মুন্নী বেগম/ গুৱাহাটী
শুকান মাছৰ গোন্ধত মলমলাই থকা অসমৰ এখন গাওঁ৷ এই গাঁৱৰ লোভনীয় সুগন্ধিয়ে আপোনাকো কৰি তুলিব পাৰে মৎস্য বিলাসী। বছৰৰ সকলো সময়তে গাওঁখনত উপলব্ধ থাকে বিভিন্ন প্ৰকাৰৰ শুকান মাছ। কিয়নো শুকান মাছৰ ব্যৱসায়ৰ ওপৰতে নিৰ্ভৰশীল গাওঁখনৰ প্ৰতিঘৰ লোক। এই গাওঁখন হৈছে গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিঃমিঃ নিলগত অৱস্থিত দক্ষিণ শালমাৰাৰ বেপাৰীপাৰা গাওঁ। গাওঁখনৰ বাসিন্দা নুৰানী বেগমেও শুকান মাছৰ ব্যৱসায়ৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়ালক পোহপাল দি আহিছে।
ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যোৱা 'অসমী ছৰছ মেলা'ত এক বিপণিৰ জৰিয়তে প্ৰাকৃতিক পদ্ধতিৰে শুকুৱা শুকান মাছ অসমৰ লগতে দেশৰ অন্য প্ৰান্তৰ লোকৰ মাজলৈ লৈ যোৱাৰ এক সুযোগ লাভ কৰিছে নুৰানী বেগমে।
'আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নুৰানী বেগমে কয়, "মই জনা হোৱাৰে পৰাই শুকান মাছৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছো। বছৰৰ সকলো সময়তে আমি গ্ৰাহকক মাছ যোগান ধৰাৰ বাবে মাছবোৰ শুকুৱাই ৰখাৰ ব্যৱস্থা কৰো। কাৰণ মাছবোৰ শুকুৱালে বহু দিনলৈ অৰ্থাৎ দুবছৰ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি। মোৰ দৰে আমাৰ গাৱঁৰ প্ৰতিঘৰ মানুহে এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। বাৰিষাৰ সময়ত আমি বিভিন্ন ব্যৱসায়ীৰ পৰা সৰহ পৰিমানে সতেজ মাছ ক্ৰয় কৰাৰ লগতে নিজেও খাল, বিল, নদী আদিৰ পৰা মাছ মাৰি শুকুওৱাৰ ব্যৱস্থা কৰো।"
মাছ শুকুৱাই সংৰক্ষণ কৰাটো এক অতি পুৰণি প্ৰথা। কিয়নো পুৰণি দিনত সংৰক্ষণ কৰি ৰাখিব পৰা ফ্ৰিজৰ দৰে অন্যান্য কোনো সামগ্ৰী নাছিল, যাৰ বাবে সতেজ মাছ বেছি সময় সংৰক্ষণ কৰি ৰখাটো সম্ভৱ নাছিল। সেয়েহে বেছি দিনলৈ মাছ সংৰক্ষণ কৰিবলৈ সতেজ মাছবোৰ শুকুৱাই ৰখা হৈছিল। এই প্ৰথা বৰ্তমান বেপাৰীপাৰা গাঁৱৰ লোকসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল হৈ পৰিছে। তেওঁলোকে অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যলৈ শুকান মাছ যোগান ধৰি আহিছে।
শুকান মাছৰ বজাৰ
নুৰানী বেগমে কয়, "আমাৰ ওচৰত বাৰিষা তথা খৰালি সকলো সময়তে শুকান মাছ উপলব্ধ থাকে। আমি বিভিন্ন ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰা সতেজ মাছবোৰৰ পেটু উলিয়াই পৰিস্কাৰকৈ ধুই লওঁ। ইয়াৰ পিছত পথাৰত চাং পাতি তাৰ ওপৰত ঢাৰি বা পাটি পাৰি দি মাছবোৰ ৰ'দত শুকুৱাবলৈ মেলি দিও। মাছবোৰ ভালদৰে শুকুৱাৰ পিছত ১০০ গ্ৰামৰ পৰা ১ কেজি ওজনৰ পেকেট প্ৰস্তুত কৰি বজাৰত গ্ৰাহকৰ বাবে ওলিয়াই দিওঁ। আমি এদিনত প্ৰায় ২০-৪০ কেজিলৈ মাছ শুকুৱাও। এই কামত মোৰ লগতে মোৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে হাতে-কামে লাগি দিয়ে।"
