অসমীয়া মেখেলা চাদৰৰ পৰম্পৰাগত ডিজাইনত নতুনত্ব অনাৰ প্ৰয়াস ৱাহিদাৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
ৱাহিদা ৰহমান আৰু তেওঁৰ বুটিক
ৱাহিদা ৰহমান আৰু তেওঁৰ বুটিক "হিডা লাইফষ্টাইল"
মুন্নী বেগম / গুৱাহাটী 
 
বৰ্তমান সময়ত অসমীয়া মেখেলা চাদৰৰ চাহিদা যথেষ্ট বেছি। যিকোনো উৎসৱ তথা অনুষ্ঠানত সকলোৱে অসমীয়া মেখেলা চাদৰ পৰিধান কৰা দেখা যায়। সেয়েহে অসমীয়া গহনাৰ পিছতে এইবাৰ অসমীয়া  মেখেলা চাদৰৰ প্ৰকৃত আৰু পৰম্পৰাগত ডিজাইনবোৰত নতুনত্ব সংযোজন কৰিছে অসমৰ প্ৰথম আধুনিক অসমীয়া গহনা ডিজাইনাৰ ৱাহিদা ৰহমানে। ৱাহিদাই তেওঁৰ মেখেলা চাদৰৰ বাবে গুৱাহাটীৰ আমবাৰীত "হিডা লাইফষ্টাইল" নামেৰে এখন বুটিক মুকলি কৰিছে। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত  ৱাহিদা ৰহমানে কয়, "গহনা আৰু কাপোৰ দুয়োটা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। সৰুৰে পৰা মই সাজপাৰ আৰু গহনাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিলো। যেতিয়াৰ পৰা মই গহনা ডিজাইনৰ কাম কৰিছিলো তেতিয়াৰ পৰাই মই কাপোৰৰ ডিজাইনৰ কামো কৰি আছিলো। মই ১৯৯৬ চনত লক্ষ্ণৌৰ পৰা কাৰিকৰ আনি গুৱাহাটীত প্ৰথম জাৰ্দোজী কামৰ কৰ্মশালা আয়োজন কৰিছিলো। মই কম কমকৈ আলংকাৰিক বিভিন্ন ডিজাইনেৰে মেখেলা চাদৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰো। যি কাপোৰৰ বাবে মই বহুতৰ পৰা প্ৰশংসাও লাভ কৰিছিলো। শেহতীয়াকৈ মই ডিজাইন কৰা কাপোৰৰ বাবে "হিডা লাইফষ্টাইল" নামেৰে বুটিক এখন মুকলি কৰিলো।" 
 
 
অসমীয়া গহনাৰ পিছতে অসমীয়া পৰম্পৰাগত মেখেলা চাদৰবোৰত ৱাহিদাই নতুনত্ব সংযোজন কৰিছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দৃশ্য, ফুল, গছ, চৰাই-চিৰিকটি আদিৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত ডিজাইনবোৰৰ ওপৰত কাম কৰিছে।
ৱাহিদাই কয়, "মই অসমীয়া পৰম্পৰাগত মেখেলা চাদৰত পৰম্পৰাগত ডিজাইন অক্ষুন্ন ৰাখি বিভিন্ন ধৰনৰ ফুল ক্ৰমে কপৌফুল, অৰ্কিড, গছ, চৰাই-চিৰিকটি, পখিলা, উত্তৰ পূৰ্বাঞ্চলৰ মনোমহা প্ৰাকৃতিক দৃশ্যৰ লগতে বড়ো, মিচিং, কাৰ্বি, তিৱা, সোণোৱাল কছাৰী, নগা, মণিপুৰী আদি জনগোষ্ঠীৰ পৰম্পৰাগত ডিজাইনেৰে মেখেলা চাদৰ প্ৰস্তুত কৰিছো। মই মেখেলা চাদৰবোৰত গোল্ড জৰি, চিলভাৰ জৰিৰ লগতে হেমেৰিং ৱাৰ্ক, ৰুবী, ডাইমণ্ড আদিও ব্যৱহাৰ কৰিছো। বৰ্তমান মোৰ ওচৰত পাট, মুগা, ৰিহা, নুনী, ঘিচা, এৰি, চেমি ঘিছা, চেমি ট'ছ, ট'ছ, নুনী কটন, কেচা পাট, কটন আদিৰ মেখেলা চাদৰ, শাৰীৰ উপৰিও কৰ্মৰত মহিলা তথা যুৱতীৰ বাবে ৰেডী-টু-ৱেৰ শাৰী, চেলৱাৰ শ্ব্যুট, পালাজো ছেট, স্কাৰ্ট ট'প, লেহেংগা আদি উপলব্ধ।"  
ৱাহিদাই তেওঁৰ মেখেলা চাদৰবোৰত ফুল, ফল, কেচাঁ তামোলৰ ৰস, হালধি আৰু সেউজীয়া পাচলিৰ ৰসৰ ওপৰিও মামৰৰ ধুলি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সম্পূৰ্ণ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি মেখেলা চাদৰবোৰত ডাই কৰে। ইয়াৰোপৰি, গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বিশুদ্ধ পাট তথা মুগাৰ সৈতে অন্য উন্নতমানৰ ফেব্ৰিক ব্যৱহাৰ কৰি মেখেলা চাদৰ প্ৰস্তুত কৰি আহিছে। যিবোৰৰ চাহিদা ৰাজ্যৰ লগতে দেশ তথা বিদেশীতো যথেষ্ট বেছি।
 
