দীঘলীয়া, সুস্থ আৰু ৰোগমুক্ত জীৱনৰ বাবে ৩টা শক্তিশালী টিপছ দিলে ১২৯ বছৰীয়া পদ্মশ্ৰী স্বামী শিৱানন্দই

Story by  atv | Posted by  Munni Begum • 2 d ago
 স্বামী শিৱানন্দই পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ এক মূহুৰ্ত
স্বামী শিৱানন্দই পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ এক মূহুৰ্ত
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
দীঘলীয়া, সুস্থ আৰু ৰোগমুক্ত জীৱন সকলোৰে কাম্য। সকলোৱে নিজকে সুস্থ ৰাখি দীঘলীয়া সময়লৈ জীয়াই থাকিব বিচাৰে। কিন্তু জীৱনশৈলীৰ জড়িত বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱে বৰ্তমান সময়ত মানুহৰ শৰীৰ ৰুগীয়া কৰি তুলিছে। এনে সময়তে এটা দীঘলীয়া, সুস্থ আৰু ৰোগমুক্ত জীৱনৰ বাবে ৩টা শক্তিশালী টিপছ দিছে ১২৯ বছৰীয়া এগৰাকী ব্যক্তিয়ে। 
 
১৮৯৬ চনৰ ৮ আগষ্টত জন্ম গ্ৰহণ কৰা এই ব্যক্তিগৰাকীৰ নাম হৈছে স্বামী শিৱানন্দ। শতায়ু গৰকা ব্যক্তি আমাৰ সমাজত প্ৰায় নোহোৱাৰ দৰেই হৈছে যদিও স্বামী শিৱানন্দই ১২৯ বছৰ বয়সতো সক্ৰিয় জীৱন-যাপন কৰি আছে। ইয়াৰ একমাত্ৰ ৰহস্য হৈছে নিয়মীয়া যোগাসন। ১২৯ বছৰীয়া বৃদ্ধগৰাকীয়ে ছয় বছৰ বয়সতে পিতৃ-মাতৃ উভয়কে হেৰুৱাই দিশহাৰা হৈছিল। সেই সময়ত তেওঁক আত্মীয়ই মৰম-চেনেহেৰ লালন-পালন কৰে আৰু তাৰ পিছত তেওঁ বাৰাণসীলৈ যায়।
 
পদ্মশ্ৰী স্বামী শিৱানন্দই যোগাসন কৰি থকা এক দৃশ্য
 
পদ্মশ্ৰী সন্মানেৰে বিভূষিত স্বামী শিৱানন্দই যোৱা প্ৰায় ১০০ বছৰ ধৰি প্ৰয়াগৰাজ, নাছিক, উজ্জেইন আৰু হৰিদ্বাৰৰ কুম্ভমেলাত অংশ লৈ আহিছে। ২০২২ চনৰ ২১ মাৰ্চত তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰাৰ সময়ত ৰাষ্ট্ৰপতি ভৱনে স্বামী শিৱানন্দৰ বয়স ১২৫ বছৰ বুলি নিশ্চিত কৰিছিল।
 
সম্প্ৰতি কুম্ভমেলাৰ সংগম লৱাৰ ৰোডৰ শিবিৰৰ বাহিৰত থকা এখন বেনাৰত স্বামী শিৱানন্দৰ আধাৰ কাৰ্ডখন প্ৰদৰ্শিত হৈছে, য’ত তেওঁৰ জন্ম তাৰিখ ১৮৯৬ চনৰ ৮ আগষ্ট বুলি সন্নিবিষ্ট কৰা হৈছে। স্বামী শিৱানন্দই পুৱাৰ সময়ছোৱাত নিজৰ কোঠাত যোগ আৰু ধ্যানত মগ্ন হৈ থাকে যদিও তেওঁৰ অনুগামীসকলে তেওঁক দৰ্শন কৰিবলৈ বাহিৰত আগ্ৰহেৰে অপেক্ষা কৰি থাকে।
 
বাতৰি অনুসৰি, শিৱানন্দই গিনিজ বুক অৱ ৰেকৰ্ডৰ বাবে আবেদন দাখিল কৰিছিল যাতে তেওঁ বিশ্বৰ আটাইতকৈ বয়সীয়াল মানুহ বুলি প্ৰমাণপত্ৰ লাভ কৰে। তেওঁৰ এখন পাছপ’ৰ্ট আছে, আৰু ভাৰতীয় বিষয়াসকলে দাবী কৰে যে ই বৈধ। অৱশ্যে তেওঁলোকে কয় যে তেওঁৰ প্ৰকৃত বয়স নিৰ্ণয় কৰাটো কঠিন। উল্লেখ্য যে, শিৱানন্দৰ জন্ম হৈছিল বাৰাণসীত, য’ত তেওঁ শৈশৱ অতি দৰিদ্ৰতাত কটায় আৰু কম বয়সতে সন্ন্যাসী হৈ পৰে।
 
