An Unfinished Search: এটা পৰিয়ালৰ তিনিটা প্ৰজন্মৰ পৰিচয় আৰু শিপাৰ সন্ধানৰ মনোৰম কাহিনী

Story by  Pallab Bhattacharyya | Posted by  Munni Begum • 10 Months ago
 ৰশ্মি নাৰ্জাৰী আৰু তেওঁৰ উপন্যাস 'An Unfinished Search' ৰ বেটুপাত
ৰশ্মি নাৰ্জাৰী আৰু তেওঁৰ উপন্যাস 'An Unfinished Search' ৰ বেটুপাত
 
  পল্লব ভট্টাচাৰ্য 
 
যশস্বী লেখিকা ৰশ্মি নাৰ্জাৰীক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। শিশু সাহিত্যৰ 'সাহিত্য একাডেমী বঁটা' বিজয়ী ৰশ্মি নাৰ্জাৰীয়ে পুনৰবাৰ শিৰোনাম দখল কৰিছে তেওঁৰ শেহতীয়া উপন্যাস  “An Unfinished Search”ৰ বাবে। 
 
সমসাময়িক ভাৰতীয় উপন্যাসত পৰিচয়, জাতি, ধৰ্ম, গৃহভূমি আদি কিছুমান বিষয়ৰ কথা খুব কমেই কোৱা হয়। কিন্তু শেহতীয়া উপন্যাসখনত শব্দৰে খেলিব পৰা ৰশ্মি নাৰ্জাৰীয়ে এনে বিষয়বোৰৰ কথা অতি সৰলতাৰে আৰু নিভাজভাৱে বৰ্ণনা কৰিছে। 'আৱাজ-দ্য ভইচ অসম'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰশ্মি নাৰ্জাৰীয়ে তেওঁৰ গ্ৰন্থখনৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰিছে। এই সাক্ষাৎকাৰটো তলত প্ৰকাশ কৰা হ'লঃ 
 
১. আপোনাৰ নতুন উপন্যাস “An Unfinished Search” ৰ বিষয়ে চমুকৈ কওঁক, যিয়ে মানুহৰ হৃদয়ৰ নিভৃত কোণক স্পৰ্শ কৰে।
 
উত্তৰঃ ভাৰত, পাকিস্তান আৰু বাংলাদেশ সীমান্তক সামৰি লোৱা এখন গাঁও হজৰতকান্দীত এজন বিবাহ-বিবৰ্জিত ব্যক্তিৰ অসাধাৰণ জীৱনৰ সূচনা হৈছিল। অনিশ্চিত পৰিচয় আৰু অনিৰ্দিষ্ট অতীতৰ উত্তৰাধিকাৰেৰে জন্মগ্ৰহণ কৰা আছমান হজৰতকান্দীয়ে নিজৰ শিপাৰ সন্ধানত গোটেই জীৱনটো কটালে। তেওঁৰ মৰ্মস্পৰ্শী যাত্ৰাৰ অন্ত পৰিল অসমৰ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ চুতাৰকান্দী নামৰ এক ʼন’ মেন’ছ লেণ্ডʼত।  
 
লেখিকাই তেওঁৰ স্বামীৰ সৈতে ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণৰ সমযৰ এক দৃশ্য
 
ন’ মেন’ছ লেণ্ডৰ বাসিন্দা আছমান হজৰতকান্দীৰ আজীৱন নিজৰ পৰিচয়ৰ সন্ধান বিচাৰি কৰা প্ৰচেষ্টাই হʼল "An Unfinished Search" শীৰ্ষক উপন্যাসখনৰ সাৰমৰ্ম। এই কাহিনীটোৱে তেওঁৰ পৰিয়ালৰ তিনিটা প্ৰজন্মক সামৰি লৈছে। তেওঁলোকৰ পৰিচয়ৰ সন্ধানে ভাৰতৰ স্বাধীনতা সংগ্ৰাম, বিভাজন, প্ৰথম বিশ্বযুদ্ধ আৰু পশ্চিম পাকিস্তানে পৰকল্পিতভাৱে সংঘটিত কৰা নৃগোষ্ঠীয় সংশোধক সামৰিক অভিযান "অপাৰেচন চাৰ্চলাইট"ৰ দৰে উত্তাল পৰিঘটনাৰ সৈতে জড়িত হৈ বাংলাদেশৰ জন্মেৰে পৰিসমাপ্তি ঘটিছিল। কাহিনীটোত মূলতঃ এই ঐতিহাসিক পৰিঘটনাবোৰে হজৰতকান্দী পৰিয়ালৰ ওপৰত পেলোৱা ব্যক্তিগত প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।  
 
