আমিৰ ছুহাইল ৱানী
সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে ৰমজান মাহ আনন্দ, আশীৰ্বাদ, ক্ষমাৰ সময়। আধ্যাত্মিক বৃদ্ধি, আত্মচিন্তা আৰু আল্লাহৰ ওচৰত নিজকে সমৰ্পণ কৰাৰ সময় এয়া। কিন্তু এই আনন্দকৰ ক্ষণৰ সময়ছোৱাত মুছলমান সংখ্যাগৰিষ্ঠ দেশসমূহ এক গুৰুতৰ উদ্বেগৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত বৰ্ধিত মূল্য, মুদ্ৰাস্ফীতি, ব্লেক মাৰ্কেটিং, অত্যাৱশ্যকীয় সামগ্ৰীৰ উচ্চ ব্যয় আদি অন্যতম।
মুছলমানৰ সংখ্যাগৰিষ্ঠতা থকা দক্ষিণ এছিয়াৰ দেশসমূহত ৰমজানে কেৱল আধ্যাত্মিক চিন্তা-চৰ্চা উন্নত কৰাই নহয়, ই অৰ্থনৈতিক প্ৰত্যাহ্বানো কঢ়িয়াই আনে। এই সময়ছোৱাত মৌলিক সামগ্ৰীৰ দাম তীব্ৰভাৱে বৃদ্ধি পায়, যাৰ ফলত বহু লোকৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীও ক্ৰয় কৰাটো কঠিন হৈ পৰে। পিয়াজ, মাংসৰ দৰে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ-কানি আৰু প্ৰসাধন সামগ্ৰীলৈকে সকলো বস্তুৱেই অধিক মূল্যৱান হৈ পৰে।
এই পৰিস্থিতিয়ে কম আয়ৰ পৰিয়ালসমূহক আটাইতকৈ বেছি প্ৰভাৱিত কৰে, কিয়নো তেওঁলোকে মৌলিক প্ৰয়োজনীয় সামগ্ৰীখিনি কিনিবলৈও সংগ্ৰাম কৰিবলগীয়া হয়। আনকি চৰকাৰসমূহে চেষ্টা কৰিও এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হয়।
ইফটাৰত প্ৰস্তুত কৰা খাদ্য
প্ৰথমতে এই মূল্যবৃদ্ধি অধিক চাহিদাৰ স্বাভাৱিক ফল যেন লাগিব পাৰে। কিন্তু ৰমজানৰ সুবিধা লৈ বণিক আৰু ব্যৱসায়ীসকলে অধিক লাভৰ আশাত মূল্যবৃদ্ধি কৰা বুলি বহুতে দোষাৰোপ কৰে। ইয়াৰ কিছু সত্যতা থাকিব পাৰে যদিও প্ৰকৃত সমস্যাটো বহুত গভীৰ। ইয়াৰ কাৰণ হৈছে অৰ্থনৈতিক অস্থিৰতা, দুৰ্বল নীতি-নিয়ম, আৰু গোলকীয় মুদ্ৰাস্ফীতি।
ৰমজানৰ পবিত্ৰ মাহত বহুতে খাদ্য ক্ৰয় কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে আন এটা গুৰুতৰ বিষয় হ’ল খাদ্যৰ ব্যাপক অপচয়। ৰমজানৰ সময়ত বিপুল পৰিমাণৰ খাদ্য পেলাই দিয়া হয়—যি খাদ্যই হাজাৰ হাজাৰ ভোকাতুৰ লোকৰ ক্ষুধা নিবাৰণ কৰিব পাৰিলেহেঁতেন। এই অপচয়ৰ এটা প্ৰধান কাৰণ হ’ল সামাজিক প্ৰত্যাশা। বহুতে বিশ্বাস কৰে যে ৰমজান উপবাসতকৈও ভোজ-ভাত খোৱাৰহে মাহ। এই চিন্তাধাৰাৰ ফলত বৃহৎ পৰিমাণৰ খাদ্য প্ৰস্তুত কৰা হয়, যাৰ বহুখিনি খাদ্য নোখোৱাকৈ থাকি যায় আৰু সেইবোৰ অপচয় হয়।
ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (২০২১) অনুসৰি ৰমজানৰ সময়ত আৰব বিশ্বত প্ৰস্তুত কৰা খাদ্যৰ ২৫%ৰ পৰা ৫০% অপচয় হয়। অৰ্থাৎ অপ্ৰয়োজনীয় অতিৰিক্ততাৰ বাবে বিপুল পৰিমাণৰ ধন, সম্পদ আৰু সময়ৰ ক্ষতি হয়। ৰমজানৰ আচল উদ্দেশ্য বেছিকৈ খোৱা নহয়, বৰঞ্চ আত্মনিয়ন্ত্ৰণ, কৃতজ্ঞতা, আৰু আধ্যাত্মিক চিন্তা-চৰ্চা। কিন্তু আজি বহুতে ৰমজানক আধ্যাত্মিক অনুশাসনতকৈ ভোগ-বিলাসৰ সময় হিচাপে গণ্য কৰে।
তাৰাবীহৰ নামাজৰ দৃশ্য
দিনত মুছলমানসকলে খাদ্য, পানীয়, আৰু অন্যান্য শাৰীৰিক প্ৰয়োজনীয়তাৰ পৰা দূৰত থাকে। কিন্তু যেতিয়া ছুহুৰ (পূৱতি নিশাৰ খাদ্য) আৰু ইফতাৰ (সূৰ্যাস্তৰ সময়ৰ খাদ্য)ৰ সময় হয়, তেতিয়া বহুতে অতিমাত্ৰা খাদ্য গ্ৰহণ কৰে আৰু অতিৰিক্ত খাদ্য প্ৰস্তুত কৰে। বিপুল পৰিমাণৰ খাদ্যৰ সৈতে আড়ম্বৰপূৰ্ণ ইফতাৰ পাৰ্টিবোৰ সাধাৰণ হৈ পৰিছে, যিবোৰ ৰমজানৰ প্ৰকৃত মনোভাৱৰ বিৰোধী। এই অভ্যাসবোৰে সৰলতা আৰু আত্মসংযমৰ মূল্যবোধ অনুসৰণ কৰাৰ পৰিৱৰ্তে অপচয় আৰু অতিমাত্ৰা প্ৰদৰ্শনক উৎসাহিত কৰে, যিয়ে উপবাসৰ প্ৰকৃত উদ্দেশ্যক বিকৃত কৰে।
ৰমজানৰ পৰা সঁচা অৰ্থত লাভৱান হ’বলৈ হ’লে আমি আমাৰ অভ্যাস সলনি কৰি ইয়াৰ প্ৰকৃত সাৰমৰ্ম বুজিব লাগিব। এই মাহটো আধ্যাত্মিক অনুশাসন, আত্মসংযম, আৰু আল্লাহৰ সৈতে গভীৰ সংযোগৰ বিষয় হোৱা উচিত। যদি আমি অতিমাত্ৰা খাদ্য গ্ৰহণ আৰু অপচয় কৰি যাওঁ, তেন্তে আমি উপবাসৰ শাৰীৰিক আৰু আধ্যাত্মিক উপকাৰ হেৰুৱাই পেলাওঁ।
ছুহুৰ আৰু ইফতাৰৰ সময়ত অতিমাত্ৰা খাদ্য গ্ৰহণ কৰিলে হজম শক্তি, ওজন আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। তাতোকৈ ডাঙৰ কথাটো হ’ল ই উপবাসৰ আধ্যাত্মিক উপকাৰিতা হ্ৰাস কৰে, যাৰ উদ্দেশ্য হৈছে আত্মনিয়ন্ত্ৰণ আৰু নম্ৰতা শিকোৱা।
মূল্যবৃদ্ধি, খাদ্যৰ নাটনি, ৰমজানৰ সময়ত খাদ্যৰ অধিক চাহিদাৰ মাজত স্পষ্ট সম্পৰ্ক আছে। বছৰৰ বাকী সময়ছোৱাত খুব কমেইহে খোৱা বহু খাদ্য হঠাতে প্ৰয়োজনীয় হৈ পৰে, যাৰ ফলত চাহিদা আৰু মুদ্ৰাস্ফীতি বৃদ্ধি পায়। আত্মনিয়ন্ত্ৰণ আৰু আধ্যাত্মিক চিন্তাৰ সময় হিচাপে চিহ্নিত হ’বলগীয়া সময়খিনি এতিয়া অতিমাত্ৰা ভোগ কৰাৰ মাহলৈ পৰিণত হৈছে। সহজ-সৰল আৰু সংযমী হোৱাৰ অভ্যাস কৰাৰ পৰিৱৰ্তে মানুহে প্লেট ভৰাই দামী বস্তু কিনাতহে গুৰুত্ব দিয়ে।