পদ্মশ্ৰী স্বামী শিৱানন্দই যোগাভ্যাসৰ প্ৰশিক্ষণ দিয়াৰ এক দৃশ্য
 
শেহতীয়াকৈ কলকাতাত দুঘণ্টা যোগাভ্যাসৰ প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁ নিজৰ অনুশাসিত জীৱনশৈলীক লৈ কয়, "মই এটা সহজ আৰু অনুশাসিত জীৱন কটোৱাৰ সিদ্ধান্ত লৈছিলো। মই অতি সাধাৰণ খাদ্য খাওঁ, যেনে- শাক-পাচলিৰ সৈতে চৰ্বি আৰু মছলাবিহীন সিজোৱা খাদ্য।”
 
অনলাইনত আপলোড কৰা এটা ভিডিঅ’ত ১২৮ বছৰ বয়সীয়া সন্ন্যাসীগৰাকীয়ে তেওঁৰ জীৱনৰ উদ্দেশ্যৰ বিষয়ে কয়, "মই এক ৰোগমুক্ত জীৱন কটাই আছো, গতিকে মই বিচাৰো সকলোৱে ৰোগমুক্ত জীৱন এটা জীয়াই থাকক।" তেওঁ দীৰ্ঘ জীৱন যাপনৰ বাবে তিনিটা গোপন কথাও প্ৰকাশ কৰে। সেয়া হৈছেঃ সোনকাল শুই উঠা, সীমিত খাদ্য খাই সু-নিয়ন্ত্ৰিত জীৱন-যাপন কৰা, আৰু জিভাক নিয়ন্ত্ৰণত ৰাখি এটা সু-অনুশাসিত জীৱন কটোৱা।
 
বয়স বৃদ্ধি হোৱাৰ পিছতো শিৱানন্দৰ চেহেৰাত বয়সৰ চাপ পৰা নাই। এতিয়াও তেওঁক কম বয়সীয়া ব্যক্তি যেন লাগে। তেওঁ সদায় প্ৰচাৰৰ পৰা আঁতৰত থাকিবলৈ সক্ষম হৈছে আৰু বন্ধু-বান্ধৱ আৰু অনুগামীৰ জোৰতহে গিনিজ বুক অৱ ৰেকৰ্ডৰ স্বীকৃতিৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত লৈছে। 
 
পদ্মশ্ৰী স্বামী শিৱানন্দই যোগাসন কৰি থকা এক দৃশ্য
 
শৰীৰত কোনো স্বাস্থ্যজনিত জটিলতা নথকা শিৱানন্দই এটা স্বাধীন জীৱন কটায় আৰু এতিয়াও ৰেলেৰে ভ্ৰমণ কৰে। বিদ্যুৎ, গাড়ী, টেলিফোন আদিৰ দৰে সা-সুবিধা অবিহনে ডাঙৰ হোৱা শিৱানন্দই কয় যে তেওঁ প্ৰযুক্তিৰ জগতখনক ভাল নাপায়; তেওঁ ইয়াৰ পৰিৱৰ্তে এক অতি সহজ জীৱন যাপন কৰে। খবৰ অনুসৰি, তেওঁ বাৰানাসীৰ দুৰ্গকুণ্ডৰ কবীৰ নগৰত থাকে। মহা কুম্ভমেলাত প্ৰবাস সম্পূৰ্ণ কৰাৰ পিছত শিৱানন্দ ঘৰলৈ উভতি যাব। 
 
সামৰণিত ক’ব পাৰি যে, ১২৯ বছৰলৈ জীয়াই থকা স্বামী শিৱানন্দৰ জীৱনটো কঠোৰ অনুশাসন, সৰলতা আৰু যোগৰ শক্তিৰ এক জীৱন্ত প্ৰমাণ। কুম্ভমেলাত তেওঁৰ নিৰন্তৰ অংশগ্ৰহণ আৰু এক সুস্থ, ৰোগমুক্ত জীৱনশৈলীৰ প্ৰতি তেওঁৰ সমৰ্পণে স্বামী শিৱানন্দক এক প্ৰেৰণাদায়ক ব্যক্তি হিচাপে পৰিগণিত কৰিছে।