবলগীয়া হৈছে। ইছাই কয়, "মই দিনৰ ভাগত কলেজ যাওঁ আৰু সন্ধিয়া দোকান খোলো।"  
 
খাওঁগলিৰ আন এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী চেহনাজ হকে কয়, "মোৰ ঘৰ লাখটকীয়াত। মই খাওঁগলিত এখন বিপণিৰে পৰিয়ালৰক পোহপাল দি আহিছো। ইয়াৰ পূৰ্বে মই ব্যক্তিগত খণ্ডৰ চাকৰি কৰিছিলোঁ। কিন্তু পিছত ভাবিলোঁ যে, নিজৰ কিবা এটা কৰিব লাগে, গতিকে ইয়াতে সৰুকৈ হলেও নিজৰ এখন বিপণি আৰম্ভ কৰিছিলো। মোৰ বিপণিত স্পাইৰেল প'টেট', কোৰিয়ান কৰ্ণদগ, বাবল টি আদি পোৱা যায়। এই খাওঁগলিত থকা প্ৰতিখন দোকানলৈ গ্ৰাহকৰ লানি নিছিগা ভিৰ হয়। যিহেতু বৰ্তমান যুৱ প্ৰজন্ম মাজত কৰ্মসংস্থাপনৰ অভাৱ। চাকৰি-বাকৰিৰ বাবে বহুত হাহাকাৰ কৰিবলগীয়া হয়। কিন্তু চাকৰিৰ আশাত বহি নাথাকি আমাৰ প্ৰজন্মই উপাৰ্জন কৰিব বিচাৰিলে এনে বহুত পথ আছে। কেৱল নিষ্ঠাসহকাৰে কাম কৰি যাব লাগে।  বহুতেই ভাবিব পাৰে যে, পথত দোকান দিছে মানে অশিক্ষিত। কিন্তু ইয়াত থকা প্ৰায়বোৰ বিপণিৰ লৰা-ছোৱালীবোৰে উচ্চ শিক্ষিত। মই সদায় কওঁ যে, কামত একো লাজ কৰিবলগীয়া নাই। ভালকৈ কাম কৰিলে সকলোৱে সফল হ'ব পাৰিব। খাওঁগলিোত থকা প্ৰতিখন বিপণিলৈ মানুহে কিবা এটা নতুন বস্তু খাম বুলিয়ে আহে। সেইবাবেই পৰিষ্কাৰ- পৰিছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্যবস্তুবোৰ আমি নিজেই প্ৰস্তুত কৰোঁ। গ্ৰাহকে খাই ভাল পালেহে আমাৰ বিপণি চলিব।"  
 
চিকেনৰ বিভিন্ন আইটেম থকা খাওঅগলিৰ এখন বিপনি
 
চেহনাজ হকে কয়, "দৈনিক উপাৰ্জন আমাৰ গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰাহক বেছি আহিলে আমাৰ বিক্ৰীও ভাল হয়, যিদিনা গ্ৰাহক বেছি নাথাকে সেইদিনা কোনোমতে ১০০০ টকা উপাৰ্জন কৰিবলৈও অসুবিধা হয়। খাওঁগলিৰ ওচৰৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি বহু গ্ৰহক  আহে। দীঘলীপুখুৰী পার্কখন  গাতে লাগি থকা বাবে পাৰ্কলৈ অহা মানুহবোৰেও আমাৰ খাওঁগলিৰ বিপণিলৈ এভুমুকি দি যায়।"
 
ব্যৱসায় ডাঙৰকৈ কৰাৰ পূৰ্বে সৰুকৈ আৰম্ভ কৰাটো অতিকে প্ৰয়োজন। কিয়নো যিকোনো কামতে অভিজ্ঞতা থকাটো অতিকে জৰুৰী বুলি মন্তব্য কৰিছে খাওঁগলিৰ যুৱ ব্যৱসায়ী নচিবুৰ গাফাৰী সন্দিকৈয়ে। খাওঁগলিত শীতল পানীয়, জুছ আৰু ফাষ্টফুডৰ বিপণিৰে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়ালৰ ভৰণ-পোষণ দি আহিছে যুৱ ব্যৱসায়ী নচিবুৰে। 
 