পৰিয়ালৰ সকলোৱে একেলগে ইফটাৰ কৰা দৃশ্য
ইছলামে খাদ্য উপভোগ কৰাত নিষেধাজ্ঞা আৰোপ কৰা নাই, কিন্তু অত্যধিক খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সকলোকে সতৰ্ক কৰি দিছে। ৰমজান ভোজ-ভাতৰ সময় নহয়, বৰঞ্চ আত্ম-অনুশাসন, কৃতজ্ঞতা আৰু সহানুভূতিৰ মাহ বুলি ইছলামত কোৱা হৈছে।
ৰমজানৰ এটা ডাঙৰ শিক্ষা হ’ল দুখীয়াৰ দুখ-কষ্ট বুজি পোৱা। উপবাসৰ অৰ্থ হৈছে সহানুভূতি শিকোৱা, যিসকলৰ খাদ্যৰ বাবে পৰ্যাপ্ত পৰিমাণে নাথাকে তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে আমাক সচেতন কৰা। ৰমজানৰ অৰ্থ সঁচা অৰ্থত অনুভৱ কৰিবলৈ হ’লে আমি নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰি অপচয়ৰ পৰা আঁতৰি থাকিব লাগিব। আমি খাদ্য অপচয় কৰি থাকিলে আৰু অতিমাত্ৰা ভোগ কৰি থাকিলে ভোকাতুৰৰ যন্ত্ৰণা বুজি পোৱা বুলি কেনেকৈ দাবী কৰিব পাৰো?
প্ৰতিফলন বা আত্মনিয়ন্ত্ৰণ নোহোৱাকৈ উপবাস কেৱল এটা নিয়মত পৰিণত হ'লে ই নিজৰ প্ৰকৃত উদ্দেশ্য হেৰুৱাই পেলায়। আধ্যাত্মিকভাৱে সমৃদ্ধিশালী হোৱাৰ পৰিৱৰ্তে ই এক অৰ্থহীন পৰম্পৰাত পৰিণত হয়। আমি এতিয়া আগৰ তুলনাত অধিক ৰমজানৰ প্ৰকৃত সাৰমৰ্মলৈ ঘূৰি আহিব লাগিব। আমি বেয়া অভ্যাসবোৰ এৰি প্ৰকৃততে যিটো গুৰুত্বপূৰ্ণ, সেইটোত মনোনিৱেশ কৰিব লাগিব, সেয়া হৈছে-আধ্যাত্মিক উন্নতি, অনুশাসন আৰু দয়া।
ইয়াৰ অৰ্থ হ’ল-খাদ্য আৰু খৰচৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাৰ অভ্যাস কৰা, অপচয় আৰু অপ্ৰয়োজনীয় বিলাসীতা পৰিহাৰ কৰা, আৰ্তজনক সহায় কৰা আৰু আশীৰ্বাদ দিয়া, নামাজ, আত্মচিন্তা, আৰু আল্লাহৰ সৈতে আমাৰ সংযোগ শক্তিশালী কৰাত মনোনিৱেশ কৰা।
ৰমজানত আমি কিমান খাদ্য খাব পাৰো বা আমাৰ ইফতাৰ পাৰ্টিবোৰ কিমান ৰাজকীয় হয়, সেইটো গুৰুত্বপূৰ্ণ হোৱা উচিত নহয়। ই হৈছে আল্লাহৰ ওচৰ চাপি অহা, নিজৰ আধ্যাত্মিক উন্নতি সাধন কৰা, আৰু আনৰ প্ৰতি মমতাৰ ভাৱ গঢ়ি তোলাৰ মাহ। এই ৰমজান প্ৰকৃত চিন্তা আৰু সমৃদ্ধিৰ সময় হওক। অধিক খাদ্য খোৱা আৰু অতিমাত্ৰা প্ৰদৰ্শনৰ পৰিৱৰ্তে আধ্যাত্মিক শুদ্ধিকৰণ, শান্তি আৰু মননশীল চিন্তা-চৰ্চাৰ ওপৰত গুৰুত্ব দিওঁ আহক।