হজৰতকান্দীসকলৰ ইতিহাসৰ শিপাই থকা এটা বিশ্বাস আছিল যে ১৮৫৭ চনৰ বিদ্ৰোহত জড়িত এৰিয়ান নামৰ এজন চিপাহীয়ে অসমৰ মালেগড় যুদ্ধ স্মৃতিসৌধৰ কবৰৰ মাজত পুতি থোৱা তেওঁলোকৰ পৰিচয়ৰ চাবিটো লৈ যেন অন্তৰ্ধান হৈছিল। তেওঁলোকৰ ভৰিৰ তলৰ মাটি ভাৰতৰ পৰা পাকিস্তানলৈ আৰু শেষত বাংলাদেশলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে আছমান হজৰতকান্দী জন্মস্থানতে থাকিল। তেওঁ স্থানান্তৰিত সীমান্তৰ সাক্ষী হৈ থাকিল যদিও শাৰীৰিকভাৱে এক ইঞ্চিও লৰচৰ নহ’ল। এক অসমাপ্ত অনুসন্ধানৰ দ্বাৰা চিহ্নিত তেওঁৰ জীৱনটোৱে ঐতিহাসিক পৰিঘটনা আৰু ব্যক্তিগত পৰিচয়ৰ এক জটিল পৰিঘটনাৰ সৈতে অনুৰণন ঘটা কাহিনীক বৰ্ণনা কৰে। 
 
জীৱনত আছমান হজৰতকান্দী ক’তোৱেই নাছিল। মৃত্যুৰ সময়তো তেওঁ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গে'টৱেৰ ঠিক তলত পৰি আছিল। কোনো সময়তে তেওঁক কোনো মাটিয়ে নিজৰ বুলি গ্ৰহণ কৰা নাছিল। 
 
2. উপন্যাসখনত কাহিনীটো এটা পৰিয়ালৰ তিনিটা প্ৰজন্মৰ মাজেৰে উন্মোচিত হৈছে। ইয়াৰ আৰম্ভণি হয় কৰিশ্মা আৰু মালেগড়ৰ পৰা অহা   অচিনাকী সৈনিক আৰিয়ানৰ মিলনৰ পৰা। তেওঁলোকৰ সন্তানটোক হজৰতকান্দীৰ নিঃসন্তান দম্পতী নাজমা আৰু হাবিবে ডাঙৰ-দীঘল কৰে। কেন্দ্ৰীয় বিষয়বস্তুটো পৰিচয়ৰ সন্ধানৰ ওপৰত আবদ্ধ। বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এই আখ্যান নে কল্পকাহিনীৰ আধাৰত আপুনি এই উপন্যাসখন ৰচনা কৰিছে?  
 
উত্তৰঃ এই কাহিনীটো কল্পকাহিনীৰ আধাৰত ৰচিত। অৱশ্যে সেই সময়ৰ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ জ্যেষ্ঠ বিষয়া মোৰ স্বামীৰ সৈতে ভ্ৰমণৰ সময়ত মালেগড়ৰ কবৰবোৰে মোক গভীৰভাৱে আকৃষ্ট কৰিছিল। অৱশ্যে তাত পুতি থোৱা অখ্যাত নায়কসকলৰ অকথিত কাহিনী, ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ধূলিময় পথ, বাংলাদেশত ঘৰ আৰু ভাৰতৰ পথাৰত থকা গাঁৱৰ লোকসকলৰ বাবে ভিছাবিহীনভাৱে চলাচলৰ অনুমতি দিয়া বিশাল সীমান্ত গেট থকা কাঁইটীয়া বেৰ, ঐতিহাসিক সুতাৰকান্দী আউটপোষ্ট আৰু স্থানীয় লোকৰ আন্তৰিক কাহিনীবোৰ একেবাৰে বাস্তৱ। এই বাস্তৱ অভিজ্ঞতাবোৰৰ ওপৰত ভিত্তি কৰিয়ে মোৰ মনত এক কল্পকাহিনী গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ই মোক "An Unfinished Search" সৃষ্টিৰ বাবে অনুপ্ৰাণিত কৰিছিল। 
 
লেখিকা ৰশ্মি নাৰ্জাৰীৰ পৰিচয়ৰ লগতে তেওঁৰ উপন্যাসখনৰ চমুকৈ ইংৰাজীৰ বিৱৰণ আৰু তেওঁৰ উপন্যাসখনৰ বাবে বিভিন্নজনে কৰা প্ৰশংসা 
 
৩. উপন্যাসখনৰ জটিল দিশসমূহৰ সুনিপুণ চিত্ৰণে ইয়াক বাস্তৱিক কৰি তুলিছে। আপুনি এই বিষয়সমূহ কেনেকৈ ফলপ্ৰসূভাৱে সংগঠিত কৰি এক অতি বিশ্বাসযোগ্য দৃষ্টিভংগী গঢ়ি তুলিলে?
 
উত্তৰঃ আৱেগিক স্তৰত হজৰতকান্দীসকলৰ ওপৰত গুৰুত্ব দিয়াৰ পৰাই সম্ভৱতঃ এই বিশ্বাসযোগ্য দৃষ্টিভংগীৰ উদ্ভৱ হৈছিল। মই তেওঁলোকৰ ব্যক্তিগত পৰিচয়ৰ সন্ধানত গভীৰভাৱে সোমাই পৰিছিলো। উপন্যাসখনৰ পটভূমি হিচাপে কাম কৰা বিভাজন বা সাম্প্ৰদায়িক উত্তেজনাৰ দৰে উপাদানসমূহক আগস্থান দিয়াতকৈ মই সাৰ্বজনীন মানৱীয় আৱেগক অগ্ৰাধিকাৰ দি কাহিনীটোক আগুৱাই নিছো, যাতে পাঠকসকলে আৱেগিকভাৱে সংযোগ স্থাপন কৰিব পাৰে আৰু ইয়াক বিশ্বাসযোগ্য বুলি বিবেচনা কৰিব পাৰে। ৰাজনৈতিকভাৱে প্ৰভাৱিত উপাদানৰ উপস্থিতিৰ পিছতো মোৰ উদ্দেশ্য আছিল কাহিনীটো পাৰ্যমানে অ-ৰাজনৈতিক কৰি ৰখা।
 
৪. উপন্যাসখনত ১৮৫৭ চনৰ স্বাধীনতা যুদ্ধৰ পৰা বাংলাদেশ সৃষ্টিৰ পৰিৱৰ্তনৰ সূত্ৰপাত কৰা হৈছে। লগতে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত বিৱৰ্তনশীল সম্পৰ্কৰ চিত্ৰণ কৰা হৈছে। ইয়াত বিভাজনৰ পূৰ্বৰ সমন্বয় আৰু অপাৰেচন চাৰ্চলাইটৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান আৰু পৰৱৰ্তী ৰাজনৈতিক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰা হৈছে। পেলেষ্টাইন-ইজৰাইল সংঘাতৰ সাদৃশ্য থাকিলেও প্ৰতিটো পৰিস্থিতিৰ অনন্য ঐতিহাসিক আৰু ভূ-ৰাজনৈতিক কাৰক আছে। ৰাজনৈতিক সিদ্ধান্তই সাধাৰণ জীৱন আৰু আন্তঃসম্প্ৰদায়ৰ সম্পৰ্কত কেনে প্ৰভাৱ পেলায়, সেই বিষয়ে উপন্যাসখনে গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত আপুনি কি ক’ব? 
 
