নীলিম আকাশ কাশ্যপ
সৰু সৰু উপনৈ কিছুমান নৈৰ একেটা ঠাইতে মিলি বৈ যোৱাৰ দৰেই উৎকণ্ঠা, শংকা আৰু আহ্লাদ একে সময়তে হাজিৰ হৈছিলহি কলিজাত। বৰেণ্যৰ পৰা তৰুণলৈকে আমন্ত্রিত প্রায়বোৰেই নির্দিষ্ট আসন গ্রহণৰ পিছতেই ইতিমধ্যে আৰম্ভ হোৱা সমবেত সংগীতে যেন ইংগিত দিছিল যে, সন্মিলনখন আৰম্ভ হ'বলৈ মাজত আৰু বেছিপৰ নাই। সমান্তৰালভাৱে কলিজাত আনন্দই নূপুৰ হৈ ৰূণজুনকৈ বাজিছিলহি। বাঢ়িছিল উৎকণ্ঠা। ...আৰু ঘড়ীৰ ছেকেণ্ডৰ কাঁটাডালে অগ্ৰসৰ হোৱাৰ পৰত কঁপাৰ দৰেই যেন কম্পমান হ'বলৈ ধৰিছিল বুকুখনো; বাঢ়িছিল হৃদস্পন্দন।
হ'বৰে কথা! যিজন নবীন বৰুৱাৰ 'কটন কলেজ' দেউতাহঁতে কাহানিবাতেই পঢ়ি অটাই সযতনে আলমিৰাত সংৰক্ষণ কৰাৰ পিছত আমাৰ দৰে পিছৰ প্ৰজন্মই উপন্যাস পঢ়িবলৈ আৰম্ভ কৰাৰ বয়সতেই পঢ়িছিলোঁ, যিগৰাকী অনুৰাধা শৰ্মা পূজাৰীৰ অনুপম সৃষ্টি 'হৃদয় এক বিজ্ঞাপন', 'কাঞ্চন', 'চাহেবপুৰাৰ বৰষুণ', 'মেৰেং' আদিকে ধৰি কেবাখনো উপন্যাস কৈশোৰ-যৌৱনত উৰাই-ঘূৰাই 'গো-গ্রাসে গিলিছোঁ', 'অনুৰাধাৰ দেশ'ত ভূমুকিয়াবলৈ যিগৰাকী ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে অনেক প্রজন্মক উন্মনা কৰিছেহি- তেনেধৰণৰ একাধিক বৰেণ্য আৰু পৰম শ্ৰদ্ধাৰ সাহিত্যিকৰ সৈতে একেখন মঞ্চত উপবিষ্ট হোৱাৰ ক্ষণ যেতিয়া সন্মুখত হাজিৰ হয়, তেনে মুহূৰ্তত আমাৰ দৰে উপন্যাস লিখনৰ ক্ষেত্ৰত ন-শিকাৰুৰ বুকুত শংকা, আৱেগ আৰু আহ্লাদৰ সংমিশ্রিত কম্পন নহাটোহে হয়তো অস্বাভাৱিক।
অসম সাহিত্য সভাৰ প্ৰথমখন ঔপন্যাসিক সন্মিলনত বক্তব্য আগবঢ়োৱাৰ সময়ত অনুৰাধা শৰ্মা পূজাৰী
বেলিটোৱে গাত কিমান হেঙুল বৰণ সানি লৈছিল দেখা নাছিলোঁ। ওচৰেৰে বৈ যোৱা লুইতলৈ চাই আবেলিমুৱা বেলিটোৱে মিচিকিয়াই হাঁহিছিলনে তাৰ উমানো ল'বৰ কোনো উপায় আমাৰ হাতত নাছিল। জনা নাছিলোঁ- বেলি-লুইতৰ মৌনালাপ শুনিবলৈ সোণালী সুতাৰ দেশত থকা নৈৰ পাৰৰ শাৰী শাৰী গছবোৰৰ ফাণ্ডণত সৰিবলগা পাতমখাই বতাহ হৈ মিচিকিয়াই হাঁহিছিলনে! কিন্তু অনুভৱ কৰিছিলোঁ যে, যেতিয়াই মাইক্র 'ফোনেৰে ভাহি উঠিছিল অসম সাহিত্য সভাৰ ইতিহাসত চিৰকাললৈ লিপিবদ্ধ হ'বলগীয়া প্রথমখন ঔপন্যাসিক সন্মিলন আৰম্ভ হোৱাৰ ঘোষণা, দুপৰীয়াটোৱে আবেলিৰ হেঙুলীয়াৰ সৈতে মিতিৰালি কৰাৰ সেই মায়াময় ক্ষণত চাগে' আমি উমান নোপোৱা এই আটাইবোৰেই ঘটিছিল।
সম্ভৱতঃ ওচৰতে চিৰপ্ৰবাহিত লুইতৰ বুকুত যাত্ৰা কৰি থকা ফেৰীবোৰ কৃত্ৰিম পোহৰে জিলিকাই তুলিবলৈ লোৱাৰ কেইমুহূৰ্তমান পূর্বেই আৰম্ভ হৈছিল সেই 'বিশেষ সভা'খন- যিখনৰ নামকৰণ কৰা হৈছিল 'ৰজনীকান্ত বৰদলৈ সোঁৱৰণী ঔপন্যাসিক সন্মিলন হিচাপে। প্রসংগক্রমে উল্লেখৰ প্রয়োজন যে, অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিবেশনত ২০২০ চনৰ ৩ ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ ইতিহাসৰ প্ৰথমখন ঔপন্যাসিক সন্মিলন।
'ঔপন্যাসিক সন্মিলন।' আমাৰ বাবে পূর্বে নেদেখা এটা পর্ব। প্রথমবাৰলৈ তেনে সন্মিলন অনুষ্ঠিত হ'ব বুলিয়েই ভাবিছিলোঁ সেই মুহূর্তত, যেতিয়া নবজিত বৰুৱা (এতিয়া প্রয়াত) ই উপন্যাস লিখনৰ একপ্ৰকাৰৰ আখৰা অদ্যাপি কৰি থকা আমাকো পর্বটোলৈ আমন্ত্রণ জনাইছিল। অৱশ্যে পিছলৈ 'অনুৰাধাৰ দেশ'ৰ নিচিনা বহুল পঠিত উপন্যাসৰ ৰচয়িতা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে আভাসী মাধ্যমত সন্মিলনখনৰ বিষয়ে সদৰী কৰা বক্তব্যত এগৰাকী লোকে জনোৱা তথ্যৰ পিছতহে বোধগম্য হয় যে, ইতিমধ্যে অসমত পূর্বে অন্য এখন ঔপন্যাসিক সন্মিলন অনুষ্ঠিত হৈছিল।
দেৱ চৌধুৰীয়ে আভাসী মাধ্যমত আলোচ্য সন্মিলনখনৰ বিষয়ে সেইখন অনুষ্ঠিত হোৱাৰ দিনচেৰেক পূৰ্বে আগবঢ়োৱা বক্তব্যত জনৈক মাধুৰী কলিতা চৌধুৰীয়ে প্রকাশ কৰা তথ্যমতে প্রায় ত্রিশ বছৰৰ পূর্বেও অসমত অন্য এখন ঔপন্যাসিক সন্মিলন অনুষ্ঠিত হৈছিল। চৈয়দ আব্দুল মালিক, ড° পৰাগ কুমাৰ ভট্টাচার্য, ইমৰাণ শ্বাহ, বীৰেন বৰকটকী প্রভৃতিৰ অংশগ্রহণেৰে অনুষ্ঠিত সেই সন্মিলনখনৰ আয়োজন কৰিছিল অসম লেখিকা সমাৰোহৰ শিৱসাগৰ শাখাই। শিৱসাগৰতেই। সেইফালৰ পৰা ক'বলৈ গ'লে 'ৰজনীকান্ত বৰদলৈ সোঁৱৰণী উপন্যাস সন্মিলন'খন অসমীয়া সাহিত্যৰ স্বর্ণিল ইতিহাসৰ দ্বিতীয়খন ঔপন্যাসিক সন্মিলন। অন্যহাতে, সেইখন শতবর্ষ গৰকা অসম সাহিত্য সভাই আয়োজন কৰা প্ৰথমখন ঔপন্যাসিক সন্মিলন।
অসম সাহিত্য সভাৰ প্ৰথমখন ঔপন্যাসিক সন্মিলনত বক্তব্য আগবঢ়োৱাৰ সময়ত এই লেখাৰ লেখক তথা ঔপন্যাসিক নীলিম আকাশ কাশ্যপ
