গুৱাহাটী
শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ দেওহাঁহৰ বিচৰণস্থলী নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্র প্রকল্পলৈ এইবাৰ পূৰ্বৰ তুলনাত পৰ্যটকৰ আগমন অধিক ঘটিছে। কেৱল সিমানেই নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিচতে অধিকসংখ্যক বিদেশী পর্যটকৰ আগমন ঘটিছে প্রকৃতিৰ ৰম্যভূমি নামেৰীলৈ।
উল্লেখযোগ্য যে, ২০২২-২৩ বৰ্ষত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে ১৪ লাখ টকা ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত এই পৰিমাণ প্রায় দুগুণলৈ বৃদ্ধি পায়। বিগত বৰ্ষত নামেৰী ৰাষ্ট্ৰীয় উদ্যানে ২৭ লাখ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কিন্তু এইবাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য ৪২ লাখ টকা স্থিৰ কৰা হৈছে।
ইতিমধ্যে পর্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত জীপাল হৈ উঠিছে নামেৰী। এই সন্দৰ্ভত শোণিতপুৰৰ পশ্চিম বন্যপ্রাণী সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নামেৰীত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰাৰ পাচৰ পৰাই পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এইখন ৰাষ্ট্ৰীয় উদ্যান জীৱ-বিচিত্রতাৰে ভৰা আৰু ধনেশ, দেওহাঁহ, হাতী, ঢেঁকীয়াপতীয়া বাঘ, এছিয়াৰ বনৰীয়া কুকুৰ, বিভিন্ন প্রজাতিৰ পখিলা, অর্কিড, সাপ তথা চৰাই উপলব্ধ।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে নতুনকৈ এটা ট্রেকিং পথ সাজু কৰিছে, যিটো আগন্তুক জানুৱাৰীতে মুকলি কৰা হ'ব আৰু মাঘ বিহুৰ সময়ত হাতীগেটত এটা ইক' কেম্প পর্যটকৰ বাবে মুকলি কৰা হ'ব। একেদৰে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ অঞ্চলত আন এটা ট্রেকো পৰ্যটকৰ বাবে সাজু কৰা হৈছে। উল্লেখযোগ্য যে, নামেৰীত নৌকা বিহাৰৰো সুবিধা আছে।
উল্লেখযোগ্য যে, সম্প্রতি ৰাষ্ট্ৰীয় উদ্যান এলেকালৈ যথেষ্টসংখ্যক বনভোজ দলৰ আগমন ঘটাৰ কথা উল্লেখ কৰিছে বন বিষয়াজনে। নামেৰীলৈ বিগত বর্ষত ২৪ হেজাৰ লোকৰ আগমন ঘটিছিল। তেওঁ লগতে কয় যে, ৰাজ্যৰ ভিতৰত কাজিৰঙাৰ পিচতে নামেৰী বিদেশী পর্যটকৰ আগমন অধিক ঘটে আৰু যোৱা বছৰটোত ইয়ালৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা সহস্রাধিক পর্যটক অহাৰ উপৰি এইবাৰো এনে যথেষ্টসংখ্যক বিদেশী পর্যটকৰ আগমন ঘটিছে।
বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ বাবেই ইয়ালৈ বিদেশী পর্যটকৰ আগমন ঘটা বুলি উল্লেখ কৰি নামেৰীৰ ভিতৰে-বাহিৰে থকা জীয়াভৰলীকে ধৰি বিভিন্ন নৈ-উপনৈৰ বাবে এই ৰাষ্ট্রীয় উদ্যানলৈ চৰাইৰ যথেষ্ট আগমন ঘটে বুলিও বন বিষয়াজনে কয়।