খাওঁগলিত গ্ৰাহকে খাদ্য খাই থকা এক দৃশ্য
 
নচিবুৰ গাফাৰী সন্দিকৈয়ে কয়, "মোৰ ঘৰ গুৱাহাটীৰ চান্দমাৰীত। খাওঁগলিত মোৰ এখন  শীতল পানীয়ৰ বিপণি আছে। মোৰ বিপণিত গৰমৰ দিনত জুছ আৰু ঠাণ্ডাৰ দিনত চাহ, পোকোৰা আজি পোৱা যায়। মোৰ  শীতল পানীয়ৰ বিপণিৰ লগতে এখন ফাষ্টফুডৰো বিপণি আছে। ফাষ্টফুডখনত আমি চাওঁমীন, ৰোল, ফ্ৰাইড ৰাইছ, চিকেন ফ্ৰাই আদি বিক্ৰী কৰোঁ। মই কব বিচাৰো যে, যিসকলে চাকৰি বা  অন্য কোনো পেছাদাৰী কামৰ কথা ভাবিছে তেওঁলোকে ভালকৈ পঢ়া-শুনা কৰক। আৰু যিসকলে ভাবিছে যে ডাঙৰ কোনো ব্যৱসায় কৰিম। তেন্তে তেওঁলোকে প্ৰথমে সৰুকৈ ব্যৱসায় আৰম্ভ কৰি পিছত অভিগতাৰ আধাৰত নিজৰ ব্যৱসায় ডাঙৰ কৰিব পাৰিব। সৰুকৈ ব্যৱসায় কৰা মোৰ প্ৰায় ৫ বছৰে হ'ল। বৰ্তমান মোৰ ষ্টলত বিভিন্ন প্ৰকাৰৰ পানীয় ক্ৰমে, লেম'ন ৱাটাৰ, লেম'ন চদা, ব্লু লাগুন চদা, মাছালা চিকাঞ্জি, ষ্ট্ৰোবেৰী জুছ, আম পান্না, ৱাটাৰমেল'ন ম'জিট' আৰু চাঞ্ছেট মোকটেল পোৱা যায়।"
 
অৱসাদ দূৰ কৰাৰ একমাত্ৰ স্থানত পৰিণত হৈছে দীঘলীপুখুৰী পাৰৰ খাওঁগলি। কিয়নো গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোকে ইয়ালৈ আহে আৰু মুকলি আকাশৰ তলত নানান তৰহৰ সুস্বাদু খাদ্যৰ জুতি লয়, সন্ধিয়াটো জীপাল কৰি তোলে। 
 
খাওঁগলিৰ এখন পজ্জাৰ বিপণি
 
খাওঁগলিলৈ অহা এগৰাকী গ্ৰাহকে কয়; "গোটেই দিন অৱসাদ দূৰ কৰিবলৈ দীঘলীপুখুৰী পাৰৰ খাওঁগলিলৈ আহি মোৰ খুব ভাল লাগে। মানুহে দিনটোৰ ব্যস্ততাৰ পিছত ইয়াত আহি খাই, অলপ ঘুৰা-ফুৰা কৰি দিনটোৰ ভাগৰ মাৰে। এটা কথা মোৰ খুব ভাল লাগে যে, খাওঁগলিত আমাৰ থলুৱা অসমীয়া যুৱক-যুৱতীয়ে কাম কৰি আছে, তেওঁলোকে চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি, নিজেই কৰ্মসংস্থাপনৰ বাট মুকলি কৰি লৈছে। যি আমাৰ সমাজখনৰ বাবে এক অতি গৌৰৱৰ কথা। বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ হৈছে খাওঁগলি। ইয়াত সাধাৰণতে বহু ঠাইত নোপোৱা কিছুমান খাদ্যৰ সোৱাদ ল'ব পাৰি।"
 
আন এগৰাকী গ্ৰাহক মাইনা দাস ডেকাই কয়; " খাওঁগলিত নানান ধৰনৰ খাদ্যৰ সোৱাদ লোৱাৰ বাবে মই পাণ্ডুৰ পৰা আহিছোঁ।  খাওঁগলিৰ পৰিবেশটো মোৰ বৰ ভাল লাগে আৰু যুৱ প্ৰজন্মৰ এচামে ইয়াত এইদৰে কৰ্ম কৰি থকা দেখিও ভাল লাগে। ইয়াৰ প্ৰতিখন বিপণিৰে স্বত্বাধিকাৰীসকলৰ মুখত আপুনি হাঁহি দেখা পাব। আমিও তেওঁলোকক উৎসাহিত কৰিব লাগে। গুৱাহাটীৰ বহু ৰেষ্টুৰেণ্টত নোপোৱা খাদ্য ইয়াত পোৱা যায়। ইয়াত আহি নতুন খোৱাদ উপভোগ কৰিব পাৰোঁ। ইয়াত আহি খোৱাৰ উপৰিও ইয়াৰ পৰিবেশটো গ্ৰাহকৰ বৰ ভাল লগা।"    
 
খাওঁগলিৰ এখন শীতল পানীয়ৰ বিপণি
 
ইফালে, ব্যৱসায়ী ৰাহুল আলমে কয়, "মোৰ ঘৰ হাজোত। মোৰ ইয়াত দোকান দিয়া প্ৰায় ৩-৪ মাহ হ'ল। মোৰ তাত বৰ্তমান বিভিন্ন প্ৰকাৰৰ চিকেনৰ  ফ্ৰাইড আইটেম পোৱা যায়। মই হাজোৰ পৰা দৈনিক অহা যোৱা কৰোঁ। বিয়লি ৩ বজাত দোকান খোলো আৰু নিশা ১১ বজাত বন্ধ কৰোঁ। মই ভাবো যে, চৰকাৰি চাকৰিৰ আশাত বহি থকাতকৈ নিজেই  কিবা এটা কৰিব লাগে। গতিকে নিজেই চলিবৰ বাবে সৰুকৈ হ'লেও মই এই ব্যৱসায় আৰম্ভ কৰিছোঁ।"