জীৱনক সমৃদ্ধ কৰিবলৈ কোনবোৰ কথাত আমি গুৰুত্ব দিয়া উচিত?

Story by  atv | Posted by  [email protected] • 3 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
বিকাশ কলিতা

বৰ্তমান সময়ত চাৰিওফালে ইমানবোৰ তথ্য আৰু ইমানবোৰ বস্তুৰ আমি মুখামুখি হও যে কেতিয়াবা সেইবোৰে আমাক হেঁচা মাৰি ধৰা যেন লাগে৷ তেনে অৱস্থাত কোনবোৰ কথা আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু কোনবৰ নহয় সেয়া মন কৰা আৰু জনাটো বৰ টান হৈ পৰে৷ এই কথাটো জনাটো এইবাবেই গুৰুত্বপূৰ্ণ যে নহ’লে আমি অলাগতিয়াল কথা আৰু কামত আমাৰ সময় আৰু শক্তি খৰছ কৰি থাকিম আৰু শেষত গৈ দেখিম গৈ যে জীৱনত একো কাম দৰাচলতে কৰা নহ’লগৈ ৷ 

সেয়া নহ’বলৈ আমি জানিব লাগিব যে কোনবোৰ কথা আৰু কাম আমাৰ বাবে গুৰুত্বপুৰ্ণ আৰু কোনবোৰ নহয়৷ সেয়া জানিলে আমি গম পাম কোনবোৰ কথাত আমি অগ্ৰাধিকাৰসমূহ দিব লাগিব আৰু কোনবোৰে আমাৰ জীৱনক সমৃদ্ধ কৰিব৷

কোনবিলাক কথা গুৰুত্বপূৰ্ণ? গুৰুত্বপুৰ্ণ কথাৰ সংখ্যা বহুত। তাৰে ভিতৰৰ কেইটামান আমি আলোচনা কৰো আহক৷

সম্পৰ্কবোৰ

সম্পৰ্কবোৰ আমাৰ বাবে বৰ গুৰুত্বপূৰ্ণ৷ কাৰোবাৰ সম্পৰ্ক বহু থাকিব পাৰে আৰু কাৰোবাৰ মাত্ৰ দুই এজন বন্ধু থাকিব পাৰে৷ প্ৰথমতে আহিব পৰিয়ালৰ কথা৷ যদি নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ যি সম্পৰ্ক সেয়া সুদৃঢ় তেনেহ’লে ই আপোনাক সহায় কৰিব৷ কোনোবা আছে যেন অনুভৱ, সহায়, মৰম আৰু ভালপোৱা আপুনি ইয়াৰ পৰা পাব যিয়ে আৱেগিক নিৰাপত্তা আনে আৰু এই নিৰাপত্তা আমাৰ সামগ্ৰিক মংগলৰ বাবে প্ৰয়োজনীয়।
 

 
তেনেদৰে কমসংখ্যক বা বহুত হওক, প্ৰকৃত বন্ধুত্বই আমাক জীৱনটো উপভোগ কৰিবলৈ সহায় কৰে৷ আনন্দ, নানা অভিজ্ঞতা, পাৰস্পৰিক সমৰ্থন আদি অনুভৱ কৰাৰ লগতে এনে বন্ধুত্বৰ পৰা আমি বিশ্বাস, আনুগত্য আদিৰ দৰে দৰকাৰী কথাও শিকিব পাৰোঁ৷ 

স্বাস্থ্য 

স্বাস্থ্য ভালে ৰখা আৰু ভালে থকাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ তেনে কৰিবলৈ আমি  শাৰীৰিক স্বাস্থ্যৰ কথাটো মন কৰিব লাগিব৷ সুষম খাদ্য, নিয়মীয়া ব্যায়াম, আৰু জিৰণিৰ জৰিয়তে সুস্বাস্থ্য লাভ কৰাটো আৰু ইয়াল ঠিকে ৰখাটো সম্ভৱ৷ তাৰ লগতে আমি মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব৷
 
 
মেডিটেচন কৰা, মাইণ্ডফুলনেছৰ অভ্যাস কৰা, মানসিক চাপ কমোৱা, আনক সহায় কৰা, আনৰ সহায় লোৱা আদি নানা কামে মানসিক স্বাস্থ্য ঠিকে ৰখাত সহায় কৰে৷ 
 
এক স্বাস্থ্যৱান, সক্ৰিয়, উৎপাদনশীল জীৱন লাভ কৰিবলৈ আৰু নিজৰ কৰিব বিচৰা আৰু  কৰি ভালপোৱা কামবোৰ উপভোগ কৰিবলৈ আমাক এই দুই ধৰণৰ স্বাস্থ্য লাগিব।

ব্যক্তিগত উন্নতি

আমাৰ বাবে ই বৰ গুৰুত্বপূৰ্ণ৷ নিজৰ বৃদ্ধি আৰু বিকাশ কৰিব পৰাটো জীৱনটো ভালদৰে জীয়াই থকাৰ বাবে আৰু সন্তুষ্টি লাভৰ বাবে বৰ প্ৰয়োজনীয়৷ নিজৰ উন্নতিয়ে এক বিশাল ক্ষেত্ৰক সামৰি লয় যাৰ ভিতৰত নিজৰ বিকাশ, নিয়মাণুবৰ্তিতা, সাহস, সমস্যা সমাধান কৰা, লক্ষ্য ঠিক কৰা, পৰিস্থিতিৰ লগত খাপ খোৱা আদি নানা ধৰণৰ কৌশল শিকা আৰু অভ্যাস কৰা আদি নানা কাম থাকে৷ 

এনে কৰিবলৈ যাওতে আমি নিজৰ বিষয়ে বেছি ভালদৰে জানিব পাৰোঁ, বুজিব পাৰোঁ৷ ইয়াক কোৱা হ’ল চেলফ এৱাৰনেছ বা আত্ম-জ্ঞান যিয়ে আমাক জীৱনৰ প্ৰতিটো মূহুৰ্ততে সহায় কৰিব পাৰে৷ 

অৰ্থপূৰ্ণ কাম

ই আমাৰ বাবে গুৰুত্বপূৰ্ণ৷ যদি আমি নিজৰ মূল্যবোধ আৰু আবেগৰ সৈতে মিল থকা কাম কৰিব পাৰোঁ তেতিয়া ই আমাক উদ্দেশ্য আৰু পূৰ্ণতাৰ অনুভূতি লাভ কৰাত সহায় কৰে৷ এনে অৰ্থপূৰ্ণ কাম আমি কেৰিয়াৰ, সমাজ সেৱা, স্বেচ্ছাসেৱা, সৃষ্টিশীলতা আদি সকলো ক্ষেত্ৰতে বিচাৰি পাব পাৰোঁ৷ 
 

সমাজলৈ অৱদান

আমি যি সমাজত বাস কৰোঁ তাত আমাক ল’বলৈ শিকায় কিন্তু দিবলৈ নিশিকায় আৰু সেইবাবে বেছিভাগ মানুহেই আজি সুখী নহয়৷ সমাজলৈ উভতাই দিয়া আৰু আনক সহায় কৰাৰ কাম অকল আনৰ বাবেই নহয় আমাৰ নিজৰ বাবেও বৰ গুৰুত্বপূৰ্ণ কাৰণ ই ইতিবাচক প্ৰভাৱৰ সৃষ্টি কৰে৷ এনে অৱদানে নিজৰ আৰু আনৰ মানুহৰ জীৱনক সমৃদ্ধ কৰে।
 
কোনোবাৰ কথা আপোনাৰ বাবে দৰাচলতে গুৰুত্বপূৰ্ণ নহয়?

বস্তুবাদ

টকা-পইচা আমাৰ বাবে বৰ প্ৰয়োজনীয়৷ মৌলিক প্ৰয়োজনীয়তা আৰু কিছুমান আৰাম লাভ কৰিবলৈ হ’লে এয়া লাগিব৷ কিন্তু আমাক শিকোৱাৰ দৰে অকল বস্তুবাদ বা সম্পদ আৰু সম্পত্তিৰ আহৰণৰ ওপৰত অত্যধিক মনোনিৱেশ কৰিলে ই সাংঘাটিক মানসিকআৰু আৱেগিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
 
অসন্তুষ্টি আৰু মানসিক চাপৰ সৃষ্টি ইয়াৰ পৰাই বেছিকৈ হয়৷ অকল বেছি টকা-পইছা ঘটা কথাটো ইমান গুৰুত্বপূৰ্ণ নহয় কাৰণ প্ৰকৃত সুখ আৰু পূৰ্ণতা অভিজ্ঞতা আৰু সম্পৰ্কৰ পৰাই আহে, বেছই বস্তু কিনা বা গোটোৱাৰ পৰা ই নাহে৷

আনৰ অনুমোদন 

আপুনি যদি আনৰ পৰা সকলো কথাতে অনুমোদন বিচাৰে তেনেহ’লে আপোনাৰ জীৱনটো এক সাংঘাটিক দুখলগা জীৱন৷ আনৰ পৰা অহৰহ অনুমোদন আৰু বৈধতা বিচৰা কথাটোৱে আপোনাক দুৰ্বল কৰে আৰু আত্মপৰিচয় ক্ষয় কৰে যাৰ ফলত আনেও আপোনাক সন্মান কৰিব নোৱাৰা হয়৷ ইয়াক সলনি কৰি আপুনি নিজৰ আভ্যন্তৰীণ মূল্যবোধ আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’বলৈ আৰু কাম কৰিবলৈ শিকিব লাগিব৷
 

ছ'চিয়েল মিডিয়া আৰু ডিজিটেল আসক্তি

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্ৰযুক্তিৰ আসক্ত হৈ পৰাটো সহজ হৈ পৰিছে৷ কিন্তু আন আসক্তিৰ দৰে ইয়ো কিছুমান সাংঘাটিক সমস্যাৰ সৃষ্টি কৰে৷ ই উদ্বেগ বঢ়ায়, সম্পৰ্কবোৰ নষ্ট কৰে, মানসিক স্বাস্থ্য বেয়া কৰে আৰু বাস্তৱৰ লগত সমন্বয় কমাই আনে৷ ভালদৰে মন কৰিলে আপুনি দেখিব যে চচিয়েল মিডিয়া নহলেও আপোানৰ জীৱনটো ৰৈ নাযায় বৰঞ্চ বেছই ভালদৰেহে চলে৷ 

ভৱিষ্যতৰ বিষয়ে বা অতীতৰ ওপৰত অত্যধিক গুৰুত্ব

নিজৰ ভৱিষ্যত আৰু অতীতৰ কথা চিন্তা কৰাটো স্বাভাৱিক কথা, কিন্তু ই যেতিয়া অত্যধিক হৈ পৰে তেতিয়া নানা সমস্যাৰ সৃষ্টি হয়৷ কিছুমানে ভবিষ্যত বা অতীততে বাস কৰে৷ এনে কৰিলে তেনে মানুহে জানো বৰ্তমানত সম্পূৰ্ণৰূপে জীয়াই থাকিব পাৰিব? আপুনি অতীতলৈ গৈ একো সলনি কৰিব নোৱাৰে৷ তেনেদৰেই ভবিষ্যতলৈ গৈ নিজৰ মতে জীৱনটো সলোৱাৰ উপায়ো নাই৷ যি কৰিব লাগে, যি কৰিব পাৰি সেয়া সকলো বৰ্তমানতহে আছে৷ 

কোনবোৰ কথা গুৰুত্বপূৰ্ণ আৰু কোনবোৰ গুৰুত্বপূৰ্ণ নহয় সেয়া বুজি পোৱাটো এক অবিৰত যাত্ৰা। যেতিয়াই আমি গুৰুত্বপূৰ্ণ কথাবোৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিম তেতিয়াহে জীৱনটো যেন হ’ব লাগে তেনে হ’বলৈ আৰম্ভ কৰিব৷ আৰু সেয়া আমাৰ হাততে আছে৷

(বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ যিয়ে গোটেই অসমতে মটিভেচনেল আৰু লাইফ স্কিল প্ৰগ্ৰেম আৰু ৱৰ্কশ্বপ অনুষ্ঠিত কৰে আৰু মানুহৰ আৱেগিক সমস্যাবোৰৰ সমাধানৰ বাবে কাউঞ্চেলিঙ আগবঢ়ায়৷)