আৱাজ দ্য ভইচ অসম ব্যুৰ'
ড’নাল্ড ট্ৰাম্পৰ সতীৰ্থ লউৰা লুমাৰে ভাৰতীয়সকলক “তৃতীয় বিশ্বৰ আক্ৰমণকাৰী” বুলি অভিহিত কৰিব পাৰে, কিন্তু বিশ্বই ভাৰতীয়সকলৰ বাবে ৰেড কাৰ্পেট মুকলি কৰি দিছে। কিছুদিনৰ পৰা নিজৰ দেশৰ পৰা আৱেগিকভাৱে বিচ্ছিন্ন হৈ পৰা ধনী ভাৰতীয়সকলে ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত হৈ অভিজাত লোকসকলৰ ক্লাবত যোগদান কৰিছে।
ধনী ভাৰতীয়ৰ বাবে এতিয়া হৃদয় য’ত ঘৰ তাত নাই। উচ্চ পৰ্যায়ৰ কৰ আৰু ইয়াৰ পৰা লাভৱান হ’ব পৰা কোনো সমানুপাতিক ৰাজহুৱা সেৱা নথকাত তেওঁলোকৰ বাবে ভাৰত এতিয়া ৰিয়েল এষ্টেটতকৈ ভাল নহয়। ছবি জগতৰ ছুপাৰষ্টাৰে হওক বা ক্ৰীড়া জগতৰ ছুপাৰষ্টাৰে হওক, কোনো নিৰ্দিষ্ট ঠিকনা নথকা এই নতুন ঐশ্বৰ্যশালী ভাৰতীয়সকলে পশ্চিম আৰু মধ্যপ্ৰাচ্যক চূড়ান্ত গন্তব্যস্থান হিচাপে বাছি লৈছে।
প্ৰতিনিধিত্বমূলক ছবি
এই গ্ল’বেল ছুপাৰছেটত শেহতীয়াকৈ যোগদান কৰিছে ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ সন্তান। নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, বলীউডৰ অধিকাংশ শীৰ্ষ অভিনেতাই ইতিমধ্যে ইংলেণ্ড, ছিংগাপুৰ আৰু ডুবাইত সম্পত্তি ক্ৰয় কৰিছে, আৰু তেওঁলোকে কেৱল কামৰ বাবে আৰু অতি কম সময়ৰ বাবেহে ভাৰত ভ্ৰমণ কৰে। বিদেশত ঘৰ নথকা ভাৰতৰ কৰ্পৰেট নেতা খুৱ কমেইহে আছে। হেনলি প্ৰাইভেট ৱেলথ মাইগ্ৰেচন ৰিপৰ্ট ২০২৪ অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে ৪৩০০গৰাকী কোটিপতিয়ে ভাৰত এৰি যাব। যোৱা বছৰ ইয়াৰে ৫১০০ লোকে ভাৰতৰ পৰা বিদেশলৈ স্থানান্তৰিত হৈছিল।
বিড়ম্বনাৰ কথাটো হ’ল যে ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ জিডিপিৰে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশে আগবঢ়াৰ সময়তে ভাৰতৰ সমৃদ্ধিৰ কাহিনীৰ উপভোক্তাসকলে নিজৰ মাতৃভূমিক ত্যাগ কৰি দিল্লী-মুম্বাই-চিংগাপুৰ-ডুবাই-লণ্ডন-নিউয়ৰ্ক পাৱাৰ ক'ৰিডৰৰ অংশ হ’বলৈ বাছি লৈছে। ইউ এ ই, থাইলেণ্ড, বালি, লণ্ডন আৰু ফ্ৰান্সৰ দক্ষিণত থকা নিজৰ ডাঙৰ ঘৰবোৰৰ বিষয়ে কৈ গৌৰৱ কৰাটো ভাৰতীয় তাৰকাসকলৰ বাবে এতিয়া ফেশ্বন হৈ পৰিছে। লণ্ডনৰ মেফেয়াৰৰ আটাইতকৈ দামী এপাৰ্টমেণ্টসমূহ এতিয়া ভাৰতত টেলিকম কোম্পানী, বিমান সংস্থা আৰু ষ্টীল প্লাণ্ট চলোৱা ভাৰতীয়সকলৰ মালিকানাধীন।
