ব্ৰহ্মপুত্র-যমুনাঃ সীমাৰ দুপাৰে দুখন ঘৰ (দ্বিতীয় খণ্ড)

Story by  atv | Posted by  [email protected] • 1 Years ago
বন্দকোনা গাঁৱৰ ঘৰত ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰে প্ৰতিষ্ঠা কৰা কালীমন্দিৰ
বন্দকোনা গাঁৱৰ ঘৰত ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰে প্ৰতিষ্ঠা কৰা কালীমন্দিৰ

 

  মদন চন্দ্ৰ ডেকা

(দেওবাৰে প্ৰকাশ পোৱা প্ৰথম খণ্ডৰ পৰা...) ময়মনসিংহ জিলাৰপৰা ইছব আলী পিতৃ-মাতৃৰ সৈতে ছাৰ ছাদুল্লাৰ প্ৰধানমন্ত্ৰিত্বৰ দিনতে অসমলৈ আহিছিল। তেতিয়াৰ অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰ থানাৰ অধীনৰ বেতনা মৌজাৰ ছিল্কীঝাৰ গাঁৱত তেওঁলোকক চৰকাৰে থাপিছিল (অথবা মাটি ভাঙি নিজে বহিছিল, সেই ইতিহাস আল্পনাই নাজানে)।

এফালে শুক্লাই নদী, আনফালে বৰনদীৰ পলসে সাৰুৱা কৰা কৃষিভূমিৰ মাজতে ঘৰ বান্ধি লৈ তেওঁলোকে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ ল'লে।ছিল্কীঝাৰ গাঁৱৰ বন্তিৰাম বড়োৱে কোৱা মতে তেওঁলোক পাঁচঘৰমান বড়ো জনগোষ্ঠীৰ অসমীয়া মানুহ আৰু কেইঘৰমান মুছলমান মানুহে তেতিয়া গাঁওখনত বাস কৰিছিল।বাংলাদেশ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাওঁতে আল্পনাই এই বস্তিৰাম বড়োৰপৰা ভালেখিনি তথ্য গোটাই লৈছিল।

হঠাতে ইছব আলীহঁতে শুনিলে যে তেওঁলোক ইছলামধৰ্মী মানুহবিলাকৰ কাৰণে এখন নতুন দেশৰ সৃষ্টি হৈছে পাকিস্তান নামেৰে।তেওঁলোক বাংলাভাষী মুছলমানসকলৰ কাৰণে সৃষ্টি হোৱা দেশখনৰ নাম হ'ল পূব পাকিস্তান।সেই কেইঘৰ মানুহৰ মাজত আলোচনা চলিবলৈ ধৰিলে—তেওঁলোকৰ কাৰণেই সৃষ্টি হোৱা দেশখনলৈ যোৱাটো সমীচিন হ'ব নেকি ! নিজৰ বুলিবলৈ দেশ এখন যেতিয়া হৈছেই, নিজৰ ধৰ্মৰ মানুহবিলাকৰ লগত একেলগে থাকিব পাৰিলে ভাল হয় ৷

তেনেতে আকস্মিকভাৱে আবিৰ্ভাৱ হ'ল এজন ডেকা চিকিৎসকৰ—নাম যাৰ ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰ, ঢাকা মেডিকেল কলেজৰপৰা এল,এম,পি পাছ কৰা।ডাঃ সৰকাৰে প্ৰস্তাৱ আগবঢ়ালে যে যদি ইছবে তেওঁক ছিল্কীঝাৰৰ মাটিখিনি দিয়ে, তেন্তে পূব পাকিস্তান(তদানীন্তন)ৰ ময়মনসিংহ জিলাত থকা তেওঁৰ মাটিখিনি তেওঁ ইছবক এৰি দিব।ইছব আলী এই প্ৰস্তাৱত সন্মত হ’ল বিনিময় প্রথাৰে মাটি সলনি কৰি পূব পাকিস্তানলৈ যাবলৈ।ছিল্কীঝাৰ গাঁৱৰ আন কেইঘৰ মুছলমান মানুহো একেই বিনিময় প্ৰথাৰে পূব পাকিস্তানলৈ উভতি গ'ল।ময়মনসিংহ জিলাৰ ফুলপুৰ(বৰ্তমান উপজিলা)ৰ শাকোয়াই অঞ্চলৰ বন্দকোনা গাঁৱত এই অসমৰ পৰা যোৱা মানুহখিনিয়ে বিনিময়েৰে লোৱা মাটিত গাঁও পাতিলেগৈ।ছিল্কীঝাৰলৈ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ লগতে আহিল হেম চন্দ্ৰ সৰকাৰ, যতীন নাগ আদি।ইয়াতো এখন হিন্দু বাঙালীৰ গাঁও হ'ল।অ’নহয়—ইয়াৰ গাঁওখন পূৰ্ণ হৈ উঠিল বাঙালী হিন্দু মানুহকেইঘৰ অহাৰ পাছত।

ইতিমধ্যে ইমান-আমানৰ জন্ম হৈছিল আৰু তেওঁলোকৰ ককাদেউতাক-আইতাক অর্থাৎ ইছব আলীৰ পিতৃ-মাতৃয়ে হাড় পেলাইছিল ছিল্কীঝাৰৰ মাটিতে।তেওঁলোকক কবৰ দিয়া বাৰীখনতে ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰে ঘৰ পাতিলে।তেওঁৰ মাক, পত্নী আৰু তিনিটি সন্তানক আনিবলৈ তেওঁ আৰু পূব পাকিস্তানলৈ নগ'ল।পৰৱৰ্তী সময়ত অসমলৈ অহা যোগেন্দ্ৰ চন্দ্ৰ দাস আৰু অন্যান্যই ‘ডাক্তার বাবু’ৰ পৰিয়ালটো লৈ আহিল ছিল্কীঝাৰলৈ।পিতৃ শিবদয়াল সৰকাৰৰ বন্দকোনা গাঁৱতেই ইতিমধ্যে মৃত্যু হৈছিল ।

প্রশ্ন হল, ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰ স্বাধীনতাৰ প্ৰাকক্ষণত দেশ বিভাজনৰ সিদ্ধান্তৰ ফলশ্ৰুতিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পাৰ্শ্বক্ৰিয়া হিচাপে ময়মনসিংহ জিলাৰ নিজ মাটি-ভেটি ত্যাগ কৰি অসমলৈ আহিছিল নেকি?

নাই, নহয় ৷

তেনেহ'লে কিয় তেওঁ নিজ দেশ, নিজ মাটি—পৈতৃক ভেটি ত্যাগ কৰি অসমলৈ (ভাৰতলৈ) আহিছিল? তাৰ উত্তৰ পাবলৈ হ'লে উভতি যাব লাগিব ১৯৩৯ চনলৈ।

আল্পনাই পিতামহী আৰু গাঁও সম্পৰ্কীয় বৰদেউতাকৰ মুখত শুনিছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ কৰি নেতাজীয়ে যেতিয়া ১৯৩৯ চনত ফৰৱাৰ্ড ব্লক গঠন কৰিছিল, দেউতাক শচীন্দ্ৰ কুমাৰ সৰকাৰে তেতিয়া সক্রিয় সদস্য হিচাপে উক্ত দলত যোগদান কৰিছিল।তেতিয়া তেওঁ সদ্য ঢাকা মেডিকেল কলেজ উত্তীর্ণ।চৰকাৰী চিকিৎসালয়ত চাকৰি নকৰি নিজাববীয়াকৈ ঘৰতে, গাঁৱে গাঁৱে ঘূৰি ৰোগীৰ চিকিৎসা কৰে আৰু দল- ন-সংগঠনৰ কাম কৰে।ইতিমধ্যে নেতাজী দেশ এৰি গৈছে, আজাদ হিন্দ্‌ ফৌজো গঠন কৰিছে।দেশত থকা ফৰৱাৰ্ড ব্লকৰ একাংশ নিষ্ঠাৱান কৰ্মীৰ অন্যতম এজন হৈ শচীন্দ্ৰ কুমাৰ সৰকাৰে অক্লান্তভাৱে দেশসেৱাৰ লগতে মানৱসেৱা কৰি থাকিল।বিয়া পাতিলে।তিনিটি সন্তানৰ পিতৃ হ'ল।শাকোয়াইৰ বন্দকোনা গাঁৱৰ ঘৰখন ‘ডাক্তার শচীন্দ্র কুমার সরকারের বাড়ী' হিচাপে অঞ্চলটোত জনাজাত হৈ পৰিল ৷

