সৌৰভ কুমাৰ বৰা
‘ৱাৰ জ’ন’ ছিৰিয়াৰ পৰা প্ৰবল যুদ্ধৰ মাজেৰে কোনোমতে আহি ঘৰ পালেহি অসম-জীয়ৰী শ্বেহনাব ছাহিন৷ যুদ্ধবিধ্বস্ত ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ বিমানবন্দৰৰ পৰা শেষখন বিমান উৰিছিল যোৱা ৮ ডিচেম্বৰত৷ সশস্ত্ৰ বিদ্ৰোহীয়ে তাৰো দুদিন আগৰ পৰা ঘেৰি ধৰিছিল ৰাজধানী ডামাস্কাছ৷ ৰাজধানীৰ উপকণ্ঠত ইখনৰ পাছত সিখন যুদ্ধত বিদ্ৰোহী নেতা মহম্মদ আল জুলানিৰ যোদ্ধাৰ হাতত পৰাজিত হৈছিল ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সেনাবাহিনী৷ আছাদৰ বাহিনীয়ে সহায় পোৱা নাছিল ছিৰিয়াত ঘাটি পাতি থকা ৰাছিয়াৰ সেনাৰ পৰা৷
ইজৰাইলৰ আক্ৰমণত ত্ৰস্তমান হৈ আত্মৰক্ষাত ব্যস্ত ইৰাণৰ পৰাও অহা নাছিল কোনো সহায়-সমৰ্থন৷ অৱশেষত চৰকাৰী বাহিনীৰ পৰাজয় নিশ্চিত বুলি জানি ২৪ বছৰীয়া একনায়কত্ববাদী শাসন ত্যাগ কৰি দেশ এৰি পলায়ন কৰিলে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে৷ ডামাস্কাছৰ বিমানবন্দৰৰ ৰাছিয়ান ইলিউছিন-৭৫ বিমানখনেই (ব্যক্তিগত) আছিল ছিৰিয়াৰ পৰা যোৱা এসপ্তাহত উৰা মৰা শেষখন বিমান, য’ত উঠি আছাদ আৰু তেওঁৰ পৰিয়ালে পলায়ন কৰি এতিয়া ৰাজনৈতিক আশ্ৰয় লৈছে ৰাছিয়াত৷
প্ৰজেক্টৰ কামত ব্যস্ত শ্বেহনাব, লগত স্থানীয় সহকৰ্মী
ঠিক তাৰ পূৰ্বেই প্ৰবল গোলাবৰ্ষণ, ৰকেট-ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ মাজত ছিৰিয়া এৰিছিল অসমৰ জীয়ৰী শ্বেহনাব ছাহিনে৷ বিগত দুবছৰ ধৰি শ্বেহনাব কৰ্মৰত আছিল যুদ্ধবিধবস্ত ছিৰিয়াত৷ গুৱাহাটীৰ অসীম সাহসী তৰুণী এসময়ৰ অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া শ্বেহনাব আছিল ‘ৱাৰ জ’ন’ ছিৰিয়াত মানৱিক সাহায্য প্ৰদান কৰা ইটালিৰ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন ‘চি অ’ এছ ভি’ৰ ‘কাণ্ট্ৰি হেড’ অৰ্থাৎ মুৰব্বী বিষয়া৷
