ড০ জগন্নাথ বিশ্বকৰ্মা
স্বাধীনতাৰ অৰ্থ কেৱল এক অঞ্চলৰ ৰাজনৈতিক মুক্তি নহয়; ই আমাৰ চিন্তা, সৃষ্টি, উদ্ভাৱন, গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰতো এক প্ৰভাৱ বিস্তাৰ কৰে। বিশেষকৈ বিজ্ঞানৰ স্বাধীনতা— যিটোৱে এখন বহনক্ষম (sustainable) সমাজৰ ভেটি স্থাপন কৰে— উন্নয়নশীল দেশসমূহৰ বাবে উল্লেখযোগ্য প্ৰগতিৰ কাৰক। বিজ্ঞানৰ স্বাধীনতা মানে মুক্তভাৱে চিন্তা (independent thinking), অনুসন্ধান (research) আৰু উদ্ভাৱন (innovation) কৰাৰ সামৰ্থ্য।
ইতিহাস সাক্ষী— বিখ্যাত গ্ৰীক জ্যোতিৰ্বিজ্ঞানী গেলিলিওৰ হেলিঅ'চেন্ট্ৰিক তত্ত্বৰ দৰে উদ্ভাৱন বৈজ্ঞানিক মুক্ত চিন্তাৰ দ্বাৰা সম্ভৱ হৈছিল। সমসাময়িক পৰিসৰত ক'ভিড-১৯ৰ mRNA ভেকচিনৰ বিকাশ সেই স্বাধীনতাৰ নিদৰ্শন, যিয়ে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে। মৌলিক বিজ্ঞানৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰি কৰা এই উদ্ভাৱনসমূহৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে। গতিকে বৈজ্ঞানিক ক্ষেত্ৰত স্বতন্ত্ৰভাৱে চিন্তা কৰাৰ অধিকাৰ সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। ইয়াৰদ্বাৰা এখন ৰাষ্ট্ৰৰ বৌদ্ধিক সম্পত্তিৰ পৰিসৰ বিকাশ হ'ব পাৰে আৰু অৰ্থনৈতিক শক্তিও বৃদ্ধি পাব পাৰে।
বিখ্যাত গ্ৰীক জ্যোতিৰ্বিজ্ঞানী গেলিলিও
বিজ্ঞানৰ স্বাধীনতা হৈছে এখন সমাজৰ উদ্ভাৱনী শক্তিৰ আধাৰ। যেতিয়া বিজ্ঞানীসকলৰ চিন্তা-চৰ্চা আৰু গৱেষণাত কোনো ৰাজনৈতিক, অৰ্থনৈতিক বা সামাজিক বাধা নাথাকে, তেতিয়া নতুন উদ্ভাৱনৰ বাবে এক মুক্ত পথ মুকলি হৈ থাকে। ই টি এইচ জুৰিখ, হাৰ্ভাৰ্ড, ভিয়েনা, এম আই টি, অক্সফৰ্ড আৰু ব্রিষ্টল বিশ্ববিদ্যালয় আদি সন্মানীয় বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ অভিজ্ঞতাৰ পৰা মই এই শৈক্ষিক পৰিৱেশসমূহে আগবঢ়োৱা বিজ্ঞানৰ স্বাধীনতাক গভীৰভাৱে শলাগ লৈছো।
এদিন ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কেৰ'লিন বাৰ্ট'জীয়ে উল্লেখ কৰিছিল যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষকৰে গঠিত বৈচিত্ৰ্যপূৰ্ণ গৱেষণা দল এটা নহ'লে তেওঁ নিজৰ ক্ষেত্ৰখনত সফল নহ'লহেঁতেন, প্ৰত্যেকেই নিজৰ নিজৰ স্বতন্ত্ৰ বৈজ্ঞানিক মানসিকতা আৰু দৃষ্টিভংগী লৈ আহিছিল। মই তেতিয়া উপলব্ধি কৰিলোঁ যে স্বতন্ত্ৰ গৱেষণাৰ চিন্তাধাৰা গঢ়ি তোলাটো কিমান গুৰুত্বপূৰ্ণ। আনকি প্ৰযুক্তিগত কোম্পানীসমূহেও আজিকালি তেওঁলোকৰ আৰ এণ্ড ডি (R&D) দলটোক কোনো সামগ্ৰী প্ৰস্তুত (product development) কৰাৰ বাবে সৃষ্টিশীল গৱেষণা (creative research) কৰাৰ স্বাধীনতা প্ৰদান কৰে।
ক'ভিড-১৯ৰ mRNA ভেকচিনৰ প্ৰতিনিধিত্বমূলক ছবি
