ৰমজান মাহত বিনামূলীয়া ইফতাৰ আগবঢ়াই জনসাধাৰণৰ হৃদয় জয় কৰিছে কাশ্মীৰৰ পাৰ্ছাছ ফুড আউটলেটে

Story by  atv | Posted by  [email protected] • 3 d ago
কাশ্মীৰৰ পাৰ্ছাছ ফুড আউটলেটত বিভিন্ন ধৰ্মৰ লোকে একেলগে ইফতাৰ গ্ৰহণ কৰিছে
কাশ্মীৰৰ পাৰ্ছাছ ফুড আউটলেটত বিভিন্ন ধৰ্মৰ লোকে একেলগে ইফতাৰ গ্ৰহণ কৰিছে
 
এহছান ফাজিলি / শ্ৰীনগৰ

চেন্নাইৰ পৰা কাশ্মীৰ ভ্ৰমণ কৰিবলৈ অহা এটা হিন্দু পৰিয়ালে যেতিয়া যোৱা সপ্তাহত শ্ৰীনগৰৰ জাহাংগীৰ চ’কৰ এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমাইছিল, তেতিয়া ইফতাৰৰ সময় হৈছিল। দোকানৰ কৰ্মচাৰীসকলে দিনটোৰ ৰোজা ভংগ কৰিবলৈ ভিৰ কৰা এশৰো অধিক লোকক সেৱা আগবঢ়াবলৈ সাজু হৈ আছিল। 
 
পৰিয়ালটোৱে ৰেষ্টুৰেণ্টখনত উৎসৱমুখৰ পৰিৱেশৰ বিষয়ে সোধাত জানিব পাৰিলে যে ইফতাৰৰ বাবে ইছলামধৰ্মী লোকসকল এইদৰে ইয়াত সমবেত হৈছে। তেতিয়া পৰিয়ালটোৱে উপবাসে থকা মানুহখিনিক খাদ্য পৰিৱেশন কৰালৈকে প্ৰায় আধা ঘণ্টা অপেক্ষা কৰিলে।
 
"এয়া সাধাৰণ বিষয় নহয়; এনে স্মৰণীয় ঘটনাই বিশেষকৈ ৰমজান মাহত মানুহৰ ধৰ্মৰ প্ৰতি ধৈৰ্য্য, সন্মান আৰু সহানুভূতি দেখুৱায়।"-পাৰ্ছাছ ফুড আউটলেট (Parsas’ food outlet)ৰ স্বত্ত্বাধিকাৰী জাভেদ পাৰ্ছাৰ মালিকে 'আৱাজ-দ্য ভইচ'ক এইদৰে কয়। তেওঁৰ আউটলেটে ৰমজানৰ মাহটোত দিনটো উপবাসে থকা মুছলমান লোকসকলক বিনামূলীয়া ইফটাৰ আগবঢ়াই আহিছে। এশৰো অধিক লোকক তেওঁলোকে বিনামূলীয়াকৈ ইফটাৰ পৰিবেশন কৰাৰ লগতে নামাজৰ বাবেও উপযুক্ত ঠাইৰ ব্যৱস্থা কৰিছে।
 
 পাৰ্ছাছ ফুড আউটলেটত নামাজ পঢ়িছে একাংশ ইছলামধৰ্মী লোকে
 
'এটা দশকতকৈও অধিক সময় ধৰি আমি আমাৰ ৰেষ্টুৰেণ্টুত এই পৰম্পৰা অব্যাহত ৰাখিছো,' জাভেদ পাৰ্ছাই কয়। ব্যৱসায়ীগৰাকীয়ে পুনৰ কয় যে কেৱল তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানেহে ৰমজানৰ মাহটোত বিনামূলীয়া “ইফটাৰী” সেৱা আগবঢ়াই আছে, লগতে বহুতো অমুছলমান গ্ৰাহককো আকৰ্ষণ কৰিছে। কেৱল মুছলমানৰ মাজতে নহয়, হিন্দু আৰু শিখ লোকৰ মাজতো এই খাদ্য আউটলেটখন অতি জনপ্ৰিয়। চেণ্ট্ৰেল লাল চ’কৰ ওচৰৰ ঝেলাম নদীৰ সিপাৰে থকা হৰি সিং হাই ষ্ট্ৰীট (এইচ এছ এইচ এছ)ৰ ওচৰত অৱস্থিত পাৰ্ছাছ ফুড আউটলেটখন সকলো ধৰ্মৰ লোকৰ সমাগম ঘটে। 
 
“আমাৰ গ্ৰাহকৰ ভিতৰত আছে ওচৰৰ সচিবালয়ৰ ভিআইপি আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ৰ ভিআইপিসকল, শ্বপিং মল আৰু ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দোকানী, টেক্সি চালক, শ্ৰমিক, আৰু কাশ্মীৰ উপত্যকাৰ বিভিন্ন অংশত কাম কৰি থকা নিৰাপত্তাৰক্ষীসকল”, জাভেদ পাৰ্ছাই কয়।
 
উল্লেখ্য যে, ফুড আউটলেটখন গোটেই দিনটো গ্ৰাহকৰ বাবে মুকলি হৈ থাকে আৰু অঞ্চলটোত চাকৰি কৰি থকা বহুতো অমুছলমান লোকক সুস্বাদু আৰু স্বাস্থ্যসন্মত খাদ্য আগবঢ়ায়। জাভেদ পাৰ্ছাই কয় যে দিনৰ ভাগত কিছুমান খাদ্য হোম ডেলিভাৰীও কৰা হয়। 
 
দিনজোৰা ৰোজা ভংগৰ বাবে সাজু হৈছে ৰোজাদাৰীসকল
 
ইফালে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া বিভিন্ন আউটলেটসমূহেও জম্মু, পাহালগাম, আৰু দক্ষিণ কাশ্মীৰ, গুলমাৰ্গ অঞ্চল, উত্তৰ কাশ্মীৰৰ অন্যান্য অঞ্চলৰ পৰা যোৱা আৰু অহা ভ্ৰমণকাৰীসকলক বিনামূলীয়া খাদ্য প্ৰদান কৰে।
 
“এই সেৱাৰ সৌন্দৰ্য্য হ’ল এতিয়া মানুহে জাহাংগীৰ চ’কৰ ছাৰা চিটি চেণ্টাৰ (শ্বপিং মল)ত প্ৰতিষ্ঠাপক কেন্দ্ৰত নিজাববীয়াকৈ অৱদান আগবঢ়াবলৈ আৰম্ভ কৰিছে”, জাভেদে কয়। বহুতে খেজুৰৰ বাকচ, বা ইফটাৰত পৰিবেশন কৰিবলগীয়া অন্যান্য সতেজ ফলৰ বক্স আগবঢ়ায়।