ছয় দিনত ১.২৫ লাখৰো অধিক লোকে পবিত্ৰ অমৰনাথ যাত্ৰা কৰিছে

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
জম্মু
 
২৯ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পাছৰে পৰা ১.২৫ লাখৰো অধিক যাত্ৰীয়ে পবিত্ৰ গুহাটোৰ 'দৰ্শন' লাভ কৰাৰ বিপৰীতে শুকুৰবাৰে কাশ্মীৰলৈ ৰাওনা হৈছে আন এক ৬,৯১৯ তীৰ্থযাত্ৰী।  
 
তীৰ্থযাত্ৰাৰ কাম পৰিচালনা কৰা শ্ৰী অমৰনাথজী শ্ৰাইন ব’ৰ্ডৰ (SASB) বিষয়াসকলে কয় যে, "আজি ভাগৱতী নগৰ যাত্ৰা নিৱাসৰ পৰা ৬,৯১৯ জনীয়া আন এটা তীৰ্থযাত্ৰীৰ দলে দুটা এস্কৰ্ট কনভয়ৰ সৈতে ৰাওনা হৈছে। ইয়াৰে ২৫৪২ গৰাকী তীৰ্থযাত্ৰী ১০৯ খন আসনযুক্ত বাহনৰ এস্কৰ্ট কনভয়ৰ সৈতে পুৱা ৪ বজাত উত্তৰ কাশ্মীৰ বাল্টাল বেছ কেম্পলৈ ৰাওনা হোৱাৰ বিপৰীতে ৪,৩৭৭ গৰাকী যাত্ৰীক লৈ ১৫০ খন আসনযুক্ত আন এটা এস্কৰ্ট কনভয়ে পুৱা ৪.৩০ বজাত দক্ষিণ কাশ্মীৰ নুনৱান (পাহলগাম) বেছ কেম্পলৈ ৰাওনা হয়।" 
 
বতৰ বিজ্ঞান (MeT) বিভাগে দিনৰ ভাগত পাতল বৰষুণ/বজ্ৰপাতৰ সম্ভাৱনা থকা দুয়োটা যাত্ৰা পথতে সাধাৰণতে ডাৱৰীয়া বতৰৰ পূৰ্বাভাস দিছে। সাধাৰনতে তীৰ্থযাত্ৰীসকলে হয় ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰম্পৰাগত পহলগাম পথ অথবা চুটি ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাল্টাল পথেৰে যাত্ৰা কৰি আহিছে। পহলগাম পথ ব্যৱহাৰ কৰা তীৰ্থযাত্ৰীসকলে গুহা মন্দিৰত উপস্থিত হ’বলৈ চাৰিদিন সময় লাগে, আনহাতে বাল্টাল পথেৰে যোৱাসকলে ‘দৰ্শন’ কৰি সেইদিনাই বেছ কেম্পলৈ উভতি আহে।  
 
প্ৰায় ৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জম্মু-শ্ৰীনগৰ ঘাইপথৰ সকলো ঠাইতে,দ্বৈত যাত্ৰা পথ, দুটা বেচ কেম্প আৰু গুহা মন্দিৰত এই বছৰ নিৰাপত্তাৰ বিস্তৃত ব্যৱস্থা কৰা হৈছে। যাতে মসৃণ আৰু অঘটনমুক্ত যাত্ৰা নিশ্চিত কৰিব পৰা যায়।   
 
দুয়োটা পথতে আৰু স্থানান্তৰ শিবিৰ আৰু গুহাৰ মন্দিৰতো ১২৪টাতকৈও অধিক 'লংগাৰ’ স্থাপন কৰা হৈছে। এইবাৰৰ যাত্ৰাত ৭ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে যাত্ৰীসকলক সেৱা আগবঢ়াইছে। দুয়োটা পথতে যাত্ৰীসকলৰ বাবে হেলিকপ্টাৰৰ সেৱাও উপলব্ধ কৰা হৈছে।