১২.৯২ কোটি ভক্তৰ পৰিদৰ্শনে অভিলেখ গঢ়িছে বাৰাণসীৰ শ্ৰী কাশী বিশ্বনাথ ধাম মন্দিৰে

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্ৰী কাশী বিশ্বনাথ ধাম মন্দিৰ
শ্ৰী কাশী বিশ্বনাথ ধাম মন্দিৰ
 
বাৰাণসী
 
বাৰাণসীৰ শ্ৰী কাশী বিশ্বনাথ ধাম মন্দিৰে অভিলেখ সৃষ্টি কৰিছে। দুবছৰত  ১২.৯২ কোটি লোকে পৰিদৰ্শন কৰি ভাৰতৰ অন্যতম শীৰ্ষ তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ডিচেম্বৰ মাহত কাশী বিশ্বনাথ ধাম কৰিডৰ উদ্বোধন কৰিছিল আৰু তাৰ পিছৰ পৰা মহাদেৱৰ ভক্তৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে বুলি কৰ্তৃপক্ষই জনায়। বিশেষ অনুষ্ঠান আৰু পবিত্ৰ শাওণ মাহত মন্দিৰত ভক্তৰ বিপুল সোঁত বোৱা দেখা গৈছিল।
 
২০২১ চনৰ ১৩ ডিচেম্বৰত শ্ৰী কাশী বিশ্বনাথ ধাম উদ্বোধন কৰা হয়। তাৰ পৰা ২০২৩ চনৰ ৬ ডিচেম্বৰলৈকে ৯২ লাখ ২৪ হাজাৰতকৈ অধিক ভক্তই বাবাৰ দৰ্শন কৰিছে। ডিচেম্বৰৰ শেষলৈকে এই সংখ্যা ১৩ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে বুলি মন্দিৰ ট্ৰাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সুনীল কুমাৰ ভাৰ্মাই জানিবলৈ দিয়ে। 
 
কেৱল শাওণ মাহত ১.৬ কোটিৰো অধিক ভক্তই মন্দিৰত উপস্থিত হয়। জুলাই মাহত ৭২ লাখতকৈ অধিক ভক্তই ভ্ৰমণ কৰাৰ বিপৰীতে আগষ্ট মাহত এই সংখ্যা ৯৫.৬ লাখ আছিল। ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে এই মন্দিৰত ৫.৩ কোটি লোক উপস্থিত হৈছিল। 
 
বিগত দুবছৰত কাশী বিশ্বনাথ ট্ৰাষ্টে পৰ্যটক আৰু ভক্তসকলৰ বাবে সুবিধা বৃদ্ধি কৰিছে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে কয় যে এনে পৰিৱৰ্তনে ভক্তসকলৰ ভ্ৰমণক হেঁচামুক্ত কৰি তুলিছে। 
 
আগতে মন্দিৰৰ এলেকা আছিল মাত্ৰ ৩০০০ বৰ্গফুট। ২০২১ চনত ইয়াক প্ৰায় ৫ লাখ বৰ্গফুটলৈ বৃদ্ধি কৰা হয়, যাৰ ফলত মন্দিৰ চৌহদত ৫০,০০০ - ৭৫,০০০ ভক্তৰ সুবিধা থাকিব।
 
ভক্তসকলৰ বাবে ব্যৱস্থা কৰা অন্যান্য সুবিধাসমূহৰ ভিতৰত আছে গ্ৰীষ্মকালীন গৰম, ঠাণ্ডা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ জাৰ্মান হেংগাৰ, মেট, কুলাৰ, খোৱাপানী, হুইল চেয়াৰ, চিকিৎসাৰ সুবিধা আদি।