যথা সময়ত আৰম্ভ হৈছিল 'ৰজনীকান্ত বৰদলৈ সোঁৱৰণী উপন্যাস সন্মিলন'- অসম সাহিত্য সভাৰ শুৱলকুছি অধিবেশনৰ ড° ভগৱান মৰল মঞ্চত। অনুৰাধা শৰ্মা পূজাৰী, নবীন বৰুৱা আদিৰ দৰে সন্মানীয় ঔপন্যাসিক আমন্ত্রিত অংশগ্রহণকাৰী হিচাপে উপস্থিত থকা সন্মিলনখন সঞ্চালনা কৰিছিল ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে। সঞ্চালক দেৱ চৌধুৰীৰ আমন্ত্রণ মর্মে বিশিষ্ট ঔপন্যাসিক অনুৰাধা শর্মা পূজাৰীয়ে ভাষণ প্রসংগত কোনোধৰণৰ সীমাৰ পৰিধিয়ে উপন্যাস লিখনত বৰকৈ ক্রিয়া নকৰে বুলি মত পোষণ কৰিছিল। অনুৰাধা বাইদেৱে আনকি গতিবিধিয়েও উপন্যাস এখন ৰচনাৰ আপাহত ঔপন্যাসিকৰ ক্ষেত্ৰত বৰকৈ ক্রিয়া নকৰে বুলিও কৈছিল।
'পৃথিৱীৰ বৌদ্ধিক যাত্ৰাক সুন্দৰকৈ ধৰি ৰাখি উপন্যাসে সভ্যতা গঢ়িছে।'-এইদৰে মত পোষণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে মনৰ একান্ত ইচ্ছা থাকিলে সকলো কামেই সুন্দৰভাৱে ৰূপায়িত হয় বুলি কোৱাৰ উপৰি বহুসময়ত এনেক্ষেত্রত 'আকস্মিক শক্তিয়েও সহযোগী হিচাপে থিয় হয় বুলি উল্লেখ কৰি 'মেৰেং' লিখাৰ আঁৰৰ বহু কথা নিজৰ বক্তব্যত উল্লেখ কৰিছিল।
কিছুপৰ পিছতে পুনৰ বুকুখন ধান বানি থকা ঢেঁকীটোৰ দৰে হৈছিল আমাৰ। 'ৰজনীকান্ত বৰদলৈ সোঁৱৰণী ঔপন্যাসিক সন্মিলন'ৰ সঞ্চালক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কৰা ঘোষণাই সেই অৱস্থাৰ মুখামুখি কৰাইছিল আমাক ব্যক্তিগতভাৱে। 'ভাষণ শেষ, ইয়াৰ পিছত আৰু ভাষণ নাথাকে' বুলি তেওঁ দর্শকক উদ্দেশি ঘোষণা কৰাৰ পিছতেই উল্লেখ কৰা মতে ভাষণৰ পৰিৱৰ্তে তেওঁ সন্মিলনখন সঞ্চালনা কৰিব বিচাৰিছিল আকস্মিক বক্তৃতাৰ আংগিকেৰে। সেইমতে এটা সৰু টেমাত বহুকেইটা প্রশ্ন ৰাখি তাৰ মাজৰ পৰা একো একোগৰাকীকৈ ঔপন্যাসিকক একোটাকৈ প্রশ্ন ল'ব দিয়া হৈছিল। যাৰ ভাগ্যত যি পৰে, সেই প্রশ্নৰেই উত্তৰ দিবলগীয়া হৈছিল। কি প্রশ্ন থাকিব, উত্তৰ দিব পাৰিমনে আদি অনেক প্রশ্নই থাউকতে মনত হাজিৰ হোৱাৰ প্রেক্ষাপটতেই চাগে' বুকুৰ জপনা খুলি কলিজালৈ উজাইছিল শংকা- ঠিক সন্মিলনখনৰ আৰম্ভ হোৱাৰ আগমুহূৰ্তৰ নিচিনাকৈয়ে।
ঘড়ীৰ কাঁটাৰ সৈতে সময় আগবাঢ়িছিল। আগবাঢ়িছিল অনুষ্ঠান। প্রথমে আমন্ত্রণ জনোৱা হৈছিল নবীন বৰুৱাক। 'কটন কলেজ'ৰ দৰে অনন্য কেম্পাছ উপন্যাস লিখি প্রায় অর্ধশতিকা ধৰি পঢ়ুৱৈৰ মাজত বিশেষভাৱে সদাচর্চিত বৰুৱাৰ ভাগ্যত পৰা প্ৰশ্নটো আছিল বঁটাকেন্দ্রিক। বঁটাক তেওঁ কি ভাবে লয়, বঁটাৰ লিপ্সা আছেনে ইত্যাদি বিষয়ত ক'বলৈ গৈ খুব কম শব্দৰ ভিতৰতে শ্ৰদ্ধাৰ ঔপন্যাসিকজনে উদঙাই দিছিল কিছু বাস্তৱ সত্য- পৰোক্ষভাৱে।
অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ প্ৰদৰ্শনীৰ দ্বাৰ
বহুসময়ত চর্চা হয় যে, বঁটাক লৈ স্বজন-তোষণকে ধৰি অনেক অনিয়ম সংঘটিত হয়। সেই কথা যে, ভিত্তিহীন নহয়, তাৰেই স্পষ্ট প্রায় ইংগিত প্ৰকাৰান্তৰে দি নবীন বৰুৱাই কৈছিল- 'বঁটাৰ পিছত কেতিয়াও ঘুৰা নাই, বঁটাৰ সৈতে জড়িতসকলৰ লগত মোৰ কোনো ধৰণৰ ঘনিষ্ঠতাও নাই। মই গাড়ীৰ পিছফালে কিতাপ লৈ নুফুৰোঁ। মোৰ কিতাপ ওলালে তেওঁলোকক উপহাৰো নিদিওঁ।' এনেদৰে কোৱাৰ উপৰি 'পাঠকেই মোৰ স্বীকৃতি' বুলিও পোনপটীয়াকৈ তেওঁ উল্লেখ কৰাৰ লগে লগে দুই শতাধিক দর্শক উপস্থিত থকা ড° ভগৱান মৰল মঞ্চৰ প্ৰেক্ষাগৃহটো ৰজন-জনাই গৈছিল দৰ্শকৰ হাত চাপৰিত।
শ্রদ্ধাভাজন ঔপন্যাসিকগৰাকীৰ বক্তব্যত মনত সৃষ্ট শংকা আঁতৰিছিল। সেই শংকা আঁতৰাৰ কাৰণ আছিল ব্যক্তিগতভাৱে আমি বিশ্বাস কৰা কিছু উদ্দেশ্যৰ সৈতে প্রবীণ ঔপন্যাসিকগৰাকীৰ বক্তব্যৰ সামঞ্জস্য। পঢ়ুৱৈৰ মনৰ বঁটাহে পাবলৈ আগ্রহী হোৱাৰ উপৰি ব্যক্তিগতভাৱে আমিও সাধাৰণতে নিজৰ উপন্যাস আনক উপহাৰ হিচাপে নিদিওঁ। তাৰ বিপৰীতে বিচাৰোঁ- সুহৃদই আমাৰ দৰে নবীনৰ উপন্যাস কিনি পঢ়ি আমাক পুনৰ লিখিবলৈ প্রেৰণা দিয়ক।
সেয়েই হাজাৰ অপবাদ সাহিত্য জীৱনত পোৱাৰ পিছতো, সত্যতা নজনাকৈ অলেখে কৰা নানানটা ব্যক্তিগত আক্রমণ আৰু শত্রুতাক মূৰ পাতি লৈও সময়ে সঠিক উত্তৰ দিব বুলি যিদৰে নৈৰ দৰে ববলৈ বিচাৰোঁ, একেদৰেই আনৰ কিতাপ উপহাৰ দিলেও নিজৰ কিতাপ উপহাৰ হিচাপে নিদিয়াৰ উপৰি বঁটাৰ লালসাৰে কাকো এষাৰ কথাও আজিকোপতি কোৱা নাই। সেয়েই বৰুৱাদেৱৰ বক্তব্যত উৎসাহিত হোৱাৰ পৰিপ্ৰেক্ষিততে চাগে' সন্মিলনখন সঞ্চালনা কৰা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে নৱাংগিকেৰে সন্মিলনখনক গতি দিয়াৰ পৰত সৃষ্ট শংকা নিজে নিজেই আঁতৰিছিল।
নৱজিত বৰুৱাই চিত্তৰঞ্জন নাথৰ সহযোগত আঁতধৰা অসম সাহিত্য সভাৰ ইতিহাসৰ প্ৰথমখন ঔপন্যাসিক সন্মিলনত ইগৰাকীৰ পিছত সিগৰাকী ঔপন্যাসিকক আমন্ত্রণ জনোৱা হৈছিল। তেওঁলোকে সৰু টেমাটোৰ পৰা তুলি লৈছিল টুকুৰা কৰি জাপি থোৱা একোখন কাগজ। সেই কাগজত থকা প্ৰশ্নটো 'অনুৰাধাৰ দেশ'ৰ স্ৰষ্টাই ৰাজহুৱাকৈ মাতি শুনোৱাৰ পিছতে ঔপন্যাসিকগৰাকীয়ে উত্তৰ দিবলগীয়া হৈছিল। উপন্যাসৰ বিষয়বস্তু সন্দৰ্ভত নিজৰ 'ভাগ্য'ত পৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মণিকুন্তলা ভট্টাচার্য বায়ে উল্লেখ কৰিছিল যে, তেওঁৰ উপন্যাসত স্থান পায় বিষয় বৈচিত্রই বৃদ্ধাশ্রম, ভ্রাম্যমাণ থিয়েটাৰ, এইছ ৰোগ, যুৱ প্রজন্মকে ধৰি ঐতিহাসিকৰ পৰা সাম্প্ৰতিক প্রেক্ষাপটৰ ভিন্ন বিষয়বস্তুলৈকে।
অসম সাহিত্য সভাৰ বৰ্ণিল শোভাযাত্ৰাত সাহিত্যৰ ৰথী-মহাৰথীক সশ্ৰদ্ধ স্মৰণ
'মনে বিচৰা উপন্যাসখন লিখিছেনে?' সম্মুখীন হোৱা এই প্রশ্নৰ উত্তৰত জুৰি বৰা বৰগোহাঞিয়ে প্রান্তীয় লোকক উপন্যাসৰ উপজীৱ্য হিচাপে ল'ব বিচাৰে বুলি উল্লেখ কৰি কৈছিল যে মনে বিচৰা উপন্যাসখন হেনো বৰা বৰগোহাঞিয়ে তেতিয়ালৈকে লিখিব পৰা নাছিল। অভিজিতি শর্মা বৰুৱাই অধ্যয়ন, অভিজ্ঞতা আৰু পৰিকল্পনা তিনিও বিধৰ প্রয়োজন ঔপন্যাসিকক বুলি মত পোষণ কৰি কৈছিল যে, যিদৰে তেওঁৰ বাবে নিজৰ সন্তান দুটাৰ লগতে পত্নীগৰাকী সমান মৰমৰ আৰু কেউগৰাকীয়েই অতীব প্রয়োজনীয়; একেদৰে উপন্যাস লিখনৰ সময়ত ঔপন্যাসিকেও অভিজ্ঞতা, পৰিকল্পনা আৰু অধ্যয়নক সম-গুৰুত্ব প্রদান কৰিলেহে উপন্যাসখন অধিক পঠনীয় হ'ব পাৰে বুলি তেওঁ বিশ্বাস কৰে।
আনহাতে, 'কলিজাৰ আই' প্রভৃতি কেবাখনো উপন্যাসৰ ৰচয়িতা দিলীপ বৰাৰ ভাগ্যত পৰা প্ৰশ্নটো তেওঁ তেওঁৰ উপন্যাসত নাৰী নে পুৰুষ চৰিত্ৰক অধিক গুৰুত্বাৰোপ কৰে বিষয়ক। 'নাৰী নে পুৰুষ চৰিত্ৰক অধিক গুৰুত্ব দিব, সেই কথা অদ্যাপি ভবা নাই- কিন্তু আমি যিহেতু জন্মিয়েই মাতৃৰ সান্নিধ্য পাওঁ আৰু সেয়ে স্বাভাৱিকভাৱে আমাৰ বেছিভাগৰে মনত নাৰী চৰিত্ৰই আপেক্ষিকভাৱে বেছিকৈ প্রাধান্য পায়' বুলি তেওঁ কোৱাৰ বিপৰীতে ডাঃ নীলাক্ষি চলিহা গগৈৰ মতে উপন্যাসেৱে সমাজ ষোল্ল অনাই শুধৰণি নহ'লেও ঔপন্যাসিক এগৰাকীয়ে সমাজৰ যথেষ্ট ৰূপান্তৰ ঘটাবলৈ সক্ষম হ'ব পাৰে।