উত্তৰঃ ইজাজ মিয়াৰ চাইকেল মেৰামতিৰ দোকানত গঢ় লৈ উঠা বন্ধুত্ব আৰু গভীৰ বন্ধনে কেনেকৈ ধৰ্মীয় পাৰ্থক্যক অতিক্ৰম কৰিছিল সেই বিষয়ে উপন্যাসখনত চিত্ৰিত কৰা হৈছে। বন্ধুত্ব ধৰ্মীয় প্ৰৱণতাৰ পৰা নহয়, ভাগ-বতৰা কৰা অভিজ্ঞতা আৰু পাৰস্পৰিক আনন্দৰ পৰাই উদ্ভৱ হৈছিল। নামহীন আৰু পৰিচয়হীনক প্ৰতিনিধিত্ব কৰা অচিনাকী চৰিত্ৰটোৱে এই ধৰ্মীয় অনিশ্চয়তাৰ প্ৰতীক। যদিও পিছলৈ ৰাজনৈতিক পৰিঘটনাই সম্প্ৰদায়সমূহৰ মাজত সংযোগৰ ভয়ক ইন্ধন যোগাইছিল, উপন্যাসখনে বন্ধুত্ব স্থায়ী হোৱা বুলি গুৰুত্ব আৰোপ কৰিছে।  
 
বিভিন্ন সম্প্ৰদায়ত বন্ধু-বান্ধৱীৰ কৰুণ ভাগ্যক লৈ আছমানৰ যন্ত্ৰণাই ধৰ্মীয় ৰেখাক অতিক্ৰম কৰা মানৱীয় সংযোগক উজ্জ্বল কৰি তুলিছে। কাহিনীবোৰে ইচ্ছাকৃতভাৱে সাম্প্ৰদায়িক বিষয়সমূহৰ মাজত সোমাই পৰাৰ পৰা বিৰত থাকে আৰু সেইবোৰক কাহিনীৰ পটভূমিৰ উপাদান হিচাপেহে গণ্য কৰে। ই চলি থকা পেলেষ্টাইন-ইজৰাইল সংঘাতৰ সৈতে সাদৃশ্যতা অংকন কৰাৰ পৰা বিৰত থাকি ব্যক্তিগত পৰিচয় অনুসন্ধান আৰু শান্তিৰ আকাংক্ষাত গুৰুত্ব আৰোপ কৰে। 
 
অসমৰ মালেগড়ৰ কবৰস্তান
 
৫. কৰিমগঞ্জ সীমান্তত ভাৰতীয় স্বাধীনতাৰ প্ৰথম যুদ্ধৰ বিষয়ে কিছু কথা কওঁক আৰু নিহত আৰু সমাধিস্থ কৰা সকলো সৈনিকৰ তালিকা চৰকাৰৰ ওচৰত উপলব্ধ নহয় নে ইয়াক ৰহস্যত আৱৰ্তত ৰখাতো ইংৰাজৰ ইচ্ছাকৃত নীতি নে আন কিবা? 
 
উত্তৰঃ কৰিমগঞ্জ সীমান্তত ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধৰ সময়ত ৩৪ নং ৰেজিমেণ্ট বংগ থলুৱা পদাতিক বাহিনীৰ চিপাহীয়ে ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। কাৰাগাৰ ভাঙি বন্দীক মুকলি কৰি দিছিল, অস্ত্ৰভাণ্ডাৰ আৰু কোষাগাৰ লুট কৰিছিল আৰু বেৰেকত জুই লগাই দিছিল। মণিপুৰলৈ যোৱাৰ পথত তেওঁলোকে বৰ্তমান অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত লাটুৰ থানাৰ সমীপৰ শ্বাহবাজপুৰত ৰৈছিল। 
 
