ছানিয়া মিৰ্জাই কিমান লাখ টকাৰ লেহেংগা পিন্ধি অনন্ত আম্বানীৰ ৰাজকীয় বিবাহ অনুষ্ঠানলৈ গ'ল

Story by  atv | Posted by  [email protected] • 3 Months ago
অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত ছানিয়া মিৰ্জাৰ আকৰ্ষণীয় বেশভূষা
অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত ছানিয়া মিৰ্জাৰ আকৰ্ষণীয় বেশভূষা
 
মুম্বাই

ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ৰাজকীয় বিবাহ অনুষ্ঠানে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। দীৰ্ঘদিনৰ প্ৰেয়সী ৰাধিকা মাৰ্চেণ্টৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলা অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত দেশী-বিদেশী চেলিব্ৰিটিয়ে ভিৰ কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দম্পতীহালক আশীৰ্বাদ দিবলৈ মুম্বাইলৈ গৈছে। 
 
অনুষ্ঠানত উপস্থিত থকা হাই-প্ৰফাইল ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল ভাৰতৰ একালৰ মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জা। তেওঁ শনিবাৰে অনুষ্ঠিত শুভ আশীৰ্বাদ অনুষ্ঠানত নিজৰ আটকধুনীয়া ৰূপেৰে দৰ্শকক মোহিত কৰে।
 

 

৩৭ বছৰীয়া ছানিয়া মিৰ্জাই হায়দৰাবাদৰ জনপ্ৰিয় ডিজাইনাৰ মৃণালিনী ৰাওৰ ৰঙা ৰঙৰ সাজ-পোছাক পিন্ধি এই অনুষ্ঠানটোৰ শোভা বঢ়ায়। কেঁচা ৰেচমৰ জেকেট আৰু জাৰ্ডোজী আৰু মুকুতা এম্ব্ৰয়ডাৰীৰে সজ্জিত এই ৰঙা ৰঙৰ লেহেংগাযোৰৰ মূল্য হৈছে ৫.৩৭ লাখ টকা। ছানিয়াই তেওঁৰ সাজ-পোছাকৰ সৈতে মিলাই পৰম্পৰাগত সেউজীয়া আৰু মুকুতাৰ চকাৰ চেট (choker set) পিন্ধিছিল। আনহাতে তেওঁৰ স্বাভাৱিক মেকআপে ছানিয়াৰ ৰূপ-লাবণ্যত এক ৰাজকীয় আড়ম্বৰ সংযুক্ত কৰে। 

টেনিছ তাৰকাগৰাকীয়ে নিজৰ স্বভাৱসুলভ হাঁহি আৰু নম্ৰ আচৰণেৰে পাপ্পাৰাজীক সম্ভাষণ জনায়। বিবাহ অনুষ্ঠানত ছানিয়া মিৰ্জাৰ মনোমোহা ৰূপৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, মুকেশ আম্বানীৰ পুত্ৰৰ এইখন বিয়াৰ চৰ্চা দেশজুৰি বহু মাহ ধৰি চলি আছে।