"পবিত্র ৰমজান মাহ ইতিমধ্যে শেষ হোৱাৰ পথত। আমি ভালদৰে ৰমজান পালন কৰিবলৈ চেষ্টা কৰিছোঁ। ঈদৰ দিনাখন নামাজ আদায় কৰাৰ বাবে প্ৰায় ১৫০০ ৰ পৰা ২০০০ মানুহৰ সমাগম হ'ব। আমি সকলোৱে এবাৰতে পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ সমাপন কৰিম। কোনো 'ছামী' জামাতৰ (এটা স্থানতে একাধিক বাৰ নামাজ পঢ়া) ব্যৱস্থা কৰা হোৱা নাই। আমাৰ স্থায়ী ইমামেই এই নামাজৰ ইমামতি কৰিব আৰু আমি বিশ্ব শান্তিৰ বাবে দোৱা কৰিম। আমাৰ দেশখনৰ বাবে, আমাৰ ৰাজ্যখনৰ বাবে সকলোৱে একেলগে মিলি সমূহীয়া দোৱা কৰিম", বুঢ়া জামে মছজিদৰ সম্পাদক নিজামুল হকে কয়।
বুঢ়া জামে মছজিদৰ ইমাম মৌলানা হাফিজ আনোৱাৰ হুছেইনে কয়; "ইতিমধ্যে আমাৰ শ্বব-ই-কদৰ সম্পন্ন হৈ গ'ল আৰু আমি ৰমজানৰ শেষৰটো জুম্মা (আখেৰী জুম্মা) পঢ়িলোঁ। জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৰে বাবে দোৱা কৰিলোঁ। যাতে এই পৱিত্ৰ ৰমজান মাহে আমাৰ সকলোৰে মাজত প্ৰেম আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে। ৰমজানৰ শেষ সময়খিনিত উপনীত হৈ দুখ অনুভৱ কৰিছোঁ, কাৰণ আল্লাহে ৰমজান মাহ আমাক উপহাৰ হিচাপে দিছিল। ৰমজান হৈছে ৰহমত, বৰকত আৰু মাগফিৰাতৰ মাহ। ৰমজান হৈছে গৰিব-দুখীয়াক সহায় কৰাৰ মাহ, তাৰবীহ, চেহেৰী, ইফটাৰৰ মাহ। ৰমজান মাহত কি কি কৰিব পাৰিলোঁ বা নোৱাৰিলোঁ নাজানোঁ, সেয়েহে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি দোৱা কৰিছোঁ। হাদিছত বৰ্ণনা আছে যে, যি ব্যক্তিয়ে ৰমজান মাহৰ ৰোজা ৰাখি ঈদৰ নামাজ পঢ়িব আহে, সেই লোকক আল্লাহে নিষ্পাপ কৰি ঘৰলৈ পঠিয়ায়।"
ঈদ উপলক্ষে মহানগৰীৰ বজাৰ সমূহতো গ্ৰাহকৰ পাৰভগা উছাহ দেখিবলৈ পোৱা গৈছে। বহুদিন আগৰ পৰাই ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ বজাৰ কৰিছে যদিও শ্বৱে কদৰ আৰু ৰমজান মাহৰ শেষৰটো জুম্মাৰ পিছতে বজাৰত ভিৰ বৃদ্ধি পাইছে। আৰ্থিক সক্ষমতা অনুসৰি প্রত্যেকেই ঈদ বুলি ক্ৰয় কৰিছে ভাল লগা এযোৰ কাপোৰ। নিজৰ পছন্দ অনুসৰি কাপোৰ ক্ৰয় কৰিবলৈ মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ গ্ৰাহকে মহানগৰীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে।
