শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি
ফেব্ৰুৱাৰী মাহটোক সাধাৰণতে প্ৰেমৰ মাহ বুলি কোৱা হয়। সন্মুখত ভেলেণ্টাইন ডে'। আকাশে-বতাহে মুখৰিত হৈছে প্ৰেম-ভালপোৱাৰ গান। এনে এক ৰোমাণ্টিক পৰিৱেশৰ সময়তে প্ৰেমৰ বাবে ধৰ্ম সলনি কৰিলে এগৰাকী যুৱতীয়ে।প্ৰেমত ঘূৰিছে ভূমণ্ডল। প্ৰেমত ফুলিছে শতদল। প্ৰেমে যে কোনো সীমা নামানে, সেয়া প্ৰমাণ কৰিছে দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ উদাৰবন্দ (udharbond)ৰ বৰছিংগা চাহ বাগিচাৰ যুৱতীগৰাকীয়ে।
১০ বছৰৰ পুৰণা প্ৰেমক বাস্তৱত ৰূপ দিয়াৰ বাবে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা যুৱতীগৰাকী হৈছে উদাৰবন্দ দয়াপুৰৰ বাসিন্দা আফচানা শ্বেখ। শেহতীয়াকৈ হিন্দু ধৰ্মৰ নিয়ম নীতি মানি এই চৰ্চিত বিয়াখন অনুষ্ঠিত হয়। উপস্থিত আছিল দৰা-কইনাৰ সকলো আত্মীয়স্বজন। এই বিয়াৰ দৰা হ'ল বৰছিংগা চাহ বাগিচাৰ ৰাহুল ৰী আৰু কইনা হ'ল উদাৰবন্দ দয়াপুৰৰ বাসিন্দা আফচানা শ্বেখ। স্কুলত পঢ়ি থকা অৱস্থাত দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হয় কিন্তু কথাটো পোহৰলৈ অহাত তেওঁলোকে সমাজৰ পৰা বাধাৰ সন্মুখীন হয়। কোনেও তেওঁলোকৰ এই সম্পৰ্ক মানি ল'ব নিবিচাৰে।
ৰাহুল ৰী আৰু আফচানা শ্বেখৰ বিবাহ অনুষ্ঠান
এটা সময়ত নিজৰ প্ৰেমক বাস্তৱ ৰূপ দিয়াৰ বাবে দুয়োগৰাকীয়ে লুকুৱাই বিয়া পাতি পলাই যায়। কিন্তু পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত অভিযোগ দিয়াত আৰক্ষীয়ে তেওঁলোকক বিচাৰি আটক ধৰে। তাৰপিছত দুয়োগৰাকীক নিজৰ নিজৰ ঘৰলৈ আৰক্ষীয়ে উভতাই পঠিয়াইছিল। ইয়াৰ পাছতেই আফচানাই সিদ্ধান্ত লৈছিল যে তেওঁ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈ ৰাহুলৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব। সেই সিদ্ধান্ত অৱশেষত বাস্তৱায়িত হ'ল শনিবাৰে।
হিন্দু ধৰ্ম গ্ৰহণ কৰি আফচানাৰ নতুন নাম হ'ল গুড়িয়া ৰী। বিয়াৰ নিশা চাহ বাগিচাৰ সকলো মানুহ উপস্থিত বিবাহ অনুষ্ঠানত উপস্থিত আছিল আৰু এক আনন্দময় পৰিবেশত বিয়াখন সম্পূৰ্ণ হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হয়। গুড়িয়া ৰীয়ে কয় যে তেওঁলোকৰ ১০ বছৰৰ প্ৰেমক চূড়ান্ত ৰূপ দি আনন্দিত হৈছে। স্কুলীয়া দিনৰ পৰা ভাল পোৱা মানুহজনক নিজৰ জীৱনত স্বামী হিচাবে পোৱাটো গুড়িয়াৰ বাবে এক ডাঙৰ প্রত্যাহ্বান আছিল আৰু সেই প্ৰত্যাহ্বান সুকলমে অতিক্ৰম কৰি তেওঁ এতিয়া যথেষ্ট সুখী।
ৰাহুল ৰী আৰু আফচানা শ্বেখ
তেওঁ পুনৰ কয় যে নিজৰ ঘৰ বা সমাজে তেওঁক ধৰ্মান্তকৰণৰ বাবে একো কোৱা নাই। পৰিয়ালৰ লোকে তেওঁক সহযোগ কৰিছে বুলি উল্লেখ কৰি গুড়িয়াই কয় যে প্ৰেমে কেতিয়াও জাতি-ধৰ্ম নামানে। ইফালে, দৰা ৰাহুলে কয় যে যোৱা ১০ বছৰ উদ্বিগ্নতাৰ মাজত কটোৱাৰ পিছত এতিয়া বিয়াখন ভালে-কুশলে হৈ যোৱাত তেওঁ সন্তুষ্টি লাভ কৰিছে। ৰাহুলে আৰু কয় যে এতিয়া আহিবলগা দিনবোৰ সুখ আৰু শান্তিত কটোৱাটোৱে হ'ল তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য।
উল্লেখ্য যে, প্ৰতিটো প্ৰেমিক যুগলৰ জীৱনত ফেব্ৰুৱাৰী মাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই মাহত বহুতে নিজৰ প্ৰেমক বিচাৰি পায়, একেদৰে কিছুমানৰ হৃদয়ো ভাঙে, আন কোনোবাই আকৌ মনে মনে ভাল পাই থকা নিজৰ প্ৰিয়জনক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এই মাহটোলৈ অপেক্ষা কৰে যাতে তেওঁলোকে মুকলিকৈ নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰে৷
(আজি ভেলেণ্টাইন ডে' উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)