পল্লব ভট্টাচাৰ্য্য
চাওঁতে চাওঁতে ২০২৪ বৰ্ষৰ যৱনিকা পৰাৰ মূহুৰ্ত সমাগত। এই বছৰটোত অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত সংঘটিত বিভিন্ন ইতিবাচক আৰু নেতিবাচক ঘটনাৰ পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে। বহুত্ববাদৰ প্ৰতিভূ উত্তৰ-পূব দেশৰ অন্য ৰাজ্যৰ দৰে ক্ৰমাগতভাবে বিশ্বায়ণৰ প্ৰভাৱত পৰি যথেষ্ট পৰিৱৰ্তনৰ মুখামুখি হৈছে। সমাজ ব্যৱস্থাৰ আমূল পৰিবৰ্তন সকলো দিশতে বহিঃপ্ৰকাশ ঘটিছে।
অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেন্ড, ছিক্কিম আৰু ত্ৰিপুৰা ৰাজ্যৰে গঠিত আৰু ৮৮.০১ পূব আৰু ৯৭.৪১ পূব দ্ৰাঘিমা আৰু ২১.৯৪ উত্তৰ আৰু ২৯.৪৭ উত্তৰ অক্ষৰেখাৰে সংপৃক্ত এই বৃহৎ ভূখণ্ড বৈচিত্ৰময় স্থল, জলবায়ু, জনগণ, ভাষা আৰু সংস্কৃতিৰ এক অভূতপূৰ্ব সংগমস্থল। এই অঞ্চল ভাৰত-ব্ৰহ্মদেশীয় আৰু হিমালয় জৈৱ-বৈচিত্ৰময় হটস্পটৰ এক অবিচ্ছেদ্য অংশ।
আনুপাতিকভাৱে ভাৰত ভূখণ্ডৰ ৮% কিন্তু ভাৰতৰ জনসংখ্যাৰ কেবল ৪%ৰ বাসভুমি এই অঞ্চলৰ বিদেশী ৰাষ্ট্ৰৰ সৈতে থকা ভৌগোলিক অৱস্থানৰ বাবে এক কৌশলগত গুৰুত্ব সদা বিদ্যমান। ম্যানমাৰ, চীন আৰু বৰ্তমান চৰ্চাত থকা বাংলাদেশৰ সীমাত অৱস্থিত এই অঞ্চল বিশ্বায়ণৰ এই যুগত ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
১৮ বছৰীয়া গোকেশ দম্মাৰাজুৰ দবা খেলত ১২-১২-২৪ তাৰিখে দিং লীৰেণক পৰাজিত কৰি বিশ্ব দবাখেলত বিজয় মুকুট পোৱাতো দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক প্ৰেৰণাদায়ক মূহুৰ্ত।
বিগত সময়চোৱাৰ প্ৰথমে বিয়োগাত্মক দিশৰ কথা পৰ্যালোচনা কৰোঁ আহক। মণিপুৰ উচ্চ ন্যায়ালয়ৰ ২৭-০৩-২৩ তাৰিখৰ WP ( C ) ২২৯/২০২৩ গোচৰৰ ৰায়ত মেইতেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্য্যদা গুৱাহাটী উচ্চন্যায়ালয়ৰ গোচৰ নং WP (C) NO. ৪২৮১/২০০২ অনুসৰি দিয়াৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল; লগতে ৰায়ৰ দিন অৰ্থাৎ ২৭-০৩-২৩ তাৰিখৰ পৰা চাৰি সপ্তাহৰ ভিতৰত চৰকাৰৰ মতামত প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই ৰায়প্ৰদানে বিভিন্ন জনগোষ্ঠীৰ মাজত থকা পঞ্জীভূত ক্ষোভৰ উদ্গীৰণ ঘটালে।
মণিপুৰৰ হিংসাৰ প্ৰতিবাদৰ ছবি
৩ মে' ২০২৩ত All Tribal Students Union of Manipur (ATSUM)এ উচ্চ ন্যায়ালয়ৰ মেইতেই মণিপুৰীসকলক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়া ৰায়ৰ বিপক্ষে কৰা মিছিলত হিংসাৰ অভূতপূৰ্ব সুত্ৰপাত হয়। ২৩,৩৫৬ বৰ্গ কিলোমিটাৰৰ মণিপুৰত ৫৩% মেইটেই, ২২% নগা আৰু ১৬%ৰ কুকি লোকে বসবাস কৰে। কিন্তু ৫৩% মেইটেই সম্প্ৰদায়ে কেবল ১০% ভুমিত আৰু জনজাতিসকলে ৯০%ত বসবাস কৰাৰ অধিকাৰ পাইছে।কুকি সম্প্ৰদায় থকা অঞ্চলত ড্ৰাগছৰ প্ৰাদূৰ্ভাব আৰু চৰকাৰৰ এই কামত বাধা, ইনাৰ লাইন পাৰ্মিতৰ আৰোপকৰণ, কিছু কুকি গাওঁত বেদখলৰ অজুহাতত কৰা উচ্ছেদ, কাষৰ মিয়ানমাৰত (যʼত কুকি সম্প্ৰদায়ৰ বহুতো লোকৰ বসতিস্থান) হোৱা গৃহ যুদ্ধ, কুকি-মেইটেই দুয়ো সম্প্ৰদায়ৰ সশস্ত্ৰ সংগঠন আৰু যুদ্ধবৰতিত থকা দলসমূহৰ হিংসাত প্ৰত্যক্ষ সহযোগ, কুকিসকলৰ বেলেগ শাষণব্যৱস্থাৰ দাবী আদিয়ে এই সমস্যা ভয়াবহ কৰি তুলিছে।
