বিশ্ব চকলেট দিৱসঃ মাইমুনা ছাইদৰ পৰা শিকক ঘৰতে সোৱাদযুক্ত ফল আৰু বাদামৰ চকলেট বনোৱাৰ কৌশল

Story by  atv | Posted by  [email protected] • 2 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
অনিকা মহেশ্বৰী/ নতুন দিল্লী

কেৱল শিশুৰেই নহয়, ডেকা-বুঢ়াৰ বাবেও চকলেট প্ৰথম পছন্দ হৈ পৰিছে। এতিয়া উৎসৱৰ দিনতো মিঠাইৰ সলনি চকলেটৰ গিফ্ট পেক দিয়া আৰম্ভ হৈছে। চকলেটৰ এই জনপ্ৰিয়তাৰ বাবেই সমগ্ৰ বিশ্বতে ৭ জুলাইত বিশ্ব চকলেট দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত মাইমুনা ছাইদৰ পৰা শিকিব আৰু ঘৰতে বনাব Crunchy Fruit and Nut Chocolate।
 
২৭ বছৰীয়া মাইমুনা ছাইদে ২০১৮ চনত তেওঁৰ বেকাৰী ‘কেণ্ডি লিচিয়াছ কেকছ কুকিজ’ আৰম্ভ কৰিছিল। মাইমুনাই দিল্লী ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি (ডি আই এইচ এম)ৰ পৰা খাদ্য উৎপাদনৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। তাৰ পিছত এতিয়া তেওঁ নিজৰ বেকাৰীত চকলেট, কেক, ব্ৰাউনি, কাপকেক আদি সামগ্ৰী প্ৰস্তুত কৰে আৰু এইবোৰ ৰাইজে যথেষ্ট পচন্দ কৰিছে। 
 
মাইমুনাৰ বেকাৰী জামিয়াত অৱস্থিত আৰু তেওঁ অনলাইনৰ লগতে অফলাইন অৰ্ডাৰ লয় আৰু মাক জৈনাব আৰু ভাতৃ ৱালীয়েও ঘৰতে সহায় কৰে।
 
বিশ্ব চকলেট দিৱস উপলক্ষে মাইমুনা ছাইদে 'আৱাজ দ্য ভইচ'ৰ সৈতে চকলেট বনোৱাৰ ৰেচিপি শ্বেয়াৰ কৰিছে। এই সহজ পদ্ধতিৰে আপুনি ঘৰতে বজাৰৰ দৰে চকলেট প্ৰস্তুত কৰিব পাৰিব। কম টকা খৰচ কৰি ঘৰতে সোৱাদযুক্ত ফল আৰু বাদামৰ চকলেট সহজে বনাব পাৰি। কোনো পলম নকৰাকৈ আমি ইয়াৰ ৰেচিপিৰ বিষয়ে জানো আহক।
 
 
Fruit and Nut Chocolate বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহঃ
 
এই পদ্ধতিৰ বাবে আপোনাক বাদাম, শুকান ফল, গাখীৰ, চকলেট ব্ৰিক (বগা আৰু বাদামী) আৰু মোল্ডছৰ প্ৰয়োজন হ’ব।
 
ঘৰতে সুস্বাদু ফল আৰু বাদামৰ চকলেট বনাওকঃ

Fruit and Nut Chocolate বনাবলৈ প্ৰথমে চেৰী আৰু কিচমিচৰ বাহিৰে সকলো শুকান ফল লাহে লাহে ৰোষ্ট কৰি ঠাণ্ডা হোৱাৰ পিছত সৰু সৰুকৈ কাটি লওক। এটা ডাঙৰ বাটিত মিল্ক চকলেট আৰু ডাৰ্ক চকলেট মিশ্ৰণ কৰি ইয়াত মাখন দি ডাবল বয়লাৰ পদ্ধতিৰে গলিবলৈ দিয়ক।
 
চকলেট ভালদৰে গলিলে গেছৰ পৰা আঁতৰাই তাত কটা শুকান ফল আৰু বাদাম দিব। আপোনাৰ প্ৰিয় ডিজাইনৰ ছিলিকন মল্ড এটা লৈ চকলেট মিশ্ৰণেৰে ভৰাই ফ্ৰীজত কমেও দুঘণ্টা ৰাখিব।
 
ইয়াৰ পিছত আপোনাৰ সুস্বাদু চকলেট পৰিবেশনৰ বাবে সাজু হয়।
 
 
উল্লেখ্য যে, ২০০৯ চনৰ পৰা প্ৰতি বছৰৰ ৭ জুলাইত বিশ্ব চকলেট দিৱস পালন কৰা হয়। বজাৰত বহু ধৰণৰ চকলেট সহজে পোৱা যায়। জন্মদিন বা আন যিকোনো আনন্দদায়ক অনুষ্ঠানত মানুহে প্ৰায়ে চকলেট খাই বা চকলেট কেক আৰু পানীয়ৰ সৈতে উদযাপন কৰে। ভাল চকলেট খোৱাটো স্বাস্থ্যৰ বাবেও বহু উপকাৰী। 
 
চকলেট খোৱাটো হৃদ যন্ত্ৰৰ বাবে যথেষ্ট উপকাৰী। ই হতাশাৰ পৰা সকাহ দিয়ে, কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে, চৰ্দি আৰু কাহ প্ৰতিৰোধ কৰে।