স্বপ্না দাস
তেওঁ প্ৰথমগৰাকী বিদেশী নাগৰিক, যি ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে সন্মানিত হৈছিল। তেওঁৰ নাম খান আব্দুল গফ্ফৰ খান। অবিভাজিত ভাৰতত 'বাদশ্বাহ খান', 'বচ্ছা খান', 'সীমান্ত গান্ধী' আদি নামেৰেও পৰিচিত খান আব্দুল গফ্ফৰ খান নামৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰে জড়িত লোকগৰাকী লক্ষণীয়ভাৱে পৰৱৰ্তী সময়ত পাকিস্তানৰ নাগৰিক হ'বলগীয়া হৈছিল। যিগৰাকী ব্যক্তিয়ে মনে-প্ৰাণে ভাৰত বিভাজিত হোৱাটো বিচৰা নাছিল, তেৱেঁই কিন্তু দ্বিখণ্ডিত ভাৰতত হৈ পৰে বিদেশী নাগৰিক। তেওঁ আছিল অহিংসা নীতিত বিশ্বাসী শান্ত-সমাহিত আৰু জাতি-ভেদৰ বিপৰীতে প্ৰকৃত মানৱ দৰদী এগৰাকী পাঠান।
দেশ স্বাধীন হোৱাৰ পূৰ্বৰ কথা। ব্ৰিটিছ শাসিত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ সীমান্ত জনজাতি এলেকাৰ হাষ্টনগৰৰ উৎমানজাই আৰু পিছলৈ পাকিস্তানৰ অন্তৰ্ভূক্ত হোৱা খাইবাৰ পাখ্টুনখ্ৱা নামৰ ঠাইত ১৮৯০ চনৰ ৬ ফেব্ৰুৱাৰীত খান আব্দুল গফ্ফৰ খানৰ জন্ম হৈছিল। শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়াল এটাত জন্ম হোৱা বাবে গফ্ফৰে জন্মস্থানৰ একমাত্ৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম ব্ৰিটিছ পৰিচালিত এডৱাৰ্ড মিছন স্কুলত পঢ়াৰ সুযোগ পাইছিল। পঢ়া-শুনাৰ প্ৰতি ধাউতি থকা বাবেই গফ্ফৰ সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পূৰ্বেই ব্ৰিটিছ ৰাজৰ পষ্টুন সৈন্যৰ অভিজাত 'কৰ্প দ্য গাইডছ'ত অতি সন্মানীয় কমিচনৰ পদৰ বাবে তেওঁলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। কিন্তু সেইটো এটা সন্মানৰ পৰিৱৰ্তে তেওঁৰ বাবে অপমানজনক প্ৰস্তাৱ বুলি গণ্য কৰি তেওঁ পোনছাটেই অগ্ৰাহ্য কৰিছিল। সেয়াই আছিল এগৰাকী স্বাভিমানী ভাৰতীয়ৰ সিদ্ধান্ত।
মহাত্মা গান্ধীৰ সৈতে খান আব্দুল গফ্ফৰ খান
পৰৱৰ্তী সময়ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হোৱা খান আব্দুল গফ্ফৰ খান গুৰু ৰেভাৰেণ্ড উইগ্ৰামৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজৰ সেৱাত শিক্ষাৰ গুৰুত্বক ভালদৰেই উপলব্ধি কৰিছিল। উচ্চ শিক্ষাৰ বাবে গাফ্ফৰে দেউতাক আৰু শিক্ষাগুৰুৰ অনুমতি লাভ কৰাৰ পিছতো মাকৰ অনুমতি নথকাত লণ্ডনলৈ যোৱা নহ'ল। তেওঁ সৰুৰে পৰা পাষ্টুন সমাজৰ উন্নতি হোৱাটো বিচৰাৰ পৰিপ্ৰেক্ষিততেই পঢ়া শেষ কৰি মাথোঁ বিশ বছৰ বয়সত ১৯১০ চনত আপোন গাঁও খাইবাৰ পাখ্টুনখ্ৱাত এখন মাদ্ৰাছা স্থাপন কৰে।
