প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ৰাতিপুৱা কি জলপান গ্ৰহণ কৰা উচিত

Story by  atv | Posted by  Munni Begum • 2 Months ago
পইতা ভাত
পইতা ভাত
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
আপুনি আৰ মাধৱনৰ ৰাতিপুৱাৰ আহাৰৰ বিষয়ে জানেনে? তেওঁ পুৱাৰ আহাৰত কেতিয়াও ইডলী, চাম্ভাৰ, আলু পৰঠা তথা ব্ৰেড আৰু অমলেট নাখায়। জানি আচৰিত হ'ব যে অভিনেতা মাধৱনে তেওঁৰ দিনটো কাঞ্জি ভাতৰ এক সুন্দৰ পৰিৱেশনেৰে আৰম্ভ কৰে। যিবিধ আহাৰ দৈ, জলকীয়া আৰু পিয়াজৰ সৈতে পানী দিয়া ভাতেৰে প্ৰস্তুত কৰা হয়। এইবিধ আহাৰত প্ৰচুৰ পৰিমানে প্ৰ'বায়োটিক থাকে, যি অন্ত্ৰৰ বাবে অতিকৈ উপকাৰী আৰু লগতে শৰীৰ শীতল কৰি ৰাখে।  
 
চোলে ভাটুৰে আৰু পুৰী সবজীয়ে আমাৰ ৰুচিবোধক সুখ অনুভৱ কৰিবলৈ বাধ্য কৰাইলেও এইবোৰে, কোনো কাৰণতে, গ্ৰীষ্মকালীন ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যসন্মত নহয়। ভাৰত বৈচিত্ৰময় খাদ্যৰ দেশ হোৱাৰ বাবে কিছুমান আকৰ্ষণীয় বিকল্প আছে, যিয়ে কেৱল পুষ্টিৰ যত্ন লোৱাই নহয় শৰীৰক শীতল কৰিও ৰাখে। 
 
গ্ৰীষ্মকালীন পুৱাৰ আহাৰ
 
ভাৰতৰ চৌদিশৰ স্বাস্থ্যকৰ গ্ৰীষ্মকালীন পুৱাৰ আহাৰ
 
মুম্বাইৰ মাহিমৰ পিডি হিন্দুজা হাস্পতাল আৰু এম আৰ চিৰ মুখ্য ডায়েটিচিয়ান ছুইডাল ট্ৰিনিদাদে কয় যে, পুৱাৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ, কাৰণ ইয়াক ৰাতিটোৰ বাবে থকা উপবাসৰ পিছত সেৱন কৰা হয়। যাতে আগন্তুক দিনটোৰ বাবে আমাক সক্ৰিয় আৰু শক্তিশালী কৰি ৰাখে। খাদ্যৰ তাপীয় প্ৰভাৱ (আপুনি খোৱা খাদ্য হজম, শোষণ আৰু বিপাকীয় ক্ৰিয়াৰ বাবে আপোনাৰ শৰীৰৰ বাবে প্ৰয়োজন হোৱা শক্তিৰ পৰিমাণ), বিপাকীয় হাৰ আৰু তৰল-ইলেক্ট্ৰলাইট প্ৰতিস্থাপনৰ চাহিদা বিবেচনা কৰি লঘু খাদ্যৰ পথ বাছি লোৱাটোৱেই উত্তম হয়, যিবোৰত কিম্বন (fermented) কৰা খাদ্য থাকে আৰু প্ৰটিনযুক্ত হয়। 
 
দেশখন তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ সময়ত পুৱাৰ আহাৰৰ বিকল্প বাছি লোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ, যিয়ে আমাৰ বাবে দিনটো অতিবাহিত কৰাত অধিক সুবিধা প্ৰদান কৰে। তলত উল্লেখ কৰা এই খাদ্যবোৰৰ প্ৰতিটোৰে নিজস্ব সুকীয়া বৈশিষ্ট্য আৰু উপকাৰিতা আছে আৰু সেই প্ৰচণ্ড গৰমত ৰাতিপুৱাৰ বাবে একেবাৰে উপযুক্ত আহাৰ হয়।  
 
দৈ চিৰা (পূব ভাৰত): দৈ চিৰা। পূব ভাৰতৰ ৰাজ্য বিহাৰ, ওড়িশা, পশ্চিম বংগ আৰু অসম (উত্তৰ-পূব)ত খোৱা এই প্ৰধান গ্ৰীষ্মকালীন পুৱাৰ আহাৰবিধ চিৰা আৰু দৈৰ ওপৰত চেনি বা গুৰ দি পৰিবেশন কৰা হয়, যাতে আহাৰবিধ খাবলৈ সুস্বাদ মিঠা হয়। ই হৈছে শীতল, প্ৰ’বায়’টিক সমৃদ্ধ খাদ্য। যিয়ে পেটটোত আৰামদায়ক অনুভৱ প্ৰদান কৰাৰ লগতে শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি কৰে। 
 
