সফলতাৰে ৰমজান পালন কৰিবলৈ নিজকে কেনেদৰে আগতীয়াকৈ প্ৰস্তুত কৰিব?

Story by  atv | Posted by  Munni Begum • 9 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ফিৰদৌছ খান
 
ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ৰমজানৰ বাবে মাজত মাত্ৰ এটা দিন বাকী। এই অতি মোৱাৰক মাহটোৰ বাবে সকলো ধৰ্মপ্ৰাণ মুছলমানে বৰ আগ্ৰহৰে ৰৈ থাকে। হিজৰী বৰ্ষপঞ্জিৰ নৱম মাহ ৰমজান যিহেতু আল্লাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ। সেয়েহে আমি কিদৰে সফলতাৰে ৰোজা পালন কৰিব পাৰোঁ তাৰবাবে নিজকে আগতীয়াকৈ প্ৰস্তুত কৰি লোৱা উচিত।
 
কিয়নো, এই মাহত আল্লাহৰ ওচৰত ক্ষমা বিচাৰি আটাইতকৈ বেছি উপাসনা কৰা হয়। যাৰ ফলত ৰোজা আৰু তাৰাৱীহৰ বাবে, এই মাহত সকলোৰে মাজত যথেষ্ট ব্যস্ততা বৃদ্ধি পায়। সেয়েহে আমি নিজৰ বাবে যদি নিৰ্ধাৰিত সময়সূচী প্ৰস্তুত কৰি লওঁ তেন্তে ৰোজা পালন আৰু উপাসনা কৰাৰ বাবে খুবেই সুবিধা হব। আমি সকলোৱে তলত উল্লেখ কৰা ধৰনে নিজকে প্ৰস্তুত কৰিব পাৰোঁ।
 

ইছলাম ধৰ্মালম্বী লোকসকলে নামাজ পঢ়া এক দৃশ্য
 
সময়সূচী
 
ৰমজানৰ সময়ত উপাসনা কৰাৰ লগতে নিজৰ ব্যৱসায়িক কামও পৰিচালনা কৰিবলগীয়া হয়। সেয়েহে, যদি সময়সূচী নিৰ্ধাৰণ কৰি লোৱা হয়, তেন্তে বহু কাম সহজ হৈ পৰিব। ছেহেৰীৰ বাবে পুৱতি নিশা সোনকালে শোৱাপাটী এৰিব লাগে। সেয়েহে, চাকৰি আৰু ব্যৱসায় কৰা উভয় লোকসকলে তাৰাৱীহ নামাজ সম্পূৰ্ণ কৰাৰ পিছত সোনকালে শুবলৈ চেষ্টা কৰিব লাগে, যাতে তেওঁলোকে পৰ্যাপ্ত টোপনি মাৰিব পাৰে। কিয়নো তেওঁলোকে দিনটোত বিশ্ৰাম কৰাৰ সময় নাপায়, সেয়েহে তেওঁলোকৰ বাবে পৰ্যাপ্ত টোপনি যোৱাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো যেতিয়া টোপনি পৰ্যাপ্ত নহয়, তেতিয়া শৰীৰে ভাগৰ অনুভৱ কৰে আৰু ই স্বাস্থ্যকো নেতিবাচকভাৱে প্ৰভাৱিত কৰে। সেয়েহে, নিজৰ সকলো কামৰ বাবে সময় নিৰ্ধাৰণ কৰি লোৱা উচিত।    

উপাসনা
 
ৰমজানৰ সময়ত যিমান সম্ভৱ সিমান উপাসনাত কৰিবলৈ চেষ্টা কৰিব লাগে। এই সময়ছোৱাত পবিত্ৰ কোৰাণ পাঠ কৰিব লাগে। আপুনি এদিনত কিমান কোৰাণ পাঠ কৰিব, সেয়া নিৰ্ধাৰণ কৰি লওঁক। ৰমজানৰ সময়ত পবিত্ৰ কোৰাণৰ বহু অংশ পঢ়ি সম্পূৰ্ণ কৰিব লাগিব বুলি কোনো বাধাবাধকতা নাই, যদিও অনুবাদৰ সৈতে বুজিহে পবিত্ৰ কোৰাণ পঢ়াটো গুৰুত্বপূৰ্ণ।      
 
আল্লাহে পবিত্ৰ কোৰাণ এই বাবেই প্ৰকাশ কৰিছিল, যাতে আমি আল্লাৰ আদেশবোৰ জানিব পাৰোঁ আৰু এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ পৃথিৱী আৰু পৰকালৰ অৱস্থা উন্নত কৰিব পাৰোঁ। ৰমজান মাহত, যিমান সম্ভৱ সিমান নফল নামাজ আৰু তছবীহ পাঠ কৰিব লাগে। আল্লাহৰ অন্তিম বাৰ্তাবাহক হজৰত মহম্মদে কৈছিল: আল্লাহৰ পথত কটোৱা এটি ৰাতিপুৱা বা সন্ধিয়া পৃথিৱী আৰু ইয়াত থকা প্ৰতিটো বস্তুতকৈ উত্তম। (শ্বহী বুখাৰী ২৭৯২)   
 
