ঝুমুৰ দেৱ
শ্বিলঙৰ সদাব্যস্ত পুলিচ বজাৰৰ মাজমজিয়াত অৱস্থিত ৰহিম বক্স ( আৰ বি ) ষ্টোৰে সাত দশকৰো অধিক সময় ধৰি ৰান্ধনী পৰম্পৰা আৰু সমাজ সেৱাৰ পৰম্পৰা অটুট ৰাখিছে। ১৯৫০ চনত পশ্চিম বংগৰ পৰা প্ৰব্ৰজন কৰা দূৰদৰ্শী ৰহিম বক্সে প্ৰতিষ্ঠা কৰা এই বেকাৰীখন দ্ৰুতগতিত শ্বিলঙৰ খাদ্য আৰু ৰন্ধন প্ৰকৰণ ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দুত পৰিণত হয় আৰু তেওঁলোকে সোৱাদযুক্ত মিঠাই আৰু নিজস্ব শৈলীৰ ব্ৰেডেৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সেৱা আগবঢ়াই আহিছে।
খ্ৰীষ্টান প্ৰধান ৰাজ্য মেঘালয়ত গুণগত মানসম্পন্ন মিঠাইৰ চাহিদাক অনুভৱ কৰি ৰহিম বক্সে মেঘালয়ৰ প্ৰথমখন বেকাৰী ষ্টোৰ হিচাপে আৰ বি ষ্টোৰ মুকলি কৰিছিল। তেওঁৰ এই সিদ্ধান্তটো পৰৱৰ্তী সময়ত মাষ্টাৰষ্ট্ৰ’ক হিচাপে প্ৰমাণিত হয়, কিয়নো সতেজ আৰু স্বাস্থ্যকৰ খাদ্য সামগ্ৰীৰ সুগন্ধিয়ে শ্বিলঙৰ বাসিন্দাসকলক আকৰ্ষিত কৰে আৰু ষ্টোৰখনক তেওঁলোকে সম্পূৰ্ণ হৃদয়েৰে আকোৱালি লয়। স্থানীয় যিকোনো অনুষ্ঠান উদযাপন আৰু সমাৱেশত প্ৰধান খাদ্য হিচাপে পৰিৱেশন কৰা কোমল ব্ৰেড, সুস্বাদু পেষ্ট্ৰি আৰু কেকৰ বাবে বেকাৰীখনে দ্ৰুতগতিত গ্ৰাহকৰ মাজত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হয়।
শ্বিলঙৰ ৰহিম বক্স (আৰ বি) ষ্টোৰৰ কেক
ৰহিম বক্সৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়ৱদ্ধতাই স্থানীয় জনসাধাৰণক গভীৰভাৱে আকৰ্ষিত কৰিছিল আৰু ইয়াৰ ফলত আৰ বি ষ্টোৰ সকলোৰে প্ৰিয় প্ৰতিষ্ঠান হৈ পৰে। সময়ৰ লগে লগে তেওঁৰ পুত্ৰ হাছিবুদ্দিন আহমেদ আৰু কুতুবুদ্দিন আহমেদে ব্যৱসায়ৰ বাঘজৰী হাতত লয়। তেওঁলোকৰ নেতৃত্বত বেকাৰীখনে আৰু অধিক উন্নতিৰ মুখ দেখে। তেওঁলোকে বেকাৰীখনৰ মেনু সম্প্ৰসাৰণ কৰে আৰু ইয়াৰ সামগ্ৰীৰ মানদণ্ড আৰু স্বচ্ছতা অটুট ৰাখে। সতেজতা আৰু সুকীয়া সোৱাদৰ আৰ বি ষ্টোৰৰ ব্ৰেড সমগ্ৰ চহৰবাসীৰ ঘৰুৱা নাম হৈ পৰে।
ৰহিম বক্সৰ নাতি জাইদ আহমেদৰ তত্বাৱধানত আজিও এই পৰম্পৰা অব্যাহত আছে। পৰিয়ালটোৰ যাত্ৰাৰ কথা উল্লেখ কৰি জাইদে কয়, "আমাৰ পৰিয়ালটো পশ্চিম বংগৰ পৰা প্ৰব্ৰজন কৰিছিল। ইয়াত সুযোগ আৰু সম্ভাৱনা দেখি আমাৰ পূৰ্বপুৰুষসকলে ১৯৫০ চনত এই ষ্টোৰখন মুকলি কৰিছিল আৰু তাৰ পিছত আৰ বি ষ্টোৰ সকলোৰে পৰিচিত মিঠাইৰ দোকান হৈ পৰে।"
শ্বিলঙৰ ৰহিম বক্স (আৰ বি) ষ্টোৰত গ্ৰাহকৰ ভিৰ
