আধুনিক বিবাহ অনুষ্ঠান জাক জমকতাৰ আঁৰত বিবাহ পৰিকল্পনাকাৰী দল

Story by  atv | Posted by  Munni Begum • 15 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
বিদুষী গৌৰ 
 
বৰ্তমান সময়ত পৃথিৱীত বিবাহ কেৱল প্ৰেমৰ উদযাপন হৈ থকা নাই ই এক অতি ব্যয়বহুল অনুষ্ঠানত পৰিণত হৈছে। সম্প্ৰতি ভাৰতীয় দম্পতীসকলে আইফা এৱাৰ্ডছৰ নিশাৰ দৰে জাক জমকতাৰে পৰিপূৰ্ণ সপোনৰ বিবাহৰ অনুষ্ঠান আয়োজন কৰিবলৈ বিবাহ পৰিকল্পনাকাৰীৰ ওচৰলৈ যোৱা পৰিলক্ষিত হৈছে।  
 
অত্যাশ্চৰ্য প্ৰদৰ্শনৰ স্থানৰ পৰা আৰম্ভ কৰি দম্পতীহালৰ অনন্য ব্যক্তিত্ব প্ৰতিফলিত কৰা ব্যক্তিগতকৃত অভিজ্ঞতালৈকে, বিবাহ পৰিকল্পনাকাৰীসকলৰ ভূমিকা বয়-বস্তু যোগান সমৰ্থনৰ পৰা এক সৃষ্টিশীল শক্তিলৈ বিকশিত হৈছে। যিয়ে এই অতি বিশেষ দিনটোৰ প্ৰতিটো মূহুৰ্ত স্মৰণীয় কৰি তোলে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
ডিবি এণ্ড স্পেচৰ প্ৰতিষ্ঠাপক দক্ষিতা ভাট্লাই বিবাহ অনুষ্ঠানৰ এই পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। কিয়নো তেওঁ এটা বিবাহ পৰিকল্পনা উদ্যোগক চলাই আছে। উত্তৰাখণ্ডৰ বাহিৰত অৱস্থিত দক্ষিতা আৰু তেওঁৰ ৮ জনীয়া দলটোৱে বিভিন্ন মনোৰম স্থান- নৈনিতাল, মাইছুৰৰ পৰা ঐতিহাসিক জয়পুৰ আৰু উদয়পুৰলৈকে ডেষ্টিনেশ্বন ৱেডিং অনুষ্ঠানসমূহ সম্পন্ন কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰি আহিছে।
 
কামৰ চাপ অপৰিসীম বুলি উল্লেখ কৰি দক্ষিতাই সেই মুহূৰ্তবোৰৰ কথা  স্মৰণ কৰে যেতিয়া তেওঁ  দৰা ঘৰীয়াৰ আগমনৰ পূৰ্বে বিবাহ স্থলীৰ কাম সম্পূৰ্ণ কৰিবলৈ সময়ৰ সৈতে প্ৰতিযোগিতাত নামে। "এবাৰ আমি ৩০০০ৰো অধিক ফুলেৰে এখন মঞ্চ সজাই থাকোঁতে দৰা ঘৰীয়া আহি দুৱাৰমুখতে উপস্থিত হৈছিল। প্ৰকৃততে তেনে পৰিস্থিতিয়ে মঞ্চ নিৰ্মানত জড়িত সকলোৰে বাবে এক আতংকৰ সৃষ্টি কৰিব পাৰে" বুলি দক্ষিতাই  প্ৰকাশ কৰে।  
 
দৰা-কইনাৰ জাকজমতা ভৰা প্ৰৱেশ 
 
দুৰ্গম অঞ্চলত দক্ষ বিক্ৰেতাৰ আপেক্ষিক অভাৱৰ বাবে এনে বৃহৎ পৰিসৰৰ অনুষ্ঠানৰ সমন্বয়ৰ প্ৰত্যাহ্বান আৰু অধিক জটিল হৈ পৰে। অভিজ্ঞ পেছাদাৰীৰ সুপ্ৰতিষ্ঠিত নেটৱৰ্ক থকা বুলি গৌৰৱ কৰা উদয়পুৰৰ দৰে চহৰৰ বিপৰীতে উত্তৰাখণ্ডৰ দৰে গন্তব্যস্থানসমূহে বিশেষ ভূমিকাৰ বাবে স্থানীয় প্ৰতিভা বিচাৰি উলিওৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। 
 
