পুৰণি ডিজাইনৰ ছেলৱাৰ হৈ পৰিছে এইবাৰৰ ঈদ-উল ফিটৰৰ ট্ৰেণ্ডিং পোছাক

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ-দ্য ভইছ অসম ব্যুৰো
 
'অল্ড ইজ গোল্ড'...ফেশ্বনৰ জগতখনত সময়ে সময়ে এই কথাফাঁকি সঁচাত প্ৰতিপন্ন হৈ আহিছে, কিয়নো পুৰণি তথা ভিনটেজ ডিজাইনৰ পোছাকবোৰে সদায় আশ্বৰ্যকৰভাৱে প্ৰত্যাবৰ্তন কৰি আহিছে। ভাৰত আৰু পাকিস্তানৰ ফেশ্বনৰ ক্ষেত্ৰখনত নিজৰ স্থান দখল কৰি অহা এনে এক ৰজাঘৰীয়া ট্ৰেণ্ডিং পোছাক হৈছে 'ফৰ্ছি ছেলৱাৰ চেট'। 
 
এই ঈদ-উল-ফিটৰৰ সময়ত ডিজাইনাৰ আৰু ফেশ্বন অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা এই ৰজাঘৰীয়া আৰু ক্লাছিক পোছাকযোৰে উপমহাদেশৰ ইতিহাসত গভীৰ চাপ বহুৱাবলৈ সক্ষম হৈছে। পৰম্পৰাগতভাৱে দহ মিটাৰতকৈও অধিক কাপোৰৰ পৰা নিৰ্মিত এই ফৰ্ছি ছেলৱাৰ চেট এতিয়া নতুন প্ৰজন্মৰ বাবে এক সুকীয়া পছন্দৰ পোছাক হৈ পৰিছে।  
 
ফৰ্ছি ছেলৱাৰৰ ইতিহাস 
 
১৭ শতিকাত মোগল যুগৰ ৰাজকীয় মহিলাসকলে এই আইকনিক পৰম্পৰাগত চেটবোৰ পিন্ধিছিল, যিবোৰ আকৰ্ষণীয় সজ্জাগতভাৱে চিলোৱা হৈছিল। 'ফৰ্ছি' শব্দটো মূলতঃ পাৰ্চী শব্দ 'ফাৰছ'ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে 'মজিয়া'। সেয়েহে এই ছেলৱাৰবোৰ মজিয়া ওপৰ স্পৰ্শ কৰি যোৱাৰ দৰে ডিজাইনত চিলোৱা হয়, ইয়াৰ সৈতে অতিমাত্ৰা ডিজাইনেৰে সজ্জিত কামিজ আৰু ডুপাটা সংযুক্ত কৰা হৈছে।   
 
প্ৰতিনিধিত্বমুলক ছবি
 
ব্ৰিটিছৰ যুগত কিছুমান ফেশ্বনৰ পৰিৱৰ্তন আনি দিয়াৰ লগে লগে এই ছেলৱাৰৰ দৈৰ্ঘ্য চুটি হৈ পৰিছিল, যাৰ ফলত ইয়াক দৈনন্দিন ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু অৱশেষত ফৰ্ছি ছেলৱাৰৰ ট্ৰেণ্ড এনেকৈয়ে অন্ত পৰিছিল। অৱশ্যে, ডিজাইনাৰসকলে এতিয়া এই আইকনিক ৰজাঘৰীয়া পোছাকযোৰক পুনৰ মঞ্চলৈ লৈ আহিছে। সম্প্ৰতি ভাৰতীয় আৰু পাকিস্তানী মহিলাসকলে এই পৰম্পৰাগত পোছাকযোৰক অতি আদৰেৰে আকোঁৱালি লৈছে।  
 
কেনেকৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিলে ফৰ্ছি ছেলৱাৰে? 
 