ফাঁচী বজাৰৰ ছেৱাইৰ এখন বিপণি
ফাঁচী বজাৰৰ কাপোৰৰ ব্যৱসায়ী কায়ুম আনচাৰীয়ে কয়; "আমাৰ দোকানত বিশেষকৈ কূৰ্তা আৰু ছেৰৱানী বিক্ৰী কৰা হয়। এইবাৰ আমাৰ ইয়াত বহুত ধৰণৰ কূৰ্তা আহিছে। বগা, ৰঙ-বিৰঙী বিভিন্ন কূৰ্তা আহিছে। নতুনকৈ সিকন্দৰ কূৰ্তা আহিছে। চিকেন কাৰী কূৰ্তা আছে। গ্ৰাহকে বিচৰা সকলোবোৰ কূৰ্তা আমাৰ ইয়াত উপলব্ধ। আমাৰ ইয়াত ৩০০ টকাৰ পৰা ৩০০০ টকালৈ কূৰ্তা পোৱা যায়। ঈদত পাঠানী কূৰ্তা আটাইতকৈ বেছি বিক্ৰী হয়, গতিকে বিভিন্ন ধৰণৰ পাঠানী কূৰ্তা ছেট আমাৰ ইয়াত উপলব্ধ। ঈদৰ সময়ত অলপ ভাল বিক্ৰী হয়। এইবাৰো ঠিক আছে, কিন্তু অনলাইনত ফ্লিপকাৰ্ট, আমাজন আদি অহাৰ পৰা আমাৰ ব্যৱসায় যথেষ্ট বেয়া হৈছে।"
উল্লেখ্য যে, ফাঁচী বজাৰত গ্ৰাহকৰ ভিৰৰ মাজত খোজকাঢ়িব নোৱাৰা অৱস্থা স্বত্তেও কাপোৰ ব্যৱসায়ীসকলে ব্যৱসায় ভাল হোৱা নাই বুলিয়ে কৈছে। ইয়াৰ কাৰণ সোধাত ব্যৱসায়ীসকলে অনলাইন কাপোৰৰ বজাৰখনক দোষাৰোপ কৰিছে। "অনলাইনে আমাৰ অধিকাংশ গ্ৰাহক টানি লৈছে। অনলাইনত আচলতে ঘৰত বহিয়েই কাপোৰ কিনিব পাৰে আৰু ঘৰৰ পৰাই সলাবও পাৰে। অনলাইনত গ্ৰাহকৰ বাবে বেছি সুবিধা হয় বাবেই আমাৰ গ্ৰাহক কমিছে। কিন্তু আমাৰ তাত কাপোৰ কিনিব আহিলে চকুৰে চাই, বা পিন্ধি ভালদৰে কিনিব পাৰে। আমাৰ ইয়াত দৰ-দাম কৰিব পাৰে, কিন্ত অনলাইনত এইসমূহ সুবিধা নাই", ব্যৱসায়ী কায়ুম আনচাৰীয়ে কয়।
ফাঁচী বজাৰত কাপোৰ বজাৰ কৰিব অহা গ্ৰাহক ইলিয়ানাই কয়; "সৰু সৰু বজাৰ ভালেখিনি কৰিলোঁ। পৰিয়ালৰ সকলোৰে কাৰণে কিবা-কিবি কৰিলোঁ, মই নিজৰ কাৰণেহে ল'ব আছে। প্ৰতিবছৰে কাপোৰৰ দাম বৃদ্ধি পাই গৈ থাকে। দাম কেতিয়াও কমি নাযায়। আগতে ১৫০ টকাত পিন্ধা কাপোৰ এতিয়া ৫০০ টকা হৈছে। কাপোৰৰ দাম সদায় উৰ্ধমুখী হৈ আছে। ফাঁচী বজাৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় কেতিয়াও ভাল নহয় বুলিয়ে কয়। তেওঁলোকৰ যথেষ্ট ভাল, ভিতৰৰ দোকানৰ কথা নাজানো।"
ফাঁচী বজাৰৰ ঈদৰ বজাৰ কৰাৰ বাবে গ্ৰাহকে কৰা ভিৰৰ এক দৃশ্য