ইছলাম ধৰ্মালম্বী লোকসকলে কোৰাণ পাঠ কৰা এক দৃশ্য
 
দাতব্য আৰু জাকাত
 
ৰমজান মাহৰ আগতে দান আৰু জাকাত আদায় দিয়াটো ভাল বুলি গণ্য কৰা হয়। ইয়াৰ মুখ্য কাৰণ হৈছে যে, দৰিদ্ৰ লোকসকলে এই ধনেৰে তেওঁলোকৰ ঘৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে, যাৰ ফলত তেওঁলোকে ৰমজানৰ সময়ত মানসিক শান্তিৰে ৰোজা পালন কৰিব পাৰে। এইটো নিশ্চিত কৰাটোও গুৰুত্বপূৰ্ণ যে, জাকাত যাতে সেইসকল ব্যক্তিৰ ওচৰলৈহে যায়, যিসকল সঁচাকৈয়ে ইয়াৰ বাবে যোগ্য। 
 
ইয়াৰ অৰ্থ হৈছে, সেই দৰিদ্ৰ ব্যক্তিসকল, যিসকলে অনাহাৰে নিশা টোপনি মাৰিবলগীয়া হয়, কিন্তু তেওঁলোকে কোনো লোকৰ পৰা কোনো ধৰনৰ সহায় বিচাৰি নাযায়। সেয়েহে, জাকাত সেইসকল লোকক প্ৰদান কৰিব লাগে, যিসকল অতি আৰ্ত্যকীয় আত্মীয় হয়। অনাথ আৰু দৰিদ্ৰলোকসকলো ইয়াৰ অধিকাৰী হয়। পৰিয়াল বা চুবুৰীয়াঅঞ্চলত কিছুমান এনে পৰিয়াল আছে, য'ত কেৱল বৃদ্ধ বা বিধৱা মহিলা আৰু সৰু ল'ৰা-ছোৱালী বাস কৰে, আৰু ঘৰত কোনো উপাৰ্জনকাৰী নাই, বা যদি মহিলাসকলে কাম কৰে, তেওঁলোকৰ উপাৰ্জন অতি নূন্যতম হয়। 
 
এনে ক্ষেত্ৰত, এই লোকসকলহে জাকাতৰ বাবে আটাইতকৈ যোগ্য লোক হয়। সেয়েহে, আপোনাৰ নিকট দৰিদ্ৰ আত্মীয় আৰু চুবুৰীয়াসকলক জাকাত দিয়াটো উত্তম। এইটোও মনত ৰাখিব লাগে যে, বহুলোকক কম কম পৰিমাণৰ জাকাত দিয়াৰ সলনি, জাকাতৰ পৰিমাণ এজন ব্যক্তিক সৰহকৈ দিব লাগে। জাকাতৰ পৰিমানে যাতে কাৰোবাৰ ঋণ পৰিশোধ কৰিবলৈ বা কোনো ৰোগী ব্যক্তিৰ চিকিৎসা প্ৰদান কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।  
 
ৰমজানৰ সময়ত ইছলাম ধৰ্মালম্বী লোকসকলে বজাৰত ভিৰ কৰা এক দৃশ্য
 
মনত ৰাখিব যে, কেৱল আৰ্তজনক সহায় কৰিবলৈ জাকাত নিৰ্ধাৰণ কৰা হৈছে, সেয়েহে ই সঠিক স্থানত উপনীত হোৱাটো নিশ্চিত কৰিব লাগে। লগতে, সাৱধান হ'ব যাতে, এই পৰিমাণ লাভ কৰা সকলে লাজ অনুভৱ নকৰে। তেওঁলোকে অনুভৱ কৰা উচিত যে, এই ধনৰ পৰিমাণটো তেওঁলোকৰ প্ৰতি কৰা অনুগ্ৰহ নহয়, বৰঞ্চ তেওঁলোকৰ অধিকাৰহে। 

ৰেচন
 
ৰমজান মাহৰ আগতে ঘৰত ৰেচন জমা কৰি ৰখাটো ভাল। এনে কৰিলে পিছত কোনো বস্তুৰ বাবে বাৰে বাৰে বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকে, আৰু উপাসনা কৰিবলৈ অধিক সময় দিব পাৰি। যদি চুবুৰীটোত কোনোবা আৰ্ততা আছে, তেন্তে তেওঁলোকক কিছু সামগ্ৰী দিয়াটো ভাল হয়। কাৰণ, এইটোও ৰমজান মাহৰে বাৰ্তা, অৰ্থাৎ আনক সহায় কৰা।  
 
