অসমীয়া ভাষাত হজৰত মহম্মদ চৰ্চা কৰা এজন প্ৰাক্তন মুখ্যমন্ত্ৰী

Story by  atv | Posted by  Munni Begum • 1 d ago
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ
 
আব্দুৰ ৰছিদ চৌধুৰী
 
অসমীয়া জীৱনী সাহিত্য বহু চহকী। গুৰু চৰিতৰ পৰা আৰম্ভ কৰি ইয়াৰ দীঘলীয়া ইতিহাস। এই জীৱনী সাহিত্যৰ এটা বৃহৎ অংশ ইছলামীয় জীৱনীসমূহ। এই জৱনীসমূহেও অসমীয়া জীৱনী সাহিত্যৰ বিকাশৰ সাক্ষী। ইছলামী জীৱনী বিশেষকৈ হজৰত মহম্মদ আৰু তেওঁৰ চাৰি খলিফাৰ জীৱনীসমূহে অসমীয়া ভাষাক সমৃদ্ধ কৰিছে। অসমীয়া ভাষাত এইধৰণৰ জীৱনী ৰচনা কৰাৰ লগতে ইয়াৰ বাট মুকলি কৰিছিল অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে। তেওঁ অসমীয়া ভাষাত হজৰত মহম্মদৰ প্ৰথমখন জীৱনী ৰচনা কৰিছিল। তেওঁ হ’ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ।
 
ভাৰত ত্যাগ আন্দোলনৰ ভৰপক সময়। ১৯৪২ চন। গোপীনাথ বৰদলৈ তেতিয়া কাৰাগাৰত। সেই সময়ত শিশুসকলৰ বাবে তেওঁ কেইখনমান জীৱনী গ্ৰন্থ ৰচনা কৰে। তাৰে এখনৰ নাম ‘হজৰত মহম্মদ’। ইয়াৰ প্ৰায় কুৰি বছৰ পিছত ষাঠিৰ দশকত আব্দুছ ছত্তাৰে বিশ্বনবী আৰু ইছলাম নামৰ এখন পুথি ৰচনা কৰিছিল। অসমীয়া ভাষাত ইছলামীক পণ্ডিতসকলে হজৰত মহম্মদৰ জীৱনী ৰচনা কৰিছে। তেনে জীৱনীৰ সংখ্যা ক’ম নহয়। এই প্ৰসংগ আজিলৈ কৰিছোঁ। 
 
হজৰত মহম্মদ আৰু তেওঁৰ চাৰি খলিফাৰ জীৱনীমূলক গ্ৰন্থ
 
ঐতিহাসিকভাৱে অসমীয়া ভাষাত ৰচনা কৰা হজৰত মহম্মদৰ প্ৰথম জীৱনীখন গোপীনাথ বৰদলৈয়ে ৰচনা কৰা। তেওঁ শিশুসকলৰ বাবে এই গ্ৰন্থখন ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনী কেইখন আৰম্ভ কৰিছে, ‘মৰমৰ বাপা’ বা ‘বাপা’ বুলি। হজৰত মহম্মদ ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াত তেওঁ আৰম্ভ কৰিছে, “বাপা, এতিয়া মই তোমালোকক ইছলাম ধৰ্মৰ প্ৰচাৰক মহম্মদ ৰছুলৰ জীৱনী সম্বন্ধে চমুকৈ ক’ম”।
 
ইয়াৰ পূৰ্বে তেওঁ শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখৃষ্টৰ জীৱনী ৰচনা কৰিছে। হজৰত মহম্মদৰ জীৱনীৰ আৰম্ভণিতে তেওঁ আন কেইজন মহাপুৰুষৰ জীৱনীসমূহত অনেক অভৌতিক আৰু আচৰিত কথা উল্লেখ থকা বুলি কৈছে। হজৰত মহম্মদৰ জীৱনীতো কিছুমান লোকে তেনে কথা সংযোগ কৰিছে যদিও তেওঁৰ জীৱনী আন মহাপুৰুষ সকলৰ তুলনাত বেছি ঐতিহাসিক বুলি তেওঁ স্বীকাৰ কৰিছে। তেওঁৰ ভাষাত, “. . . পণ্ডিতসকলে লেখা মহম্মদ ৰছুলৰ জীৱন আগৰ যুগৰ মহাপুৰুষসকলতকৈ বেছি বুৰঞ্জীমূলক বুলি ক’ব পাৰি”।
 
পুথিখনত গোপীনাথ বৰদলৈয়ে হজৰত মহম্মদে জন্মগ্ৰহণৰ পৰা আৰম্ভ কৰি ধৰ্ম প্ৰচাৰ কৰা, দেশ পৰিচালনা কৰা আৰু মৃত্যুলৈ তেওঁৰ জীৱনৰ সকলোবোৰ দিশ সামৰি লৈছে। ধৰ্ম প্ৰচাৰ আৰম্ভ কৰাৰ পৰা মদিনালৈ গমন কৰাৰ সময়লৈ তেওঁ কিদৰে লাঞ্চিত হ’ব লগা হৈছিল, সেই বিষয়ে তেওঁ সুন্দৰকৈ বৰ্ণনা কৰিছে। এই সময়ছোৱাত হজৰত মহম্মদে কি অসীম ধৈৰ্যৰ পৰিচয় দাঙি ধৰিছে, তাৰো বৰ্ণনা তেওঁ দিছে। ইয়াৰ পৰা আমি ধৈৰ্যৰ পাঠ যে গ্ৰহণ কৰিব পাৰোঁ তাকো তেওঁ উল্লেখ কৰিছে। 
 