দৈ চিৰা
 
ফিটনেছ আৰু পুষ্টি বিজ্ঞানী তথা ফুড দাৰ্জীৰ সহ-প্ৰতিষ্ঠাপক ডাঃ সিদ্ধান্ত ভাৰ্গৱে কয়, “এই সংমিশ্ৰণটো দ্ৰুতভাৱে প্ৰস্তুত কৰা হয়, আপোনাক ভৰপূৰ কৰি ৰাখে, লগতে হজম কৰাটোও সহজ। দৈয়ে আপোনাক হাইড্ৰেটেড কৰি ৰাখে, আপোনাৰ পাচনতন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ শীতল গুণো আছে আৰু ইয়াত কেলচিয়াম, ভিটামিন ডি, ভিটামিন বি ১২, ফছফৰাছ আৰু পটাছিয়ামকে ধৰি অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে এই সংমিশ্ৰণক গ্ৰীষ্মকালীন পুৱাৰ আহাৰক (ব্ৰেকফাষ্ট) আদৰ্শ কৰি তোলে।”
 
কাঞ্জি ভাত: দক্ষিণ ভাৰতলৈ গ'লে মানুহক ভাতৰে প্ৰস্তুতৰ কাঞ্জি উপভোগ কৰা দেখা যায়, যিটো বহু দক্ষিণ ভাৰতীয় ঘৰৰ প্ৰধান খাদ্য। মূলতঃ ই কিম্বন (fermented) কৰা ভাতৰ পানী, অলপ নিমখ, দৈ আৰু হয়তো কিছু কেচা জলকীয়াৰ সৈতে পৰিবেশন কৰা হয়। এই প্ৰ'বায়'টিক সমৃদ্ধ পুৱাৰ আহাৰে হজম শক্তিত সহায় কৰে আৰু আপোনাক হাইড্ৰেটেড কৰি ৰাখে। 
 
কেৱল দক্ষিণ ভাৰততে নহয়, পশ্চিম বংগতো এই খাদ্য উপভোগ কৰা হয় য’ত ইয়াক পন্ত ভাত বুলি কোৱা হয়। অসমত ইয়াক পইতা ভাত বুলি কোৱাৰ বিপৰীতে ওড়িয়াসকলৰ বাবে ই হৈছে পখলা ভাত। এই ভাত প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াবোৰ ভিন্ন যদিও ভিত্তি একেই থাকে কিম্বন (fermented) কৰা ভাত। বাংলাদেশতো ই গ্ৰীষ্মকালীন খাদ্য। (মাষ্টাৰচেফ অষ্ট্ৰেলিয়াৰ গ্ৰেণ্ড ফাইনেলৰ বাবে মাষ্টাৰচেফ প্ৰতিযোগী কিশোৰ চৌধুৰীয়ে কেনেকৈ পন্ত ভাত প্ৰস্তুত কৰিছিল, সেই কথা আপোনাৰ মনত আছে চাগে।) 
 
ক্লিনিকেল ডায়েটিচিয়ান তথা ডায়েবেটিছ এডুকেটৰ কনিকা মালহোত্ৰাই উল্লেখ কৰিছে যে ব্ৰেকফাষ্টত  কাঞ্জি ভাত  গ্ৰহণ কৰিলে হজম শক্তি বৃদ্ধি কৰিব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, পুষ্টি শোষণ বৃদ্ধি কৰিব পাৰে, শৰীৰত হাইড্ৰেট কৰিব পাৰে, আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
 
কাঞ্জি ভাত
 
ইডলী চাম্ভাৰ: তামিলনাডুৰ ইডলী চাম্ভাৰৰ কোনো নতুন পৰিচয়ৰ প্ৰয়োজন নাই। ই লঘু, পুষ্টিকৰ, প্ৰটিন আৰু ভিটামিনেৰে সমৃদ্ধ, যিবিধ হৈছে দিনটো আৰম্ভ কৰিবলৈ এটা উত্তম সুষম পুৱাৰ আহাৰ।  
 
চাকুলি পিঠা: ওড়িশাৰ এবিধ খাদ্য হৈছে চাকুলি পিঠা, যিবিধ ডোছাৰ সৈতে সাদৃশ্যতা থকা দেখা যায়, যদিও ই অলপ ডাঠ আৰু কোমল হয়। কিম্বন (fermented) কৰা ভাত আৰু মাহৰ দাইলৰএটা মিশ্ৰণ তৈয়াৰ কৰি প্ৰস্তুত কৰা হয়। এইবিধ খাদ্য সাধাৰণতে টেঙা বিলাহীৰ চাটনি বা সাধাৰণ আলুৰ তৰকাৰীৰ সৈতে পৰিবেশন কৰা হয়। ই লঘু যদিও ভৰপূৰ, আপোনাক ওজন অনুভৱ নকৰাকৈ সক্ৰিয় কৰি ৰখাৰ বাবে একেবাৰে উপযুক্ত আহাৰ। 
 
পোহাঃ মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ অতি জনপ্ৰিয় এবিধ খাদ্য হৈছে পোহা। পোহা সাধাৰনতে পিঁয়াজ, হালধী, সৰিয়হ আৰু কেঁচা জলকীয়াৰ সৈতে চিৰা ৰন্ধা হয়। এইবিধ খাদ্যত কিছু বাদাম আৰু নেমুৰ ৰসো মিহলি কৰা হয়। এইবিধ খাদ্য পেটৰ বাবে অতি আৰামদায়ক আৰু  ভৰপূৰ সোৱাদযুক্ত। 
 
ইডলী চাম্ভাৰ
 
চাত্তু চৰবটঃ বিহাৰ আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ চাত্তু চৰবট হৈছে পুষ্টিৰ এক শক্তিশালী আহাৰ। ভজা আটাৰে তৈয়াৰী চাত্তুত পানী, নিমখ, নেমুৰ ৰস, আৰু গুৰ মিহলি কৰা হয়। আনকি কিছুমানে কটা পিঁয়াজ, কেঁচা জলকীয়া আৰু ভজা মছলাৰ মিশ্ৰজণেৰে সোৱাদযুক্ত কৰিবলৈ ভাল পায়। ই এক প্ৰাকৃতিক শীতল পদাৰ্থ, প্ৰটিন আৰু আঁহযুক্ত। যিয়ে গৰমত শৰীৰ হাইড্ৰেটেত আৰু শক্তি প্ৰদানৰ বাবে একেবাৰে উপযুক্ত আহাৰ।
 
গৰমত গ্ৰহণ কৰা ভুল পুৱা আহাৰ 
 
এক প্ৰবাদ আছে যে “ৰজাৰ দৰে পুৱা আহাৰ খাব লাগে”। বতৰ যিয়েই নহওক কিয়, আপুনি যি খাদ্য গ্ৰহণ কৰিছে, তাৰ যত্ন ল’ব লাগিব।  তেলীয়া, মছলাযুক্ত, প্ৰচেছড খাদ্য পৰিহাৰ কৰক। কাৰণ এইবোৰ খাদ্য হজম হ’বলৈ বহু বেছি সময়ৰ প্ৰয়োজন আৰু ইয়াৰ তাপীয় প্ৰভাৱ অধিক হয়, যাৰ ফলত তুলনামূলকভাৱে গৰম অনুভৱ হয়। 
 
ডাঃ সিদ্ধান্তই কয় যে, ৰাতিপুৱাৰ খাদ্যৰ তালিকাত কিম্বন (fermented) কৰা খাদ্য অন্তৰ্ভুক্ত কৰাটোও ভাল, যাতে আপোনাৰ ভাল আন্ত্ৰিক বেক্টেৰিয়া জমা হয় আৰু  শৰীৰত শক্তি ধৰি ৰাখিব পাৰে। উদাহৰণস্বৰূপে ফলৰ সৈতে কিছু দৈ খাবলৈ চেষ্টা কৰক বা নিয়মীয়া ৰুটিৰ ঠাইত টেঙা পিঠাগুৰি খাবলৈ চেষ্টা কৰক।"
 
চাকুলি পিঠা
 
তেওঁ লগতে উল্লেখ কৰে যে, “সাধাৰণতে প্ৰচেছড আৰু চেনিযুক্ত আৰু বগা ব্ৰেড, তথা অধিক মছলাযুক্ত খাদ্য প্ৰচণ্ড গৰমত পৰিহাৰ কৰক কাৰণ পিছৰটোৱে বুকু জ্বলা-পোৰা আৰু বদহজমৰ সৃষ্টি কৰিব পাৰে।”
 
উত্তৰ ভাৰতৰ মানুহে পৰঠাৰ প্ৰতি থকা প্ৰেম ত্যাগ কৰাৰ কথা চিন্তা কৰিব লাগে, অন্ততঃ প্ৰচণ্ড গৰম শেষ নোহোৱালৈকে এই মোহ এৰাই চলিব লাগে বুলি ডাঃ সিদ্ধান্তই পৰামৰ্শ দিয়ে।