কৰবী শৰ্মা / গুৱাহাটী
লক্ষ্ণৌৰ আফতাব আহমদ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলতকৈ এই কথা ভালকৈ আৰু কোনেও নাজানে যে মানুহৰ হৃদয়লৈ যোৱাৰ আটাইতকৈ উত্তম পথ হ’ল সুস্বাদু আৰু উন্নত মানৰ খাদ্য। ১৯ বছৰতকৈও অধিক সময় ধৰি আহমদৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত মদিনা ছুইট হাউছে গুৱাহাটীৰ মানুহৰ হৃদয় জয় কৰি আহিছে—সেয়া মুছলমানেই হওক বা হিন্দুৱেই হওক সকলো তেওঁলোকৰ গ্ৰাহক। এইদৰে মদিনা ছুইট হাউছে লক্ষ্ণৌৰ বিশুদ্ধ নৱাবী সুস্বাদু খাদ্য বিক্ৰী কৰাই নহয়, গুৱাহাটীত বিভিন্ন ধৰ্মৰ লোকক একত্ৰিত কৰি আহিছে।
লক্ষ্ণৌৰ বাসিন্দা আফতাব আহমদৰ পিতৃয়ে ১৯৯৪ চনত অসমৰ হোজাইত ইজতেমাৰ সময়ত দোকান দিবলৈ প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল। লক্ষ্ণৌত খাদ্যৰ ব্যৱসায়ৰ সৈতে জড়িত আহমদৰ পিতৃ অসমৰ প্ৰতি ইমানেই প্ৰেমত পৰিছিল যে তেওঁ প্ৰতি বছৰে ৰমজানৰ সময়ত লক্ষ্ণৌৰ কিছুমান বিশুদ্ধ সুস্বাদু খাদ্য অসমৰ ৰাইজৰ বাবে লৈ আহে। ইয়াৰ ভিতৰত আছে বিৰিয়ানী, মুঘলাই পৰঠা, হালোৱা আদি।
সুস্বাদু হালোৱা
আফতাব আহমদ আৰু তেওঁৰ পুত্ৰ মহম্মদ আনীছে প্ৰায় ১৯ বছৰ আগতে পৰিয়ালটোৰ পিতৃপুৰুষগৰাকীয়ে প্ৰতিষ্ঠা কৰা চহকী উত্তৰাধিকাৰ অব্যাহত ৰাখিছে। পবিত্ৰ ৰমজান মাহত মাত্ৰ এমাহৰ বাবে গুৱাহাটীলৈ অহা মদীনা ছুইট হাউছে লক্ষ্ণৌৰ সুস্বাদু খাদ্য সম্ভাৰেৰে অকল মুছলমানসকলকে নহয়, হিন্দু ধৰ্মাৱলম্বী লোকসকলকো আকৰ্ষিত কৰি আহিছে।
‘আমাৰ বেছিভাগ গ্ৰাহকেই হিন্দু। মই ক’ম যে অসমত আমাৰ এমাহৰ ব্যৱসায়ৰ সময়ত আমি ইয়াত সেৱা আগবঢ়োৱা গ্ৰাহকৰ কমেও ৫০ শতাংশ হিন্দু। আমিও এনে কোনো বস্তু নাৰাখোঁ যিবোৰ কোনো ধৰ্মত নিষিদ্ধ। আমাৰ খাদ্য সকলোৰে বাবে। ব্যৱসায়ৰ বাহিৰেও অসমৰ বিভিন্ন ধৰ্মৰ লোকক সেৱা আগবঢ়োৱাটোও আমাৰ বাবে এক সুন্দৰ সুযোগ।’- এই প্ৰতিবেদনকৰ সৈতে কথা পাতি মহম্মদ আনীছে এইদৰে কয়।