সোণালী আত্মসহায়ক গোটৰ সদস্য নুৰানী বেগমে বিশেষকৈ বামলা মাছ, ছুৰি মাছ, নাকটুৰি, মিছা মাছ, কেছকি মাছ, চেলেকনি মাছ, মোৱামাছ আদিৰ দৰে মাছ শুকুৱাই সংৰক্ষণ কৰি ৰাখে। মাছ শুকুওৱাৰ লগতে তেওঁলোকে মাছৰ শিদলো প্ৰস্তুত কৰে। কিয়নো গ্ৰাহকৰ মাজত শিদলৰ চাহিদা খুবেই বেছি বুলি উল্লেখ কৰিছে নুৰানী বেগমে।
নুৰানী বেগমে কয়, "মই মাছবোৰ জুইৰ পৰিৱৰ্তে কেৱল মাত্ৰ ৰ'দতহে শুকুৱাও। কিয়নো জুইত ভালদৰে শুকুৱাবলৈ গ'লে মাছবোৰ ৰঙচুৱা হৈ যায় আৰু ধোৱা ধোৱা গোন্ধ পোৱা যায়। যাৰ ফলত মাছবোৰৰ সোৱাদো অলপ সলনি হয়। আনহাতে, ৰ'দত শুকুৱা মাছৰ সোৱাদ খুবেই বেছি। মাছবোৰ ৰ'দত শুকুওৱাৰ আন এটা কাৰণ হৈছে ৰ'দত একেলগে সৰহ পৰিমানে মাছ শুকুৱাব পাৰি আৰু জুইত অলপ অলপকৈহে শুকুৱাব পৰা যায়। আমি কিছুমান মাছ শুকুৱাবলৈ তাত নিমখ ব্যৱহাৰ কৰো। তদুপৰি, যদি ৰ'দৰ উত্তাপ কম থাকে, তেন্তে আমি কিছুমান মাছ সিজাই শুকুৱাবলগীয়া হয়। ন'হলে সেই মাছবোৰ অতি সোনকালে বেয়া হ'বলৈ ধৰে।"
অসমী় ছৰছ মেলাত নুৰানী বেগমৰ শুকান মাছৰ বিপণি
বছৰি ৫০ হাজাৰৰ পৰা ১ লাখলৈ উপাৰ্জন কৰা নুৰানী বেগমে দক্ষিণ শালমাৰাৰ অসম-মেঘালয় সীমান্তত হোৱা প্ৰতিখন সাপ্তাহিক বজাৰলৈ শুকান মাছ বিক্ৰী কৰিবলৈ লৈ যায়। এখন বজাৰত ৩০ পৰা ৪০ কেজিলৈ গ্ৰাহকে তেওঁলোকৰ পৰা মাছ ক্ৰয় কৰে, অৰ্থাৎ ১৫/২০ হাজাৰ টকা উপাৰ্জন হয় বুলি তেওঁ উল্লেখ কৰে। ইয়াৰোপৰি তেওঁ নিজৰ পুত্ৰ আখটাৰ হুছেইনৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত মেলাসমূহলৈও মাছবোৰ বিক্ৰী কৰিবলৈ লৈ যায়। তেওঁলোকৰ তাত ৫০ টকাৰ পৰা ১০০০ টকা পৰ্যন্ত দামৰ মাছ পোৱা যায়।
নুৰানী বেগমে কয়, "শুকান মাছৰ ব্যৱসায় খুবেই ভাল। আমাৰ গাঁৱৰ আধিকাংশ মানুহে এই ব্যৱসায় কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। গোটেই বছৰটোৰ বাবে আমি ১০/২০ কুইণ্টল মাছ সংগ্ৰহ কৰি ৰাখো। পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত গুৰুত্ব দি মাছবোৰ বেয়া হৈ নাযাবলৈ সেইবোৰ চাং পাতি সংৰক্ষণ কৰি ৰখো। মাছবোৰত পোকে নধৰিবলৈ চাংবোৰৰ তলত ব্লিচিং পাউডাৰৰ ব্যৱহাৰ কৰো। মোৰ সম্পূৰ্ণ পৰিয়াল এই ব্যৱসায়ৰ সৈতে জড়িত। মাছ পৰিষ্কাৰ কৰা, ধুৱা, শুকুৱা তথা পেকেট কৰা আদি সকলো কাম নিজে ঘৰতে কৰো।"
উল্লেখ্য যে, প্ৰায় ৫০০টা পৰিয়ালেৰে গঠিত দক্ষিণ শালমাৰাৰ বেপাৰীপাৰা গাওঁখনৰ ৪০০টা পৰিয়ালেই শুকান মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী হৈছে। শুকান মাছৰ ব্যৱসায়ৰ জৰিয়তেই তেওঁলোকে জীৱন-নিৰ্বাহ কৰি আছে।