আজি উৰুকা; ভোগালীৰ ভোগেৰে ভৰিছে মহানগৰীৰ বজাৰ

Story by  Munni Begum | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী
 
ভোগৰ উৎসৱ ভোগালী বিহু উদযাপনৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে চলিছে ব্যাপক প্রস্তুতি। বাপতি সাহোন বিহুটিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। আখলত পিঠা-পনাৰ প্রস্তুতিত ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী। সমান্তৰালভাৱে সাজু হৈছে গুৱাহাটীবাসীও। উৰুকাৰ নিশা লগে-ভাগে, হাঁহে-মাহে এসাঁজ খোৱাৰ বাবে সাজু হৈছে গুৱাহাটীবাসী ৰাইজ।

লাড়ু-পিঠা, কোমল চাউল, জহা চাউল, চিৰা, সান্দহ গুড়ি, মালভোগ চিৰা, জহা-বৰা চিৰা, মাহকঢ়াই, বৰা ভজা, কাঢ়ৈ চাউল ভজা, চকোৱা চাউল, জেং পিঠা, চুঙা পিঠা, পানী টেঙা খাৰলি, জুলীয়া মিঠৈ, গুড় তথা দৈৰ গোন্ধত আমোলমোলাইছে মহানগৰীৰ চৌদিশ। গুৱাহাটীৰ ভিন্ন প্রান্তত অনুষ্ঠিত ভোগালীৰ মেলাসমূহ  হৈ পৰিছে গ্রাহকৰ বাবে আকৰ্ষণৰ কেন্দ্রবিন্দু। বিহুৰ বাবে পিঠা-পনা ক্ৰয় কৰিবলৈ বিহুবলিয়া ৰাইজে ভিৰ কৰিছে ভোগালীৰ মেলাসমূহ।
 
গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলী তথা ৰূপনগৰৰ নেডফি হাটত অনুষ্ঠিত 'ভোগালী মেলা'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পিঠা-পনা, দৈ-চিৰা তথা নানান তৰহৰ সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে ভৰি পৰিছে মেলাৰ বাকৰিসমূহ।
 
গনেশগুৰিৰ পদপথৰ বিপণি
 
নেডফি হাটত অনুষ্ঠিত 'ভোগালী মেলা'ত অংশগ্ৰহন কৰা এগৰাকী মহিলা ব্যৱসায়ী পাকিজা শইকীয়াই কয়, "মই প্ৰতিবছৰে এই মেলাত অংশগ্ৰহন কৰি আহিছো। মই সাধাৰণতে বেকেৰীৰ কামৰ সৈতে জড়িত।  যিহেতু মই বনাই ভাল পাওঁ, সেয়েহে মই বিভিন্ন প্ৰকাৰৰ বেকেৰী সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে লাড়ু-পিঠা আদি প্ৰস্তুত কৰো। এইবেলিও মই ঘৰতে প্ৰস্তুত কৰা স্বাস্থ্যসন্মত নাৰিকল লাড়ু, নাৰিকল পিঠা, তিলৰ লাডু, তিলৰ পিঠা, বৰা চাউল, গুৰ, জুলীয়া গুৰ, কাটা নিমকি, ভজা পিঠা গ্ৰাহকৰ বাবে লৈ আহিছিলো, য'ত ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে মোৰ পৰা লাড়ু-পিঠা ক্ৰয় কৰিছে। আনহাতে মই বিহুৰ বাবে নাগালেণ্ডৰ গ্ৰাহকৰ পৰা ৪০০ পিঠাৰ অৰ্ডাৰ লাভ কৰিছো।"
 
নেডফি হাটৰ পাকিজাৰ বিপণি
 
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আত্মসহায়ক গোট, ব্যৱসায়িক প্রতিষ্ঠানে গ্রাহকৰ বাবে লৈ আহিছে থলুৱা খাদ্য সম্ভাৰ। পিচপৰি ৰোৱা নাই গুৱাহাটীৰ পদপথৰ বজাৰসমূহো। মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি গণেশগুৰি, খানাপাৰা, উলুবাৰী, নুনমাটি, ছয়মাইল, আমবাৰী আদি অঞ্চলৰ পদপথত ব্যৱসায়ীসকলে ৰাইজৰ বাবে আনিছে ভোগালীৰ সামগ্রী। বৰপেটা, কামৰূপ, নাগ্ৰীজুলি, মঙলদৈ, ভেৰগাঁও, টিপাম, গহপুৰ, ৰামদিয়া, সৰভোগ, নলবাৰী আদিৰ পৰা গুৱাহাটীলৈ আমদানি কৰা হৈছে বিধে বিধে খাদ্য সামগ্রী।
 
উজান বজাৰৰ মাছৰ বজাৰ
 
গণেশগুৰিৰ পদপথত নলবাৰীৰ পৰা অহা এগৰাকী ব্যৱসায়ীয়ে কয়; "মই ইয়াত বিগত বহু বছৰ ধৰি দৈনিক পিঠা-লাডু, দৈ চিৰা, চুঙা পিঠা, আখৈ আদিকে ধৰি সকলো ধৰনৰ থলুৱা খাদ্য সামগ্ৰীৰ বিপণি দি আহিছো। আমাৰ বিপণিত সকলো ধৰনৰ খাদ্য সামগ্ৰীয়ে পোৱা যায়। আমাৰ ইয়াত কোমল চাউল, গুড়, বাহৰ চুঙা, টেকেলি দৈ, লাডু-পিঠা, জহা চাউল, বৰা চাউল, সান্দহ গুড়ি, জহা-বৰা চিৰা আদি উপলব্ধ। এইবাৰ গ্ৰাহকৰ সঁহাৰি যথেষ্ট ভাল। পূৰ্বৰ তুলনাত এইবাৰ সামগ্ৰীৰ কিছু দাম বাঢ়িছে, যদিও গ্ৰাহকসকলে সামগ্ৰী কিনিবলৈ কৃপণালি কৰা নাই। মোৰ ইয়াত তিল পিঠা, নাৰিকল পিঠা ৭০-৮০ টকাত বিক্রী হৈছে । ১০টা লাড়ু থকা এটা পেকেট বিক্রী হৈছে ৫০-১০০ টকাত। বৰাচাউল, কোমল চাউল ১০০ টকা পৰ্যন্ত বিক্ৰী কৰিছো।"
 
এখন দৈৰ বিপণি
 
ইফালে, মঙলদৈৰ পৰা গুৱাহাটীৰ বজাৰলৈ আহিছে জুলীয়া মিঠৈ। ৰামদিয়া আৰু সৰভোগৰ পৰা আমদানি কৰা হৈছে গৰু আৰু ম'হৰ দৈ। গহপুৰৰ পৰা বিক্ৰীৰ বাবে অনা হৈছে নাৰিকল। বৰপেটাৰ পৰা আমদানি হৈছে মাহ-তিল, বৰা চাউল। আনহাতে গুৱাহাটীৰ কেইবাটাও উদ্যোগত প্রস্তুত হোৱা পেকেটিং পিঠা-পনা, লাড়ু, চিৰা আদিও বিক্ৰী হৈছে বজাৰত। কেৱল সেয়ে নহয়, ধানখেৰ, নৰাৰে প্ৰস্তুত কৰা মেজিও বিক্ৰী হৈছে গুৱাহাটীৰ পদপথত। ভোগালীৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ধামখুমীয়াৰ মাজতো বাপতি সাহোন বিহুটিক আদৰিবলৈ যেন অকণো কৃপণালি কৰিব বিচৰা নাই বিহুপ্রাণ অসমীয়াই।
 
আনহাতে, উৰুকাৰ বাবে গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত উজানবজাৰ ঘাটৰ লগতে বিভিন্ন স্থান মাছ আৰু মাংসৰে উভৈনদী হৈ পৰিছে। প্ৰতিবছৰে উৰুকাৰ দিনা পুৱাৰে পৰা পচন্দৰ মাছ বিচাৰি উজানবজাৰ ঘাটত মানুহ উবুৰি খাই পৰে। উজানবজাৰৰ মাছৰ বজাৰ উৰুকাৰ দিনা সমগ্ৰ গুৱাহাটীৱাসীৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা দেখা যায়।