যিহেতু প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বক এখন সৰু বিশ্বব্যাপী গাঁওলৈ ৰূপান্তৰিত কৰিছে, গতিকে ভাৰতীয়সকলে নিউয়ৰ্কৰ ট্ৰাম্প টাৱাৰৰ পৰা আৰম্ভ কৰি ছিংগাপুৰৰ টেকন’লজি এণ্ড ফাইনেন্সিয়েল পাৰ্কলৈকে নিজৰ সাম্ৰাজ্যসমূহ অধিক আৰামদায়কভাৱে চলাই আছে। দৰাচলতে বিদেশৰ বিভিন্ন উন্নত চহৰৰ ছেকেণ্ড হোমসমূহ ঐশ্বৰ্যশালী ভাৰতীয়সকলে ব্যৱসায়িক কাম-কাজৰ বাবে ব্যৱহাৰ কৰে। তেওঁলোকে সময়ে সময়ে ভাৰতৰ পৰা চাৰ্টাৰ্ড বিমানেৰে আহি ইয়াত কোম্পানীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক আয়োজন কৰে।
লণ্ডনত ভাৰতীয় মুছলমান লোকসকলে ঈদ উদযাপন কৰাৰ এক দৃশ্য
তাতোকৈ চিন্তনীয় কথাটো হ’ল ভাৰতীয়সকলে নাগৰিকত্ব ত্যাগ কৰাৰ ধাৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। অৰ্থাৎ তেওঁলোকে নিজৰ শিপাৰ পৰা সংযোগ বিচ্ছিন্ন কৰি সম্পূৰ্ণ নতুন সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ ব্যৱস্থাৰ পথ বাছি লৈছে। যোৱা বছৰ সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে প্ৰকাশ কৰা এক পৰিসংখ্যা অনুসৰি ২০১১ চনৰ পৰা ১৬ লাখৰো অধিক ভাৰতীয়ই নিজৰ নাগৰিকত্ব আত্মসমৰ্পণ কৰিছে। যোৱা বছৰ এই সংখ্যা ৮৫,২৫৬ৰ পৰা ২,২৫,৬২০লৈ তীব্ৰভাৱে বৃদ্ধি পাইছে।
মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে ভাৰতীয়সকলে ১৩৫খন দেশত নাগৰিকত্ব গ্ৰহণ কৰিছে, ইয়াৰ পৰা বুজা যায় যে তেওঁলোকৰ অধিকাংশই কেৱল যিকোনো মূল্যৰ বিনিময়ত ভাৰত এৰি বিশ্বৰ আন যিকোনো প্ৰান্তত বসতি স্থাপন কৰিব বিচাৰে। কেৰিবিয়ান ৰাষ্ট্ৰ এন্টিগুৱা, বাৰ্বুডা, আৰু স্পেইনে আগবঢ়োৱা নাগৰিকত্বৰ বাবে বিনিয়োগৰ লগতে গ্ৰীচ আৰু ইউ এ ইৰ পৰা অহা ‘সোণালী ভিছা’ৰ দ্বাৰা ধনী ভাৰতীয় পৰিয়ালসমূহ সহজেই আকৰ্ষিত হয়।