গুগল আৰু মাইক্ৰ'চফ্টৰ দৰে উদ্ভাৱনসমূহ এই বিজ্ঞানৰ স্বাধীনতাৰে সম্ভৱ হৈছে। যোৱা বছৰ ছান ফ্ৰান্সিস্কোৰ গুগল অফিচত কিছু সময় কটাবলৈ সুযোগ পাইছিলোঁ। এইটো স্পষ্ট আছিল যে, কৰ্মচাৰীসকলে কাম কৰি থকাৰ সময়তে তেওঁলোকৰ দৈনন্দিন জীৱনৰ ভালদৰে যত্ন লোৱা হৈছিল। এই বছৰ লণ্ডনৰ মেটা কাৰ্যালয়লৈ যোৱাৰ সময়ত কৰ্মচাৰীৰ প্ৰতি একেধৰণৰ দায়বদ্ধতা পৰ্যবেক্ষণ কৰিলোঁ, য’ত মানসিক চাপ আৰু উদ্বেগ দূৰ কৰিবলৈ পুষ্টিকৰ খাদ্য আৰু বিনোদনমূলক কাৰ্য্যকলাপৰ ব্যৱস্থা কৰাত তীব্ৰ গুৰুত্ব দিয়া হৈছিল। বিজ্ঞান পৰিচালনাৰ এনে স্বাধীনতাই সমাজৰ সকলো স্তৰতে প্ৰভাৱ পেলায়— স্বাস্থ্য, যাতায়ত, শিক্ষা, জলবায়ু আদি কেইটামান খণ্ডৰ নাম ল'ব পাৰি। উদ্ভাৱনৰ এনে সুস্থ পৰিৱেশত মানুহৰ জীৱনৰ মান বৃদ্ধি পায় আৰু বহুতো জটিল সমস্যা বিজ্ঞানসন্মত চিন্তাৰ দ্বাৰা সমাধান কৰিব পৰা যায়।
আনহাতে বিজ্ঞানৰ বাণিজ্যিকীকৰণে (commercialization) প্ৰায়ে বৈজ্ঞানিক স্বাধীনতাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰে, যাৰ ফলত ই সমাজৰ বাবে উল্লেখযোগ্য প্ৰভাৱ পেলোৱা এক স্পৰ্শকাতৰ বিষয় হৈ পৰে। বাণিজ্যিকীকৰণে উদ্ভাৱনক জনসাধাৰণৰ বাবে লাভজনক কৰাৰ সুযোগ দিয়ে। কিন্তু ই প্ৰায়ে মৌলিক গৱেষণাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজিৰ (funding) অভাৱৰ দৰে সমস্যাবোৰ সৃষ্টি কৰে। বাণিজ্যিকীকৰণে প্ৰায়ে লাভজনক উদ্যোগৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰে, যাৰ ফলত মৌলিক গৱেষণাৰ ক্ষেত্ৰ হ্ৰাস পায়।
ব্রিষ্টল বিশ্ববিদ্যালয়
ঔষধক এক প্ৰধান উদাহৰণ হিচাপে লওঁ আহক। বাণিজ্যিক স্বাৰ্থই নতুন ঔষধৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়, যদিও এই উদ্ভাৱনসমূহৰ ফলত ৰোগৰ যুগান্তকাৰী চিকিৎসাৰ সৃষ্টি হ'ব পাৰে। কিন্তু যেতিয়া কেৱল বাণিজ্যিক লাভৰ ওপৰত গুৰুত্ব দিয়া হয়, তেতিয়া বহু ব্যক্তিয়ে নিজৰ অত্যাৱশ্যকীয় ঔষধৰ খৰচ বহন কৰিব নোৱাৰে। এটা উল্লেখযোগ্য ক্ষেত্ৰ হ'ল ডায়েবেটিছ ৰোগীৰ বাবে ইনচুলিনৰ খৰচ, যিয়ে বাণিজ্যিক লাভৰ উদ্দেশ্যই ৰোগীৰ প্ৰয়োজনীয়তাক ছাঁ পেলাইছে নেকি সেই সম্পৰ্কে বিতৰ্কৰ সৃষ্টি কৰিছে।
একেদৰে জিন পৰ্যায়ৰ পৰিৱৰ্তিত শস্যৰ উদ্ভাৱনে বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা অঞ্চলসমূহত খাদ্য সুৰক্ষা বৃদ্ধিৰ সম্ভাৱনা ৰাখে। কিন্তু যদিহে বাণিজ্যিকীকৰণে জৈৱ বৈচিত্ৰ্য আৰু বহনক্ষম কৃষি পদ্ধতিৰ মূল্যত কিছুমান শস্যৰ হ্ৰস্বম্যাদী লাভক অগ্ৰাধিকাৰ দিয়ে, তেন্তে ই ভৱিষ্যতৰ খাদ্য ব্যৱস্থা বিপন্ন কৰিব পাৰে। কৃষি পদ্ধতিৰ বিষয়ে মুকলি আলোচনাত লিপ্ত হ’লে পৰিৱেশ ৰক্ষাৰ লগতে কৃষক আৰু গ্ৰাহক উভয়কে উপকৃত কৰা অধিক দায়িত্বশীল পদক্ষেপৰ পথ মুকলি হ'ব পাৰে। কিন্তু এনে প্ৰগতিশীল নীতি সৃষ্টি কৰিবলৈ জনসাধাৰণ বৈজ্ঞানিকভাৱে সচেতন হোৱাটো প্ৰয়োজন।