২০২৩ত আৰম্ভ হোৱা এই সংঘৰ্ষ ২০২৪তো ধাৰাবাহিকভাৱে অটুট থকাতো দুখৰ খবৰ। SHARE (Society to Harmonise Aspirations for Responsible Engagement )নামৰ বিশিষ্ট চিন্তাবিদৰ গোটে তেওঁলোকৰ বিশদ প্ৰতিবেদনত হস্বম্যাদী উপায় (যেনে-(i) হিংসাত্মক ঘটনা ৰোধ (ii)সকলো যাতায়ত ব্যৱস্থা মুকলি ৰখা (iii) দুয়ো বিবাদমান জনগোষ্ঠীৰ মাজত থকা নিৰপেক্ষ অঞ্চলত সামৰিক বাহিনীৰ প্ৰাদুৰ্ভাৱৰ জৰীয়তে হিংসাত্মক ঘটনা ৰোধ (iv) সামৰিক বাহিনীৰ দ্বাৰা অঞ্চল আধিপত্য প্ৰক্ৰীয়াৰ সবলীকৰণ,(v) বুদ্ধিমত্তাসমৃদ্ধ প্ৰক্ৰীয়াৰ দ্বাৰা অবৈধ অস্ত্ৰ উদ্ধাৰ, বিভিন্ন গোটৰ মাজত ভাবৰ আদান-প্ৰদানৰ জৰিয়তে আস্থা আৰু বিশ্বাসৰ প্ৰৱৰ্তন।(vi) গণতান্ত্ৰিক লভ্যাংশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সম্প্ৰদায়সমূহৰ অভিযোগ নিষ্পত্তিৰ বাবে ধৈৰ্য্যসহকাৰে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব লাগিব। আদি)।
দুয়োটা সম্প্ৰদায়ৰ অভিযোগ সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকৃত প্ৰচেষ্টা চলাব লাগিব। আভ্যন্তৰীণভাৱে স্থানচ্যুত সাহায্য শিবিৰত থকা লোকসকলৰ খাদ্য, পানী, বিদ্যুৎ যোগান, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়, শিক্ষা আৰু স্বাস্থ্যসেৱামুলক সমস্যাসমূহ অগ্ৰাধিকাৰেৰে সমাধান কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব।
দীৰ্ঘম্যাদী ব্যৱস্থাপনাৰ ক্ষেত্ৰত SHAREএ (i) ৰাজ্য প্ৰশাসন, বিশেষকৈ আৰক্ষী প্ৰশাসনক শক্তিশালী কৰাৰ লগতে সামৰ্থ্য বৃদ্ধি ওপৰত গুৰুত্ব (ii) সকলো সম্প্ৰদায়-মেইতেই, কুকি, নাগাৰ- শান্তিপূৰ্ণ সহৱস্থানৰ বাবে দীৰ্ঘম্যাদী কৌশলৰ উপস্থাপন,(iii) বিবাদপূৰ্ণ সমস্যা যেনে এনআৰচি, মেইতেই সম্প্ৰদায়ক এছতি মৰ্য্যদা প্ৰদান, অৰণ্য অধিকাৰ আইন বা পাহাৰ অঞ্চলত অনুপ্ৰবেশ আদি সমস্যা সকলো জনগোষ্ঠীৰ লগত আলোচনাৰ জৰিয়তে সমাধান, (iv) এখন সকলো গোষ্ঠীক প্ৰতিনিধিত্ব কৰা শান্তি আৰু আপোচ সমিতিৰ গঠণ আৰু চিন্তন, (v) বিভিন্ন উগ্ৰপণ্ঠী সংগথনৰ লগত আলাপ (vi) কেন্দ্ৰীভূতভাবে সকলো অঞ্চলৰ যোগাযোগ আৰু যাতায়তৰ উন্নতি আদি।
অস্থিৰ বাংলাদেশত নিৰাপত্তাহীন হিন্দু সংখ্যালঘু
