পল্লব ভট্টাচাৰ্য
বিগত ৭-১০-২৩ তাৰিখে হামাছ নামৰ উগ্ৰপন্থী সংগঠনে ইজৰাইলক কৰা আক্ৰমণ আৰু ইজৰাইলৰ বিধ্ৱংসী প্ৰত্যাক্ৰমণে এই ঐতিহাসিক অৱশ্য সমস্যা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সমাধানসূত্ৰ নিৰ্ণয়ৰ প্ৰচেষ্টাই সমগ্ৰ পৰিবেশক অতি সংবেদনশীলৰ লগতে আলোড়নকাৰী কৰি তুলিছে।
কৃত্ৰিম বুদ্ধিমত্তাই (এআই) আইন প্ৰয়োগ উদ্যোগকে ধৰি বহু উদ্যোগক দ্ৰুতগতিত ৰূপান্তৰিত কৰিছে। এআই চালিত সঁজুলিয়ে আৰক্ষী সংস্থাসমূহক অপৰাধ নিয়ন্ত্ৰণ উন্নত কৰাত, অপৰাধৰ অধিক কাৰ্যক্ষমভাৱে তদন্ত কৰাত আৰু সম্প্ৰদায়ক ভালদৰে সেৱা আগবঢ়োৱাত সহায় কৰিব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
অপৰাধ নিয়ন্ত্ৰণ আৰু অন্যান্য আৰক্ষীৰ কাৰ্য্যকলাপত এআই কেনেকৈ ব্যৱহাৰ কৰা হৈছে তাৰ কিছুমান নিৰ্দিষ্ট উদাহৰণ তলত দিয়া হ’ল:
ভৱিষ্যদ্বাণীমূলক পুলিচিং: এআই কলনবিধিয়ে (এলগৰিদম্) ঐতিহাসিক অপৰাধৰ তথ্য বিশ্লেষণ কৰি আৰ্হি আৰু ধাৰা চিনাক্ত কৰিব পাৰে। তাৰ পিছত এই তথ্যৰ সহায়ত অপৰাধ ক’ত আৰু কেতিয়া সংঘটিত হোৱাৰ সম্ভাৱনা বেছি সেইটো ভৱিষ্যদ্বাণী কৰিব পাৰে। ইয়াৰ ফলত আৰক্ষী বিভাগসমূহে সম্পদসমূহ অধিক ফলপ্ৰসূভাৱে নিয়োগ কৰিব পাৰে আৰু অপৰাধ সংঘটিত হোৱাৰ পৰা সক্ৰিয়ভাৱে প্ৰতিৰোধ গঢ়ি তুলিব পাৰে।
চিকাগো আৰক্ষী বিভাগে উচ্চ অপৰাধৰ অঞ্চল চিনাক্ত কৰিবলৈ প্ৰেডপল (PredPol) নামৰ এআই চালিত ভৱিষ্যদ্বাণীমূলক পুলিচিং সঁজুলি ব্যৱহাৰ কৰিছিল। প্ৰেডপলে অপৰাধৰ হাৰ ১০% পৰ্যন্ত হ্ৰাস কৰা দেখা গৈছে। ২০১৫ চনত মহাৰাষ্ট্ৰ চৰকাৰে ভৱিষ্যদ্বাণীমূলক পুলিচিঙৰ জৰিয়তে ৰাজ্যখনৰ চাইবাৰ জগত সুৰক্ষিত কৰাৰ বাবে ৮০০ কোটি টকাৰ পৰিকল্পনা প্ৰৱৰ্তন কৰি বৰ্তমান এই দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
মুখ চিনাক্তকৰণ: এআই চালিত মুখ চিনাক্তকৰণ চফ্টৱেৰৰ সহায়ত সন্দেহযুক্ত আৰু অপৰাধৰ বলি হোৱা লোকক চিনাক্ত কৰিব পাৰি। এই প্ৰযুক্তিৰ সহায়ত চিচিটিভি ফুটেজ, সামাজিক মাধ্যমৰ ফটো আৰু অন্যান্য ছবি স্কেন কৰি নিৰ্দিষ্ট লোকক বিচাৰি উলিয়াব পাৰি।
প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (এনএলপি): এনএলপি এলগৰিদম ব্যৱহাৰ কৰি লিখা আৰু শ্ৰব্য (অডিঅ’) তথ্য বিশ্লেষণ কৰিব পাৰি। এই প্ৰযুক্তিৰ সহায়ত সন্দেহজনক ভাষাৰ আৰ্হি আৰু সম্ভাৱ্য ভাবুকি চিনাক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে 'ছেণ্টিয়েণ্ট' নামৰ এনএলপি চালিত সঁজুলি ব্যৱহাৰ কৰি সম্ভাৱ্য সন্ত্ৰাসবাদী ভাবুকিৰ বাবে সামাজিক মাধ্যমৰ তথ্য বিশ্লেষণ কৰে।