গীতালি বৰাই জীৱনকালত চাৰিখনমানহে উপন্যাস লিখিবলৈ সক্ষম হ'ব বুলিও মত পোষণ কৰি অকপটে স্বীকাৰ কৰিছিল যে, তেওঁ মূলতঃ গল্পকাৰহে। বিশ্বজ্যোতি শর্মাই তেওঁৰ প্ৰথমখন উপন্যাসৰ বিষয়ে ক'বলৈ গৈ ডিব্রুগড় বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি কেবাখনো উপন্যাস ৰচনা কৰা হৈছে যদিও এজন পুৰুষ ছাত্ৰৰ দৃষ্টিৰে তেওঁ 'ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং' নামৰ উপন্যাসখন লিখি উলিয়াইছিল বুলি মত প্রকাশ কৰিছিল। পংকজ গোবিন্দ মেধিয়ে নিজৰ ভাগত পৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁৰ উপন্যাসত লুকাই থকা বাস্তৱ চৰিত্ৰৰ বিষয়ে দর্শকক জনাইছিল।
'ঔপন্যাসিক হিচাপে যি বিচাৰে, সেয়া পাইছেনে?' এই প্রশ্নৰ উত্তৰ দি মৃদুল শৰ্মাই পোনপটীয়াকৈ তেওঁ পাইছিল বুলি কৈ 'পোটাপিটনি' প্রকাশৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত ভাৰাঘৰ সলাবলৈ বাধ্য হোৱাটোৱে তেওঁৰ উপন্যাসখন লিখনৰ সফলতাক উনুকিয়াই বুলি উল্লেখ কৰিছিল। পূৰৱী বৰাই তেওঁৰ প্রয়াত পিতৃ কুমাৰ কিশোৰৰ উপন্যাসৰ কথা ব্যাখ্যা কৰিছিল স্মৃতিকাতৰ হৈ। আনহাতে, আমাৰ ভাগ্যত পৰা প্রশ্নটো ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ মুখেৰে ৰাজহুৱাকৈ শুনোৱাৰ পিছতেই বাৰম্বাৰ মনলৈ উজাইছিল দীপালি বৰঠাকুৰ-নীলপৱন বৰুৱাৰ জীৱনকেন্দ্রিক একমাত্র উপন্যাস 'সোণৰ খাৰু-কলিজাৰ ছাঁ'ৰ প্ৰসংগ।
লোকাৰণ্য অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশন
'বনলতা'ই প্ৰকাশ কৰা উপন্যাসখন লিখিবৰ পৰত পত্নী প্ৰথমবাৰৰ বাবে হৈছিল গৰ্ভৱতী। গতিকে স্বাভাৱিকতে ব্যস্ততাৰ সীমা নাছিল আমাৰো। কিন্তু তাৰ পিছতো ব্যস্ততাৰ মাজতে কেনেদৰে প্ৰায় চাৰিশ পৃষ্ঠাৰ উপন্যাসখন লিখি অটাইছিলোঁ, সেই কথা বাৰে বাৰে মনলৈ আহিছিল তেতিয়া, যেতিয়া দেৱ চৌধুৰীয়ে মাইক্র'ফোনত ঘোষণা কৰিছিল আমাৰ ভাগ্যত পৰা সেই প্রশ্নটো- 'উপন্যাস এখন লিখিবলৈ কেনেধৰণৰ পৰিৱেশ বিচাৰোঁ? বিশেষ নির্দিষ্ট পৰিৱেশৰ প্ৰয়োজন, নে যিকোনো পৰিৱেশতে লিখিব পাৰোঁ?' নিজাকৈ এটা কোঠা বা সুকীয়া এখন টেবলৰেই প্রয়োজনীয়তা আজিলৈকে উপলব্ধি নকৰা মইজনে পোনপটীয়াকৈ কৈছিলোঁ উত্তৰত যে, সময় আৰু পৰিৱেশৰ অনুকূলে নচলি দুয়োবিধকে মোৰ নিজৰ অনুকূলে অগ্ৰসৰ কৰাবলৈ চেষ্টা কৰোঁ। সেয়েই 'সময় নাই' বুলি সাধাৰণতে মই নভবাৰ উপৰি যে, প্রতিকূল পৰিৱেশতো মনক স্থিৰ কৰি হাজাৰ দুখ-যন্ত্ৰণাৰ পৰত, আনকি আনৰ কাল্পনিক অপবাদৰ মুখামুখি হোৱাৰ পৰতো ব্যথাৰ সাগৰত সাঁতুৰি ফুৰাতকৈ কিবা-কিবি লিখাৰ চেষ্টাহে কৰোঁ, সেই কথা ব্যক্ত কৰিছিলোঁ।
