ভোগালী সম্প্ৰতিৰো ধ্বজাবাহক

Story by  atv | Posted by  [email protected] • 21 h ago
হাজোৰ মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা
হাজোৰ মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা
 
স্বপ্না দাস
 
বিহু অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ। প্ৰতিগৰাকী অসমীয়াৰ আৱেগ জড়িত হৈ আছে বিহুৰ সৈতে । অসমৰ জাতীয় উৎসৱ তিনিওটি বিহুই অসমীয়াৰ স্বভিমান ৰক্ষা কৰি আহিছে। ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু--- এই তিনিওটা বিহুৱে প্ৰকৃতি আৰু কৃষিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে। নানা ধৰ্ম, বৰ্ণ, জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰ অসমৰ প্ৰতিখন ঠাই ভিন্ন পৰম্পৰা, ৰীতি-নীতি, উৎসৱ-পাৰ্বন আদিৰ স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ । অতীজৰে পৰা অসমীয়া সমাজ আৰু সংস্কৃতিৰ নানা প্ৰান্তৰ পৰিচয় বহন কৰা বিহু অসমৰ উজনিৰ পৰা নামনিলৈ চুকে-কোণে পালন কৰি অহা হৈছে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি। তিনিওটা বিহুৰে আছে সুকীয়া বৈশিষ্ট্য আৰু পৰম্পৰাগত নীতি-নিয়ম।
 
শাওণত কপালৰ ঘাম মাটিত পেলাই বোকাপানী গচকি খেতিয়কে ক্লেদাক্ত পথাৰৰ বুকুত ৰোৱা সপোনবোৰ আঘোণত সোণগুটি হৈ জিলিকে ৰ'দত। নানাবিধ ধান আৰু বিভিন্ন শস্যৰে উভৈনদী হৈ পৰে খেতিয়কৰ ভঁৰাল। সেই আনন্দতেই পুহ মাহৰ শেষৰ ফালৰ পৰাই অসমবাসী সাজু হয় ভোগৰ উৎসৱ পাতিবলৈ। খেতিয়কসকলৰ অনেক কষ্টৰ ফলশ্ৰুতিত আঘোণৰ বোকোচাত উঠি আহে 'মাঘ বিহু'। ই যে ভোগৰ উৎসৱ ভোগালী বিহু। আনহাতে, শক্তিৰ উৎস সূৰ্যই বছৰৰ বাৰটা মাহত বাৰটা ৰাশিত প্ৰৱেশ কৰে। সূৰ্যই ধনুৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰা দিনটো মকৰ সংক্ৰান্তি । পুহ মাহৰ শেষৰ দিনটোত মকৰ সংক্ৰান্তি পৰে আৰু সেইদিনাৰ পৰাই আৰম্ভ হয় মাঘ বিহু। নানা ধৰ্ম, বৰ্ণ, জাতি, জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰ অসমত অতীজৰে পৰা বিভিন্ন উৎসৱ পাৰ্বন সমূহতো পৰিলক্ষিত হয় সমপ্ৰীতিৰ এক সুকীয়া নিদৰ্শন।
 
ভোগালী বিহুৰ সুন্দৰ দৃশ্য
 
বাপতি সাহোন ব'হাগৰ বিহুটিত যিদৰে সকলোৱে মিলি আনন্দৰ উৎসৱ পালন কৰে, ঠিক সেইদৰে মাঘৰ বিহুৰ উৰুকাৰ নিশাও সকলোৱে মিলি লগভাত খোৱাৰ পৰম্পৰা তাহানিৰ পৰা প্ৰচলিত হৈ আছে। জাতি-ধৰ্মৰ কথা পাহৰি বিহুত সহযোগ কৰি আহিছে মুছলমান ভাই-ভনীসকলেও। আনহাতে, ঈদৰ সময়তো  হিন্দুসকলৰ সহযোগিতা আৰু একেলগে বহি এসাজ খোৱাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যেন তাহানিৰ পৰা  দেখুৱাই আহিছে সম্প্ৰীতিৰ নিকপকপীয়া বান্ধোন। 

মাঘ বা ভোগালী বিহু বুলি ক'লে নামনি অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগনত ভিৰ কৰে হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজে। পহিলা মাঘত হাজোত 'সমন্নয় শোভাযাত্ৰা' উলিওৱা হয় পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ, য'ত হিন্দু-মুছলমান সকলোৱে একলগ হৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি সম্প্ৰীতিৰ অনন্য নিদৰ্শন ডাঙি ধৰে। ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস প্ৰসংগই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি হোৱা শংকাৰ সময়তে এই শোভাযাত্ৰা আৰম্ভ হৈছিল।
 
পোৱামক্কা দৰগাহ শ্বৰীফ
 
তেনে সময়তে মাঘ মাহৰ প্ৰথমটো দিনত--- ১৯৯৩ চনৰ ১৫ জানুৱাৰীৰ দিনা আমাৰ অসমৰ হাজো নিবাসী হিন্দু-মুছলমান জনগণে পোৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ 'সমন্বয় শোভাযাত্ৰা' কৰি সম্প্ৰীতিৰ এনাজৰীৰ নিকপকপীয়া বান্ধোনৰ বিষয়ে বিশ্ববাসীক জনাইছিল। সেই ধাৰা এতিয়াও অব্যাহত আছে। আনহাতে, মাধৱ মন্দিৰ আৰু পোৱামক্কাৰ সহযোগত অনুষ্ঠিত 'উৰুচ মেলা' বা 'মাঘী মেলা' ১৯৯২ চনৰ পৰা হাজো মণিকূট সাহিত্য সমাজৰ উদ্যোগত 'মণিকূট উৎসৱ' হিচাপে অনুষ্ঠিত হয়, যি উৎসৱো সম্প্ৰীতিৰ অনন্য নিদৰ্শন।

আনহাতে, ভোগালী বিহুৰ উৰুকাত ভোগত বিলীন হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলো। তদুপৰি তাহানিতে নাহৰণিৰ ম'হ যুঁজৰ অন্তত আহোম স্বৰ্গদেৱে নাহৰণিৰ মুছলমান জনসাধাৰণক এসাজ খুৱাইছিল বুলি জনা যায়। একেদৰে নগাঁও জিলাৰ কলংপাৰত ১৯১২ চনৰ পৰা আয়োজিত ভোগালী বিহুত মহম্মদ ৰফিক, ফজলুৰ কৰিম, আবু চামাকে ধৰি যথেষ্টসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোক ওতপ্ৰোতভাৱে জড়িত। নলবাৰী জিলাৰ খাৰশিঠাত ভোগালী বিহুৰ সময়ত অনুষ্ঠিত হৈ অহা মাঘী উৎসৱতো অঞ্চলটোৰ মুছলমান ৰাইজে সহযোগিতা আগবঢ়ায়।
 
হয়গ্ৰীব মাধৱ মন্দিৰত উঠি যোৱা ৰাস্তা
 
তদুপৰি মাঘী পূৰ্ণিমাৰ উপৰি ইয়াৰ আগে-পিছে সৰ্থেবাৰী, মাখিবাহা, বনগাঁও আদিকে ধৰি নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত সভাৰ মেলাতো মুছলমান ৰাইজে আন্তৰিকতাৰে উপস্থিত হোৱা দেখা যায়। তদুপৰি গন্ধমৌ, নলবাৰী জিলাৰ তাঁতিপাৰা, ঠুটিকাটা, খাৰশিঠা, গামাৰিমুৰী, বাউসীয়াপাৰা আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ভোগালী বিহুত হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন প্ৰতিফলিত হোৱা দেখা যায়।
 
মাঘ মাহৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ কথা ক'লে মেটেকা অঞ্চলৰ ম'হ যুঁজৰ বিষয়েও মনলৈ আহে। ইয়াতো সম্প্ৰীতিৰ এনাজৰীৰ উমান দেখা যায়। এই বিষয়ে লেখিকা অঞ্জু শাণ্ডিল্যই এনেদৰে মতপোষণ কৰি থৈছে, "মেটেকা অঞ্চলৰ বগীদলৰ উজনিত থকা সিংহদুৱাৰ মুছলমান গাঁৱৰ মাৰফ আলীৰ পৰিয়াল উপস্থিত হ'লেহে, মেটেকা পথাৰত ম'হ হৈছিল। ম'হ যুঁজৰ কাৰনেই ম'হৰ টোকোন দুডাল জুহালৰ ধোৱাঁচাঙত আটোমটোকাৰীকৈ তুলি থৈছিল। ইফালে মেটেকাৰ আমগুৰি গাঁৱৰ জুনচা আলীয়ে মাঘৰ বিহুত যুঁজাবলৈকে ম'হ কিনিছিল।"
 
পৰম্পৰাগত মহযুজঁ
 
মাঘত সম্প্ৰীতিৰ অনন্য নিদৰ্শনৰ বিষয়ে সাহিত্যিক শিৱনাথ বৰ্মনেও লিখি থৈছে। সাহিত্যিকগৰাকীয়ে লিখা 'অসমীয়া জীৱনী অভিধান' গ্ৰন্থৰ ২২৯ পৃষ্ঠাত এনে প্ৰসংগত লিখা তথ্য অনুসৰি উনৈশ শতিকাৰ অন্তিম ভাগত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বালিচৰত সাতদিনীয়াকৈ আয়োজন কৰা বিহু উৎসৱৰ আয়োজনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল মাছখোৱাৰ গম্বুজৱালা মছজিদৰ প্ৰতিষ্ঠাতা, ব্ৰিটিছ চৰকাৰৰ খান বাহাদুৰ সন্মানপ্ৰাপ্ত সদৰামীন তথা 'অৰুণোদয়' যুগৰ লেখক মুন্সী কেফায়ৎ উল্লাই। জাতীয় উৎসৱটোৰ মাজেৰে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জনজাতি-অজনজাতি সম্বলিতে সকলো ধৰ্ম-বৰ্ণৰ লোকক একত্ৰিত কৰাৰ লক্ষ্য তেওঁৰ আছিল বুলি জনা যায়।
 
সুদূৰ কলকাতাতো ভোগালী বিহুৰ সময়ত উৰে সম্প্ৰীতিৰ ধ্বজা। এই সম্পৰ্কে গৱেষণাধৰ্মী লেখক ইছমাইল হোছেইনে লিখি থৈছে এইদৰে, "অসমৰ বাহিৰতো আয়োজন কৰা মাঘ বিহুৰ অনুষ্ঠানে মুছলমান সমাজৰ কিছুসংখ্যক ব্যক্তিয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ নিদৰ্শন আছে। উদাহৰণস্বৰূপে ক'ব পাৰি যে ১৯২১ খ্ৰীষ্টাব্দৰ ১৩ জানুৱাৰীত কলকাতাৰ শিৱপুৰ বটানিকেল গাৰ্ডেনত অসমীয়া সমাজে উলহ-মালহেৰে মাঘ বিহুৰ আয়োজন কৰিছিল। সেই উৎসৱ আয়োজনত যিসকলে মুখ্য ভূমিকা পালন কৰিছিল, তেওঁলোকৰ মাজৰ অন্যতম আছিল খেলিলুৰ জামান।
 
কলকাতাত অসমীয়া সমাজ আয়োজন কৰা ভোগালী বিহু
 
অন্যান্যসকলৰ মাজত আছিল উমাকান্ত গোস্বামী(গুৱাহাটী), প্ৰমদাভিৰাম দাস(গোলাঘাট), প্ৰফুল্ল চন্দ্ৰ বৰুৱা, ফটিক শৰ্মা (তেজপুৰ), শম্ভুৰাম বৰুৱা (উত্তৰ লখিমপুৰ), নীৰজেন্দ্ৰ ভট্টাচাৰ্য (যোৰহাট), বাবুলা ফুকন (যোৰহাট), কামেশ্বৰ দাস(বৰপেটা), বেণুধৰ শৰ্মা(শিৱসাগৰ), ধৰ্মেশ্বৰ বৰুৱা (ডিব্ৰুগড়), বংশীধৰ বৰুৱা (যোৰহাট), দেৱেন বৰদলৈ (নগাঁও), কিৰণ সিং(ডিব্ৰুগড়), উমা প্ৰসাদ বৰুৱা (যোৰহাট), হেমেন বৰুৱা (যোৰহাট), গিৰীন্দ্ৰ নাথ বৰুৱা (গোলাঘাট), শৰৎ কুমাৰ শৰ্মা(যোৰহাট), ভগৱতী প্ৰসাদ বৰুৱা (শিৱসাগৰ), দিবাকৰ গোস্বামী (গোলাঘাট), ৰমেশ সৰস্বতী(গুৱাহাটী), দেৱ কুমাৰ বৰুৱা (ডিব্ৰুগড়), কনক কোঁৱৰ (শিৱসাগৰ), থানেশ্বৰ শৰ্মা (তেজপুৰ), নিলেশ্বৰ শৰ্মা (যোৰহাট), শিৱ শৰ্মা(যোৰহাট), যোগসিং চেত্ৰী (নগাঁও), শৰত চন্দ্ৰ বৰুৱা (যোৰহাট), উমা গোস্বামী (গুৱাহাটী), সৰ্বানন্দ দাস (গোৱালপাৰা), দম্বৰুধৰ ভূঞা (ধেমাজি), দীননাথ শৰ্মা (নগাঁও), ডাঃ ভূৱনেশ্বৰ বৰুৱা (গুৱাহাটী), শ্ৰীনাথ চক্ৰৱৰ্তী, কেপ্তেইন সুৰেন্দ্ৰনাথ দত্ত, ডাঃ জীৱকান্ত শইকীয়া, কিৰণ চন্দ্ৰ গোস্বামী, কুমুদেশ্বৰ গগৈ, মূৰলীধৰ বৰুৱা আৰু ড০ সুৰেন বৰা আদি।"
 
এইদৰে হাজোৰ পৰা কলকাতালৈকে, নাহৰণি-তাঁতিপাৰা-খাৰশিঠাৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে আমি প্ৰতি মাঘতেই উৰা দেখো সম্প্ৰীতিৰ অনন্য মিলনধ্বজা। কাৰণ ভোগালী বিহুকে ধৰি মাঘো যে সম্প্ৰীতিৰ ধ্বজাবাহক।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিকা)