আৱাজ দ্য ভইচ অসম ব্যুৰ'
মানুহৰ গড় আয়ুস সাধাৰণতে ৭০ৰ পৰা ৮০ বছৰৰ ভিতৰত যদিও বেছিভাগ মানুহে ইয়াৰ প্ৰায় এক দশক আগতেই নিজৰ শৰীৰত শাৰীৰিক আৰু মানসিক ক্লান্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ উপস্থিতি সহজলভ্য হৈ পৰে আৰু সজীৱতা বজাই ৰখাটো মানুহৰ বাবে ক্ৰমান্বয়ে এক জটিল যুদ্ধত পৰিণত হয়। কিন্তু শতায়ু গৰকা এগৰাকী চীনা মহিলাই সকলো শাৰিৰীক প্ৰত্যাহ্বানক নেওচি সমগ্ৰ বিশ্বৰ স্বাস্থ্য সচেতন লোকৰ বাবে আদৰ্শ হৈ পৰিছে।
চীনৰ ছিচুয়ান প্ৰদেশৰ নানচাঙৰ কিউ চাইছি (Qiu Chaishi)য়ে ১ জানুৱাৰীত ১২৪ সংখ্যক জন্মদিন উদযাপন কৰে। ১৯০১ চনত জন্মগ্ৰহণ কৰা কিউৱে চীনৰ ইতিহাসৰ এক শতিকাৰো অধিক সময় দেখিছে, য’ত তেওঁ কিং বংশ আৰু আধুনিক চীনৰ উত্থানৰ সাক্ষী হৈছে। চীনৰ বাহিৰত তেওঁৰ বয়স আনুষ্ঠানিকভাৱে পৰীক্ষা কৰা হোৱা নাই যদিও দেশখনৰ ঘৰুৱা পঞ্জীয়ন ব্যৱস্থা হুকৌ ব্যৱস্থাত তেওঁৰ জন্ম তাৰিখ লিপিবদ্ধ কৰা হৈছে বুলি দ্য ষ্টাৰ সংবাদপত্ৰই প্ৰকাশ কৰিছে।
ছয়টা প্ৰজন্ম অতিক্ৰম কৰা কিউৰ পৰিয়ালে তেওঁক অঞ্চলটোৰ অন্যতম বয়সীয়াল জীৱিত ব্যক্তি হিচাপে গণ্য কৰে। তেওঁৰ বিস্তৃত পৰিয়ালৰ ভিতৰত আছে তেওঁৰ ৬০ বছৰীয়া নাতিনী আৰু তেওঁৰ আঠ মহীয়া প্ৰপৌত্ৰ।
উল্লেখ্য যে, এইধৰণৰ দীঘলীয়া আৰু সুস্থ জীৱন যাপনৰ বাবে কঠোৰ জীৱনশৈলী বজাই ৰাখিবলৈ সক্ৰিয় প্ৰচেষ্টাৰ প্ৰয়োজন। দ্য ষ্টাৰক জনোৱা মতে, কিউ চাইছি এতিয়াও সক্ৰিয় হৈয়েই আছে, প্ৰতিদিনে তেওঁ তিনিবাৰকৈ আহাৰ গ্ৰহণ কৰে। খাদ্যৰ গ্ৰহণৰ পিছত ভাল হজম শক্তিৰ বাবে তেওঁ নিতৌ খোজ কাঢ়ে। কিউৱে লগতে উল্লেখ কৰিছে যে তেওঁ প্ৰতিদিনে সন্ধিয়া ৮ বজাৰ ভিতৰত শুই যায়।
শৰীৰত বয়সৰ চাপ (প্ৰতিনিধিত্বমূলক ফটো)
এনে সুস্থ জীৱন অনুসৰণ কৰি ১২৪ বছৰ বয়সতো কিউৱে দৈনন্দিন জীৱনৰ অধিকাংশ কাম নিজেই কৰি আছে। এতিয়াও তেওঁ নিজে চুলি ফণিওৱা, জুই জ্বলোৱা, চৰাইক খাদ্য আগবঢ়োৱা আদি কামবোৰ কৰি আছে। আনকি তেওঁ সহজেই চিৰিও বগাব পাৰে। কিউৱে সংবাদ প্ৰতিষ্ঠানটোক জনাইছে যে খাদ্যৰ তালিকাত তেওঁ lard rice, porridge, ৰঙালাও, পানীলাও, কোমোৰা আৰু গুৰি কৰা কৰ্ণ আদি সৰহকৈ গ্ৰহণ কৰে। ডাক্তৰৰ পৰামৰ্শ অনুসৰি তেওঁ ইয়াক পৰিমিতভাৱে খায়।
