প্ৰিয় পাঠক,
আপোনালোকৰ সঁহাৰি আৰু সমৰ্থনৰ বাবে আমি কৃতজ্ঞ। কাৰণ, আপোনালোকৰ সহায়ৰ বাবেই আমি ভাৰতৰ লগতে বিদেশতো বহুসংখ্যক পঢ়ুৱৈ লাভ কৰিবলৈ সক্ষম হৈছো। চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰাৰ সময়ত আমি সমন্বয়মুখী সাংবাদিকতাক উদগনি যোগোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো, বিশেষকৈ এনে এনে যুগত য’ত আনকি সৰল আন্তঃধৰ্মীয় কথা-বতৰাকো নিষিদ্ধ বুলি গণ্য কৰা হয়।
যিসকলে নিয়মিতভাৱে আৱাজ–দ্য ভইচ পঢ়ে, তেওঁলোকে জানিব যে আমাৰ দৃষ্টিভংগী প্ৰতিক্ৰিয়াশীল নহয়, বৰঞ্চ আমি গভীৰ চিন্তা আৰু গৱেষণামূলক সাংবাদিকতাত বিশ্বাস কৰোঁ। আমি ভাৰতীয় মুছলমান সমাজৰ এক চহকী তথ্য ভাণ্ডাৰ হৈ পৰিছো। এইবোৰ গৱেষকসকলে ভাল কামত ব্যৱহাৰ কৰিব পাৰিব।
From Editor's Desk
আমাৰ ক্ৰমবৰ্ধমান পাঠক আৰু বিভিন্ন সম্প্ৰদায়ৰ অধিক সংখ্যক লোকে স্পৰ্শকাতৰ বিষয়ত নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ আমাৰ ওচৰলৈ অহাটোৱে এই কথা প্ৰমাণ কৰিছে যে, আমি সঠিক দিশত আগবাঢ়িছো। আমাৰ বিষয়বস্তুৱে সংখ্যাগৰিষ্ঠ হিন্দু সম্প্ৰদায়ৰ আকাংক্ষা আৰু ইছলামোফ’বিয়াৰ দৰে ভাৰতীয় মুছলমানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান উভয়কে সামৰি লৈছে। যি সময়ত সম্প্ৰদায়সমূহৰ মাজত পাৰ্থক্য বাঢ়ি গৈছে আৰু অনাস্থা তথা সন্দেহৰ পৰিৱেশ সৃষ্টি হৈছে, সেই সময়ত আৱাজ দ্য ভইচ-এ শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত অৰ্থপূৰ্ণ আলোচনাৰ বাবে এক স্থান সৃষ্টি কৰিছে। এয়া আমাৰ আটাইতকৈ ডাঙৰ কৃতিত্ব।
আলোচনা, সৰ্বাংগীনতা, ভাৰতীয় মুছলমান যুৱক-যুৱতীসকলৰ উত্থানৰ কাহিনী প্ৰচাৰ কৰা আমাৰ চিন্তা-উদ্দীপক বিষয়সমূহে সমাজত উল্লেখনীয় প্ৰভাৱ পেলাইছে। আমাৰ সাংবাদিকতাই আন আন সংবাদ প্ৰতিষ্ঠানৰো দৃষ্টি আকৰ্ষণ কৰিছে আৰু তেওঁলোকেও আমাৰ ধৰণৰ বাতৰিৰ বাতৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। আমি কেতিয়াও সত্যক সত্য বুলি আৰু অসত্যক অসত্য বুলি কোৱাৰ পৰা আঁতৰি থকা নাই, আৰু এই আপোচবিহীন দৃষ্টিভংগীয়ে আমাক এটা মৰ্যাদাপূৰ্ণ সংবাদ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিছে আৰু দ্ৰুতগতিত ই নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷
পঢ়ুৱৈ
বস্তুনিষ্ঠতা আমাৰ কামৰ মূল বিষয় হৈ আহিছে। সাংবাদিক হিচাপে আমাৰ প্ৰয়াস সদায়েই হৈছে বৰ্তমানৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশৰ প্ৰতি নিৰপেক্ষ আৰু ব্যৱহাৰিকভাৱে দৃষ্টি নিক্ষেপ কৰা। আৱাজ দ্য ভইচৰ এটা সুকীয়া দিশ হৈছে আমাৰ উমৈহতীয়া ইতিহাস আৰু উন্নত ধৰ্মীয় বুজাবুজিৰ দৃষ্টিভংগী আৰু অন্তৰ্দৃষ্টিক উদগণি যোগোৱা বিভিন্ন সম্প্ৰদায়ৰ ইতিবাচক চিন্তাশীল নেতা, বুদ্ধিজীৱীসকলক এখন মঞ্চ দিয়াৰ প্ৰতিশ্ৰুতি। যোৱা চাৰি বছৰত আমি ইজতিহাদ (কোৰান, হাদীছ আৰু ইজমাত নিৰ্দিষ্টভাৱে সামৰি নোলোৱা সমস্যাসমূহৰ স্বতন্ত্ৰ বা মৌলিক ব্যাখ্যা)ৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহ স্পৰ্শ কৰিলোঁ। আজি ভাৰতীয় মুছলমানসকলে সন্মুখীন হোৱা জটিল সমস্যাসমূহৰ সমাধানৰ কথা ভাৰতীয় মুছলমান পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহত ব্যাপকভাৱে চৰ্চিত হৈছে।
আমাৰ আন্তৰিকতাই ভাৰতীয় মুছলমান সমাজৰ সকলো শ্ৰেণীক স্পৰ্শ কৰিছে আৰু আমি আমাৰ সুকীয়া শৈলীৰ সাংবাদিকতাৰ জৰিয়তে তেওঁলোকৰ আস্থা লাভ কৰিছো। হিন্দু-মুছলমানৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ পদক্ষেপ লোৱাৰ বাহিৰেও আমি আন ধৰ্মৰ লোককো পৰ্যাপ্ত স্থান দিছো। আমি ইছলামিক অধ্যয়ন আৰু আধুনিক শিক্ষা দুয়োটাৰে প্ৰধান ভাৰতীয় মুছলমান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈছো। এনে বহু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে সাংবাদিকতা শিকিবলৈ আৱাজ-দ্য ভইচত ইন্টাৰশ্বিপ কৰি আছে। আমাৰ দৃষ্টিভংগী স্পষ্টঃ হিন্দুত্ববাদৰ উত্থান এটা বাস্তৱ, ঠিক যেনেকৈ ২০ কোটিৰো অধিক ভাৰতীয় মুছলমানৰ উপস্থিতি এক অনস্বীকাৰ্য সত্য। এই দুয়োটা বাস্তৱ পৰিস্থিতিক আমি সন্মান কৰিব লাগিব আৰু শান্তিপূৰ্ণ জীৱন-যাপনক আঁকোৱালি ল'ব লাগিব। হিন্দু-মুছলমানৰ সম্পৰ্ক উন্নত কৰাৰ দায়িত্ব কেৱল এটা সম্প্ৰদায়ৰ ওপৰত পৰিব নোৱাৰে।
ভাৰতীয় মুছলমান সম্প্ৰদায়
এইটো স্বীকাৰ কৰাটো অতি প্ৰয়োজনীয় যে ‘ধৰ্মনিৰপেক্ষতা’ৰ অতীতৰ অভিজ্ঞতাই ভাৰতীয় মুছলমানসকলক কোনো বিশেষ সুবিধা প্ৰদান কৰা নাই; বহুতৰে বাবে ই কেৱল শান্তি আৰু মৰ্যাদাৰে জীয়াই থকাৰ এক মাধ্যমক প্ৰতিনিধিত্ব কৰে। মুছলমান তুষ্টিকৰণৰ ধাৰণাটোক ৰাজনীতিকৰণ কৰা হৈছে, আৰু ইয়াৰ দ্বাৰা বাস্তৱক প্ৰতিফলিত কৰাত প্ৰায়ে ব্যৰ্থ হৈছে। ভাৰতৰ ওপৰত হিন্দুসকলৰ "প্ৰথম অধিকাৰ" আছে বুলি বিশ্বাস অধিক শক্তিশালী হৈ উঠিছে আৰু যিকোনো ৰাজনৈতিক দলেই ক্ষমতাত নাথাকক কিয়, এই বিশ্বাস স্থায়ী হোৱাৰ সম্ভাৱনা আছে। পৰিৱৰ্তনশীল ৰাজনৈতিক বাস্তৱতা আৰু পৰিৱৰ্তিত জাতীয় মনোভাৱৰ লগে লগে ভাৰতীয় হিন্দু আৰু মুছলমানৰ মাজত এক নতুন বুজাবুজিৰ অত্যন্ত প্ৰয়োজন আছে। ভাল খবৰটো হ’ল যে, এই কথা-বতৰা ইতিমধ্যে চলি আছে, বিশেষকৈ ‘ধৰ্মনিৰপেক্ষ’ আখ্যানৰ প্ৰতি মোহভংগ হোৱা মুছলমান সম্প্ৰদায়ৰ ভিতৰত।
স্মৰণীয় যে স্বাধীনতাৰ সময়ত ভাৰতীয় মুছলমানসকলে কেতিয়াও স্পষ্টভাৱে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বাবে প্ৰচাৰ চলোৱা নাছিল। নতুবা তেওঁলোকৰ গৰিষ্ঠসংখ্যকে ধৰ্মীয় ভিত্তিত ভাৰত বিভাজন বা পাকিস্তান সৃষ্টিৰ সমৰ্থন কৰা নাছিল। সৰু সংখ্যালঘু মুছলমানৰ গোটে এটাই এখন সুকীয়া দেশ গঠনৰ ইচ্ছা প্ৰকাশ কৰাক সামূহিক মুছলমান গণভোট বুলি ভুল ধাৰণা কৰা উচিত নহয়। ভাৰতীয় মুছলমানসকল ভাৰতত থাকিল কাৰণ এইখন তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি আছিল, আৰু তেওঁলোকে ইয়াত বাস কৰি যাব বিচাৰিছিল।
ভাৰতীয় সাংবাদিকতা
ভাৰতীয় সংবিধানত ‘ধৰ্মনিৰপেক্ষতা’ শব্দটো প্ৰৱৰ্তন হোৱাৰ আগতেই হিন্দু আৰু মুছলমানসকলে সমন্বয়েৰে জীৱন নিৰ্বাহ কৰিছিল। এই সহাৱস্থানৰ শক্তিশালী ভেটিয়ে সেইসকলৰ বাবে আশাৰ সঞ্চাৰ কৰে যিসকলে হয়তো বৰ্তমানৰ পৰিস্থিতিত মোহভংগ অনুভৱ কৰিব পাৰে। ভাৰতৰ নতুন বাস্তৱতাক অধিক শলাগ ল’বলৈ আৰু খাপ খুৱাবলৈ হ’লে মুছলমান সমাজে শিক্ষা, নিয়োগ আৰু মহিলা সবলীকৰণৰ সংস্কাৰক অগ্ৰাধিকাৰ দিব লাগিব।
পৰম্পৰাগতভাৱে ভাৰতীয় মুছলমানসকলে সম্প্ৰদায়টোৰ ৰাজনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা সংবাদ মাধ্যমক বহুলাংশে অনুসৰণ কৰি আহিছে আৰু দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ মুছলমান সমাজৰ অন্যান্য ইতিবাচক দিশসমূহক আওকাণ কৰিছে, য’ত এই সফলতাৰ কাহিনী আৰু দৈনন্দিন জীৱনৰ বিষয়সমূহো অন্তৰ্ভুক্ত হৈ আছে। মুছলমানৰ স্থিতি আৰু মূলসুঁতিত তেওঁলোকৰ একত্ৰীকৰণৰ লক্ষ্যৰে আৱাজ দ্য ভইচ-এ এক বেলেগ দৃষ্টিকোণেৰে কন্টেন্টসমূহ সৃষ্টি কৰি আহিছে। বিগত চাৰি বছৰত আমি বিশেষজ্ঞ আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে অসংখ্য আলোচনা কৰি ভাৰতীয় মুছলমানসকলৰ অধিকাৰ আৰু কৰ্তব্যক লৈ সজাগতা সৃষ্টি কৰিছো।
আমাৰ গুৰুত্ব হৈছে সমাজ সংস্কাৰ আৰু নিয়োগৰ সুযোগ আৰু উদ্যোগীকৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ভাৰতীয় মুছলমান সমাজৰ ভিতৰত সংস্কাৰ সাধনক উদগণি যোগোৱা, ইছলামৰ প্ৰকৃত সাৰমৰ্মক অধিক ভালদৰে উপলব্ধি কৰাৰ পথসমূহক প্ৰসাৰিত কৰা আৰু আমাৰ দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক দৃষ্টিভংগী দাঙি ধৰাৰ ক্ষেত্ৰত আমি আগৰণুৱা হৈ আহিছো।
ভাৰতীয় সংবিধান
ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ মৰ্যাদা তেওঁলোকে নিজেই উন্নত কৰিব পাৰে। গতিকে, যদি আমি নিজকে মুছলমান হোৱাৰ বাবে অপৰাধী অনুভৱ কৰা চিন্তাৰ পৰা ওলাই আহিব বিচাৰো, তেন্তে সমাজখন আত্মনিৰ্ভৰশীল আৰু প্ৰগতিশীল হ’ব লাগিব, যেনেকৈ বিশ্বৰ আন দেশৰ মুছলমানসকল হৈছে। সংবাদ প্ৰতিষ্ঠান হিচাপে আমি হিন্দু-মুছলমানৰ মাজত আলোচনা, ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ উত্থানৰ লক্ষ্যৰে ভাল প্ৰতিবেদন (Content) সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো। আমি বিশ্বাস কৰোঁ যে অযথা বিতৰ্ক আৰু এৰা-ধৰা কৰিব নিবিচৰা মানসিকতাই আমাৰ কোনো উপকাৰ সাধন নকৰে। গঠনমূলকভাৱে আগবাঢ়ি যাবলৈ আমাক মুছলমান সম্প্ৰদায়ৰ ভিতৰত আৰু হিন্দু ভাই-ভনীসকলৰ সৈতে অৰ্থপূৰ্ণ আলোচনাৰ প্ৰয়োজন।
ইমেইল আৰু কমেণ্টৰ জৰিয়তে আমাৰ পাঠক/দৰ্শকৰ পৰা পোৱা ইতিবাচক মতামতসমূহ যথেষ্ট উৎসাহজনক আৰু ই আমাৰ দলটোক ভাল কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিয়ে। আমাৰ দেশখন ৰূপান্তৰৰ শিখৰত থিয় দিছে, বিশ্ব শক্তি হ’বলৈ সাজু হৈছে। এইটো বাস্তৱায়িত হ’বলৈ হ’লে আমাৰ মহান দেশৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰি শান্তি আৰু সহাৱস্থানৰ দিশত সকলো ভাৰতীয় জাতি-জনগোষ্ঠীয়ে অৰিহণা যোগাব লাগিব।