সমসাময়িক ৰুচিৰ লগত খাপ খুৱাই পৰিয়ালৰ উত্তৰাধিকাৰ সংৰক্ষণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই এই কথা নিশ্চিত কৰে যে বেকাৰীখন আগৰ দৰেই এতিয়াও প্ৰাসংগিক আৰু দৰ্শকৰ প্ৰিয় স্থান হৈ আছে। ঐতিহাসিক বিজৌ চিনেমা হলৰ বিপৰীতে অৱস্থিত আৰ বি ষ্টোৰ হৈছে পুলিচ বজাৰক এক অদ্ভুত বজাৰৰ পৰা এক সজীৱ বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ নিৰৱ সাক্ষী। দ্ৰুত আধুনিকীকৰণ আৰু নতুন ব্যৱসায়ৰ আগমনৰ পিছতো বেকাৰীখনে নিজস্বতা বজাই ৰাখিছে আৰু স্থানীয় লোক আৰু পৰ্যটক উভয়কে উন্নত মানৰ ব্ৰেড, কেক আৰু পেষ্ট্ৰিৰ সোৱাদ আগবঢ়াই আছে। ইয়াৰ দীৰ্ঘায়ু আৰু সফলতাৰ মূল চাবিকাঠি হৈছে পৰম্পৰাক বৰ্তমানৰ গ্ৰাহকৰ পছন্দৰ সৈতে সংমিশ্ৰণ কৰাৰ ক্ষমতা।
বহু শ্বিলঙবাসীৰ বাবে আৰ বি ষ্টোৰত নোযোৱাটো পুলিচ বজাৰ ভ্ৰমণ আধৰুৱা হৈ ৰয়। সতেজ ব্ৰেডেই হওক বা গৰম পেষ্ট্ৰিয়ে হওক বা বিশেষ অনুষ্ঠানৰ বাবে কেক ক্ৰয় কৰাই হওক, এই ষ্টোৰখন উত্তৰ-পূবৰ চহৰখনৰ ৰান্ধনীশালৰ এক অবিচ্ছেদ্য অংশ হৈয়েই আছে৷ আৰ বি ষ্টোৰৰ সফলতাই শ্বিলঙত আন মুছলমান মালিকানাধীন বেকাৰীৰ পথ প্ৰশস্ত কৰিছে। ৰহিম বক্সৰ আন এজন পুত্ৰই পুলিচ বজাৰত আৰ বি ষ্টোৰৰ কাষতে এখন প্ৰখ্যাত বেকাৰী দোকান স্থাপন কৰে। সময়ৰ লগে লগে ই নিজৰ উত্তৰাধিকাৰ খোদিত কৰি অঞ্চলটোৰ বৈচিত্ৰময় ৰন্ধনশৈলীক আৰু অধিক সমৃদ্ধ কৰি তুলিছে।
শ্বিলঙৰ ৰহিম বক্স (আৰ বি) ষ্টোৰৰ এক দৃশ্য
মন কৰিবলগীয়া যে,শ্বিলঙৰ বেকাৰী ক্ষেত্ৰখনলৈ মুছলমান সম্প্ৰদায়ৰ অৱদান উল্লেখযোগ্য। ৰহিম বক্সৰ দৰে বহুতো মুছলমান উদ্যোগীয়ে কেইবাবছৰ পূৰ্বেই চহৰখনৰ বাসিন্দাসকলক উচ্চমানৰ বেকাৰী সামগ্ৰী যোগান ধৰাৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছিল। তেওঁলোকৰ প্ৰচেষ্টাই কেৱল নতুন সোৱাদ আৰু কৌশলৰ প্ৰৱৰ্তন কৰাই নহয়, শ্বিলঙৰ চহকী আৰু বিকশিত খাদ্য সংস্কৃতিক গঢ় দিয়াতো সহায় কৰিছে।
আৰ বি ষ্টোৰ আৰু ইয়াৰ ভগ্নী বেকাৰী প্ৰতিষ্ঠানখনৰ বাহিৰেও শ্বিলঙে বিভিন্ন ধৰণৰ বেকাৰীৰ গৌৰৱ বহন কৰে। তেওঁলোকৰ প্ৰত্যেকৰে নিজস্ব পৰিচয় আৰু সুকীয়া খাদ্যসম্ভাৰ আছে। থলুৱা খাচী আৰু নেপালী মালিকানাধীন প্ৰতিষ্ঠানসমূহৰ কাষে কাষে মুছলমান বেকাৰৰ উপস্থিতিয়ে চহৰখনৰ বহুসংস্কৃতিৰ মনোভাৱ আৰু উন্নত খাদ্য সামগ্ৰীৰ প্ৰতি উমৈহতীয়া আবেগক আলোকিত কৰি তুলিছে।
(লেখক এগৰাকী স্বতন্ত্ৰ সাংবাদিক)