ইতিমধ্যে ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সিদ্ধান্ত লোৱা হৈ গৈছে।শচীন্দ্ৰ কুমাৰ সৰকাৰৰ দৰে এমুঠিমান ফৰৱাৰ্ড ব্লকৰ সদস্যই দেশ বিভাজনৰ বিৰোধিতা কৰি তেতিয়াও সংগ্রাম অব্যাহত ৰাখিছে।কিন্তু অৱশ্যম্ভাৱী সংঘটনক তেওঁলোকে বাধা দি ৰাখিব নোৱাৰিলে ৷ ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা এখন নতুন মুছলিম দেশ হিচাপে পাকিস্তানে পৃথিৱীৰ বুকুত আত্মপ্রকাশ কৰিলে।লগে লগে পাকিস্তান সৃষ্টিৰ বিৰোধিতা কৰা আন্দোলনকাৰীসকলৰ বিৰুদ্ধে জাৰি কৰা হ'ল গ্ৰেপ্তাৰী পৰোৱানা।ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা জাৰি হ'ল।দলীয় কৰ্মীসকলে তাৰ ভূ পাই ৰাতিৰ ভিতৰতে তেওঁক পলুৱাই আনি গাৰোপাহাৰ (তেতিয়াৰ জিলাৰ তুৰাত থৈ গ'লহি।তুৰাৰপৰা শচীন্দ্ৰ কুমাৰ সৰকাৰ কেনেকৈ আহি গোৰেশ্বৰৰ ছিল্কীঝাৰ গাঁও পালে, সেই কথা আল্পনাই নাজানে—শুনা নাই।হয়তো দেউতাকেই ক'লেহেঁতেন।কিন্তু আল্পনাই কৈশোৰত ভৰি দিওঁ নিদিওঁতেই ১৯৬৮ চনৰ ডিচেম্বৰ মাহত দেউতাকে চকু মুদিলে।লগত লৈ গ'ল বহুতো প্ৰশ্নৰ উত্তৰ ৷

বিদায় ক্ষণত আবেগিক কাশেম আলী আৰু ড° আল্পনা সৰকাৰ ডেকা

আল্পনাৰ মনত আছে যে তেওঁলোকৰ ঘৰত নেতাজীৰ এখন সুদৃশ্য ফটো আছিল, যিখন ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰিত অসম আন্দোলনৰ কৰ্মী বুলি চিনাকি দিয়া কিছুমান দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ঘৰত জুই লগাওঁতে অন্যান্য সামগ্ৰীৰ লগতে পোৰা গৈছিল।(নেলী, গহপুৰ, চাউলখোৱা চাপৰি আদিৰ দৰে একে ধৰণৰ তথাকথিত গোৰেশ্বৰৰ এই সাম্প্ৰদায়িক সংঘৰ্ষই অসমৰ ইতিহাসত ঠাই নাপালে ।আনকি চিন্তানায়ক হিচাপে পৰিচিত সুদক্ষ আমোলা যতীন হাজৰিকা, আই. এ. এছ. ডাঙৰীয়াই Shadow Behind the Throne গ্ৰন্থতো গোৰেশ্বৰ অঞ্চলৰ ঘটনাক ঠাই নিদিলে।মুখ্যমন্ত্ৰীৰ আয়ুক্ত-সচিব হিচাপে তেখেতে ৰাজ্যৰ অন্য সকলো ঠাইৰ হিংসাত্মক কাৰ্য্যৰ টোকা মুখ্যমন্ত্ৰীক দিছিল—কিবা কাৰণত গোৰেশ্বৰৰ ঘটনা তেওঁৰ ‘ৰিপৰ্টিং’-অৰ পৰা বাদ পৰি ৰ'ল।আল্‌পনাৰ পেহীয়েকৰ ফালৰ ককায়েক এজনক সিদিনা হানি-খুচি হত্যা কৰা হৈছিল।) আল্পনাৰ আৰু মনত আছে—দেউতাকক বিচাৰি তেওঁলোকৰ ঘৰলৈ মাজে সময়ে পুলিচ আহিছিল।পুলিচ অহা দেখিলেই আল্পনাই দৌৰি গৈ নেতাজীৰ ফটোখন ধানৰ ডুলিত লুকুৱাই থৈছিল।পুলিচে দেউতাকৰ সৈতে কথা পাতি, অঞ্চলটোৰ উন্নয়নৰ কথা আলোচনা কৰি চাহ খাই গুচি গৈছিল।স্বাধীনতাৰ বহু বছৰ পাছত নেতাজীৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা আঁতৰাৰ পাছতহে সেই ফটোখন মুকলিকৈ সকলোৱে দেখাকৈ ওলোমাই ৰাখিব পাৰিছিল।

গতিকে ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰ দুনাই জন্মভূমিলৈ উভতি নগ'ল, উভতি যাব নোৱাৰিলে।কিন্তু ইছব আলীয়ে সামান্য সময়ৰ বাবে হ’লেও ‘ডাক্তার বাবু’ৰ সান্নিধ্য যে লাভ কৰিলে তাৰ সুৱাস আজীৱন অনুভৱ কৰি গ'ল।তেওঁলোকৰ উত্তৰপুৰুষেও সেই সুৱাসেৰে সুৱাসিত হৈ আশা কৰি থাকিল—যদি ‘ডাক্তার বাবু’ৰ সতি-সন্ততি বাচি আছে, এদিন নহয় এদিন সেই ভেটি গচকিবলৈ আহিবই।বিনিময় প্রথাৰে ‘ডাক্তার বাবু’ৰ সেই মাটিখিনি তেওঁলোকৰ হাতলৈ গ'লেও, সেই মাটিত থকা পুৰণা ঘৰ- দুৱাৰ ভাঙি (ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ ঘৰখন দুভাগত ভগাই এভাগত ইমান আলীৰ ল'ৰাহঁতে আৰু আনটো ভাগত আমান আলীৰ ল'ৰাহঁতে নতুনকৈ ঘৰ বান্ধিছে।আমি আমান আলীৰ চোতালত বহিছিলোঁ।) তেওঁলোকে মন-পছন্দৰ ঘৰ সাজিলেও কিন্তু সেই ঘৰখনৰ চিনাকি ‘ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ ঘৰ’(ডাক্তার শচীন্দ্র কুমার সরকারের বাড়ী)।হয়।কাশেম, হুছেন, নজমুল হঁতৰ ঘৰখনক গাঁওখনৰ, শাকোয়াই অঞ্চলৰ সকলোৱে ‘ডাক্তার শচীন্দ্র কুমার সরকারের বাড়ী’ বুলিয়েই জানে—এতিয়াও ।

আমি বাংলাদেশলৈ যোৱাৰ সময়ত ৰমজান মাহ চলি আছিল।‘ডাক্তার বাড়ী'ৰ আটায়ে ৰোজা ধৰিছিল ৷ তথাপি আমাক চৰৱত কৰি খুৱালে—নেমুৰ চৰৱত।কাশেম সেই সময়ত পথাৰত আছিল।কোনোবাই খবৰ দিয়াত য’ৰে কাম ত’তে এৰি ঢপলিয়াই আছিল ‘ডাক্তার বাবু’ৰ ছোৱালী, পেহীয়েকক চাবলৈ।বাবাকে যে বৰ হেঁপাহ কৰিছিল—মৃত্যু পৰ্য্যন্ত কৈ গৈছিল বাচি থাকিলে ‘ডাক্তার বাবু’ৰ ল'ৰা এদিন নহয় এদিন পিতৃভিঠা বিচাৰি আহিবই।কাশেম, হুছেন আৰু নজমুলৰ চকু কপালত উঠিল যেতিয়া পিতৃভিঠা বিচাৰি ‘ডাক্তার বাবু’ৰ ল’ৰা নহয়, ছোৱালী আল্পনা আহি বন্দকোনা গাঁৱত উপস্থিত হ'ল।দেখুৱালে তেওঁলোকে—একে একে দেখুৱালে ‘ডাক্তার বাবু’ৰ ঘৰত লগোৱা চ’তি, মাৰলি, দুৱাৰৰ চৌকাঠ কেনেকৈ সংৰক্ষণ কৰি ৰাখিছে ! পিছফালৰ পুখুৰীটো এতিয়াও আছে।আৰু আছে পুখুৰীৰ সিটো পাৰে বহল ধাননিপথাৰখন—“এই যে তোমাগ’ খেত”।আল্পনাৰ হাঁহি উঠিল ।তেতিয়াহ'লেতো ছিল্কীঝাৰৰ পথাৰখনো কাশেমহঁতৰ ! পাৰেনে ? দুখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা শ শ মাইল দূৰত দুখন দেশৰ দুজন নাগৰিকৰ খেতিপথাৰ থাকিব পাৰেনে? নাই, সেয়া কাশেমহঁতৰ বিনম্রতা, মানসিক পৰিধিৰ বিশালতা? পাৰিছেনে তেৱোঁ সমানে মনৰ বিশালতাৰ পৰিচয় দিব?

কাশেমহঁতে সুধিছিল আল্পনাক—তেওঁলোকৰ পূৰ্বপুৰুষৰ কবৰস্থান এতিয়াও সুৰক্ষিত হৈ আছেনে? আল্পনা উত্তৰ দিয়াৰ আগতে খন্তেক থমকি ৰ'বলগীয়া হৈছিল।চকুৰ আগেদি অগা-ডেৱা কৰিছিল দেউতাকে সজা ঘৰখন, যিখন দুষ্কৃতিকাৰীয়ে ১৯৮৩ চনত পুৰি পেলাইছিল।পাছত মাক-ভায়েক থাকিব পৰাকৈ অস্থায়ীভাৱে সাজি লোৱা ঘৰটোও পুৰণা ভেটিৰ থলীতে আছিল।আৰু এতিয়া তেওঁ নিজে সাজিবলৈ লোৱা ঘৰটোও পুৰণা ভেটিৰ ওপৰতে।দেউতাকে নিশ্চয় কবৰৰ ওপৰত ঘৰ নাসাজে, তেওঁলোকেও সজা নাই ।তাৰ মানে কাশেমহঁতৰ পূৰ্বপুৰুষৰ কবৰস্থলী সুৰক্ষিত হৈ আছে।ক’লে আল্পনাই–“আছে, একেদৰেই আছে।”