দৰা-কইনাৰ জাকজমতা ভৰা প্ৰৱেশ
 
দক্ষিতাই  কয় যে, "কেতিয়াবা, পৰিকল্পনা অনুসৰি ফটকাবোৰ নুফুটে, বা কোনো গুৰুত্বপূৰ্ণ বস্তু নোহোৱা হৈ যায়, আৰু আপুনি দম্পতীহালৰ মুখত আতংক দেখা পায়। সেই সময়ত আমিও সেই  চাপবোৰো অনুভৱ কৰোঁ।" 
 
এইবোৰ কেৱল ব্যৱহাৰিক দুঃস্বপ্ন নহয়, যিবোৰ বিবাহ পৰিকল্পনাকাৰীয়ে সন্মুখীন হয়। বতৰ সদায়ে এক প্ৰত্যাহ্বান হৈ থাকে। দক্ষিতাই এটা বিশেষ স্মৰণীয় দৃষ্টান্তৰ বিষয়ে উল্লেখ কৰি কয় যে, "এবাৰ এগৰাকী কইনা আৰু তাইৰ ভনীয়েকে ক'লা ডাৱৰীয়া বতৰতো মুকলি আকাশৰ তলত বিয়াৰ মঞ্চ সাজি উলিওৱাৰ বাবে জোৰ দিছিল। ইফালে কইনাৰ পিতৃ-মাতৃয়ে অনুষ্ঠানটো ঘৰৰ ভিতৰলৈ স্থানান্তৰিত কৰাৰ বাবে দৃঢ় হৈ আছিল। তেতিয়া আমি সাৱধানে মধ্যস্থতা কৰি সকলোৰে ইচ্ছা পূৰণ কৰাৰ সমাধান উলিয়াবলগীয়া হৈছিলো।"  
 
বিবাহ পৰিকল্পনাকাৰীৰ ওপৰত দিয়া অদ্ভুত দাবীবোৰো  
 
দক্ষিতাই স্মৰণ কৰি কয় যে, এবাৰ এগৰাকী কইনাই তেওঁৰ মেকআপৰ সময়ৰ বাবে কাষ্টম ডিজাইন কৰা চকী এখন বিচাৰিছিল। আন এগৰাকী কইনাই বিয়াৰ অনুষ্ঠানৰ বাবে নিজকে সুঠাম কৰি ৰখাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা ডায়েট প্লেন বিচাৰিছিল। একেদৰে দৰাসকলও ব্যতিক্ৰম নহয়। এবাৰ এজন দৰাই আমাক তেওঁৰ প্ৰৱেশৰ সময়ত জোধা আকবৰ চিনেমাৰ আজিম-ও-শ্বান শ্বেহেনশ্বাহ নামৰ চিনেমাৰ গীতটো লুপত বজাবলৈ কৈছিল। কিন্তু এনে ধৰণৰ কথাবোৰেই প্ৰতিখন বিয়াক বিশেষ কৰি তোলে।"  
 
আজিৰ তাৰিখত এগৰাকী বিবাহ পৰিকল্পনাকাৰীৰ ভূমিকা ফুলৰ আয়োজন আৰু স্থান বুকিং কৰাতকৈ বহু বেছি। ইয়াৰ অৰ্থ হৈছে সংস্কৃতি, নান্দনিকতা আৰু ব্যক্তিগত শৈলীৰ মিশ্ৰণেৰে এনে এক অভিজ্ঞতা তৈয়াৰ কৰা, যাতে দম্পতীহালৰ বাবে অনন্যভাৱে অনুকূলিত অনুভৱ কৰা এক উদযাপনৰ সৃষ্টি হয়৷  
 
দক্ষিতাই কয়, "শেহতীয়াকৈ দম্পতীসকলে প্ৰকৃতিৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিলি যোৱা মণ্ডপ বিচাৰি আহে, যাৰ বাবে মোৰ স্থাপত্যৰ জ্ঞানৰো প্ৰয়োজন হয়।" তেওঁ গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ ধাৰণাবোৰ জীৱন্ত কৰিবলৈ ঘনিষ্ঠভাৱে কাম কৰে, প্ৰায়ে ভেন্যুৰ ২ডি আৰু ৩ডি ৰেণ্ডাৰিং আৰু মণ্ডপ ডিজাইন তৈয়াৰ কৰি বিশেষ দিনটোৰ পূৰ্বে সকলো নিখুঁতভাৱে হোৱাটো নিশ্চিত কৰি আহিছে।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
অতিথিসকলৰ বাবে উপহাৰৰ বিপণি 
 
বিয়াৰ উদযাপনৰ ক্ষেত্ৰত ফেশ্বন প্ৰৱণতাইও উল্লেখযোগ্য ভূমিকা পালন কৰে। কইনাৰ পোছাকত পেষ্টেল ৰং আৰু লঘু গহনাই আধিপত্য বিস্তাৰ কৰাৰ কিছু সময়ৰ পিছতে কইনাসকলে গধুৰ পৰম্পৰাগত গহনাৰ সৈতে তৈয়াৰ কৰা ৰঙা লেহেংগাৰ ক্লাছিক আকৰ্ষণলৈ ঘূৰি আহিছে। এই পৰিৱৰ্তনক আংশিকভাৱে ইন্ধন যোগাইছে সব্যাসচী আৰু ৰিম্পল এণ্ড হৰপ্ৰীতৰ দৰে শীৰ্ষ ডিজাইনাৰসকলৰ সংগ্ৰহত পৰম্পৰাগত ৰঙা ৰঙৰ পুনৰুত্থানে। দক্ষিতাই লক্ষ্য কৰে যে, "জটিল এম্ব্ৰয়ডাৰীৰ সৈতে ঘন ৰঙা লেহেংগা পুনৰ প্ৰচলিত হৈছে, ই এক কালজয়ী, ৰজাঘৰীয়া অনুভৱ  প্ৰদান কৰে।"   
 
ইফালে, মিলেনিয়ামসকলে ৯০ৰ দশকৰ বিষয়বস্তুক উদযাপনৰ বাবে আকোঁৱালি লৈ নিজৰ বিয়াক স্মৰণীয় কৰি তুলিছে। চেনিৰ চিগাৰেট, চিট'ছ, আৰু শৈশৱৰ অন্যান্য প্ৰিয় খাদ্যৰ দৰে  স্মৰণীয় ট্ৰিটেৰে ভৰা ৰেট্ৰ'-প্ৰেৰিত উপহাৰেৰে অতিথিসকলক নিয়োজিত কৰাটো এক মজাৰ, ৰূপহী উপায় হৈ পৰিছে। 
 
এইয়া কেৱল সাধাৰণ দম্পতীয়েই নহয়, যিসকলে এই উচ্চমানৰ আইফা বঁটা প্ৰদান অনুষ্ঠানৰ পৰা অনুপ্ৰাণিত হৈ বিবাহ উদযাপন কৰিব বিচাৰে। দক্ষিতাৰ দলটোৱে জনপ্ৰিয় টিভি শৃংখলা 'নাগিন'ৰ  অভিনেত্ৰী সুৰভি জ্যোতি আৰু প্ৰথম ভাৰতীয় মিচেলিন-তাৰকা ৰান্ধনীৰ পুত্ৰ বিনীত ভাটিয়াকে ধৰি প্ৰসিদ্ধ ব্যক্তিসকলৰ বাবে অত্যাধিক বিবাহ পৰিকল্পনা কৰাৰ সৌভাগ্য লাভ কৰিছে। দক্ষিতাই পৰিকল্পনা কৰা আন বিয়াবোৰৰ দৰেই এই উচ্চ-পৰ্যায়ৰ বিবাহবোৰতো সতৰ্ক বিৱৰণ, সৃজনশীল আৰু নিৰৱচ্ছিন্ন কাৰ্যকৰীকৰণৰ এক সংমিশ্ৰণ।
 
দক্ষিতাই কয়, "বিবাহৰ দিনটোৰ শেষত ট্ৰেণ্ডবোৰ আহে আৰু গুচি যায়, কিন্তু আমি সৃষ্টি কৰা অভিজ্ঞতাবোৰেই আজীৱন স্থায়ী হৈ ৰৈ যায়। প্ৰতিহাল দম্পতীয়ে যাতে অবিস্মৰণীয় স্মৃতি লৈ যায়, সেয়া নিশ্চিত কৰাটো আমাৰ নৈতিক দায়িত্ব, কাৰণ বিয়াৰ জগতখন যিমানেই দৰ্শনীয়তাৰ বিষয় হয় সিমানেই প্ৰেমৰো বিষয়। বিবাহৰ পৰিকল্পনাৰ এই নতুন যুগত দম্পতীসকলে সাধাৰণ সৃষ্টিৰ পৰিৱৰ্তে অসাধাৰন সৃষ্টি বাবে দাবী কৰি আহিছে।"