যমুনোত্ৰী ধামৰ তীৰ্থযাত্ৰা ১২ মে’লৈ পিছুৱাৰ অনুৰোধ উত্তৰকাশী আৰক্ষীৰ

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
উত্তৰকাশী
 
চাৰি ধাম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে উত্তৰকাশী আৰক্ষীয়ে সকীয়াই দিছে যে  যমুনোত্ৰীত পৰ্যাপ্ত ভক্ত  উপস্থিত হৈছে আৰু অধিক ভক্ত প্ৰেৰণ কৰাটো বিপজ্জনক হ’ব পাৰে। উপাসকসকলক তেওঁলোকৰ যাত্ৰা ১২ মে’লৈ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে।   
 
উত্তৰকাশী আৰক্ষীয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত কৰা এক পোষ্টত কয়, "আজি ইয়াৰ সামৰ্থ্য অনুসৰি পৰ্যাপ্ত সংখ্যক ভক্তই শ্ৰী যমুনোত্ৰী ধামত উপস্থিত হৈছে। এতিয়া অধিক ভক্ত পঠোৱাটো বিপদজনক হব।" 
 
আৰক্ষীয়ে লগতে কয়, "আজি যমুনোত্ৰীলৈ যোৱা সকলো ভক্তক তেওঁলোকৰ যমুনোত্ৰীলৈ যোৱা যাত্ৰা পিছুৱাই দিবলৈ অনুৰোধ জনোৱা হৈছে।"   
 
আন এক টুইটযোগে উত্তৰকাশী আৰক্ষীয়ে যমুনোত্ৰী ধাম পথৰ যান-বাহন আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰিছে। টুইট উল্লেখ কৰিছে, "এছ পি উত্তৰকাশী শ্ৰী অৰ্পন যদুবংশীয়ে যমুনা উপত্যকাত উপস্থিত হৈ যান-বাহন আৰু নিৰাপত্তাৰ দায়িত্ব লৈ যমুনোত্ৰী ধাম যাত্ৰা পথৰ যান-বাহন আৰু আৰক্ষীৰ ব্যৱস্থা কৰে। পদ্ধতিগত যান-বাহন ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে আৰু যান-জঁটৰ সৈতে মোকাবিলা কৰিবলৈ আৰু মাজনিশাৰ ব্যৱস্থা নিৰীক্ষণ কৰিবলৈো তেওঁ পথত আহি আছে।"     
 
আৰক্ষীয়ে লগতে জনাইছে যে তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে সংকীৰ্ণ আৰু স্পৰ্শকাতৰ পথত গেট/একমুখী ব্যৱস্থাৰ জৰিয়তে যাতায়ত/যাত্ৰা চলাই আছে। আৰক্ষীয়ে টুইট কৰি কয় যে যমুনোত্ৰী খোজকাঢ়ি যোৱা পথত ঘোঁৰা, খচ্চৰ আৰু দণ্ডি-কাণ্ডি ব্যৱস্থাৰ জৰিয়তে চলোৱা হৈ আহিছে। ইফালে চাৰি ধাম যাত্ৰাৰ তীৰ্থযাত্ৰাৰ প্ৰথম দিনাই কেদাৰনাথ ধামত ২৯ হাজাৰৰো অধিক ভক্তই দৰ্শন কৰে।    
 
ৰাজ্যিক তথ্য বিভাগৰ তথ্য অনুসৰি, "উত্তৰাখণ্ডত ১০ মে'ৰ পৰা আৰম্ভ হৈছিল চাৰি ধাম যাত্ৰা। যোৱা দুদিন ধৰি কেদাৰনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীকে ধৰি তিনিওটা ধামতে ব্যস্ততা বৃদ্ধি হৈছে। প্ৰথম দিনাই অভিলেখ সংখ্যক ভাৰত আৰু বিদেশৰ পৰা ২৯ হাজাৰৰো অধিক তীৰ্থযাত্ৰী কেদাৰনাথ ধাম ভ্ৰমণ কৰিছে।"   
 
হিন্দু ধৰ্মত গভীৰ আধ্যাত্মিক তাৎপৰ্য্যৰে চাৰি ধাম যাত্ৰাই যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ, বদ্ৰিনাথৰ পবিত্ৰ ক্ষেত্ৰসমূহ অতিক্ৰম কৰি ভক্তি আৰু আত্মনিৰীক্ষণৰ যাত্ৰাৰ সূচনা কৰে, যাৰ শিখৰত উপনীত হয় আধ্যাত্মিক সজীৱতা আৰু ঐশ্বৰিক মিলন।