অসমীয়া  মেখেলা চাদৰত পৰম্পৰাগত ডিজাইনবোৰত নতুনত্ব সংযোজন কৰিছে ৱাহিদা ৰহমানে  
 
বৰ্তমান মেখেলা চাদৰৰ বজাৰ তথা ব্যৱসায় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৱাহিদাই কয়, "বৰ্তমান অসমৰ পৰম্পৰাগত মেখেলা চাদৰৰ বজাৰখন বহিৰাগতই দখল কৰিছে। বজাৰত পাটৰ কাপোৰ বুলি পলিষ্টাৰেৰে প্ৰস্তুত কৰা মেখেলা চাদৰে ভৰি পৰিছে আৰু সেইবোৰক একাংশই  মিক্স পাট বুলি বিক্ৰী কৰি আছে। যাৰ ফলত আমাৰ অসমীয়া মেখেলা চাদৰৰ ব্যৱসায়সকলৰ অৰ্থনীতি বেয়াৰ দিশে লৈ গৈছে। বৰ্তমান আমাৰ বজাৰলৈ অতি নিম্নমানৰ ফেব্ৰিক ব্যৱহাৰ কৰি কোচবিহাৰত প্ৰস্তুত কৰা কাপোৰৰ আমদানি হৈ আহিছে। যিবোৰৰ মূল্য অতি কম হোৱাৰ বাবে আমাৰ মানুহে অতি আগ্ৰহেৰে ক্ৰয় কৰি আহিছে। "
গ্ৰাহকক উন্নতমানৰ আৰু পৃথক ডিজাইন সংযোজন কৰি প্ৰস্তুত কৰা মেখেলা চাদৰ যোগান ধৰাৰ লগতে ৱাহিদাই বহু মহিলাক কৰ্মসংস্থাপনৰ সুযোগ আগবঢ়াইছে। 
বাহিদাই কয়, "কাপোৰৰ ব্যৱসায় এক লাভজনক ব্যৱসায় হোৱাৰ লগতে ইয়াৰ জড়িয়তে বহু লোকক কৰ্মসংস্থাপন দিব পৰা যায়। বৰ্তমান মোৰ সৈতে প্ৰায় ৩০গৰাকী পুৰুষ-মহিলা শিপিনী জড়িত হৈ আছে। সোণাপুৰ, মিৰ্জা, চন্দ্ৰপুৰ আদি ঠাইৰ শিপিনীসকলে মোৰ বুটিকৰ বাবে  মেখেলা চাদৰ প্ৰস্তুত কৰি আহিছে। বৰ্তমান বকোত থকা মোৰ কাপোৰৰ কাৰখানাত ৬ খন  তাঁতশাল আছে।"
 
ৱাহিদা ৰহমানৰ বুটিক উপলব্ধ বিভিন্ন ডিজাইনৰ অসমীয়া মেখেলা চাদৰ 
 
পৰম্পৰাগত অসমীয়া গহনাৰ ডিজাইনৰ লগতে উত্তৰ পূৰ্বাঞ্চল বিভিন্ন প্ৰকৃতিৰ দৃশ্য, ফুল-ফল আদিৰ লগতে মানৱ জীৱন চক্ৰ আদিৰ ওপৰিও সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰাৰ আৰ্হিত গহনা ডিজাইন কৰিছে ৱাহিদাই।    
 
ৱাহিদা ৰহমানে ডিজাইন কৰা অসমীয়া  মেখেলা চাদৰ 
 
মহিলা উদ্যোগী গৰাকীয়ে কয়, "এগৰাকী গহনা ডিজাইনাৰ হিচাপে মই নতুন কাম কৰি ভালপাও। মই পৰম্পৰাগত অসমীয়া গহনাৰ ডিজাইনৰ লগতে নিজৰ  ৪০০ৰ পৰা  ৫০০ৰো অধিক গহনা ডিজাইন কৰিছো। মোৰ প্ৰথম সৃষ্টি অছিল গুটিৰ পৰা গজালি মেলা আৰু জোনবিৰি। পিছত মই মেঘালয়, চেৰাপুঞ্জী, মিষ্ট, কপৌফুল, জাকৈ, খালৈ, তুলাধান, ধানৰ মুঠি, কলফুল, কলপাত, কলগছৰ লগতে  লোকাপাৰ, থুৰীয়া,কৰ্ণসিংহ, জাংফাই, ডুগডুগী, মটৰ মণি, শিলিখা, মণি,কিংখাপ আদিৰ লগতে অসমৰ প্ৰতিটো জাতি জনজাতিৰ সাজপাৰ ওপৰত গহনাৰ ডিজাইন প্ৰস্তুত কৰিছোঁ।  মোৰ ফিউজন ডিজাইনৰ গহনাবোৰ অসমৰ লগতে দেশ আৰু বিদেশৰ বহু লোকে  আগ্ৰহেৰে আঁকোৱালি লৈছে। বৰ্তমান মই সত্ৰীয়া নৃত্যৰ বিভিন্ন মুদ্ৰাৰ আৰ্হিত গহনা ডিজাইন কৰিছো। যিবোৰ মই অতি সোনকালে গ্ৰাহকৰ বাবে উলিয়াই দিম।"