বিগত দুবছৰ ধৰি যুদ্ধৰত বিদ্ৰোহী আৰু চৰকাৰী বাহিনীৰ যুদ্ধত ক্ষতিগ্ৰস্ত ছিৰিয়াৰ নাগৰিকৰ জীৱন-জীৱিকা ৰক্ষা আৰু মানৱিক সাহায্যৰ বাবে কাম কৰি আছিল শ্বেহনাবে৷ কিন্তু যোৱা ২৭ নৱেম্বৰৰ পৰা বিদ্ৰোহীৰ শেষ যুদ্ধৰ আক্ৰমণ প্ৰবল হৈ আহিল আৰু ইখনৰ পাছত সিখন ছিৰিয়াৰ চহৰৰ পতন ঘটিল৷ আচম্বিতে সলনি হৈ পৰিল যুদ্ধৰ পৰিস্থিতি৷
ইমানদিনে বিদ্ৰোহী আৰু চৰকাৰী সেনা, ৰাছিয়া আৰু আমেৰিকাৰ বোমাবৰ্ষণ, ইজৰাইলৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণ ছিৰিয়াৰ ওপৰত অব্যাহত থাকিলেও সেয়া আছিল ছেগা-চোৰোকা আৰু বহু পৰিমাণে নিৰ্দিষ্ট লক্ষ্যত আঘাত হনা ধৰণৰ৷ কিন্তু ২৭ নৱেম্বৰত মহম্মদ আল জুলানি নেতৃত্বাধীন ‘হায়াত তাহৰিৰ আল ছাম’ (এইছ টি এছ) আৰু সহযোগী বিদ্ৰোহী সংগঠন ‘জইছ আল ইজ্জা’ই আছাদ চৰকাৰৰ সেনা বাহিনীৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধ আছিল আক্ষৰিক অৰ্থতে ১২ দিনীয়া এক তয়াময়া ৰণ৷
ডামাস্কাছত নিজৰ কাৰ্যালয়ৰ সম্মুখত শ্বেহনাব ছাহিন
প্ৰথমে এলেপ্প’ চহৰৰ পতন ঘটাৰ পাছত এসপ্তাহৰ ভিতৰতে দীৰ্ঘ পথ অতিক্ৰমী বিদ্ৰোহী বাহিনীয়ে ৰাজধানী ডামাস্কাছলৈ অভিযান আৰম্ভ কৰিলে৷ এলেপ্প’ৰ পতনৰ পাছত ধাৰণা কৰা হৈছিল বিদ্ৰোহীৰ দলে তাতে ঘাটি পাতিব৷ কিন্তু কাৰ্যতঃ সেয়া হৈ নুঠিল৷ কমদিনৰ ভিতৰতে বিদ্ৰোহীয়ে ডামাস্কাছ দখলৰ উদ্দেশ্যে ৰাজধানী চহৰখন ঘেৰি ধৰিলে৷ যুদ্ধ পৰিস্থিতিৰ আচম্বিত পট পৰিৱৰ্তনৰ ফলত ডামাস্কাছত থকা বিদেশীয়ে তাৎক্ষণিকভাৱে ছিৰিয়া ত্যাগ কৰাৰ গত্যন্তৰ নোহোৱা হ’ল৷
বিবুধিত পৰিল ডামাস্কাছ অথবা ছিৰিয়াৰ আন আন চহৰত থকা ভাৰতীয় নাগৰিক৷ কিয়নো তেতিয়াও তৎপৰতা প্ৰদৰ্শন কৰা নাছিল দেশখনত থকা ভাৰতীয় দূতাবাসে৷ হয়তো বিদ্ৰোহীৰ এই অতৰ্কিত অভিযান আৰু ইখনৰ পাছত সিখন যুদ্ধজয়ৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা নাছিল ভাৰতীয় কূটনীতিবিদে৷ কিন্তু প্ৰবল যুদ্ধৰ পৰিস্থিতিত ছিৰিয়াত কৰ্মৰত ভাৰতীয় নাগৰিকৰ মাজত হাহাকাৰ লাগিল৷