কিউ নামৰ এই মহিলাগৰাকীয়ে জীৱনকালত চীনক ৰাজতন্ত্ৰৰ পৰা চীন গণৰাজ্যলৈ পৰিৱৰ্তন হোৱা দেখিছে। সেই সময়ৰ কথা মনত পেলাই কিউৱে কয় যে তেওঁৰ জীৱনটো কষ্টৰে ভৰা আছিল, আৰু সেই সময়ত বহু লোক অনাহাৰে মৃত্যুবৰণ কৰিছিল আৰু তেওঁ প্ৰায়ে পাহাৰত বনৰীয়া শাক-পাচলি বিচাৰিছিল। বিয়াৰ আগতে কিউৱে নিজৰ গাঁৱত হিচাপ-নিকাচৰ দক্ষতা আৰু উল্লেখযোগ্য শাৰীৰিক শক্তিৰ বাবে সুপৰিচিত আছিল। তেওঁ সাধাৰণতে পথাৰত হাল বোৱা আৰু শিল ডঙাৰ দৰে প্ৰত্যাহ্বানমূলক খেতিৰ কামবোৰ চম্ভালিছিল।
কিন্তু ৪০ বছৰ বয়সত কিউৰ স্বামীৰ হঠাতে মৃত্যু হোৱাৰ ফলত তেওঁ অকলে চাৰিটা সন্তানক ডাঙৰ-দীঘল কৰিবলৈ বাধ্য হয়। কিউৱে আশা হেৰুৱাব পৰা নাছিল আৰু সকলো কষ্ট সহ্য কৰি নিজৰ সন্তানক মৰ্যাদাৰে ডাঙৰ-দীঘল কৰিছিল। কিন্তু জীৱনটো সুন্দৰভাৱে আগুৱাই নিয়াৰ সময়তে তেওঁ ডাঙৰ পুত্ৰৰ মৃত্যুৰ সাক্ষী হ’বলগীয়া হয়। ইয়াৰ পিছত কিউৰ বোৱাৰীয়েকে পুনৰ বিয়া হয় আৰু তেওঁ এগৰাকী কন্যা সন্তানক এৰি থৈ যায়। কন্যা সন্তানটোক আইতাক কিউৱে ডাঙৰ-দীঘল কৰিছিল। বহু বছৰ পিছত নাতিনীজনীয়েও স্বামীক হেৰুওৱাত কিউ আন এক কষ্ট সহ্য কৰিবলগীয়া হয়।
এতিয়া কিউৱে নাতিনীয়েকৰ সৈতে নানচঙত (Nanchong) থাকে। ১০০ বছৰ অতিক্ৰম কৰাৰ পিছত তেওঁৰ শৰীৰৰ অৱনতি ঘটিছে যদিও কিউৰ বুদ্ধিমত্তা আৰু বিচক্ষণতা এতিয়াও একেই আছে। দীৰ্ঘজীৱনৰ বিষয়ে মন্তব্য কৰি কিউৱে কয়, “মোৰ ভাই-ভনী, স্বামী আৰু পুত্ৰৰ বহু আগতেই মৃত্যু হৈছে। নৰকৰ ৰজাই নিশ্চয় মোক পাহৰি গৈছে আৰু মোক নিব নোৱাৰে!”
কিউৱে বিশ্বাস কৰে যে তেওঁৰ দীৰ্ঘ জীৱনৰ ৰহস্য হৈছে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী ৰখা। অৱশ্যে নানচঙত থকা শতায়ু গৰাকী ব্যক্তি তেঁৱে একমাত্ৰ নহয়। খবৰ অনুসৰি কেৱল নানচাঙতে প্ৰায় ৯৬০ জন শতবৰ্ষীয় লোকে বাস কৰে।