আল্পনাই দেখিছিল যে দেউতাকে চাইকেলখন লৈ গাঁৱে গাঁৱে ঘূৰি ফুৰে।চিকিৎসা ল'বলৈ অপাৰগ মানুহবিলাকক বিনামূলীয়াকৈ চিকিৎসা কৰে, ঘৰৰপৰাই ঔষধ-পথ্যৰ যোগান ধৰে।কোনোবাই হয়তো ঘৰৰ গাখীৰ অকণ, হেঁদালিৰ কোমোৰাটো দি পঠায়৷ তাতোকৈ ডাঙৰ কথা—ডাঃ সৰকাৰৰ চিকিৎসাত সুস্থ হৈ উঠা অন্ততঃ একাধিক লোকে তেওঁক ‘বাবদায়’ (পিতৃব্যৰ মৰ্য্যাদা) দিয়ে আৰু তেওঁলোকৰ পৰিয়ালৰ লগত আজীৱন সম্পৰ্ক ৰাখে।ছিল্কীঝাৰলৈ আহি বসতি স্থাপন কৰাৰ বছৰতে হেমচন্দ্ৰ সৰকাৰ আৰু অন্যান্যৰ সহযোগত দুর্গাপূজা এভাগৰ আয়োজন কৰে যি ইতিমধ্যে পঁইসত্তৰ বছৰ অতিক্ৰম কৰিলে৷ বন্দকোনা গাঁৱৰ জয় সৰকাৰে আল্‌ল্পনাক আমি অসমলৈ উভতি অহাৰ পাছত ফোনযোগে কৈছিল যে তাতো ‘ডাক্তার বাড়ী’ত দুর্গাপূজা পতা হৈছিল, কিন্তু ‘দাঙ্গা’ৰ ফলত সেই পূজাভাগ বন্ধ হৈ যায় ।...নাৰামাৰি জনজাতীয় প্রাইমেৰী স্কুল আৰু অঞ্চলটোৰ কেইবাখনো অসমীয়া মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠাত উদ্যোগ লয় আল্পনাৰ দেউতাক শচীন্দ্ৰ কুমাৰ সৰকাৰে।নাটক, ভাওনা, অন্যান্য সামাজিক অনুষ্ঠান—সকলোতে তেওঁ আগৰণুৱা আছিল।

কাশেমে আৰু ক'লে—ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ ঘৰৰ মানুহ বুলি ক'লে চিকিৎসকেও ‘ফিজ’ নলয়, আজি পঁইসত্তৰ বছৰৰ পাছতো।এবাৰ হেনো কাশেমৰ ল'ৰাটোৰ হাৰ্টৰ অসুখ হোৱাত ময়মনসিংহৰ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল।ডাক্তৰে পৰীক্ষা কৰি ক'লে যে অপাৰেশ্যন কৰিব লাগিব আৰু ভাৰতৰ পৰা অহা ডাক্তৰে সেই অপাৰেশ্যন কৰিব গুণে অনেক ‘টাকা’ লাগিব ৷

কাশেম অসহায় হৈ পৰিল ৷ কথাই কথাই ওলাই পৰিল যে তেওঁ ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ ঘৰৰ মানুহ।সেই কথা জনাৰ পাছত কাশেমৰ পুতেকৰ হাৰ্টৰ অপাৰেশ্যন বিনামূলীয়াকৈ হৈ গ'ল।আল্পনাৰ চকু সজল হৈ পৰিল, দেউতাকৰ বিৰাটত্বৰ কথা জানিব পাৰি।সৰুৰেপৰা দেখি অহা দেউতাকৰ ছবিখন তেওঁৰ মনৰ মাজত আৰু অধিক প্রোজ্জ্বল হৈ উঠিল।

অসমলৈ অহাৰ পাছত ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰৰ ঔৰ্ষত আৰু এজনী ছোৱালীৰ জন্ম হ'ল।কিন্তু তেওঁৰ প্ৰথমা পত্নী প্ৰভাৰাণী সৰকাৰে অকালতে এই পৃথিৱীৰ মায়া এৰি গুচি গ'ল।ডাঃ সৰকাৰৰ নাজল-নাথল অৱস্থা হ'ল।মাকৰ বয়স হৈ আহিছে, এমা-ডিমা চাৰিটা ল'ৰা-ছোৱালীৰ অকলে জেঙা মাৰিব নোৱাৰে৷ তেওঁ নিজেতো সমাজসেৱা আৰু মানৱসেৱা লৈয়েই ব্যস্ত থাকে।সকলোৱে হেঁচা মাৰি ধৰাত তেওঁ দ্বিতীয় বিবাহ কৰাবলৈ সন্মত হ'ল।একে গাঁৱৰে (ছিল্কীধাৰ) তেওঁৰ অভিন্নহৃদয় বন্ধু সুনীল কুমাৰ সৰকাৰৰ ভনীয়েক উষাৰাণী সৰকাৰে তেওঁৰ দ্বিতীয়া পত্নী হৈ ঘৰখন ধৰিলে, আগৰ পক্ষৰ ল'ৰা-ছোৱালীকেইটিক মৰম দিলে ৷ আৰু ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰ মানৱসেৱা আৰু সমাজসেৱাৰ কামত ব্ৰতী হৈ থাকিল, সংসাৰৰ চিন্তাৰ পৰা মুক্ত হৈ আল্পনা দ্বিতীয় পক্ষৰ প্ৰথম সন্তান, যাক পঢ়াই-শুনাই মানুহ কৰাৰ সপোনৰ কথা তেওঁ ব্যক্ত কৰিছিল পত্নী আৰু জেঠেৰিয়েক সুনীল কুমাৰ সৰকাৰৰ সমুখত।হয়তো তেওঁৰ সেই আশা পূৰণ হৈছে ।

আল্পনাই কেতিয়াবা অনুভৱ কৰে—অসমত জন্মি, অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি, অসমীয়া ‘সন্মান’ বিষয়ত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ স্থান দখল কৰি, অসমীয়াকে শিক্ষকতাৰ ওৰেটো জীৱন পঢ়ুৱাই আৰু খিলঞ্জীয়া অসমীয়া পৰিয়াল এটিৰ বোৱাৰী হৈও কোনোবাখিনিত তেওঁ অসমীয়াত্বৰ স্বীকৃতি নোপোৱাকৈ ৰৈ গ'ল—কেৱল তেওঁ বাঙালী সম্প্রদায়(?)ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বুলিয়েই।কেতিয়াবা তেওঁক তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰাৰ অভিজ্ঞতা হৈছে যদিও চৈয়দ আব্দুল মালিকৰ কথাই আল্পনাৰ প্ৰাণৰো কথা—

জীৱনে মৰণে মই অসমৰে অসমীয়া

অসমীয়া দেহ প্রাণ মন

জীয়াই থাকোতে মই অসমৰে অসমীয়া

মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ

ড° নগেন শ‍ইকীয়াই আপনাকে ভিতৰ কৰি ড° অমলেন্দু গুহ, ড° ঊষাৰঞ্জন ভট্টাচার্য, ড° প্ৰশান্ত চক্রবর্তী আদিক বঙ্গমূলীয় অসমীয়া বুলি অভিধা এটা ৰাজহুৱাকৈ দিছে।

আমি সবিস্ময়ে লক্ষ্য কৰিলোঁ যে কাশেমহঁতক বাংলাদেশত খিলঞ্জীয়া হিচাপে গণ্য কৰা নহয় ৷ অসমৰপৰা যোৱা কাৰণে তেওঁলোকক ‘আসামমিয়া' বুলিহে কোৱা হয়।সেইকাৰণে ‘আসামমিয়া' মানুহখিনিয়ে একেলগে গাঁও পাতি, সমাজ পাতি বসবাস কৰি আছে।এইটো এটা বৰ যন্ত্ৰণাৰ খবৰ ।যিবিলাক মানুহে নিজৰ দেশ বুলি জন্মৰ ভেটি এৰি ইয়ালৈ আহিল, তেওঁলোকক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃতি দিয়া নহ'ল—ধর্ম এক, ভাষা এক হোৱাৰ পাছতো।