১৯১১ চনত তুৰাংজাইৰ পাষ্টুন স্বাধীনতা সংগ্ৰামী হাজী চাহাবৰ স্বাধীনতা আন্দোলনত যোগদান কৰে। কিন্তু ১৯১৫ চনত ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁৰ মাদ্ৰাছাত নিষেধাজ্ঞা আৰোপ কৰে। কিন্তু গফ্ফৰ খান ভাঙি পৰা নাছিল। কাৰণ এখন শিক্ষিত আৰু উন্নত সমাজ গঠন কৰাটো আছিল তেওঁৰ শৈশৱৰে সপোন, যি সপোন দিঠক কৰাৰ স্বাৰ্থত নিজে জড়িত শিক্ষানুষ্ঠানখন বন্ধ হৈ যোৱাৰ পিছতো তেওঁ হাৰ মানি বহি নাথাকি পূৰ্বতকৈও যেন বেছি কষ্ট আৰু উৎসাহেৰে দিন-ৰাতি একাকাৰ কৰি প্ৰায় ৫০০খন নিকটৱৰ্তী গাঁৱলৈ নিজেই গৈ সামাজিক আৰু ৰাজনৈতিক দিশত জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছিল। সেইসূত্ৰেই ১৯২০ চনত 'খুদাই খিদমদগাৰ' (আৰবী ভাষাৰ 'খুদাই খিদমদগাৰ'ৰ অৰ্থ 'ঈশ্বৰৰ দাস') নামে এটি সামাজিক সংস্থাৰ জন্ম দিয়ে। এই সংস্থাৰ মূল নীতি আছিল ধৈৰ্য আৰু অহিংসা।
ভাৰতৰ স্বধীনতা সংগ্ৰামৰ এক কঠিন সময়ত ৰাওলত আইনৰ জড়িয়তে ১৯১৯ চনত খান আব্দুল গফ্ফৰ খান মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে। তেনেদৰে মহাত্মা গান্ধীৰ সৈতে তেওঁ যথেষ্ট সময় কটাই গান্ধীজীৰ দ্বাৰা অনুপ্ৰাণিত হোৱা গফ্ফৰ খানে ভাৰতৰ উত্তৰ পশ্চিম সীমান্তীয় প্ৰান্তত এক অহিংস আন্দোলনৰ নেতৃত্ব দিছিল। সেইবাবেই গফ্ফৰ খান 'সীমান্ত গান্ধী' নামেৰেও পৰিচিত। ১৯৩০ চনৰ ১২ মাৰ্চত গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ অংশ হিচাপে আৰম্ভ কৰা 'নিমখ সত্যাগ্ৰহ পদযাত্ৰা'ক আদৰণি জনাইছিল সমগ্ৰ দেশৰ নাগৰিকে। এই যাত্ৰাত সহযোগ কৰিছিল গফ্ফৰ খানৰ লগতে 'খুদাই খিদমদগাৰ' সংগঠনটোৰ সদস্যসকলেও।
এক অনুষ্ঠানত খান আব্দুল গফ্ফৰ খান
এনে সময়তে ১৯৩০ চনৰ এপ্ৰিল মাহৰ ২৩ তাৰিখে ব্ৰিটিছ সেনাই গফ্ফৰ খানকে ধৰি আন বহুতো স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰি পেছ'ৱাৰ জে'ললৈ প্ৰেৰণ কৰে। এই খবৰ বিয়পি পৰাৰ লগে লগেই পেছ'ৱাৰৰ সমগ্ৰ জনতাই ব্ৰিটিছ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি খানৰ মুক্তিৰ দাবীত ৰাজপথ পায়। খানৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদী ধ্বনিৰে উত্তাল হৈ পৰে পেছ'ৱাৰৰ আকাশ-বতাহ। 