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ
 
ইয়াৰ বিপৰীতে তেওঁ শত্ৰুৰ কোনো দিনে কটু কথা ব্যৱহাৰ কৰা যে নাছিল সেই কথা উল্লেখ কৰিছে। এই বিষয়ে তেওঁ লিখিছে, “ইয়াতকৈও শলাগিবলগীয়া কথা হ’ল তেওঁৰ নিজৰ বিৰুদ্ধবাদী আৰু শত্ৰুসকলৰ লগত ব্যৱহাৰ। পাপী কুৰেইশ্ববোৰে তেওঁক কেনে নিষ্ঠুৰ ব্যৱহাৰ কৰিছিল তাক তোমালোকে পঢ়িলা। কিন্তু তেওঁ এই শত্ৰুবিলাকক এদিনো কটু কথা কোৱা নাছিল। হজৰত মহম্মদে যি শাসন কৰিছিল তাত জোৰ-জুলুমৰ স্থান একেবাৰে নাছিল। আলাপ-আলোচনা, চুক্তি আৰু বিচাৰৰ মাজেৰে শাসন কৰিছিল তেওঁ। তেওঁ লিখিছে, “চুক্তি আলোচনা আৰু বিচাৰৰ দ্বাৰা এই ৰাজ্য চলোৱা হৈছিল। জোৰ-জুলুমৰ ইয়াত স্থান নাছিল”। 
 
তেওঁৰ ৰাজ্যত সকলোৰ বাবে সুৰক্ষাৰ ব্যৱস্থা আছিল। কিন্তু ৰাজ্য পৰিচালনাৰ বাবে তেওঁ অহিংসা নীতি ত্যাগ কৰিব লগীয়া হৈছিল। এই ক্ষেত্ৰত গোপীনাথ বৰদলৈদেৱে মহামানৱ মহাত্মা গান্ধীৰ কথাৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰিছে। তেওঁ গান্ধীজীৰ উদ্ধৃতিৰে লিখিছে, “ . . . মোৰ দৃঢ় বিশ্বাস হ’ল যে তৰোৱালৰ‌ শক্তিৰ দ্বাৰাই ইছলামে সেই সময়ত মানুহৰ হৃদয়ত স্থান পোৱা নাই। ইয়াৰ কাৰণ আছিল পয়গম্বৰৰ সম্পূৰ্ণ অহংকাৰশূন্য ভাব, প্ৰতিজ্ঞা পালনৰ প্ৰতি দৃঢ়তা, তেওঁৰ সংগী আৰু অনুচৰসকলৰ প্ৰতি তীব্ৰ প্ৰেম, নিজৰ দক্ষতা, নিৰ্ভীকতা আৰু ঈশ্বৰ, আৰু তেওঁৰ জীৱনৰ ব্ৰতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস। এইবোৰে তেওঁৰ সমস্ত বিঘিনি নাশ কৰিছিল- তৰোৱালে নহয়”।
 
পুথিখনৰ শেষৰ ফালে তেওঁ নিজে দেখা আৰু ইছলামৰ নামত আনৰ ওপৰত কৰা জোৰ-জুলুমৰ প্ৰসংগ উত্থাপন কৰিছে। মুছলমান লোকে আন ধৰ্মৰ লোকৰ প্ৰতি বিৰোধ ভাব পোষণ কৰি হিংসাৰ আশ্ৰয় লোৱা তেওঁ দেখিছে। যিটো সম্পূৰ্ণ ইছলাম বিৰোধী কাৰ্য সেই প্ৰসংগত বৰদলৈ দেৱে লিখিছে, “ . . . প্ৰকৃততে এই বিৰোধৰ মূল হ’ল স্বাৰ্থপৰতা। ধৰ্ম মনা আৰু ধৰ্মত বিশ্বাস থকা মানুহৰ মাজত কেতিয়াও কাজিয়া হ’ব নোৱাৰে। . . . প্ৰত্যেক দেশতেই কিছুমান মৌলানা আৰু ধৰ্মযাজক আছে, যিসকলে নিজৰ ধৰ্মটো ডাঙৰ দেখুৱাবলৈ গৈ আনৰ ধৰ্মক আৰু আন ধৰ্মাৱলম্বী লোকক হেয় আৰু ঘৃণাৰ পাত্ৰ কৰিবলৈ চেষ্টা কৰে”। তেওঁৰ মতে এইবোৰ হৈছে বিবাদৰ কাৰণ।
 
প্ৰাচীনকালৰ কাবা শ্বৰীফৰ এক দৃশ্য
 
তেখেতৰ আন কেইখন জীৱনীৰ লেখীয়াকৈ ‘হজৰত মহম্মদ’ৰ ভাষা সহজ। ইয়াত তেওঁ শিশুৰ উপযোগী ভাষা তেওঁ ব্যৱহাৰ কৰিছে। তেওঁৰ আন কেইখন জীৱনীৰ দৰে হজৰত মহম্মদৰ জীৱনী প্ৰতিজন অসমীয়াই পঢ়া উচিত। ইয়াৰ জৰিয়তে আমি কেৱল হজৰত মহম্মদৰ জীৱন সম্পৰ্কে যে জানিব পাৰিম এনে নহয়, ইয়াৰ দ্বাৰা আমি গোপীনাথ বৰদলৈৰ সাহিত্য প্ৰতিভা আৰু তেওঁৰ ধৰ্ম নিৰপেক্ষতা মনোভাৱৰ লগতো পৰিচয় লাভ কৰিব পাৰিম।
 
(লেখক এগৰাকী সহকাৰী শিক্ষক, আনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়)