আগন্তুক পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

Story by  atv | Posted by  [email protected] • 7 d ago
আগন্তুক পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ
আগন্তুক পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ
 
গুৱাহাটী
 
পৰ্যটকৰ সুৰক্ষা আৰু সন্তুষ্টিক মূল উদ্দেশ্য হিচাপে লৈ ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিব উদ্যান কৰ্তৃপক্ষই ৷ প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ আন দুখন বনাঞ্চলতকৈ আধা ঘণ্টা অধিক সময় লাভ কৰিব ৷
 
উল্লেখ্য যে ২০২৪-২৫ পৰ্যটন বৰ্ষৰ জীপ চাফাৰীৰ আৰম্ভণি হ’ব ১ অক্টোবৰৰ পৰা। প্ৰথম অৱস্থাত উদ্যানখনৰ ৩খন বনাঞ্চল পৰ্যটকৰ বাবে আংশিকভাৱে মুকলি কৰা হ'ব। পৰ্যটকে দৰ্শন কৰিব পাৰিব কহঁৰা বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ। কহঁৰাৰ কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। বাগৰী বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা লৈ জীপ ছাফাৰীৰ অনুমতি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হেড কোৱাৰ্টাৰৰ পৰা ডিফলু এপিচিলৈকে পৰ্যটকে কৰিব পাৰিব ছাফাৰী।
 
বাট-পথ মেৰামতি হৈ থকাৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন। ইতিমধ্যে বাট-পথ মেৰামতি আদি যাৱতীয় কাম কাজ অব্যাহত ৰাখিছে উদ্যান কৰ্তৃপক্ষই। একেটা দিনতেই কাজিৰঙা পৰ্যটনৰ উল্লেখনীয় সমল নদী পৰ্যটন মুকলি কৰিব উদ্যান কৰ্তৃপক্ষই । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া কৰুণ ঘটনাৰ পাছতে অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে কাজিৰঙাত।
 
জীপছি বাহনসমূহৰ নথি-পত্ৰ তন্ন তন্ন কৈ পৰীক্ষা কৰাৰ লগতে চালকক দিয়া হব বিশেষ প্ৰশিক্ষণ ৷ তদুপৰি প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ জীপছি চালকক প্ৰদান কৰা হ’ব বেজ-ইউনিফৰ্ম৷ কাজিৰঙা-কাৰ্বি আংলং সামৰি আৰম্ভণি হ’বলগীয়া পৰ্যটন বৰ্ষত কাৰ্বি আংলঙৰ চিৰাং ট্ৰেইলত চাইক্লিং আৰু ৰংমংৱেত ট্ৰেকিংৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে প্ৰকাশ কৰে ১ নৱেম্বৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা পৰ্যটনৰ অন্যতম আকৰ্ষণস্বৰূপ হাতী ছাফাৰী।
 
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ পাছত আগন্তুক পৰ্যটন বৰ্ষত পৰ্যটক বৃদ্ধিৰ আশা উদ্যান কৰ্তৃপক্ষৰ । এটা দিনৰ বাবে নহয়, প্ৰতিজন পৰ্যটকক ৩দিনৰ বাবে কাজিৰঙালৈ নিমন্ত্ৰণ সঞ্চালিকা সোণালী ঘোষৰ। প্ৰলয়ংকাৰী বাবে পৰিস্কাৰ কৰি যোৱা কাজিৰঙাই লাভ কৰা অপৰূপ সৌন্দৰ্য্য উপভোগৰ বাবে প্ৰতিজন পৰ্যটকক আদৰণি জনাইছে সঞ্চালিকাগৰাকীয়ে ৷