পিছে শ্বেহনাব ছাহিন ইমান দুৰ্ভগীয়া নাছিল, যিমান দুৰ্ভাগ্যৰ সন্মুখীন হ’ল ছিৰিয়াস্থিত আন ভাৰতীয়৷ শ্বেহনাব যিটো আন্তঃৰাষ্ট্ৰীয় এন জি অ’ৰ ছিৰিয়াৰ মুৰব্বী আছিল, ইটালিৰ সেই চি অ’ এছ ভিয়ে জৰুৰীভাৱে শ্বেহনাবৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিলে৷ নিৰন্তৰ যোগাযোগ ৰাখি তেওঁলোকে শ্বেহনাবক ‘ট্ৰেভেল প্লেন’ কি হ’ব সুধিলে আৰু নিজৰ দিশৰ পৰাও উপদেশ দিলে৷ তেওঁলোকে ৬ ডিচেম্বৰত শ্বেহনাবক ডামাস্কাছ ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে আৰু স্থলপথেৰে লেবাননৰ ৰাজধানী বেইৰুটলৈ যোৱাৰ পৰামৰ্শ দিলে৷ কিয়নো আকাশী পথ আছিল বিপদসংকুল।
ছিৰিয়াত চিঅ'এছভিৰ সহকৰ্মীৰ সৈতে শ্বেহনাব ছাহিন
ইফালে, লেবাননত হিজবুল্লাৰ বিৰুদ্ধে চলি আছিল ইজৰাইলৰ অবিৰত আক্ৰমণ আৰু বোমাবৰ্ষণ৷ তাৰ মাজেৰেই শ্বেহনাব আহি বেইৰুট বিমানবন্দৰত উপস্থিত হ’ল৷ বেইৰুটৰ পথত তেওঁ প্ৰত্যক্ষ কৰিলে হিজবুল্লাৰ প্ৰয়াত মুৰব্বী হাছান নাছাৰাল্লা নিহত হোৱা বাসস্থান৷ যোৱা ২৭ ছেপ্টেম্বৰত ইজৰাইলে বাংকাৰ ব্লাষ্টাৰ বোমা নিক্ষেপ কৰি ভূমিৰ পৰা ২০০ মিটাৰ অভ্যন্তৰত থকা বাংকাৰতে নিধন কৰিছিল মধ্যপ্ৰাচ্যৰ আটাইতকৈ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহী নেতা হাছান নাছাৰাল্লাক৷
শ্বেহনাবৰ বাবে মুঠেই নিৰূপদ নাছিল বেইৰুট আৰু বেইৰুটৰ বিমানবন্দৰো৷ আনকি মিডিল ইষ্ট এয়াৰলাইন্সৰ বিমানখনত উঠি বহাৰ পাছতো তেওঁ নিজকে নিৰাপদ অনুভৱ কৰা নাছিল৷ কিয়নো মধ্যপ্ৰাচ্যৰ স্থলভাগৰ সমানেই যুদ্ধত উত্তপ্ত আকাশমাৰ্গো৷ কোন মুহূৰ্তত কোন পক্ষৰ ৰকেট কিম্বা মিছাইলে আকাশমাৰ্গৰ পৰা বিমান বগৰাই ভূপাতিত কৰে তাৰ কোনো নিশ্চয়তা নাই৷ কিন্তু সৌভাগ্যবশতঃ শ্বেহনাবৰ এম ই এৰ বিমানে নিৰাপদে কুৱেইট চিটীৰ বিমানবন্দৰৰ ৰাণৱেত অৱতৰণ কৰিলে আৰু তেওঁ তেতিয়া উপলব্ধি কৰিলে, প্ৰাণ লৈ ঘৰলৈ উভতি আহিব পাৰিব৷
তাৰ পাছত কুৱেইট চিটীৰ পৰা নতুন দিল্লী আৰু তাৰ পৰা গুৱাহাটীৰ হাতীগাঁৱৰ ঘৰ৷ কিন্তু অতি বিস্ময়কৰ কথা এয়াই যে, এগৰাকী ভাৰতীয় নাগৰিক নিজৰ প্ৰচেষ্টাত যুদ্ধবিধবস্ত দেশখনৰ পৰা, যুদ্ধত চৌদিশ বিদীৰ্ণ হৈ থকা ডামাস্কাছৰ পৰা আহি ঘৰ পোৱালৈকে ভাৰতীয় দূতাবাসে কোনো এটা খবৰ নকৰিলে৷ স্বাভাৱিকতে