আৱাজ দ্য ভইচৰ প্ৰতিবেদনবোৰে বিভাজনকাৰী চিন্তাৰ ধাৰণা নস্যাৎ কৰে

Story by  atv | Posted by  [email protected] • 2 h ago
হিন্দু, মুছলমান সকলোৰে আস্থাৰ প্ৰতীক আজমেৰ শ্বৰীফ দৰগাহ (প্ৰতিনিধিত্বমূলক ফটো)
হিন্দু, মুছলমান সকলোৰে আস্থাৰ প্ৰতীক আজমেৰ শ্বৰীফ দৰগাহ (প্ৰতিনিধিত্বমূলক ফটো)
 
শ্ৰীলাথা মেনন

মানুহ হিচাপে আমাক কিহে একত্ৰিত কৰিছে আৰু কিহে আমাক পৃথক কৰিছে? এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াটো কঠিন নহয় কাৰণ এই লেখককে ধৰি আমাৰ প্ৰত্যেকেই জন্মৰ পৰাই বিভিন্ন মানুহক বিভিন্ন শ্ৰেণীত স্থান দিবলৈ চৰ্ত আৰোপ কৰি আহিছে। শ্ৰেণীবোৰৰ নাম সলনি হ’ব পাৰে কিন্তু মানুহ আৰু মানুহৰ মাজত সৃষ্টি হোৱা বিচ্ছিন্নতাবোৰ নহয়। 
 
বিশেষকৈ শিক্ষক হিচাপে শ্ৰেণীকোঠাত থাকোঁতে এই প্ৰশ্নবোৰ মোৰ মনত প্ৰায়ে উদয় হৈছিল। কিছুমান গল্প বা কবিতাৰ শাৰী ক্লাছ শেষ হোৱাৰ বহুদিনৰ পিছত মোৰ মগজুত অহৰহ আহি থাকে আৰু ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সঁহাৰিবোৰ প্ৰতিধ্বনিত হৈছিল। কেতিয়াবা এইবোৰে মোক পৃথিৱীৰ ভৱিষ্যতক লৈ চিন্তিত কৰে আৰু কেতিয়াবা পৃথিৱীৰ ভৱিষ্যতৰ বিষয়ে মোক আশ্বস্তও কৰে।
 
ইয়াৰ শেহতীয়া দৃষ্টান্তটো আছিল ব্ৰিটিছ কবি উইলফ্ৰেড ওৱেনৰ ষ্ট্ৰেঞ্জ মিটিং নামৰ কবিতা এটা পঢ়ি থাকোঁতে। কবিতাটোত নৰকত দুজন মৃত সৈনিকৰ সাক্ষাৎকাৰৰ কথা কোৱা হৈছে, আৰু ইয়াৰে এজনে যুদ্ধৰ অসাৰতাৰ কথা পৃথিৱীখনক ক’বলৈ তেওঁ এতিয়াও জীয়াই থকাটো কামনা কৰিছে। সৈনিক দুজন শত্ৰুৰ শিবিৰৰ বুলি ওলাই পৰে আৰু এজন আনজনৰ হত্যাকাৰী। আৰু তথাপিও জীৱনৰ সিটো পাৰে তেওঁলোকে কোনো শত্ৰুতা নাজানে। কিন্তু আমাক একত্ৰিত কৰিবলৈ মৃত্যুৰ প্ৰয়োজন আছেনে? নে মানুহে এই পৃথিৱীত থাকি নিজৰ একতা উপলব্ধি কৰি একেলগে জীৱনৰ সৌন্দৰ্য্য আৰু আনন্দ উপভোগ কৰিব পৰাটো সম্ভৱ?
 
এনে লাগে যেন এয়া সম্ভৱ নহয়, কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰে এবাৰ কোৱাৰ দৰে প্ৰতিদিনে পৃথিৱীখন খণ্ড খণ্ডকৈ ভাঙি গৈ আছে,  য'ত ছচিয়েল মিডিয়াৰ দৰে মঞ্চসমূহে অহৰহ ভূল তথ্য অথবা ঘৃণাজনিত মন্তব্য প্ৰচাৰ কৰি আছে আৰু একতা বিচৰা সমাজখনকো ভুল পথে পৰিচালিত কৰি আছে।  জাতি ব্যৱস্থাটো আছিল এক নিৰ্দিষ্ট ধৰণৰ চিন্তাধাৰাৰ ফল যিটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এটা আৰ্হি হৈ পৰিছিল, যাৰ ফলত কিছুমান বিশেষ গোটৰ মানুহক আন কিছুমানৰ পৰা পৃথক যেন লাগিবলৈ ধৰিছিল।
 
ভাৰতৰ ধৰ্মীয় সমন্বয়ৰ এক মনোমোহা ছবি
 
একেদৰে হিন্দু, মুছলমান, খ্ৰীষ্টানসকলৰ মাজত বিভাজন অসহিষ্ণু আৰু কুসংস্কাৰপূৰ্ণ চিন্তাৰ বাহিৰে আন একো নহয়, যিটো আমি ভাঙিব লাগিব। এই চিন্তাৰ ধাৰণাটো কেনেকৈ ভাঙিব পাৰি? সকলোৰে প্ৰতি এক নতুন মানৱীয় দৃষ্টিভংগীয়ে ইয়াত সহায় কৰিব পাৰিবনে? হিন্দু ধৰ্ম ইমানেই ক্ষণভংগুৰ নেকি যে আন সম্প্ৰদায়ৰ প্ৰতি বন্ধুত্ব আৰু সহানুভূতিয়ে ইয়াক খহাই পেলাব? নে ইছলাম বা খ্ৰীষ্টান ধৰ্ম ইমানেই দুৰ্বল যে হিন্দু বা ইহুদীৰ দৰে আন এটা সম্প্ৰদায়ৰ প্ৰতি বন্ধুত্বৰ হাত মেলি দিলে তেওঁলোকৰ স্খলন ঘটিব?
 
'আৱাজ-দ্য ভইচ'ৰ লক্ষ্য হৈছে মুছলমান আৰু হিন্দুৰ মাজত পাৰস্পৰিক বুজাবুজি, উভয় সম্প্ৰদায়ৰ এৰা-ধৰাৰ কাহিনীসমূহ প্ৰচাৰ কৰি বিভাজনমূলক চিন্তাৰ এই ধাৰণা তথা আৰ্হি ভংগ কৰা। যেতিয়া মোৰ বান্ধৱী আছা খোছাই মোক এই ডিজিটেল প'ৰ্টেলৰ বাবে লিখিবলৈ পৰামৰ্শ দিছিল, তেতিয়া মই সংখ্যালঘু সম্প্ৰদায় আৰু বিচ্ছিন্নতাৰ সন্মুখীন হোৱা লোকসকলৰ বিষয়ে প্ৰতিবেদন লিখাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহৰ বিষয়ে কৌতুহলী হৈ পৰিছিলো।
 
এজন মুছলমান পণ্ডিতে পৰিচালনা কৰা শিক্ষানুষ্ঠান এখনৰ বিষয়ে মই 'আৱাজ-দ্য ভইচ'ত লিখিছিলো, যিয়ে নিজৰ মুছলমান ছাত্ৰ-ছাত্ৰীক উপনিষদ আৰু পুৰাণৰ পাঠ্যক্ৰম শিকাইছিল। পৰৱৰ্তী সময়ত বেদান্ত অধ্যয়নত গৱেষণা কৰি অহা বহু মুছলমান পণ্ডিতক লগ পালোঁ আৰু তেঁওলোকে বিশ্ববিদ্যালয়তো এই বিষয়ৰ পাঠদান কৰি আহিছে। বিষয়টোৰ ওপৰত মাত্ৰ দুটামান প্ৰতিবেদন লিখি থাকোঁতে ইমানবোৰ মানুহৰ সন্মুখীন হ’লোঁ যিসকল বেদান্ত আৰু কোৰাণৰ পণ্ডিত আছিল আৰু মই হিন্দু আৰু মুছলমানৰ মাজত কোনো পাৰ্থক্য দেখা পোৱা নাছিলো।  সেই অলিখিত কাহিনীবোৰ মোৰ মাজত এতিয়াও বিদ্যমান।
 
সাংবাদিকতাত এইটো বিশ্বাস কৰা হয় যে পানীৰ প্ৰতি টোপাল পানীয়ে সাগৰ গঢ়িব পাৰে। যদি লক্ষ্য আৰু উদ্দেশ্য বিশুদ্ধ হয়, তেন্তে এটা এটা শব্দৰে সমাজ সলনি কৰিব পাৰি। জাতি, ধৰ্ম, ভাষা বা গাৰ ৰঙৰ নামত সমাজত চলি থকা বৈষম্যৰ পৰিঘটনাৰ বিৰুদ্ধে আমি এইদৰে যুঁজ দি যাব লাগিব। সংগীত, নৃত্য, সাহিত্য, চিনেমাই এতিয়ালৈকে বিভিন্ন সম্প্ৰদায়ৰ লোকক একত্ৰিত কৰিছে। ভাৰতৰ মানুহে ভাৰতীয় হিচাপে ভাগ কৰা আৰু বহুতো কথা আছে।
 
এজন অৱদানকাৰী হিচাপে মই হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত একতা, সমন্বয়ৰ কাহিনী বিচাৰি আহিছো। এইবোৰ মোৰ বাবে চকু মুদা কুলিৰ ভাও ধৰাৰ দৰে হৈছে, বিশেষকৈ যিখন পৃথিৱীত ভৱিষ্যত প্ৰজন্মই পৃথিৱীৰ সৌন্দৰ্য্য আমি আৰু আমাৰ পূৰ্বপুৰুষসকলৰ দৰেই উপভোগ কৰিব পাৰিব বুলি নিশ্চিতভাৱে ক'ব পৰা নাযায়।

(শ্ৰী লাথা মেনন এগৰাকী স্বতন্ত্ৰ লেখিকা। তেওঁ অন্ধ্ৰ প্ৰদেশৰ এখন বিদ্যালয়ত অধ্যাপনাও কৰে)