দ্বিতীয়তে বাংলাদেশৰ আৱামী লীগৰ সৰ্বেসৰ্বা শ্বেখ হাছিনা চৰকাৰৰ ছাত্ৰ আন্দোলনৰ অভূতপূৰ্ব গণ অভ্যুত্থানৰ ফলত হোৱা পতন আৰু হাসিনাৰ ৫ আগষ্টত ভাৰতলৈ পলায়ন এই বছৰৰ এক গুৰুত্বপূৰ্ণ কিন্তু ভাৰতৰ বাবে বিয়োগাত্মক ঘটনা। শ্বেখ হাছিনাৰ শাষণকালত ভাৰতে সন্মুখীন হোৱা উত্তৰ-পূবৰ বিদ্ৰোহী বিশেষকৈ আলফা, এনডিএফবিকে আদি কৰি বিভিন্ন গোটসমূহৰ মূল নেতাসমূহক গ্ৰেপ্তাৰ কৰি ভাৰতক গটাই দিয়াৰ ফলত সংগঠনসমূহ বিপৰ্য্যয়ৰ সন্মুখীন হয় আৰু বৃহৎ সংখ্যক সদসযই মুলসূতিলৈ আহিবলৈ বাধ্য হয়। আল্ফা (আলোচনা পন্ঠী), এনডিএফবিৰ বিভিন্ন গোট, কাৰ্বি, ডিমাছা, আদিবাসী আদি কৰি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ লগত হোৱা বিভিন্ন চুক্তিয়ে (Memorandum of settlement বা MOS) এই কথাই প্ৰতিপন্ন কৰে।
হাছিনাৰ ৫ আগষ্টত ভাৰতলৈ পলায়নৰ পিছত সামাজিক মাধ্যমত বিশেষকৈ ভাৰতত বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনা বহুলভাবে প্ৰচাৰ হয়। “Social Media is a double-edged Sword” এই কথা আমি সদায় মনত ৰখা উচিত। ম্যানমাৰত ২০১৬ চনত হোৱা অভূতপূৰ্ব ৰোহিঙ্গীয়া মুছলমানৰ ওপৰত আক্ৰমণ আৰু আৰাকান ৰোহিঙ্গীয়া মুক্তি বাহিনীৰ প্ৰত্যাক্ৰমণ সামাজিক মাধ্যম বিশেষকৈ “ফেচবুক”ৰ অ্যাল্গৰিদিমৰ বা গাণিতিক পৰিভাষাৰ বাবে হোৱা বুলি প্ৰতিপন্ন হৈছে।
সেয়েহে ভাৰত-বাংলাদেশৰ সাধাৰণ জনসাধাৰণক এই ধৰণৰ হিংসাত্মক ঘটনাৰ সত্যাসত্য নিৰুপণ নকৰাকৈ বহুল প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱাৰ দায়িত্ব দুয়ো চৰকাৰৰ লগতে দায়িত্বশীল নাগৰিক সমাজৰ ওপৰত ন্যস্ত হৈছে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব বিক্ৰম মিশ্ৰীৰ বাংলাদেশ গমন সময়োপযোগী হৈছে।ইয়াৰ বাহিৰেও কিছু অসামৰিক সংগঠণ যেনে SHAREএ এই দিশত দুয়োখন দেশৰ জনসাধাৰণৰ মাজত কিদৰে আস্থা ঘূৰাই আনিব পাৰি সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰস্তাব আগবঢ়াইছে। চৰকাৰএও এনেধৰণৰ তৃণমূল পৰ্যায়ৰ অনুভব থকা প্ৰস্তাৱসমূহ ৰূপায়িত কৰিবলৈ চেষ্টা কৰাতো সময়ৰ আহ্বান।তাৰপৰি এনেধৰণৰ বিশৃঙ্খল পৰিস্থিতিত হিন্দু-মুছলিম উভয় সম্প্ৰদায়ৰ দায়িত্বশীল সমাজে যুবকসকল যাতে মৌলবাদৰ (Radicalization) কৰাল গ্ৰাসত নপৰে তাৰবাবে বিশেষ ব্যৱস্থা লোৱা উচিত।
অসমত হোৱা ড্ৰাগছৰ ভয়াবহ প্ৰসাৰ আৰু সহজলভ্যতা যোৱা ১১-১২-২৪ তাৰিখৰ গুৱাহাটী আৰক্ষীয়ে স্পা-চেলুনৰ পৰা গ্ৰেপ্তাৰ কৰা তিনি গৰকী যুৱতীৰপৰা উদ্ধাৰহোৱা দ্ৰাগছৰ ঘটনাই উন্মোচিত কৰিলে। যদিও বৰ্তমানৰ চৰকাৰে আৰম্ভনিৰ পৰাই দ্ৰাগছৰ বিৰুদ্ধে অভিজান চলাইছিল বৰ্তমানেও ইয়ৰ সহজলভ্যতা আৰু যুবচামৰ মাজত ইয়াৰ অভূতপূৰ্ব চহিদাই আৰক্ষীৰ বিফলতাক সূচাইছে আৰু ই এতাবিয়োগাত্মক ঘটনা।
অসমৰ জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল
২০২৪ চনৰ যোগাত্মক পৰিঘটনাৰ আৰম্ভণি জাগীৰোডত হোৱা ২৭০০০ কোটি টকাৰ টাটা ছেমিকণ্ডাক্টৰ এছেম্ব্লী এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডৰ ২০২৫ৰ মধ্যভাগত সমাপন কৰিবলগীয়া দেশৰ অৰ্থনীতত আমূল পৰিবৰ্তন আনিব পৰা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। অসমত ইমানদিনে হোৱা তেল, প্ৰকৃতিক গেছ আৰু চাহপাত প্ৰকল্পৰ পিছৰ এই উৎপাদক প্ৰকল্পই বহু আশাৰ সঞ্চাৰ কৰিছে। এই প্ৰকল্পৰ আনুসাংগিক অন্য উদ্যোগৰ স্থাপন আৰু অসমৰ অৰ্থনীতিত যোগাত্মক সংযোজনেহে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সফল মূল্যাঙ্কণ হ'ব বুলি ন দি কব পাৰি।
লগতে ভাৰত চৰকাৰৰ গৃহ নগৰ উন্নয়ণ বিভাগে অতি সম্প্ৰতি উন্মোচন কৰা ৮০০০কোটি টকাৰ স্মাৰ্ট চিটী প্ৰসাৰিত যোজনাৰ অধীনত জাগীৰোডক সংযোজিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কৰা আহ্বান সময়োপযোগী হৈছে। ২০১৫চনত জাকজমকতাৰে আৰম্ভ কৰা “স্মাৰ্ট চিটী মিছন”ত ১০০ খন চহৰৰ ভিতৰত গুৱাহাটীও অন্তৰ্ভূক্ত আছিল; দুখৰ বিষয় যে বিভিন্ন প্ৰশাসনীয় মেৰপেচত পৰি এই প্ৰকল্প সফল নহল। জাগীৰোডৰ লগতে সমগ্ৰ অসমবাসীয়ে এই প্ৰকল্পৰ সফল ৰূপায়ণত সতৰ্ক দৃষ্টি ৰাখিব লাগিব।
২০২৪ চন ১৯ জুলাইৰ এক যোজনাৰ আধাৰত ডিব্ৰুগড়ত সংস্থাপন কৰা অসমৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ প্ৰকল্পই ৰাজ্য প্ৰশাসনক ৰাইজৰ কাষলৈ নিয়াৰ এক সুন্দৰ পদক্ষেপ বুলি নি:সন্দেহে কব পাৰি যদিও ইয়াৰ সাৰ্থকতা নিয়োজিত বিষয়াসকলৰ সক্ৰিয় সহযোগ আৰু কৰ্মদক্ষতাই নিশ্চিত কৰিব।
চেন্নাইত অৱস্থিত GI ৰেজিত্ৰীয়ে অক্টোবৰ মাহত অসমৰ ৮ সামগ্ৰীক GI চানেকী প্ৰদান কৰে। এপ্ৰিল মাহতো অসমে ১৯তা মূল্যবান চানেকী পাবলৈ সমৰ্থ হৈছিল। এই প্ৰাপ্তিৰ দ্বাৰা অসমৰ সফলতা তেতিয়াহে অৰ্থনৈতিক ভাবে আহিব যেতিয়া আমি এই সামগ্ৰীৰ বিক্ৰী কৰাৰ পিছত ইয়াৰ সুফল সামগ্ৰী নিৰ্মাতাসকললৈ তৃণমূল পৰ্য্যায়লৈ নিব পাৰোঁ আৰু এক্ট ইষ্ট পলিচীৰ সহায়েৰে বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰিব পাৰোঁ। ইয়াৰ বাবে প্ৰয়োজন বিশ্ববিদ্যালয়সমূহৰ দ্বাৰা দ্ৰব্যনিৰ্মাতাৰ মাজত বহুলভাবে প্ৰচাৰ আৰু চৰকাৰৰ এই পদ্ধতিত জড়িত বিভাগসমূহৰ নিৰ্মাতাসকলক সময়োপযোগী সহায়তা প্ৰদান (Hand Holding)।
২০২৪ চন অসমৰ ক্ৰীড়াক্ষেত্ৰত এক ইতিবাচক দিশ। দেৱজিত লন শইকীয়াৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব পদত নিযুক্তি আৰু ৰিয়ান পৰাগ, উমা ছেত্ৰীৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত যোগদানে এই মন্তব্যক সমৰ্থন কৰে। অসম চৰকাৰেও “Catch Them Young” চানেকীৰে খেল মহৰণ ২.০ৰ আয়োজন কৰিছে।
নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ এটা মুহূৰ্ত
ডিচেম্বৰ মাহত ছিক্কিম ৰাজ্যই ৫কোটি অনুদানৰ লগতে কাৰিকৰী সহায়তা চিটি ২.০ প্ৰত্যাহ্বানৰ জৰিয়তে লাভ কৰা বটাই জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত ৰাজ্যখনৰ সফলতাৰ কথা ব্যক্ত কৰে।