ভাৰতত অসংখ্য পৰামৰ্শদাতা প্ৰতিষ্ঠান (advisory firms)ৰ সৃষ্টি হৈছে, যাৰ একমাত্ৰ কাম হৈছে নূন্যতম সমস্যাৰ সৈতে এক অতি লাভজনক ব্যৱসায়ৰ লগতে বিদেশত উপযুক্ত ঘৰ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত যুৱ উদ্যোগীসকলক সহায় কৰা। তেওঁলোকে কিছুমান উদ্ভাৱনী পদ্ধতিৰে এনে কিছুমান উদাৰ আঁচনি আগবঢ়ায়, যাৰ অধীনত প্ৰতিজন ভাৰতীয়ই বছৰি ২,৫০,০০০ ডলাৰ ৰেমিট কৰি বিশ্বৰ যিকোনো ঠাইত বিনিয়োগ কৰিব পাৰে। আচৰিত কথাটো হ’ল এই পৰামৰ্শদাতা সংস্থাসমূহে ভাৰতত ‘ব্যৱসায়ৰ সূচলতা’ৰ বাবে ভাৰত চৰকাৰৰ আকৰ্ষণীয় পৰিৱেশ তন্ত্ৰক সাংঘাতিকভাৱে বিফল কৰিবলৈ সক্ষম হৈছে।
নিউয়'ৰ্কত দিপাৱলী উদযাপনৰ এক দৃশ্য
দেশ ত্যাগ কৰা এই প্ৰতিযোগিতামূলক উন্মাদনা বিভিন্ন অৰ্থনৈতিক, সামাজিক, শাসন আৰু সাংস্কৃতিক বিষয়ৰ পৰাই উদ্ভৱ হয়। বছৰি ৬.৫ শতাংশ বৃদ্ধিৰ পাছতো ভাৰতে ভাল মানদণ্ডৰ জীৱন যাপন প্ৰদান কৰিব পৰা নাই ৷ বিগত দশকৰ ভিতৰত ভাৰতে এক লাখ কিলোমিটাৰৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ সংযোজন কৰিছে। ইয়াৰ লগতে ১০০টাতকৈও অধিক নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, নতুন ষ্টাৰ্টআপ আৰু ইউনিকৰ্ণৰ সংখ্যা আচৰিত ধৰণে বৃদ্ধি পাইছে যদিও ইয়াৰে কোনোটোৱেই বাহিৰলৈ যোৱাৰ ইচ্ছাক বাধা দিব পৰা নাই। ১.৪০ বিলিয়ন জনসংখ্যাৰ এখন দেশৰ কেইলাখমান ভাৰতীয়ক হেৰুৱাই পেলোৱাটো কোনো ডাঙৰ কথা নহয়; তথাপিও ভাৰতৰ বাবে ই বেয়া পৰম্পৰা।
বহু ভাৰতীয়ই দেশ এৰি যোৱাৰ প্ৰধান কাৰণ যেন লাগে দূৰ্বল ৰাজহুৱা আন্তঃগাঁথনি, আইন-শৃংখলা ভংগ, শ্বাসৰুদ্ধকৰ প্ৰদূষণ আৰু জটিল কৰ গাঁথনি। বহু পেছাদাৰীৰ বাবে কাৰ্যালয়ৰ পৰা কাম কৰাটো এক দুঃস্বপ্ন হৈ পৰিছে। যোগান বৃদ্ধিৰ উদ্দেশ্যেৰে প্ৰণয়ন কৰা উদাৰ নীতিৰ বাবে ভাৰতৰ ২০০খন চহৰৰ পথ ৰুদ্ধ হৈ পৰিছে। ভাৰতত হয়তো ৰাস্তাত চলিত বাহনসমূহৰ ভিতৰত আটাইতকৈ বেছি বৈচিত্ৰ্যতা আছে। ইয়াত চাইকেল, ই-ৰিক্সা আৰু তিনিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰ, দুচকীয়া আৰু চাৰিচকীয়া বাহনলৈকে সকলো চলে।
চৰকাৰী হিচাপ অনুসৰি, ভাৰতত ২১ কোটি দুচকীয়া আৰু ৭ কোটি চাৰিচকীয়া বাহন আছে যিয়ে পথত চলাচল কৰে। দেশত গড়ে প্ৰতি ১০ জন প্ৰাপ্তবয়স্কৰ বিপৰীতে এখনকৈ গাড়ী চলাচল কৰে। যিকোনো ডাঙৰ মহানগৰত গাড়ীৰ গড় গতিবেগ ঘণ্টাত মাত্ৰ ৫ কিলোমিটাৰ। ভাৰতীয় পথসমূহত অতিমাত্ৰা ভিৰ হোৱাৰ ফলত সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় ডাঙৰ সমস্যাৰ সৃষ্টি হয়। এই বাহনসমূহে পথত অধিক সময় কটোৱাৰ ফলত কাৰ্বন ধোঁৱা নিৰ্গত কৰে আৰু ভয়ংকৰ যান-জটৰো সৃষ্টি কৰে।
