সন্ত্ৰাসবাদ জৰ্জৰিত কাশ্মীৰত দুই দশক ধৰি যোগ সাধনা কৰি আছে শ্বব্বিৰ আহমেদ ডাৰে

Story by  atv | Posted by  Munni Begum • 2 Months ago
 শ্বব্বিৰ আহমেদ ডাৰ
শ্বব্বিৰ আহমেদ ডাৰ
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী
 
যোগ সন্দৰ্ভত মুছলমানসকলৰ ভুল ধাৰণা এতিয়া বহু পৰিমাণে দূৰ হৈছে। কিন্তু, যিসময়ত মুছলমান প্ৰধান কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে চৰম বিশৃংখলতা আৰু অস্থিৰতা তুংগত আছিল, তেতিয়া শ্বব্বিৰ আহমেদ ডাৰে যোগাসনক জনপ্ৰিয় কৰিবলৈ সাহস দেখুৱাইছিল। যোৱা দুটা দশকত যোগ সন্দৰ্ভত শ্বব্বিৰ আহমেদ ডাৰৰ প্ৰচেষ্টাই এতিয়া এক মিছনৰ ৰূপ লৈছে। কিন্তু এই পৰ্যায়ত উপনীত হ’বলৈ তেওঁ বহু সমস্যা আৰু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
 
শ্বব্বিৰ আহমেদ ডাৰে 'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা কথা-বতৰাত কয়, “এবাৰ যেতিয়া তেওঁ শ্ৰীনগৰত আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱ আয়োজন কৰিব বিচাৰিছিল, তেতিয়া কিছুমান মানুহে পৰিস্থিতি ইমানেই বেয়া কৰিছিল যে তেওঁ অনুষ্ঠানটো জম্মুলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল।”
 
শ্ৰীনগৰৰ এখন উদ্যানত যোগ সাধনা কৰি থকা কিছু মূহুৰ্ত
 
অৱশ্যে, তেওঁৰ অনুষ্ঠানটো অতি সফল হৈছিল আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱত ৮খন দেশে অংশগ্ৰহণ কৰিছিল। শ্বব্বিৰ আহমেদ ডাৰৰ প্ৰচেষ্টাত এনেধৰণৰ অগণন অনুষ্ঠান কাশ্মীৰ উপত্যকাত আয়োজন কৰা হৈছে। তেওঁ কয়, “বৰ্তমানৰ পৰিস্থিতি এনেকুৱা হৈছে যে তেওঁ পঢ়োৱা ল’ৰা-ছোৱালীবোৰে ছৌদি আৰৱলৈ গৈ ৰাইজক যোগাসন শিকাইছে।”
 
উল্লেখ্য যে, ২০০৪ চনত চাৰিটা শিশুৰ সৈতে ডাৰে কাশ্মীৰত যোগ প্ৰশিক্ষক হিচাপে কাম আৰম্ভ কৰিছিল। আজি তেওঁ শ্ৰীনগৰৰ ২৫০ টা শিশু আৰু জম্মুৰ ২৫০ টা শিশুক যোগৰ শিক্ষা দি আছে। শ্বব্বিৰ আহমেদ ডাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত বিশ্বত যোগৰ গুৰুত্ব বৃদ্ধি পাইছে আৰু উপসাগৰীয় দেশসমূহতো তেওঁ পঢ়োৱা শিশুৰ চাহিদা বৃদ্ধি পাইছে। বহু কাশ্মীৰী শিশুৱে এতিয়া আৰব দেশত যোগৰ প্ৰশিক্ষণ দি আছে।
 
কথোপকথনত তেওঁ কয়, “সময়ৰ লগে লগে যোগক লৈ মানুহৰ ধাৰণা সলনি হৈছে আৰু পৰিস্থিতিও সলনি হৈছে। ইয়াৰ প্ৰতি মানুহৰ বিশ্বাস ইমানেই বৃদ্ধি পাইছে যে ড্ৰাগছ আসক্তসকলেও তেওঁলোকৰ ওচৰলৈ আহি যোগাসন শিকিবলৈ আৰম্ভ কৰিছে। নিজৰ ‘ইচ্ছা শক্তি’ শক্তিশালী কৰিবলৈ আৰু বেয়া অভ্যাসৰ পৰা মুক্তি পাবলৈ ড্ৰাগছ আসক্তসকলে যোগাসন শিকিব আহে।"
 
শ্ৰীনগৰৰ এখন উদ্যানত যোগ সাধনা কৰি থকা কেইগৰাকীমান কাশ্মীৰী যুৱতী
 
ছবছৰ ধৰি শ্বাব্বিৰৰ পৰা যোগাসন শিকি থকা জাৰ্ফা ফৈয়াজে কয় যে ইয়াৰ ফলত তেওঁৰ ষ্টেমিনা বৃদ্ধি পাইছে আৰু শৰীৰটো শিথিল অনুভৱ হয়। এতিয়া তেওঁৰ বন্ধুসকলেও তেওঁক যোগাসন শিকিবলৈ লৈ যাবলৈ হেঁচা প্ৰয়োগ কৰে। শ্বব্বিৰৰ মতে জম্মু-কাশ্মীৰত উপ-ৰাজ্যপাল মনোজ সিনহা, ক্ৰীড়া পৰিষদ আৰু কাশ্মীৰৰ যোগ ছ’চাইটিৰ প্ৰচেষ্টাত যোগ সন্দৰ্ভত পৰিবেশ সলনি হৈছে। সিনহাৰ প্ৰচেষ্টাৰ বাবে শ্ৰীনগৰৰ গুলাম মহম্মদ বাক্ষী ষ্টেডিয়াম আৰু জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত যোগাসনৰ বাবে স্থান আবণ্টন কৰা হৈছে।
 
জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ যোগৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ দেখি শ্বব্বিৰ আহমেদ ডাৰ ইমানেই উৎসাহিত হৈ পৰিছে যে অহা ৫-৬ বছৰৰ ভিতৰত যোগাসনে কেন্দ্ৰীয় শাসিত অঞ্চলটোত ক্ৰিকেটৰ ঠাই ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। যোগ প্ৰশিক্ষকগৰাকীয়ে কয় যে যোগ সন্দৰ্ভত বিভিন্ন পৰ্যায়ত চলি থকা প্ৰচেষ্টাৰ ফলত এতিয়া শীতকালত যোগ কৰিব নোৱাৰি বুলি থকা ভ্ৰান্ত ধাৰণা দূৰ হৈছে। দহ ডিগ্ৰী উষ্ণতাতো ভালকৈ যোগাসন কৰিব পাৰি।
 
শৰীৰটো ফিট কৰি ৰাখিবলৈ যোগতকৈ উত্তম মন্ত্ৰ নাই। তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগ শিকি থকাসকলক পৰামৰ্শ দিয়ে যে ইয়াৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে। গতিকে যোগ শিকিবলৈ আগ্ৰহীসকলে তেওঁৰ দৰে যোগ প্ৰশিক্ষকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব লাগে।
 
(শ্ৰীনগৰৰ ইয়াছমিন খানৰ সহযোগত)