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী কেৰ'লিন বাৰ্ট'জী
বিজ্ঞানীসকলৰ কামৰ প্ৰতি এক সজাগ নৈতিক দৃষ্টিভংগী বজাই ৰাখিব লাগে। উদাহৰণস্বৰূপে, পৰিৱেশগত গৱেষণাৰ ক্ষেত্ৰত, বিজ্ঞানীসকলে জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা, সম্পদ ব্যৱস্থাপনা আৰু প্ৰদূষণৰ দিশত অধিক দায়িত্বশীল ভূমিকা গ্ৰহণ কৰা উচিত। আজিৰ এই পৃথিৱীত য'ত ভুল তথ্যৰ প্ৰভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, তাত বিজ্ঞানীসকলৰ গৱেষণাৰ ফলাফল জনসাধাৰণক জনোৱাৰ দায়িত্বও তেওঁলোকৰ।
আচলতে এতিয়া প্ৰশ্নটো হ'ল বিজ্ঞানৰ বাণিজ্যিকীকৰণ আৰু বিজ্ঞানৰ স্বাধীনতাৰ মাজতে বিজ্ঞানীসকলে সঁচা অৰ্থত স্বতন্ত্ৰভাৱে কাম কৰিব পাৰেনে? যদিহে তেওঁৰ গৱেষণাৰ পুঁজি লাভজনক উদ্যোগৰ সৈতে বান্ধ খাই থাকে, তেন্তে এজন বিজ্ঞানীয়ে গৱেষণাৰ ক্ষেত্ৰত স্বাধীন চিন্তা কেনেকৈ গঢ়ি তুলিব পাৰে? যদি পুঁজি প্ৰদানকাৰী সংস্থাসমূহে বৈজ্ঞানিক স্বাধীনতাৰ শক্তি দেখা নাপায়, তেন্তে সেই বিজ্ঞানী আৰু গৱেষকসকলক কোনে পুঁজি দিব? সেয়েহে বিজ্ঞান কেনেকৈ পৰিচালিত হয়, সেই বিষয়ে জানিবলৈ বৈজ্ঞানিক মানসিকতাৰে জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজন।
ছান ফ্ৰান্সিস্কোৰ গুগল অফিচ
মৌলিক গৱেষণা হৈছে বৈজ্ঞানিক প্ৰগতিৰ ভেঁটি। যেতিয়া বিজ্ঞানৰ বাণিজ্যিকীকৰণে হ্ৰস্বম্যাদী লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেতিয়া ইয়াৰ ফলত তাৎক্ষণিক বাণিজ্যিক প্ৰয়োগ নথকা অত্যাৱশ্যকীয় মৌলিক গৱেষণাৰ বাবে ধন হ্ৰাস পাব পাৰে। পদাৰ্থ, গণিত, ৰসায়ন, জীৱ বিজ্ঞানৰ মৌলিক গৱেষণাৰ ফলত অপ্ৰত্যাশিত প্ৰযুক্তিগত অগ্ৰগতি লাভ কৰিব পাৰি, যেনে কৃত্ৰিম বুদ্ধিমত্তা (artificial intelligence) বিকাশৰ সূচনা কৰা আৱিষ্কাৰসমূহ।
মৌলিক গৱেষণাক সহায় কৰিলে এনে উদ্ভাৱনৰ দুৱাৰ মুকলি হ'ব পাৰে, যিয়ে সমাজক উপকৃত কৰিব। স্বতন্ত্ৰ চিন্তাধাৰা, বিজ্ঞানৰ প্ৰতি সন্মান আৰু জনসাধাৰণৰ মংগলৰ বাবে কাম কৰি— আমি এক উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব পাৰোঁ। কিন্তু ইয়াক লাভ কৰিবলৈ আমি সমাজ হিচাপে স্বতন্ত্ৰ বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব পৰা হ'ব লাগিব। গতিকে মৌলিক (fundamental) আৰু প্ৰয়োগমূলক (applied) দুয়োটা গৱেষণাৰ বাবে বিজ্ঞানৰ স্বাধীনতা প্ৰয়োজনীয়। আমি এই স্বাধীনতা কেনেকৈ লাভ কৰিম, উন্নয়নশীল সমাজ হিচাপে আমাৰ চিন্তা কৰাৰ সময় আহি পৰিছে।
(লেখক ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানী)