গুৱাহাটী
আধুনিক মুদ্ৰাৰ প্রচলনৰ ফলত সমাজৰ পৰা লুপ্ত হৈ যোৱা বিনিময় প্রথা আজিও বর্তি আছে জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত। জোনবিল মেলাত বিনিময় প্ৰথাৰ এই ৰূপ দেখা যায় কৃষ্টি-সংস্কৃতিৰ ৰূপত।
বিলুপ্তপ্রায় বিনিময় প্রথা আৰু তিৱাসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ প্ৰদৰ্শনেৰে ঐতিহ্যবহনকাৰী গোভা দেওৰজাৰ জোনবিল মেলা কাইলৈ জাগীৰোডৰ পৰা চাৰি কিলোমিটাৰ উত্তৰৰ জোনবিলৰ পাৰত আৰম্ভ হ'ব। জাগীৰোড-মৰিগাঁও পথৰ জোনবিলৰ পানীত এসময়ত গোভা ৰজাক অভিভূত কৰাৰ দৰে জোন জিলিকি উঠিছিল।
প্রাচীন গোভা ৰাজ্যত উদযাপন কৰা এই মেলা মাঘ বিহুৰ পিচৰ বৃহস্পতিবাৰে আৰম্ভ হয়। বৃহস্পতিবাৰে গোভা ৰজাই মেলাথলীলৈ আহি পাৰিষদবৰ্গৰ সৈতে ভোজভাত খোৱাৰ পিচতে ঐতিহাসিক জোনবিল মেলাৰ আৰম্ভণি হয়। উক্তদিনাই মেলালৈ নামি আহে পাহাৰৰ মামাহঁত।
এইবেলি মেলাৰ প্ৰথমদিনাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জোনবিল মেলালৈ আহি গোভা ৰজাকে ধৰি মধ্য অসমৰ পৰম্পৰাগত ৰজাসকলক ৰাজভাত্তা প্রদান কৰিব।
উল্লেখযোগ্য যে, দেওশাল থানত পূজা-অর্চনাৰ পিচত জোনবিল মেলাথলীত পতাকা উত্তোলন কৰা হ'ব। ১৭ জানুৱাৰীত এই মেলাথলীত পুৱাৰে পৰা অনুষ্ঠিত হ'ব বিনিময় প্রথা।
এই বিনিময় প্রথাত অংশ ল'বলৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ পৰা তিবা, খাছি, কার্বি, বড়ো আদি লোকসকল বৃহস্পতিবাৰে জোনবিল মেলাত সমবেত হয়।
তেওঁলোকে বিনিময়ৰ বাবে আনে পাহাৰীয়া আলু, কচু, আদা, হালধি, জলকীয়া, লা, গন্ধক, লাউ, আমলখি, শিলিখা, চিৰতাকে ধৰি নানা দ্রব্য। আনহাতে এই বিনিময়ৰ বাবে ভৈয়ামৰ লোকসকলে পাহাৰৰ লোকসকলৰ সৈতে বিনিময়ৰ বাবে প্রস্তুত কৰে তিল পিঠা, সান্দহ, লাড়ু, মাছকে ধৰি নানাবিধ খাদ্যদ্রব্য।
ভৈয়ামৰ লোকসকলে পাহাৰৰ লোকসকলক মামা-মামী সম্বোধন কৰি এই দ্রব্যসমূহ বিনিময় কৰে। ইয়াৰ জৰিয়তে প্রাচীন গোভা ৰাজ্যৰ ৰজা আৰু প্ৰজাৰ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা আত্মীয়তাৰ সম্বন্ধৰ প্ৰতিফলন ঘটে। উল্লেখৰ প্ৰয়োজন যে, এই জোনবিল মেলাৰ স্থান প্রাচীন গোভা ৰাজ্য।
আহোম তথা ইংৰাজৰ ৰাজত্বৰ সময়লৈ বর্তি থকা এই ৰাজ্যসমূহৰ অস্তিত্ব দেশৰ স্বাধীনতাৰ লগে লগে বিলুপ্ত হ'লেও বর্তমানেও এনেধৰণৰ পৰম্পৰাসমূহ অব্যাহত আছে। গোভা ৰাজ্যৰ লগতে মধ্য অসমত এই পৰম্পৰাগত ৰজাসকলৰ বংশৰ ধাৰা আৰু তেওঁলোকৰ পৰম্পৰা আজিও বিদ্যমান।
বৰ্তমানৰ গোভা ৰজা দীপ সিং দেউৰজাৰ নিৰ্দেশতে এই জোনবিল মেলা বহে। এইবাৰ মেলাৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি প্রশাসন তথা উদ্যোক্তাসকলৰ ব্যস্ততা বৃদ্ধি পাইছে।
আনহাতে শুকুৰবাৰে পুৱা পাঁচ বজাত পাহাৰ-ভৈয়ামৰ সম্প্রীতিৰ পৰম্পৰাগত বিনিময় প্রথা উদ্বোধন কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। পুৱা ৯ বজাত জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব আৰম্ভ হ'ব।
এইবাৰৰ জোনবিল মেলা উপলক্ষে তিৱাসকলৰ ন-বাৰ, চামাদি, ঠুঙি-ন, মাৰু ঘৰ আদি নিৰ্মাণ কৰা হৈছে। পৰম্পৰাগত কুকুৰা যুঁজৰ লগতে তিৱাসকলৰ নৃত্য-গীতেৰে মেলাত সাংস্কৃতিক কার্যসূচীও প্রদর্শন কৰা হ'ব।
মেলাৰ অন্তিম দিনা শনিবাৰে গোভা ৰজাৰ পাৰিষদবর্গই গোভা ৰজাৰ নির্দেশত প্রতীকী অৰ্থত কৰ সংগ্ৰহ কৰিব। বিলুপ্তপ্রায় বিনিময় প্রথাৰ লগতে জোনবিল মেলাত তিৱাসকলৰ কৃষ্টি-সংস্কৃতি চাবলৈ প্রতি বছৰে অগণন লোকৰ আগমন ঘটে।