‘মোৰ দাদাজী (ককা) ১৯৯৪ চনত ইজতেমাত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিছিল। সেয়া আছিল হোজাইত। কিন্তু অসম ভ্ৰমণ কৰাৰ পিছত দাদাজীয়ে অনুভৱ কৰিছিল যে ইয়াত লক্ষ্ণৌৰ সুস্বাদু খাদ্যৰ অভাৱ, যিবোৰৰ চহকী সুগন্ধি আৰু সোৱাদৰ বাবে বিশ্বজুৰি পৰিচিত। যিহেতু আমি লক্ষ্ণৌত ব্যৱসায় প্ৰতিষ্ঠা কৰিছো, সেয়েহে আমি প্ৰতি বছৰে মাত্ৰ এমাহৰ বাবে অসমলৈ অহাৰ সিদ্ধান্ত লৈছিলো আৰু তাৰ পিছত সেয়া এতিয়া এক নিয়মীয়া অভ্যাসত পৰিণত হৈছে।’-এই মন্তব্য মহম্মদ আনীছৰ।
মদিনা ছুইট হাউছৰ পৰঠা
‘আমি ২০০৫-০৬ চনৰ পৰা গুৱাহাটীলৈ আহিছো। প্ৰথম ইয়ালৈ আহি থাকোঁতে স্থানীয় কেইজনমান লোকক লগ পাইছিলো আৰু তেওঁলোকে মোক ৰমজানৰ সময়ত ইয়াত খাদ্যৰ ষ্টল স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। তেতিয়াৰ পৰাই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু যোৱা ১৯ বছৰ ধৰি এই যাত্ৰাৰ কোনো পৰিৱৰ্তন হোৱা নাই। আমি ইয়াত ৰমজানৰ সময়ত আহি ব্যৱসায় কৰো। অসমত মানুহবোৰ খুৱ মৰমিয়াল আৰু প্ৰশাসনেও সহায় কৰে।’-এইদৰে কয় আফতাব আহমদে।
উল্লেখ্য যে, মদিনা ছুইট হাউছত বিভিন্ন ধৰণৰ বিৰিয়ানী, মুগলই পৰঠা, তৰকাৰী আৰু ভাজিকে ধৰি প্ৰায় ১৬ টা সামগ্ৰী আৰু কেৰট হালৱা, চুজি হালৱা, মাৱা হালৱা আৰু বহুতো মিঠা খাদ্য সামগ্ৰী বিক্ৰী কৰা হয়। তথাপিও ইয়াত ৰাইজৰ মাজত প্ৰিয় সামগ্ৰীবিধ হৈছে বিৰিয়ানী, হালৱা আৰু পৰঠা। আহমদ পৰিয়ালে বিৰিয়ানী প্ৰতি কেজিত ১২০ টকাকৈ বিক্ৰী কৰাৰ বিপৰীতে হালৱাৰ দাম প্ৰতি কেজিত প্ৰায় ৬০০ টকা। তেওঁলোকে নিজৰ খাদ্যত লক্ষ্ণৌৰ বিশুদ্ধ মছলা আৰু উপকৰণ ব্যৱহাৰ কৰে, যাতে অসমৰ মানুহে লক্ষ্ণৌৰ প্ৰকৃত সোৱাদযুক্ত খাদ্যৰ জুতি ল’ব পাৰে।
‘যোৱা কেইবছৰমানৰ পৰা মই ইয়ালৈ নিয়মিতভাৱে আহিছো। তেওঁলোকে পৰিবেশন কৰা খাদ্য উন্নত মানৰ আৰু দামো মজলীয়া। ৰমজানৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাথাকিলেও প্ৰতি বছৰে আমি মদিনা ছুইট হাউছৰ বাবে অপেক্ষা কৰি থাকোঁ।’-ভৰলুমুখ অঞ্চলৰ স্থানীয় বাসিন্দা ৰূপম ডেকাই এইদৰে কয়।
মদিনা ছুইট হাউছৰ সুস্বাদু ব্যঞ্জন
“মদিনা ছুইট হাউছ আমাৰ ঘৰৰ অতি ওচৰত আৰু আমি ইফতাৰ আৰু চেহৰীৰ সময়ত তেওঁলোকৰ খাদ্য ব্যৱহাৰ কৰো। তেওঁলোকে খুৱ সুস্বাদু আৰু মানসম্পন্ন খাদ্য পৰিবেশন কৰে।"-এইদৰে কয় মাছখোৱা অঞ্চলৰ বাসিন্দা আনোৱাৰ হুছেইনে।