শ্বেহনাবে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় আৰু ছিৰিয়াৰ ভাৰতীয় দূতাবাসৰ এই অমনোযোগিতাত বিষোদগাৰ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে৷ প্ৰসংগতঃ, ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এতিয়াহে ছিৰিয়াৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযান চলাই আছে৷ তাকো সেই অভিযান এতিয়াও শেষ হোৱা নাই, আৱদ্ধ হৈ আছে বহু ভাৰতীয়৷
ছিৰিয়াত যুদ্ধত ক্ষতিগ্ৰস্তক জীৱন-জীৱিকাৰ বাবে প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানত শ্বেহনাব ছাহিন
গুৱাহাটীৰ বাসগৃহত শ্বেহনাব ছাহিনক অলপতে লগ পাওঁতে তেওঁ আছিল শান্ত-সমাহিত৷ যুদ্ধবিধবস্ত এখন দেশৰ পৰা কোনোমতে উভতি আহি ঘৰপোৱাৰ উত্তেজনা চকুৱে-মুখে নাই৷ কোৱা বাহুল্য মাথোঁ, শ্বেহনাব ছাহিন আছিল অসম চৰকাৰৰ এগৰাকী এচিএছ বিষয়া৷ ২০১৯ চনত তেওঁ এচিএছ লাভ কৰি চৰকাৰী চাকৰিত যোগদান কৰিছিল৷ কিন্তু চৰকাৰী কৰ্ম সংস্কৃতিত বীতশ্ৰদ্ধ হৈ শ্বেহনাবে ২০২২ চনৰ শেষত সেই লোভনীয় চাকৰি ত্যাগ কৰি পুনৰ যুদ্ধবিধবস্ত অঞ্চলত মানৱীয় কল্যাণৰ কাম কৰিবলৈ উভতি যায় আৰু যোগদান কৰে ইটালিৰ আন্তঃৰাষ্ট্ৰীয় এনজিঅ’ চিঅ’এছভিত৷
উল্লেখ্য, ইয়াৰ পূৰ্বে শ্বেহনাবে আন এটা আন্তঃৰাষ্ট্ৰীয় এনজিঅ’ৰ হৈ মধ্যপ্ৰাচ্যৰ আন এখন সমস্যাবহুল দেশ জৰ্ডানত কৰ্মৰত আছিল৷ পিছে ছিৰিয়াত শ্বেহনাব ছাহিন আছিল সেই ইটালিৰ সংগঠনৰ দেশৰ মুৰব্বী৷ প্ৰায় দুবছৰ ধৰি ছিৰিয়াত কাম কৰা শ্বেহনাবৰ বাবে এই কাম সহজ নাছিল৷ পৃথিৱীৰ প্ৰায় সকলো আগশাৰীৰ দেশৰ পৰাই নিষেধাজ্ঞাৰ কবলত থকা ছিৰিয়াৰ আছাদ চৰকাৰৰ কাৰ্যকালত মানৱীয় কাম কৰাও আছিল বহুদিশৰ পৰা জটিল৷ সেই সকলোবোৰ কথাই শ্বেহনাবে বিবৰি ক’লে দুঘণ্টাৰ সাক্ষাতত৷ অতি শিহৰণ উদ্ৰেককাৰী সেই কাহিনী পাঠকে জানিব পৰৱৰ্তী প্ৰতিবেদনত৷
(লেখক অসমৰ এগৰাকী জেষ্ঠ সাংবাদিক। লেখাটো 'আমাৰ অসম' কাকতত ইতিমধ্যে প্ৰকাশ পাইছে। লেখকৰ অনুমতি সাপেক্ষে এই লেখা 'আৱাজ দ্য ভইচ' অসমত প্ৰকাশ কৰা হৈছে)