শ্বাহবাজপুৰত চিপাহীসকল ৰৈ থকাৰ কথা জানিব পাৰি ১১ নং চিলেট লাইট ইনফেণ্ট্ৰিৰ অধিনায়ক মেজৰ বিঙে প্ৰায় ১৬০ জন সৈনিকক লগত লৈ তেওঁলোকৰ ফালে আগবাঢ়ি আহিছিল। ১৮৫৭ চনৰ ১৮ ডিচেম্বৰত লাটুত দুই সেনাবাহিনীৰ মুখামুখি হয়, য’ত ২৬ জন বিদ্ৰোহী চিপাহী নিহত হয়। যদিও বিদ্ৰোহী চিপাহীসকল যুদ্ধত পৰাস্ত হৈছিল, তথাপিও তেওঁলোকে মেজৰ বিং আৰু তেওঁৰ পাঁচজন সৈন্যৰ সদস্যক হত্যা কৰাত সফল হৈছিল, যাৰ ফলত তেওঁলোকে লাটুৰ যুদ্ধত জয়ী হোৱাৰ ধাৰণা এটা সৃষ্টি কৰিছিল, যিটো সঁচা নহয়।
 
পিছলৈ চিলেট লাইট ইনফেণ্ট্ৰি প্ৰথম বেটেলিয়ন অষ্টম গোৰ্খা ৰাইফলছলৈ পৰিণত হয়। এই বেটেলিয়নটো বিহাৰৰ আৱধৰ চিপাহী আৰু গোৰ্খাকে ধৰি অন্যান্য পাহাৰীয়া লোকেৰে গঠিত হৈছিল। দুৰ্ভাগ্যজনকভাৱে সেই যুদ্ধত নিহত চিপাহীৰ নামৰ তালিকাখন বিদ্ৰোহৰ পিছত চৰকাৰী ৰেকৰ্ডৰ পৰা আঁতৰাই পেলোৱা হৈছিল। আজি উপলব্ধ ৰেকৰ্ডত মূলতঃ ব্ৰিটিছ বিষয়াৰ নাম, ‘বিশ্বাসী’ ভাৰতীয় চুবেদাৰ আদিৰ কেইটামান নামহে অন্তৰ্ভুক্ত কৰা হৈছে।
 
৬. নিজৰ পূৰ্বপুৰুষৰ বিষয়ে জানিবলৈ হজৰতকান্দীৰ “আঞ্জান”ৰ (Unknown) পৰা আৰম্ভ কৰি তিনি প্ৰজন্মৰ অহৰহ সংগ্ৰামৰ সৈতে যেন অসমৰ এন আৰ চি প্ৰক্ৰিয়াৰ কিছু সামঞ্জস্য আছে। এন আৰ চিৰ জৰিয়তেও মানুহে নিজৰ শিপাৰ বিষয়ে জানিব পাৰে। এন আৰ চিৰ ডাটাবেছে আঞ্জান আৰু ইয়াৰ ওপৰত আপোনাৰ সন্ধান অভিযানক কিবা প্ৰকাৰে সহায় কৰিব পাৰেনে?  
 
উত্তৰঃ ৱাঃ! সেইটোৱে কাহিনীটোক এক উজ্জ্বল টুইষ্ট দিলেহেঁতেন আৰু কাহিনীটোৰ ক্লাইমেক্স সলনি কৰিলেহেঁতেন। কিন্তু আঞ্জান এটা কাল্পনিক চৰিত্ৰ হোৱাৰ বাবে আৰু তেওঁৰ শিপা অজ্ঞাত হোৱাৰ বাবে এন আৰ চিয়ে তেওঁৰ পৰিচয়ৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলেহেঁতেন। কাৰণ, তেওঁৰ বংশ উলিয়াব পৰাকৈ কোনো ইনপুট নাই। এন আৰ চিৰ এই ধাৰণাটোৱে অৱশ্যে আন এখন ৰহস্যময় উপন্যাস লিখিবলৈ অনুপ্ৰাণিত কৰিব পাৰে! 
 
কল্পনাৰ চৰিত্ৰ 'আঞ্জান'ৰ পুত্ৰদ্বয়ৰ নাম আছিল বাদল আৰু আছমান, যিয়ে ডাৱৰ আৰু আকাশক বুজায়। তেওঁলোকৰো কোনো অস্ত্বিত্ব নাই আৰু তেওঁলোকে কোনো বিশেষ ধৰ্মীয় বিশ্বাসৰ প্ৰতি কোনো আত্মীয়তা প্ৰকাশ নকৰে।
 
৭) পৰিচয়ৰ সন্ধান এক সাৰ্বজনীন পৰিঘটনা হৈ আহিছে আৰু ইয়াক আপুনি সুন্দৰকৈ চিত্ৰিত কৰিছিল। এই সুন্দৰ উপন্যাসখন লিখিবলৈ আপোনাক কোনে প্ৰেৰণা দিলে?
 
উত্তৰঃ অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত ভাৰত-বাংলাদেশ সীমান্তৰ মালেগড় যুদ্ধ স্মৃতিসৌধৰ অচিনাক্ত কবৰৰ পৰাই কাহিনীটো আৰম্ভ হয়। ফলক থকাৰ পিছতো এই কবৰবোৰত শিলালিপিৰ অভাৱ, যাৰ ফলত নিৰৱ বাসিন্দাসকলৰ প্ৰতি কৌতুহলৰ সৃষ্টি হয়। এই নিস্তব্ধতাৰ মাজত থিয় হৈ মনত এটা গভীৰ প্ৰশ্ন উত্থাপন হৈছিল— কবৰস্থ আত্মাই সীমান্তৰ কথা চিন্তা কৰেনে? মানুহে হয়তো যুঁজিব পাৰে, শৰণাৰ্থী হ’ব পাৰে আৰু এনে মাটিৰ বাবে বলিদান দিব পাৰে, যি ভূমি অচল হৈ থাকে, তথাপিও পৰিৱৰ্তিত শাসকৰ অধীনত স্থানান্তৰিত হয়। এই চিন্তা-চৰ্চাই উপন্যাসখনৰ জন্ম দিলে। 
 
ভাৰত-বাংলাদেশ সীমান্ত
 
৮. অসমৰ উপায়ুক্তৰ মহাপেশখানা আৰু অন্যান্য চৰকাৰী কাৰ্যালয়ত মজুত থকা ঐতিহাসিক নথি-পত্ৰসমূহ আৱেগিক আৰু হৃদয়স্পৰ্শী উপন্যাস ৰচনাৰ বাবে উৎকৃষ্ট সমল হ’ব বুলি আপুনি ভাবেনে ? এই ধন-সম্পত্তিসমূহ ৰাজহুৱা জীৱনলৈ আনিবলৈ চৰকাৰে কি  পদক্ষেপ গ্ৰহণ কৰা উচিত।
 
উত্তৰঃ নিশ্চয়কৈ সেই ঐতিহাসিক তথ্যবোৰ সম্ভৱতঃ মনোমোহা কাহিনীৰে ভৰি আছে। সত্যই প্ৰায়ে কল্পকাহিনীৰ সৃষ্টি কৰে, বহুতো মন্ত্ৰমুগ্ধকৰ কিতাপ, ছবি আৰু নাটকৰ পটভূমি তৈয়াৰ কৰে। এই নথি-পত্ৰসমূহ সঁচা অৰ্থত এক সুন্দৰ সম্পদ হ’ব পাৰে। চৰকাৰৰ বাবে ইমান বিশাল সংগ্ৰহ প্ৰকাশ কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে, যদিও বৈধ প্ৰমাণপত্ৰ থকা আগ্ৰহী ব্যক্তিসকলে নিৰ্দিষ্ট তথ্য আৰু নথি-পত্ৰৰ বাবে কৰ্তৃপক্ষৰ কাষ চাপিব পাৰে। যথাযথ আনুষ্ঠানিকতা আৰু প্ৰট’কলৰ পিছত এই সামগ্ৰীসমূহ সুলভ কৰি তুলিব পৰা যায়।
 
নতুবা চৰকাৰী বিভাগসমূহে কলেজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য উৎসাহীসকলৰ বাবে ঐতিহাসিক বিষয়ৰ সজাগতা সভা/এক্সপ’জাৰ অধিবেশনৰ আয়োজন কৰিব পাৰে। এই অধিৱেশনসমূহৰ সময়ত বিশেষজ্ঞসকলে এই নথিসমূহ প্ৰদৰ্শন, আলোচনা আৰু ব্যাখ্যা কৰিব পাৰিব, যাৰ ফলত আমাৰ নৱপ্ৰজন্মৰ মাজত অতীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব।
 
৯. দক্ষিণ ভাৰতত মানুহে নিজৰ গাঁৱৰ নামেৰে প্ৰায়ে নিজৰ নামটো সংযোগ কৰে। কেৱল গাঁৱৰ নামেৰে চিনাক্ত হোৱাৰ বাবে হজৰতকান্দীৰ দুখ-কষ্ট অলপ অতিৰঞ্জিত কৰা বুলি আপুনি ভাবেনে? 
 
উত্তৰঃ হয়, বহুতে এই প্ৰশ্নটো উত্থাপন কৰিছে। উপন্যাসত বৰ্ণিত তিনি প্ৰজন্ম  সঁচা অৰ্থত হজৰতকান্দী নামৰ গাঁওখনৰ অন্তৰ্গত হয়নে নহয়, সেই বিষয়ে নিশ্চিত নহয় আৰু এই অনিশ্চয়তাই কাহিনীটোৰ পটভূমি তৈয়াৰ কৰিছে। আপুনি কোৱাৰ দৰে আন ঠাইৰ বহু সম্প্ৰদায়ত গাঁৱৰ নামটো উপাধি হিচাপে ব্যৱহাৰ কৰাটো এটা সাধাৰণ প্ৰথা, কাৰণ তেওঁলোকে ইয়াৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিব বিচাৰে। অৱশ্যে উপন্যাসত বৰ্ণিত হজৰতকান্দীৰ ক্ষেত্ৰত এনে নহয়।
 
ঢাকাৰ পৰা উভতি অহাৰ পিছত আঞ্জানে আছমানক কয়, "চুবেদাৰে মোক সুধিছিল যে মোৰ নামত থকা হজৰতকান্দী মানচিত্ৰত থকা গাঁওখনৰ সৈতে একে নেকি... কিন্তু সেইটোও ঠিকেই হ'লহেঁতেন আছমান, যদিহে মই এই সম্পৰ্কে নিশ্চিতভাৱে জানিলোহেঁতেন।" (পৃষ্ঠা ২৬৪-২৬৫)। সেয়েহে ভাৰতীয় সাহিত্যৰ সমালোচক আৰু সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য পুৰোধাব্যক্তি অধ্যাপক মালাশ্ৰী লালে মোৰ গ্ৰন্থখন সম্পৰ্কে কৰা মন্তব্যত এইদৰে আঙুলিয়াই দিছিল, "...নিজৰ পৰিচয় আৰু সম্পত্তি জনাতো সকলোৰে বাবে অতি প্ৰয়োজন আৰু সকলোৰে বাবে কালজয়ী কাহিনীৰ ভিত্তি হব পাৰে... লিখকে গভীৰ অন্তৰ্দৃষ্টি আৰু সূক্ষ্মতাৰে এই উপন্যাসৰ জৰিয়তে বৰ্তমান সময়ৰ প্ৰমোল্যবোধত এক অচ্যুত চিহ্ন ৰখি যাবলৈ সমৰ্থ হৈছে।।"   
 
(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)