পূর্বে ঘোষণা কৰা অনুসৰি সঞ্চালক দেৱ চৌধুৰীয়ে তাৰ পিছতেই আৰম্ভ কৰিছিল মুকলি কুইজ প্রতিযোগিতা- দৰ্শকৰ বাবে। তিনিটা প্রশ্ন আগবঢ়োৱা হৈছিল দর্শকলৈ। আমাৰ বাবে হিয়া থৌকি-বাথৌ হোৱাৰ বতৰা এয়েই আছিল যে, সেই প্রশ্ন তিনিটাৰ এটা আছিল দীপালি বৰঠাকুৰ-নীলপৱন বৰুৱাৰ যুগ্ম জীৱন আৰু কৰ্ম বিষয়ক আমি লিখা উপন্যাস 'সোণৰ খাৰু-কলিজাৰ ছাঁ কৈন্দ্রিক। ঔপন্যাসিক সম্মিলনখনৰ আৰম্ভণিৰ পৰা শেষলৈ উপস্থিত থকা দুই শতাধিক দৰ্শকৰ মাজৰ পৰা শুদ্ধ উত্তৰ দি পুৰস্কাৰ তিনিটা লাভ কৰিছিল ক্রমে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ মানস প্রতিম গোস্বামী, লেখক-সাংবাদিক হিৰণ্য কুমাৰ বৰ্মন আৰু দিগন্ত দত্ত নামৰ ছাত্র এগৰাকীয়ে।
অসমৰ দ্বিতীয়খন তথা অসম সাহিত্য সভাৰদ্বাৰা আয়োজিত প্ৰথমখন ঔপন্যাসিক সন্মিলনত অনুৰাধা শৰ্মা পূজাৰী, নবীন বৰুৱা, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, জয়ন্ত মাধৱ বৰা প্ৰভৃতিৰ দৰে অনেক স্বনামধন্যৰ লগতে সৰ্বমুঠ ষোল্লগৰাকীকৈ ন-পুৰণি অসমীয়া ঔপন্যাসিকৰ সৈতে আমন্ত্রিত ঔপন্যাসিক হিচাপে অংশগ্রহণ কৰাৰ স্মৃতি হয়তো কাহানিও পাহৰিব নোৱাৰিম। যিমানবোৰ কথা শিকিছিলোঁ আটাইৰে চুটি বক্তব্য আৰু মন্তব্যৰ পৰা, সেইবোৰো আমাৰ দৰে ন-শিকাৰুৰ বাবে ভৱিষ্যত জীৱনত হৈ ৰ'ব পাঠেয়।
অসম সাহিত্য সভাৰ স্বর্ণিল ইতিহাসত বর্ণিল আখৰেৰে জাতীয় অনুষ্ঠানটোৰ উদ্যোগত অনুষ্ঠিত প্রথমখন ঔপন্যাসিক সন্মিলন হিচাপে 'ৰজনীকান্ত বৰদলৈ সোঁৱৰণী ঔপন্যাসিক সন্মিলন'খনৰ বিষয়ে কাললৈ লিপিবদ্ধ হৈ ৰ'ব বুলি ভাবিবৰ থল থকাৰ বিপৰীতে ন দি ক'ব পাৰোঁ-চিৰস্মৰণীয় দিন হিচাপে আমাৰ মনৰ দস্তাবেজত সদায়েই লিপিবদ্ধ হৈ ৰ'ব তিনি ফেব্ৰুৱাৰীৰ বিশেষ দিনটো, নূপুৰ হৈ কলিজাত কণজুনকৈ বাজি থাকিব 'ৰজনীকান্ত বৰদলৈ সোঁৱৰণী ঔপন্যাসিক সন্মিলন'ৰ প্রতিটো মুহূৰ্তৰ কথাবোৰ আমৃত্যু। সেই স্বর্ণিল স্মৃতিয়ে কঢ়িয়াই স্বপ্নিল প্রত্যাশা- আৰু অনেক ঔপন্যাসিক সন্মিলন দেখাৰ।
(লেখক ভাৰতীয় ইংৰাজী আৰু অসমীয়া সাহিত্যৰ এগৰাকী তৰুণ ঔপন্যাসিক)