ডুবাইৰ বুৰ্জুমান মলত ৭৭ তম ভাৰতীয় স্বাধীনতা দিৱস উদযাপন কৰাৰ এক দৃশ্য
বহু লোকে অভাৱনীয় যান-জঁটৰ বাবে বিমানবন্দৰ আৰু সভা-সমিতিত সময়মতে উপস্থিত হ'ব নোৱাৰে। বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ ভিতৰত সৰ্বাধিকসংখ্যক চহৰ আছে ভাৰতবৰ্ষত। পথৰ দুৰাৱস্থাই যথেষ্ট নহয়, ৰাজহুৱা আন্তঃগাঁথনিৰ দূৰ্বল স্থিতি, যন্ত্ৰণাদায়ক আমোলাতন্ত্ৰ আৰু প্ৰশাসনে মানৱ বুদ্ধিমত্তা আৰু পুঁজি দুয়োটাৰে পলায়নৰ বাট মুকলি কৰিছে। প্ৰায় সকলো চহৰতে অকৰ্তৃত্বশীল নিৰ্মাণৰ লগতে উদ্যান, খেলপথাৰ আনকি ফুটপাথৰ দৰে ৰাজহুৱা স্থান বেদখলে স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি সচেতন নাগৰিকৰ জীৱন অসহ্যকৰ কৰি তুলিছে। ফুটপাথক ফুড মাৰ্টলৈ ৰূপান্তৰিত কৰা হৈছে। তথাপিও এই ব্যৱস্থা ভংগ কৰাৰ বাবে কেতিয়াও কোনো জ্যেষ্ঠ চৰকাৰী বিষয়া বা আৰক্ষী বিষয়াক দায়িত্ব দিয়া হোৱা নাই।
কোনো সীমা নোহোৱাকৈ মন্দিৰ-মছজিদৰ পৰা কোলাহলপূৰ্ণ ধৰ্মধ্বনি আৰু প্ৰাৰ্থনাইও বহু নাগৰিকক অতিষ্ঠ কৰে। প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছতে আৰম্ভ কৰা স্বচ্ছ ভাৰতৰ দৰে শক্তিশালী অভিযানকো বহু স্থানত ভেঙুচালি কৰা হৈছে। তদুপৰি ৰাজনৈতিক নেতাসকলে নিজৰ ভোট বেংক ৰক্ষা কৰিবলৈ দৃষ্টিকটূ তৰ্ক-বিতৰ্কত লিপ্ত হয় আৰু সাধাৰণ জনতাই ইয়াৰ বোজা বহন কৰিবলগীয়া হয়। পৰিচয় আৰু প্ৰাপ্যতাৰ যুঁজখনে ৰাষ্ট্ৰীয় ৰাজনীতিৰ দিশ নিৰ্ধাৰণ কৰাৰ লগে লগে সু-শাসন এক প্ৰহসনত পৰিণত হয়। স্থৰিব হৈ পৰা আইনী ব্যৱস্থা আৰু একাধিক কৰ ব্যৱস্থাৰ সৈতে সাঙুৰ খাই এই ধনী ভাৰতীয়সকলৰ বাবে ভাৰত এক জীয়াই থাকিব নোৱাৰা স্থানত পৰিণত হৈছে।
সেয়ে, ইকবালৰ জনপ্ৰিয় গীত—“ছাৰে জাহা সে আচ্ছা, হিন্দুস্তান হামাৰা” এতিয়া অতীতৰ সপোন হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰত চৰকাৰৰ সন্মুখত দেশৰ প্ৰতিভা আৰু ধন বিকশিত আৰু সুৰক্ষিত ভাৰতৰ বাবে ধৰি ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।