ইয়াৰ মাজতে হুছেনে এখামোচ ভেটিৰ মাটি খান্দি আনি টোপোলা এটাত ভৰাই আল্পনাৰ হাতত দিলে।কঢ়িয়াই লৈ যাব আল্পনাই পিতৃ-পিতামহৰ জন্মভূমিৰ মাটি নিজৰ জন্মভূমিলৈ—ছিল্কীঝাৰলৈ ।এয়া হ'ব আল্পনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি।বন্তিৰাম বড়োৱে আল্পনাক আৰু এটা তথ্য দিছিল।ইজাৰ আলী নামৰ অন্য এজন মানুহৰ লগতো ডাঃ শচীন্দ্ৰ কুমাৰ সৰকাৰে মাটি বিনিময় কৰিছিল।কাশেমহঁতেও ক'লে যে হয়, ইজাৰ আলী নাই যদিও তেওঁৰ তিনিজন পুত্ৰ জীয়াই আছে, আটাইৰে বয়স নব্বৈৰ ওপৰত।বন্তিৰাম বড়োৱে নিজৰ বয়সো নব্বৈৰ ওপৰত বুলিয়েই কৈছিল ।স্বাধীনতাৰ সময়ত তেওঁলোক ১৪/১৫ বছৰৰ কিশোৰ।হুছেনে লৈ গ'ল বাট দেখুৱাই আমাক সেইটুকুৰা মাটিলৈকো।সন্মুখত পুখুৰী এটাৰে তিনিখন ঘৰ, তিনিজন ককাই-ভাইৰ৷ আটাইকে লগ পালোঁ, তেওঁলোকৰ পুত্ৰ-প্রপৌত্ৰসকলো আছিল।বয়োজ্যেষ্ঠগৰাকীয়ে মনত পেলালে ছিল্কীঝাৰ, নাৰামাৰি, হাজলপাৰা আদি গাঁও আৰু গোৰেশ্বৰৰ কথা।আল্পনাই লগত লৈ যোৱা গামোচা তিনিও ককাই-ভাই আৰু হুছেনক পিন্ধাই দিলে।সন্ধিয়াৰ ইফটাৰৰ যোগাৰ কিনিবৰ বাবে সামান্য পৰিমাণৰ ‘টাকা’ হুছেনৰ হাতত দিলে।ইতিমধ্যে কালীমন্দিৰৰ নামত বৰঙণি এটাও তেওঁ কমিটিৰ সম্পাদকৰ হাতত দি আহিছিল।

সকলোৰে দাবী হ’ল—ইয়াৰ পাছত আহিলে ময়মনসিংহৰ হোটেলত নহয়, তেওঁলোকৰ ঘৰত উঠিবহি লাগিব।নিজৰ পেহীয়েকজনী, ভনীয়েকজনী ঘৰলৈ আহি হোটেলত থাকিব, ‘এইটা আবার কোন দেশের নিয়ম ?

সময় হৈ আহিছিল আমি বন্দকোনা গাঁও এৰাৰ।পিছদিনাই ঢাকা হৈ কলিকতালৈ উৰা মাৰিব লাগিব, কলিকতাৰপৰা গুৱাহাটী।বিদায় ক্ষণৰ সেই আৱেগিক অবিস্মৰণীয় দৃশ্যই সকলোকে কন্দুৱালে।কাশেমে আল্পনাক সাবটি ধৰি হুকহুকাই কান্দিছে আৰু বিৰ্বিৰাই কৈ গৈছে—“পিসীগো, আবার আইসো।আমরাও যাব আসামে।” আল্পনাক সাবটি ধৰিয়েই কাশেমে ক’লে, যেন প্রতিজ্ঞাহে কৰিলে—যিহেতু তেওঁলোকৰ ঘৰখন ডাক্তৰৰ ঘৰ বুলি জনাজাত, সেই নামৰ খ্যাতি অক্ষুণ্ণ ৰাখিবলৈ তেওঁ ডাঙৰ ল'ৰাজনক ডাক্তৰী পঢ়ুৱাব যাতে কাললৈ সেইখন ঘৰে ডাক্তৰৰ ঘৰ বুলি প্রসিদ্ধি লাভ কৰে ৷

ওলাই আহিব খোজা চকুপানীক বাধা দি আমি বিদায় ল'লোঁ।

টোকা : পৈতৃক ভেটি বুজাবলৈ ‘পিতৃভিঠা’ শব্দটো ব্যৱহাৰ কৰা হৈছে।

(লেখক অৱসৰপ্ৰাপ্ত ভূমিলেখ্য আৰু জৰীপ অধিকৰ্ত্তা (Director of Land Records & Surveys), অসম তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (Secretary, Revenue and Disaster Management) বিভাগৰ সচিব)