হিনা কোছাৰ আৰু চিতল বাট্ৰাৰ দৰে ফেশ্বন ডিজাইনৰে আধুনিকীকৰণ কৰি ফৰ্ছি ছেলৱাৰৰ ট্ৰেণ্ড পুনৰ উভতাই আনিছে, যি ষ্টাইলিছ কাট, সমসাময়িক সজ্জা আৰু লাহি-কোমল কাপোৰৰ সৈতে সংযুক্ত কৰা হৈছে। পোছাকযোৰৰ প্ৰকৃত সাৰমৰ্ম অটুট ৰাখি  ডিজাইনাৰসকলে কাপোৰযোৰ ডিজাইন কৰি উলিয়াইছে।   
 
কিন্তু পাকিস্তানী টেলিভিছনৰ নাটক আৰু ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিসকলে এই পৰম্পৰাগত পোছাকযোৰ আটকধুনীয়াকৈ  ডিজাইনেৰে সজাই পৰাই তুলিবলৈ আৰম্ভ কৰাৰ পিছতে সাধাৰণ জনতাৰ মাজত ইয়াৰ ছাহিদা যথেষ্ট বৃদ্ধি পাইছে। সাদাফ কানৱাল আৰু হানিয়া আমিৰৰ দৰে জনপ্ৰিয় অভিনেত্ৰীক এই পৰম্পৰাগত পোছাকযোৰ পৰিধান কৰা দেখা গৈছে।    
 
ফৰ্ছি ছেলৱাৰযোৰ মজিয়া স্পৰ্শ কৰা বৈশিষ্ট্যৰ বাবে জনাজাত। যদি ছেলৱাৰযোৰৰ তলৰ অংশটো গোৰোহাৰ ওপৰত শেষ হয়, তেন্তে পোছাকযোৰে নিজৰ সত্তা হেৰুৱাই পেলাব। ফৰ্ছি ছেলৱাৰযোৰৰ বাবে বানাৰসী ৰেচম, চিফন, জৰ্জেট, মুগা, কপাহ, বা লিনেনৰ দৰে কাপোৰ বাছি ল'ব পাৰে। যিয়ে বিলাসীতাৰ আদৰ্শ সৃষ্টি কৰে,  এটা প্ৰবাহিত ভ্ৰম সৃষ্টি কৰে, আৰু অধিক গভীৰতা আৰু সমৃদ্ধি যোগ কৰে। 
 
প্ৰতিনিধিত্বমুলক ছবি
 
ফৰ্ছি ছেলৱাৰক এটা ধুনীয়া কুৰ্তাৰ সৈতে যোৰ কৰিব লাগে, যিটো বেছি দীঘল বা বেছি চুটি হ’ব নালাগে, কিন্তু আপোনাৰ নিতম্বক ঢিলা, গঠনমূলক ৰূপেৰে ঢাকিব লাগে। ষ্টাইলিষ্ট কাৰেনা ভিনাইকে কয়  যে, "ফৰ্ছি ছেলৱাৰ কেৱল মাত্ৰ এযোৰ পোছাক নহয় ইয়াতকৈও অধিক। কিয়নো ই অতীতৰ কাহিনীবোৰ কঢ়িয়াই লৈ ফুৰে। ইয়াৰ উপৰিও এই পোছাকযোৰে মানুহক আৰাম আৰু প্ৰতিনিধিত্ব কৰা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰে।"
 
পটিয়ালাৰ সৈতে ফৰ্ছি ছেলৱাৰৰক বিকৃত নকৰিব  
 
ফৰ্ছি ছেলৱাৰ গোৰোহাৰ দৈৰ্ঘ্যৰ বাহিৰলৈ যোৱা নূন্যতম ড্ৰেপ থাকে। কিন্তু পাটিয়ালা ছেলৱাৰত গোৰোহালৈ থকা এক বাউন্সি প্লিটৰ বৈশিষ্ট্য আছে। গতিকে দুয়োযোৰ পোছাকৰ আকৃতিৰ বাবে ইহঁতৰ মাজত বিভ্ৰান্ত হ'ব নালাগে। বিবাহৰ উৎসৱৰ পৰা আৰম্ভ কৰি অন্য উৎসৱ উদযাপনলৈকে ফৰ্ছি ছেলৱাৰ সকলোৰে বাবে এক আদৰ্শ পছন্দ হব পাৰে।