'খুদাই খিদমদগাৰ'ৰ সদস্যসকলে পেছ'ৱাৰ জে'লৰ সন্মুখত প্ৰতিবাদ কৰে। কিন্তু এই নিৰস্ত্ৰ প্ৰতিবাদী জনতাৰ ওপৰত ব্ৰিটিছে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। কিন্তু স্বাধীনতাৰ ভোকত কলবলাই থকা সংগ্ৰামীসকলৰ এখোজো লৰচৰ হোৱা নাছিল। বুকু ফিন্দাই নিৰ্ভীকভাৱে থিয় হৈ আছিল ব্ৰিটিছ সেনাবাহিনীৰ সন্মুখত। সিদিনা ২০০ৰ পৰা ৩০০ সংগ্ৰামীৰ মৃত্যু হয় বুলি ৰাজমোহন গান্ধীয়ে লিখা 'বাদশ্বাহ খান' ওৰফে খান আব্দুল গফ্ফৰ খানৰ জীৱন বিষয়ক গ্ৰন্থ 'Gaffar Khan : Non-Violence Badshah Of The Pakhtun'ত উল্লেখ কৰি থৈছে। আনকি নিৰস্ত্ৰ প্ৰতিবাদীৰ ওপৰত গুলীবৰ্ষণৰ আদেশ অমান্তি কৰা বাবে ব্ৰিটিছ সেনাৰ 'গড়ৱাল ৰাইফল'ৰ জোৱানসকলক কোর্ট মাৰ্চেল কৰি দীঘলীয়া সময়ৰ বাবে জে'ললৈ প্ৰেৰণ কৰা হৈছিল।
এই নৰসংহাৰৰ ঘটনাৰ পিছত 'খুদাই খিদমদগাৰ'ৰ ওপৰত ব্ৰিটিছৰ কাঢ়া নজৰ আছিল। এনে সময়ত 'খুদাই খিদমদগাৰ'ৰ সদস্যসকলে মুছলীম লীগৰ সহায় বিচাৰে যদিও ব্ৰিটিছক জবাব দিব লাগিব বুলি তেওঁলোকক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। ফলত পূৰ্বতকৈ শক্তিশালী ৰূপত ব্ৰিটিছৰ লগত যুঁজ দিবলৈ তেওঁলোকে ভাৰতীয় কংগ্ৰেছত যোগদান কৰে । আনকি ১৯৩১ চনত বাদশ্বাহ খানক কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল যদিও নিজকে 'নেদেখাজনৰ দাস' বুলি কৈ এই প্ৰস্তাৱ তেওঁ অগ্ৰাহ্য কৰি স্বেচ্ছাই দেশৰ হকে খোজ আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰে। এনেদৰেই ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈ জীৱনৰ বহু সময় গফ্ফৰ খানে ব্ৰিটিছ শাসনকালত যথেষ্ট সময় কাৰাবাসতেই কটাবলগীয়া হৈছিল। ছয় ফুট তিনি ইঞ্চি উচ্চতাৰ পাঠান খান আব্দুল গফ্ফৰ খানক জে'লত থকা সময়ত পিন্ধিবলৈ দিয়া কয়দীৰ পোছাকযোৰৰ চোলাটো নাভিৰ তললৈ নগৈছিল আৰু পেন্টটো আঁঠুৰ ওপৰতে ৰৈ গৈছিল। আনকি নামাজ পঢ়িবৰ সময়ত তেওঁৰ পায়জামাটো প্রায়েই ফাটি গৈছিল বুলি তেওঁ তেওঁৰ আত্মকথা 'My Life And Struggle'ত লিখিছে।
স্বাধীনতাৰ হকে যুঁজ দিয়া দেশমাতৃৰ এইগৰাকী সংগ্ৰামী সন্তানে স্বাধীনতাৰ নামত দেশৰ বিভাজন হোৱাটো কেতিয়াও বিচৰা নাছিল। নটৱৰ সিঙে তেওঁৰ 'Walking with lions : From a Diplomatic Past' গ্ৰন্থত পাঁচগৰাকী কংগ্ৰেছীয়ে--- ক্ৰমে মহাত্মা গান্ধী, জয়প্ৰকাশ নাৰায়ণ, খান আব্দুল গফ্ফৰ খান, মৌলানা আবুল কালাম আজাদ, ৰাম মনোহৰ লোহিয়াই মূলতঃ ভাৰত বিভাজনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল বুলি লিখিছে। অনেকৰ ইচ্ছা অনিচ্ছা স্বত্তেও কিন্তু শেষত দেশ খণ্ডিত হ'ল। দেশ বিভাজনৰ ফলত খাইবাৰ পাখ্টুনখ্ৱা পাকিস্তানৰ অন্তৰ্গত হয়। গফ্ফৰ খানৰ বাবে সেয়া আছিল অতি কষ্টকৰ। কাৰণ ইয়াৰ ফলত গফ্ফৰ খান হৈ পৰে পাকিস্তানৰ নাগৰিক। এনে পৰিপ্ৰেক্ষিততেই তেওঁ এই বিভাজনৰ সময়ত কংগ্ৰেছক অতি দুখজনকভাৱে কৈছিল, "আপোনালোকে আমাক পশুৰ ওচৰত এৰি দিলে।"