বজাৰ কৰা
 
ৰমজানৰ আগতে ঈদৰ কাপোৰ, জোতা, চেণ্ডেল,  খাৰু, হেনা আদি কিনি লোৱা ভাল। এইটোৱে বজাৰলৈ যোৱাৰ পৰা সময় ৰাহি কৰিব। তদুপৰি, ৰোজা ৰখাৰ সময়ত ৰ'দত ভ্ৰমণ কৰিলে কোনো ব্যক্তি তৃষ্ণাতুৰ অনুভৱ কৰিব পাৰে। সেয়েহে এই সকলোবোৰ কাম ৰমজানৰ আগতে সম্পূৰ্ণ কৰি লোৱা ভাল।   
 
দিল্লীৰ জামা মছজিদত ইছলাম ধৰ্মালম্বীলোকৰ ভিৰ
 
আত্ম-উন্নতি
 
ৰমজান মাহটোৱে আমাক আত্ম-উন্নতি সাধন কৰাৰ সুযোগ দিয়ে। ৰোজাৰ অৰ্থ কেৱল ভোকত থকা আৰু ইফতাৰলৈ কেৱল ভোকাতুৰ আৰু তৃষ্ণাতুৰ হৈ থকাই নহয়। ই আমাক এই সময়ছোৱাত সকলো ধৰণৰ অশুভ শক্তিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আদেশ দিয়ে।
 
যদি ৰোজা পালন কৰাৰ সময়ত কোনোবাই নিজকে বেয়াৰ পৰা আঁতৰাই নাৰাখে, তেন্তে সেই ৰোজা বৈধ বুলি গণ্য কৰা নহ'ব। এনে কৰাটো কেৱল নিজকে ভোকাতুৰ আৰু তৃষ্ণাতুৰ কৰি ৰখা হয়, যাৰ অৰ্থ হৈছে খাদ্য অবিহনে দিনটো কটোৱা। ৰোজাৰ উদ্দেশ্য হৈছে নিজকে বেয়াৰ পৰা সুৰক্ষিত কৰা আৰু মঙ্গলৰ পথত আগবাঢ়ি যোৱা। 
 
এক হাদীছৰ মতে, যিমানবোৰ ৰোজাদাৰ আছে, যিসকলে ভোক আৰু পিয়াহত থকাৰ বাহিৰে আন একোৱে লাভ কৰিব নোৱাৰে, ইয়াৰ কাৰণ হৈছে ৰোজা থকাৰ সময়ত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰোঁতে ওজন আৰু জোখত খেলি-মেলি কৰে, ভেজাল মিহলি কৰে, উৎকোচ লয়, মিছা কথা কয়, মিছা কথা-বতৰা বিয়পাই, আৰু আন আৰু আত্মীয়ৰ অধিকাৰ অধিগ্ৰহণ কৰে। 
 

প্ৰতিনিধিত্বমূলক ছবি
 
আপোনাৰ উদ্দেশ্যৰ বিষয়ে চিন্তা কৰক 
 
ইছলামৰ মতে, প্ৰতিটো কাৰ্যৰ পুৰস্কাৰ একমাত্ৰ কামটোৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰে। যদি প্ৰদৰ্শন আৰু প্ৰশংসা লাভ কৰাৰ বাবে এটা ভাল কাম কৰা হয়, তেন্তে তেনে কাৰ্যই ইয়াৰ গুৰুত্ব হেৰুৱাযই পেলায়। সেয়েহে, যিকোনো কাৰ্য্যৰ আঁৰৰ উদ্দেশ্য হ'ব লাগে আল্লাৰ আনন্দ বিচৰা, মানুহৰ সন্মুখত প্ৰদৰ্শন কৰা নহয়। সেয়েহে, আমি অজ্ঞাতে এনে কিবা কৰি আছোঁ নেকি?, যিটো আমি কৰা উচিত নহয়, সেই বিষয়েও আমি গভীৰভাৱে চিন্তা কৰা উচিত।   

অপ্ৰয়োজনীয় কাৰ্যকলাপ পৰিহাৰ কৰিব
 
ৰমজানৰ প্ৰতিটো মুহূৰ্ত অতি পৱিত্ৰ। সেয়েহে, এই মাহত অপ্ৰয়োজনীয় বা অৰ্থহীন কাৰ্যকলাপত লিপ্ত নহ'বলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিব, কিয়নো ই যথেষ্ট সময় অপচয় কৰে। যদি এইটো অতি প্ৰয়োজনীয় হয়, তেন্তেহে কেৱল সামাজিক মাধ্যমত সময় দিয়ক। ইয়াৰ লগতে, বিড়ি, চিগাৰেট, গুটখা আদিৰ দৰে অভ্যাসৰ পৰা আঁতৰি থাকিব। 
 
(লেখিকা হৈছে এগৰাকী আলিমা। তেওঁ ফাহম আল-কোৰাণ লিখিছে)