২০২৪ৰ আন এক যোগাত্মক দিশ হʼল বিভিন্ন সংস্থাৰ আৰু কেইবখনো বিদেশী ৰাষ্ট্ৰৰ সহযোগিতাৰে “হৰ্ণবিল উৎসৱ”ৰ ৰজত জয়ন্তীৰ উদযাপনেৰে এক স্থানীয় উৎসৱক আন্তৰ্জাতিক পৰ্যটকৰ আকৰ্ষণলৈ পৰিবৰ্তন কৰাৰ এক সফল আৰ্হি। নাগালেন্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅʼৰ পৰ্য্যটক আৰু উচ্চ শিক্ষা মন্ত্ৰী তেম্জেন ইম্না আলংলৈ লিখা চিঠিৰ অংশই সকলোৰে সহযোগিতাৰ সহায়েৰে কেনেদৰে এক প্ৰকল্পক সাফল্যমণ্ডিত কৰিব পাৰি তাৰেই এক জ্বলন্ত নিদৰ্শন:
“----The collective efforts of all sections and numerous agencies and individuals led by the Honble Ministers, Advisors, MLAs, Chairpersons of PsUs, the entire Government machinery under the able leadership of the Chief Secretary and the DGP and leaders of tribal hohos and civil society deserve special recognition. The Departments of Tourism, Art & Culture, Task Force for Music & Arts (TaFMA), the Home & Police Department, the Agri & Allied, Horticulture and Industries & Commerce Departments have played exemplary roles in making Nagaland shine brighter. We also extend our sincere gratitude to the Army and paramilitary forces. under the leadership of the GOC 3 Corps and IG AR, for their consistent partnership and support. We are thankful to the press and media and media persons across all platforms for the extensive coverage and reportage on the festival. The State and Central agencies of the DIPR. AIR, Doordarshan and BSNL including our local, regional and national media institutions have made appreciable contributions……………..A special note of appreciation goes out to the leaders and representatives of all church organizations and believers, whose enthusiastic participation added so much value and meaning to the festival. The memorable Devotional Advent Christmas Service held on Sunday. December 8, 2024, stands as a testament to their contributions. We deeply value their prayers, which have undoubtedly played a role in the remarkable success of this milestone event………..”
১৫-০৭-২৪ত উন্মুচিত “অৰ্হতা ভাৰতীয় অভিযান”ৰ ( Skill India Mission) জৰিয়তে দেশৰ জনগাঁথনি লাভাংশক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যই সূচাৰুৰূপে পঞ্চায়ত পৰ্য্যায়লৈকে নি নিবনুৱাসকলক অৰ্হতা প্ৰদান কৰি নিয়োজিত কৰিব পাৰিলে এই অঞ্চলৰ উন্নতি হোৱাতো খাটাং আৰু সকলোৱে ইয়াকে কামনা কৰে।
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)