ছাকুইব চেলিম
"দৰগাহ (আজমেৰ শ্বৰীফ) নিঃসন্দেহে এক বিপদ-কেন্দ্ৰ। দৰগাহত ৰাজদ্ৰোহ কম বেছি পৰিমাণে হোৱাটো একপ্ৰকাৰ নিশ্চিত আৰু তাত কি ঘটিছে তাৰ প্ৰমাণ পোৱাটো অতি কঠিন।" ওপৰোক্ত বাক্যটো ১৯২২ চনত চোৰাংচোৱা বিষয়াসকলে ব্ৰিটিছ চৰকাৰক দাখিল কৰা এক গোপন প্ৰতিবেদনৰ পৰা লোৱা হৈছে।
এজন সাধাৰণ মানুহে হয়তো নাভাবিব যে দৰগাহ, মন্দিৰ, চুফী কেন্দ্ৰবোৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। অজ্ঞাত কাৰণত বেছিভাগ মানুহেই বিশ্বাস কৰে যে দেশৰ স্বাধীনতা সংগ্ৰামত আজমেৰ দৰগাহৰ কোনো ভূমিকা নাছিল, বা আছিল যদিও অত্যন্ত কম। কিন্তু প্ৰকৃত কথাটো হ’ল ই ইমানেই জাতীয়তাবাদী কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে কাম কৰিছিল যে ব্ৰিটিছ চৰকাৰে দৰগাহৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছিল।
জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ পিছত গঠন হোৱা চৰকাৰী সমিতিখনে ইয়াৰ তথ্যত আঙুলিয়াই দিছিল যে ভাৰতীয়সকলে ব্ৰিটিছৰ বিৰুদ্ধে গণবিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। মৌলানা আব্দুল বাৰী ফিৰাংগিমহলীৰ নেতৃত্বত অনুষ্ঠিত বাৰ্ষিক উৰুছ অনুষ্ঠানত জাতীয়তাবাদীসকলে এই পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে।
চোৰাংচোৱাই নিয়মিতভাৱে চৰকাৰক দৰগাহত চলি থকা জাতীয়তাবাদী কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিছিল। ১৯২০ চনত তেওঁলোকে ৰিপৰ্ট কৰিছিল যে ইদগাহত ৫,০০০ তকৈ অধিক লোকে এখন সভাত অংশগ্ৰহণ কৰিছিল আৰু এই সভাত লালা চান্দ কৰণে ভাষণ দিছিল। ভাষণত তেওঁ দেশৰ জনসাধাৰণক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছিল। কাৰণ, তেওঁলোকে গো-বধৰ প্ৰচাৰ কৰে, পঞ্জাৱত মানুহক হত্যা কৰে, আৰু মুছলমান আৰু হিন্দুৰ মাজত সংঘাতৰ সৃষ্টি কৰে। একেটা প্ৰতিবেদনতে উল্লেখ কৰা হৈছিল যে আজমেৰ দৰগাহৰ পেছ ইমামে ইংৰাজৰ পৰাজয়ৰ বাবে প্ৰাৰ্থনা কৰিছিল, যাৰ পিছত মৌলৱী মইনুদ্দিনে মানুহক বিদেশী শাসকে দিয়া উপাধি ত্যাগ কৰিবলৈ কয়।
১৯২১ চনৰ আন এটা প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে শুকুৰবাৰৰ নামাজৰ সময়ত দৰগাহত ব্ৰিটিছ বিৰোধী ভাষণ দিয়া হৈছিল। ১৯২২ চনত চোৰাংচোৱা বিষয়াসকলে পুনৰ খবৰ দিলে যে দৰগাহত উৰছ অনুষ্ঠানত জাতীয়তাবাদীসকলে দেশপ্ৰেমমূলক ধাৰণাসমূহৰ ওপৰত আলোচনা কৰিবলৈ মিলিত হ’ব।
১৯২২ চনৰ এটা চোৰাংচোৱা প্ৰতিবেদনত আটাইতকৈ বিস্ফোৰক তথ্য সন্নিবিষ্ট কৰা হৈছিল। প্ৰতিবেদনত দাবী কৰা হৈছিল যে ৰাজপুতনাৰ মুছলমান আৰু হিন্দুসকলে আজমেৰৰ মৌলৱী মইনুদ্দিনৰ সৈতে আনুগত্যৰ শপত গ্ৰহণ কৰিছিল। তেওঁৰ নিৰ্দেশত ইংৰাজৰ বিৰুদ্ধে যুঁজৰ প্ৰস্তুতি চলাইছিল। ইয়াৰ পিছত জমিয়ত উল-থাবা নামৰ এটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন প্ৰতিষ্ঠা কৰা হৈছিল আৰু দেশৰ বিভিন্ন ঠাইৰ পৰা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা হৈছিল।
জমিয়ত উল থাবাই এটা প্ৰস্তাৱ গৃহীত কৰি ঘোষণা কৰে যে ইংৰাজসকল আমাৰ ধৰ্ম, জাতি আৰু দেশৰ শত্ৰু। তেওঁলোকৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ’ব। মনকৰিবলগীয়া যে, স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম হোৱাৰ পিছতো দেশৰ অধিকাংশ লোক অজ্ঞাত যে দেশৰ স্বাধীনতা সংগ্ৰামত আজমেৰ দৰগাহে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল।