১ অক্টোবৰৰ পৰা মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Story by  atv | Posted by  Munni Begum • 6 d ago
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
 
গুৱাহাটী  
 
কাজিৰঙাৰ পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো-জা চলাইছে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই। অহা ১ অক্টোবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ লগে লগেই আৰম্ভ হ'ব ২০২৪-২৫ পর্যটন বর্ষ। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া পর্যটন বর্ষটিত হাতী ছাফাৰী যোগ হ'ব ১ নৱেম্বৰত। 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে জনোৱা অনুসৰি অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া ২০২৪-২৫ পর্যটন বৰ্ষৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। ১ অক্টোবৰত উদ্যানৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশহে পর্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। 
 
সেইমতে, কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈকে পর্যটকে জীপ ছাফাৰী কৰিব পাৰিব। বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙালৈকে জীপ ছাফাৰীৰ অনুমতি লাভৰ বিপৰীতে বুঢ়াপাহাৰ বনাঞ্চলত ডিফলু নদীলৈকে পর্যটকে ছাফাৰী কৰিব পাৰিব। 
 
সঞ্চালক ড° ঘোষে লগতে জনোৱা অনুসৰি চলিত বৰ্ষৰ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ পৰিষ্কাৰ কৰাত অত্যন্ত সুন্দৰ হৈ পৰিছে। কিন্তু বাৰিষাত উদ্যানৰ বাট-পথৰ কিছু কিছু অংশ মেৰামতি কৰিবলগীয়া হোৱাত সম্প্রতি আংশিকভাৱেহে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে।  
 
বাট-পথ মেৰামতিৰ লগতে যাৱতীয় কাম-কাজ চলাই থকা উদ্যান কর্তৃপক্ষই কয় যে, মেৰামতি সম্পূৰ্ণ হ'লেই উদ্যানখন সম্পূর্ণকৈ মুকলি কৰি দিয়া হ'ব। আনহাতে ১ অক্টোবৰতেই কলিয়াবৰৰ নদী পর্যটনো মুকলি কৰিব উদ্যান কর্তৃপক্ষই। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিবলগীয়া জীপছিসমূহৰ নথি-পত্র তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। তদুপৰি চালকক বিশেষ প্রশিক্ষণ দিয়া হৈছে। 
 
উল্লেখ্য যে, বিভিন্ন ঘটনা-পৰিঘটনা, অভিলেখ ভংগ কৰা উপার্জনেৰে সামৰণি পৰিছিল কাজিৰঙাৰ ২০২৩-২৪ পর্যটন বর্ষ। দেশৰ মহামান্য ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মূ, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কাজিৰঙা ভ্রমণ বিগত পর্যটন বছৰটোৰ উল্লেখযোগ্য দিশ ৰূপে গণ্য হৈছিল। বিখ্যাত ফুটবলাৰ বাইচুং ভুটীয়াৰ কাজিৰঙা দর্শনেও সুকীয়া মাত্ৰা প্ৰদান কৰিছিল কাজিৰঙাক। কাজিৰঙা ভ্রমণ কৰিছিল ভূটানৰ ৰজায়ো। 
 
বিগত পর্যটক বৰ্ষত কাজিৰঙাত আৱিষ্কাৰ হৈছিল মাটি গাহৰি, দীঘল নেজীয়া নিগনিৰ দৰে কেইবাবিধো বন্যপ্রাণী। চৰকাৰী তথ্যমতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলত ২০২৩-২৪ পর্যটন বর্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ অতুলনীয় জীৱ-বৈচিত্র্য দৰ্শনৰ বাবে বিগত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল বুলি ইতিমধ্যেই কাজিৰঙাৰ সঞ্চালকৰ কার্যালয়ে দিয়া তথ্য প্রকাশ কৰিছে। 
 
উল্লেখযোগ্য যে ২৮ বছৰৰ আগতে ১৯৯৬-৯৭ বৰ্ষত কাজিৰঙালৈ অহা পর্যটকৰ সংখ্যা আছিল ১৮,৩৮২ জন। ইয়াৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বর্ষত কাজিৰঙালৈ অহা মুঠ পর্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰই প্রকাশ কৰিছে। ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পর্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পর্যটক। 
 
এই পর্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ। লক্ষণীয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূব অসম বন্যপ্রাণী সংমণ্ডলে মুঠ ৩,২০,৯৬১ গৰাকী পর্যটকৰ পৰা ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পর্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পর্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 
 
বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী-বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল। যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বর্ষত ১২,৬৯৭ জন দেশী-বিদেশী পর্যটক বৃদ্ধি পোৱাৰ উপৰি কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয়। 
 
২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিচতেই কাজিৰঙাৰ পর্যটন বিশ্ব পর্যটকৰ বাবে পুনৰ মুকলি কৰা হয়। এই পর্যটন বৰ্ষত কাজিৰঙাত পর্যটকে পূৰ্বৰ তুলনাতকৈ কার্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পাণবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্রেকিং পথৰ বিশেষ সুবিধাৰ উপৰি জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কার্বি জনগোষ্ঠীৰ খাদ্য চোৰাণ- আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্র, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-নাচ, পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কর্তৃপক্ষই অৱগত কৰে। ইয়াৰ লগতে ব্রহ্মপুত্র নদীত শিহু দর্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়া চাপৰিত জীপ আৰু চাইকেল ছাফাৰীও বিগত পর্যটন বর্ষতে আৰম্ভ কৰা হৈছিল।