জৱাহৰলাল নেহৰুৰ সৈতে খান আব্দুল গফ্ফৰ খান
স্বাধীতাৰ সময়ত এই বিভাজনৰ পিছত পাকিস্তানৰ নাগৰিক হোৱা গফ্ফৰ খানে বিভাজনৰ পিছত স্বায়ত্তশাসিত "পাষ্টুনিস্তান" প্ৰশাসনিক ইউনিটৰ দাবী জনায় যদিও ১৯৪৮ চনৰ পৰা ১৯৫৪ চনৰ ভিতৰত পাকিস্তান চৰকাৰে তেওঁক সঘনাই গ্ৰেপ্তাৰহে কৰে।১৯৫৬ চনত ৱান ইউনিটৰ বিৰোধিতা কৰাৰ বাবে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ভাৰতৰ স্বাধীনতাৰ হকে যুঁজি যুঁজি স্বাধীনতাৰ গৰ্বেৰে গৰ্বিত হোৱাৰ পিছতো জীৱনৰ শেষ উশাহটোলৈ কেতিয়াবা যদি জে'লত কটাবলগীয়া হৈছিল, কেতিয়াবা আকৌ আপোন গৃহতেই গৃহ বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছিল এইগৰাকী অহিংস নীতিৰে উদ্বুদ্ধ পাঠানে। তেওঁ আনকি কেইবাবছৰ আফগানিস্তানতো আছিল। ব্ৰিটিছ বিৰোধী আন্দোলনত নিঃস্বাৰ্থভাৱে দেশৰ স্বাধীনতাৰ হকে যুঁজ দিয়া আৰু দেশ বিভাজনৰ সময়ত ভাৰতৰ বাবেই বিদেশী নাগৰিকক দেশপ্ৰেমিক হিচাপেই অৱশ্যে মনত ৰাখিছে ভাৰতবৰ্ষই। এনে কাৰণতেই ভৰত চৰকাৰে খান আব্দুল গফ্ফৰ খানক তেওঁৰ কৰ্ম আৰু দেশপ্ৰীতিৰ বাবে ১৯৮৭ চনৰ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' প্ৰদানেৰে সন্মানিত কৰে।
ভাৰতৰ স্বধীনতা আন্দোলনৰ এগৰাকী যোদ্ধা তথা দুবাৰকৈ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত গফ্ফৰ খানে ১৯৮৮ চনৰ ২০ জানুৱাৰীত পাকিস্তানৰ খাইবাৰ পাখ্টুনখ্ৱাত থকা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে মৃত্যুৰ সময়তো তেওঁ পাকিস্তান চৰকাৰৰ নজৰবন্দী হৈয়েই আছিল। জীৱনৰ বেছিভাগ সময় জে'লত অতিবাহিত কৰা গফ্ফৰ খানে জে'লত থকা সময়তে গীতা আৰু গুৰুগ্ৰন্থ অধ্যয়ন কৰিছিল এই উদ্দেশ্যৰে, যাতে তেওঁ মানুহৰ মনৰ পৰা সাম্প্ৰদায়িক ভেদভাৱ আঁতৰ কৰি সকলোৱে একেলগ হৈ দেশৰ স্বাধীনতাৰ হকে যুঁজ দিব পাৰে। এনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথা সময়ে আমাৰ মাজত সদায়েই নমস্য কৰি ৰাখিব। একেদৰে পাকিস্তানৰ দৃষ্টিত 'দেশদ্ৰোহী' খান আব্দুল গফ্ফৰ খান ভাৰতৰ বাবে সদায়েই পৰিচিত হৈ থাকিব এগৰাকী প্ৰকৃত দেশপ্ৰেমিক হিচাপেও।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিকা। খান আব্দুল গফ্ফৰ খান ওৰফে সীমান্ত গান্ধীৰ ৬ ফেব্ৰুৱাৰীত জন্ম জয়ন্তী আছিল।)