দ্ৰষ্টব্য (ভিডিঅ’) বিশ্লেষণ: সন্দেহজনক কাৰ্যকলাপৰ বাবে ভিডিঅ’ ফুটেজ বিশ্লেষণ কৰিবলৈ এআই-চালিত ভিডিঅ’ বিশ্লেষণ চফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰি। এই প্ৰযুক্তিৰ সহায়ত চলি থকা অপৰাধ ধৰা পেলাব পাৰি, সন্দেহযুক্ত লোকক চিনাক্ত কৰিব পাৰি আৰু তেওঁলোকৰ গতিবিধি অনুসৰণ কৰিব পাৰি। ছানফ্ৰান্সিস্কো আৰু লণ্ডন মেট্ৰ’পলিটান আৰক্ষীয়ে ইয়াক সফলতাৰে ব্যৱহাৰ কৰি আহিছে।
হামাছ-ইজৰাইল যুদ্ধৰ এক দৃশ্য
যান-বাহন ব্যৱস্থাপনা: যান-বাহন ব্যৱস্থাপনা (নিউয়ৰ্ক চহৰৰ দৰে) আৰু সম্প্ৰদায়ৰ সংযোগত আৰক্ষীক সহায় কৰিবলৈও এআই ব্যৱহাৰ কৰা হৈছে- লছ এঞ্জেলছ আৰক্ষী বিভাগে 'নেটবেছ' নামৰ এআই-চালিত ছ’চিয়েল মিডিয়া নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰি সম্প্ৰদায়ৰ সদস্যসকলক চিনাক্ত কৰে যিসকলৰ অপৰাধ সংক্ৰান্তে চিন্তিত আৰু সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ সৈতে জড়িত হোৱাৰ প্ৰচেষ্টা চলোৱা হয়। ইয়াৰ ফলত সমাজত আৰক্ষী বিভাগৰ ভাবমূর্তি উন্নত হোৱাত সহায়ক হৈছে৷
সংঘাত সমাধান: এই লেখাত আৰম্ভণিত উল্লেখ কৰাৰ দৰে বিশ্বত এআইৰ উপযোগৰ আন এক ক্ষেত্ৰ হ’ল ৭-১০-২৩ তাৰিখে বিস্ফোৰণ হোৱা ইজৰাইল-হামাছৰ সংঘাতৰ সমাধান বিচাৰি উলিওৱা। ২০০৯ চনত ৰাষ্ট্ৰসংঘই অংকীয় অন্তৰ্ভুক্তিৰ জৰিয়তে এক উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰে যিটো 'গ্ল’বেল পালছ' নামেৰে জনাজাত। দুজন আমেৰিকান এফ লেৰন শ্বাল্টছ আৰু জাষ্টিন লেনৰ সহ-প্ৰতিষ্ঠাপক 'কালচাৰ-পালছ' নামৰ সংগঠন বৰ্তমান বিশ্বৰ বিভিন্ন ঠাইত এআই মডেলৰ জৰিয়তে সংঘাত নিৰাময়ৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সৈতে নিয়োজিত হৈ আছে।
ভাৰতত এআইৰ ব্যৱহাৰ
২০১৮ চনৰ অক্টোবৰ মাহত হাৰিয়ানা চৰকাৰ আৰু 'চিভিলকপছে' (স্মাৰ্ট চহৰৰ বাবে এটা সামাজিক চোৰাংচোৱা সংস্থা) ৰাজহুৱা অভিযোগ বিশ্লেষণৰ বাবে এআই সমাধান প্ৰস্তুত কৰাৰ বাবে চুক্তিবদ্ধ হয়। এআইৰ সহায়েৰে আলোচনা আৰু কণ্ঠস্বৰ আন্তঃপৃষ্ঠ ব্যৱহাৰ কৰি নাগৰিকৰ পৰা অভিযোগ গ্ৰহণ আৰু বিশ্লেষণৰ প্ৰক্ৰিয়া স্বয়ংক্ৰিয় কৰা হৈছিল, যাৰ ফলত প্ৰক্ৰিয়াটোৰ লগত জড়িত জনশক্তি আৰু খৰচ হ্ৰাস পাইছিল। ইয়াৰ উপৰিও ফেচবুক মেচেঞ্জাৰ মঞ্চত আলোচনা আৰু কণ্ঠস্বৰ আন্তঃপৃষ্ঠ একত্ৰিত কৰি হৈছিল।
প্ৰতিনিধিত্বমূলক ছবি
২০১৭ চনৰ ডিচেম্বৰ মাহত তেলেংগানা আৰক্ষীয়ে কেমেৰা, জিপিএছ, আৰু আল্ট্ৰাছ’নিক ৰিডাৰ (অতিশাব্দিক পাঠক), প্ৰক্সিমিটি চেন্সৰ (নিকটৱৰ্তী সংবেদক) আৰু উষ্ণতা সংবেদক চেন্সৰেৰে সজ্জিত 'স্মাৰ্ট ৰব’কপ' মুকলি কৰে। হায়দৰাবাদৰ এইচ-বটছ ৰবটিক্স নামৰ কোম্পানীটোৱে এআই প্ৰযুক্তিৰ সহায়ত ইয়াক নিৰ্মাণ কৰিছিল। আইন-শৃংখলা আৰু যাতায়ত ব্যৱস্থাপনাত আৰক্ষীক সহায় কৰিব পৰাকৈ এই ৰবটটো ডিজাইন কৰা হৈছে।