ফাঁচী বজাৰৰ মহিলা ব্যৱসায়ী ৰুবীয়ে কয়; "এইবাৰ আমাৰ ইয়াত নতুন ডিজাইন আহিছে। আমাৰ ইয়াত নাইৰা, ছাৰাৰা, পাৰ্চী, পাকিস্তানী ডিজাইনো উপলব্ধ। তাৰোপৰি, আমাৰ দোকানত বিভিন্ন ধৰণৰ লেহেংগা, শাৰী, চুৰিদাৰ আদিও উপলব্ধ। শিশুৰ বিভিন্ন ধৰণৰ কাপোৰ আমাৰ ইয়াত পোৱা যায়। বিগত বছৰসমূহৰ তুলনাত এইবাৰ বহু নতুন ডিজাইন আহিছে। মহিলাসকলৰ কাপোৰ ইয়াত ২০০০ টকাৰ পৰা উপলদ্ধ। আচলতে ফাঁচীবজাৰৰ স্থায়ী দোকানসমূহত ই-কমাৰ্চ প্লেটফৰ্মৰ বাবে বিক্ৰী যথেষ্ট হ্ৰাস পাইছে।"
ফাঁচী বজাৰত বজাৰ কৰিব অহা যুৱতী আলিমুন নেছাই কয়; "এইবাৰ বহু নতুন কাপোৰ দেখিছোঁ। বিভিন্ন ধৰণৰ নতুন নতুন ডিজাইন আহিছে। কিন্তু কিছুমান কাপোৰত দাম বেছি হোৱাৰ ফলত অলপ অসুবিধাৰ সন্মুখীন হৈছো। প্ৰতি বছৰে কাপোৰৰ দাম উৰ্ধমুখী হোৱা পৰিলক্ষিত হয়। কিন্তু ঈদ-উল-ফিটৰটো বছৰত এবাৰেই আহে, অলপ দাম বেছি হ'লেও কিনিবই লাগিব।"
ইফালে, কাপোৰৰ বজাৰৰ দৰেই ফাঁচী বজাৰৰ খাদ্য সামগ্ৰীৰ দোকান সমূহতো ভিৰ পৰিলক্ষিত হৈছে। বিশেষকৈ চেৱাইৰ দোকান সমূহে যথেষ্ট ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বিহাৰ, পশ্চিম বংগৰ পৰা আমদানি কৰা হৈছে বিভিন্ন ধৰণৰ চেৱাই। ঈদৰ খাদ্যৰ তালিকাত যদি চেৱাই নাথাকে তেন্তে ঈদৰ খাদ্য অসম্পূৰ্ণ বুলি কোৱা হয়। ফাঁচি বজাৰৰ ফল মাৰ্কেটত থকা চেৱাইৰ দোকান সমূহৰ পৰা চেৱাই ক্ৰয় কৰিছে বহু লোকে। বগা, ৰঙা, হালধীয়া আদি ভিন্ন ৰঙী চেৱাইৰ লগতে কেইবা প্ৰকাৰৰ শুকান ফলেৰে ভৰি পৰিছে ফাঁচি বজাৰৰ ফলৰ মাৰ্কেট।
ফাঁচী বজাৰৰ এখন বিপণি
উল্লেখ্য যে, ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে যদিও ফাঁচী বজাৰৰ সৰু-ডাঙৰ সকলো বিক্রেতাই উৎসৱৰ বতৰত গ্রাহকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সামগ্ৰীসমূহত নানা ধৰণৰ ৰেহাই, উপহাৰ আদিৰ ব্যৱস্থা কৰিছে। দামৰ কথা বেছি নাভাবি বছৰেকৰ মূৰত অহা ঈদ-উল-ফিটৰ উদযাপন কৰিবলৈ নিজৰ আৰু আত্মীয় স্বজনৰ বাবে কাপোৰ কিনিছে। সেই অনুযায়ী বছৰেকৰ মূৰত অহা ঈদ উৎসৱটো উদযাপনৰ ক্ষেত্ৰত জনসাধাৰণেও কৃপণালি কৰা নাই। ইয়াৰ প্রমাণ দিছে কাপোৰৰ বজাৰ, শ্বপিং মল আদিত দেখিবলৈ পোৱা ভিৰে।