ৰবটে নিৰ্বাচিত স্থান যেনে মল, বিমানবন্দৰ আৰু অন্যান্য ৰাজহুৱা স্থানত নিৰাপত্তাৰ ভূমিকা গ্ৰহন কৰিব পাৰে। তদুপৰি ই মানুহক মানুহক চিনি পাব পাৰে, অভিযোগ ল’ব পাৰে, বোমা ধৰা পেলাব পাৰে, সন্দেহযুক্ত লোকক চিনাক্ত কৰিব পাৰে, মানুহৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু মানুহৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে। ৰবটটোত তাপীয় প্ৰতিবিম্বিত (থাৰ্মেল ইমেজিং)কৰাৰ শক্তি, জৰুৰীকালীন আকস্মিক দমক (ফ্লেচ্ লাইট)ৰ দৰে অন্তৰ্নিৰ্মিত প্ৰযুক্তি বিদ্যমান আৰু ইয়াত আছে স্বয়ংক্ৰিয় (অটোমেটিক) চাৰ্জিং ডক্ ষ্টেচন।
ভাৰতত প্ৰথমবাৰৰ বাবে উত্তৰপ্ৰদেশে কয়দীসকলক নিৰীক্ষণ কৰিবলৈ ৭০খন কাৰাগাৰত এআই-সক্ষম ভিডিঅ’ এনালাইটিক্স প্লেটফৰ্ম 'জাৰ্ভিছ' নিয়োগ কৰিছে। উত্তৰপ্ৰদেশ আৰক্ষী আৰু 'ষ্টাকু' নামৰ কোম্পানীটোৱে এটা বিশাল নেটৱৰ্কত চিচিটিভি কেমেৰাৰ পৰা প্ৰকৃত সময়ত (ৰিয়েল টাইম) ফুটেজ নিৰীক্ষণ কৰিবলৈ আৰু তাৰ পিছত ইায়াৰ যিকোনো অংশক চিহ্নিত কৰিবলৈ 'জাৰ্ভিছ' দৃশ্য প্ৰাচীৰ (ভিডিঅ’ ৱাল) ৰূপায়ণ কৰিছে, যিয়ে অবৈধ কাৰ্যকলাপ চিনাক্ত কৰাত সহায়ক হয়।
প্ৰতিনিধিত্বমূলক ছবি
ৰাস্তাৰ আলোকৰ কাৰ্য্যকলাপ নিৰীক্ষণ কৰা আৰু বিকল উপাদানসমূহ সময়মতে সলনি কৰাটো জনসাধাৰণৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ দিশ। এআই ভিত্তিক 'ষ্ট্ৰীট লাইট' নিৰীক্ষণ ব্যৱস্থাৰ সহায়ত কামটো সহজ হৈ পৰে। তামিলনাডু ই-গভৰ্নেন্স এজেন্সীয়ে (TNeGA) ষ্ট্ৰীট লাইটৰ বিকলতা বাস্তৱ সময়ত ধৰা পেলাবলৈ IoT (Internet of Things) ভিত্তিক স্বয়ংক্ৰিয় স্মাৰ্ট ষ্ট্ৰীট নিৰীক্ষণ পদ্ধতি প্ৰস্তুত কৰাত ব্যৱহৃত হৈ আছে। ভাৰতত এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ অগ্ৰগতিৰ সম্পৰ্কে ৰাষ্ট্ৰীয় এআই পৰ্টেল (INDIAai Port) https://indiaai.gov.in/ ত দ্ৰষ্টব্য।
কৌশলগত ভূ-ৰাজনৈতিক অৱস্থান আৰু উত্তৰ-পূবৰ অগ্ৰণী ৰাজ্যৰ নেতা হিচাপে অসমে বিশ্বৰ উত্তম পদ্ধতি অনুসৰণ কৰি এআইৰ ব্যৱহাৰৰ পথত অগ্ৰসৰ হোৱাটো সময়ৰ আহ্বান। নাগৰিকক সুৰক্ষা প্ৰদান আৰু অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত সফলতাৰ চাবিকাঠি হ’ল এই বিঘ্নিতকাৰী প্ৰযুক্তিৰ প্ৰথম আৰু আগতীয়া সফল ব্যৱহাৰ।
(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ অসম লোকসেৱা আয়োগ)