উপ নিৰ্বাচনঃ ৩৯ বছৰে নিজৰ দখলত ৰখা বঙাইগাৱত অসম গণ পৰিষদৰ অস্তিত্বৰ যুঁজ

Story by  atv | Posted by  Munni Begum • 4 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
প্ৰিয়া শৰ্মা
 
ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত গঠিত হৈছিল অসম গণ পৰিষদ (অগপ)৷ বিদেশী বহিষ্কাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি আন্দোলন গঢ়ি উঠিছিল, তাৰ পৰিনতিত জন্ম হোৱা দলটো ৰাজ্যত দুবাৰকৈ শাসনত আছিল৷ দ্বিতীয়বাৰ শাসনত থকাৰ পিছৰে পৰা দলটো ক্ৰমাৎ গনভিক্তি হেৰুৱাবলৈ আৰম্ভ কৰে৷ ২০০১ চনৰ বিধানসভা নিৰ্বাচনত দলটো ক্ষমতা হেৰুওৱাৰ পিছত পৰৱর্তী নির্বাচনবোৰত দলৰ বিধায়কৰ সংখ্যাও হ্ৰাস পাবলৈ ধৰে৷
 
পৰিস্থিতি এনে পর্যায় পায় যে, বিজেপিয়ে অনবৰতে বাংলাদেশীৰ দল বুলি সমালোচনা কৰি থকা দল এ আই ইউ ডি এফত কৈয়ো অগপৰ বিধায়কৰ সংখ্যা কম৷ ৰাজ্যৰ যিবোৰ সমষ্টিত অগপৰ অধিপত্য আছিল, আঞ্চলিকতাবাদৰ ভেঁটি আছিল, সেই সমষ্টিবোৰ এতিয়া বিজেপিৰ দখললৈ গৈছে৷
 
ইমানদিনে আঞ্চলিক ৰাজনীতিত আস্থা ৰখা ৰাইজ এতিয়া অগপ নেতৃত্বৰ ব্যৰ্থতাৰ বাবে বিজেপি মুখী হৈছে৷ স্পষ্টভাৱে ক'বলৈ গ'লে অগপই ৰাজ্যত আঞ্চলিকতাবাদৰ যি ভেঁটি স্থাপন কৰিছিল, সেই ভেঁটিতেই বিজেপিয়ে নিজৰ স্থিতি মজবুত কৰিছে৷ ইয়াৰ বিনিময়ত বিজেপিয়ে ৰাজ্যত গঠন কৰা চৰকাৰত অগপক স্থান দিছে৷ যোৱা ২০১৬ চনৰ পৰা ৰাজ্যত সেয়াই হৈ আহিছে৷
 
এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু পশুধন নিগমৰ মন্ত্ৰী অতুল বৰা
 
কিন্তু ইয়াৰ মাজতো কিছু ব্যতিক্ৰম আছে৷ ৰাজ্যত এনে কিছু সমষ্টি আছে যিবোৰত এতিয়াও আঞ্চলিক ৰাজনীতিৰ ভেঁটি মজবুত হৈ আছে৷ উদাহৰনস্বৰূপে বঙাইগাওঁ বিধানসভা সমষ্টিৰ কথা উল্লেখ কৰিব পাৰি৷ ১৯৮৫ চনত অগপ গঠন হোৱাৰ দিনৰে পৰা এই সমষ্টিটো অগপৰ দখলত আছে আৰু একেজন অগপ নেতাই সমষ্টিটোৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে৷ তেওঁ হ'ল ফণীভুষণ চৌধুৰী৷ 
 
১৯৮৫ চনৰ পৰা বিগত আঠটা বিধানসভা নিৰ্বাচনত তেওঁ বঙাইগাঁৱৰ পৰা একেৰাহে জয়লাভ কৰিছে৷ ক'বলৈ গ'লে এয়া এক অভিলেখ৷ অসমত আজিলৈকে একেৰাহে কোনেও আঠবাৰ একেটা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱা নাই৷ পূৰ্বৰ কংগ্ৰেছ নেতা ৰামেশ্বৰ ধানোৱাৰ, দিলেশ্বৰ তাতী, মিথিয়াছ টূডু, ডাঃ ভূমিধৰ বৰ্মন আদিবোৰে ৭-৮ বাৰ পৰ্যন্ত জয়লাভ কৰিলেও একেৰাহে জয়লাভৰ নজিৰ নাই৷ এইক্ষেত্ৰত ফনীভূষণ চৌধুৰীয়ে একমাত্ৰ বিধায়ক যি প্ৰায় ৩৯ বছৰ এটা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে৷ তদুপৰি, বঙাইগাঁৱেই একমাত্ৰ সমষ্টি, য'ত অগপই ইয়াৰ প্ৰতিষ্ঠা কালৰে পৰা আজিলৈকে এবাৰো পৰাজিত হোৱা নাই৷
 
এতিয়া এই সমগ্ৰ বিষয়টোত প্ৰত্যাহ্বান আহি পৰিছে৷ প্ৰশ্ন আহি পৰিছে যে, বিগত ৩৯ বছৰে নিজৰ দখলত ৰখা সমষ্টিটো অগপই হেৰুৱাব নেকি? ইয়াৰ আঁৰত কিছু বিষয় জড়িত হৈ আছে৷ সেয়া হ'ল যে, আঠবাৰকৈ বঙাইগাওঁ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ফণীভূষণ চৌধুৰী এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছে৷ ৩৯ বছৰে প্ৰতিনিধিত্ব কৰা সমষ্টিটো তেওঁ এৰিব লগা হৈছে৷ ইয়াৰ আৰত কিছু ৰাজনৈতিক কাৰণ জড়িত হৈ আছে আৰু সেই কাৰণে চৌধুৰীয়ে অনিচ্ছা সত্বেও সমষ্টিটো এৰি দিবলগা হৈছে৷  
 
অগপ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী 
 
গতিকে, ৰাজ্যৰ আন ৫টা সমষ্টিৰ সৈতে বঙাইগাঁৱতো অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন৷ এই উপ নিৰ্বাচন অগপৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ কাৰণ, ৩৯ বছৰে নিজৰ দখলত ৰখা তথা বিগত ৮টাকৈ নিৰ্বাচন একেৰাহে জয়লাভ কৰা দলটোৱে এইবাৰো সমষ্টিটোত জয়লাভ কৰিব বিচাৰিব৷ ইয়াৰ সৈতে দলৰ অস্তিত্বৰ কথাও জড়িত হৈ আছে৷ যদিহে উপ-নিৰ্বাচনত অগপ পৰাজিত হয়, তেন্তে বঙাইগাৱত অগপৰ বেলি চিৰদিনৰ বাবে মাৰ যোৱাটো নিশ্চিত৷ গতিকে দলটোৱে ইয়াৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে৷ বঙাইগাঁৱত উপস্থিত হৈ বৈঠক অনুস্থিত কৰিছে দলৰ শীৰ্ষ নেতৃত্বই৷  
 
কিন্তু, প্ৰশ্ন হৈছে ইয়াৰ পিছতো অগপই সমষ্টটো ৰক্ষা কৰিব পাৰিব নে? এনে প্ৰশ্নৰ আঁৰত কেবাটাও কাৰণ জড়িত হৈ আছে৷ প্ৰথম কথা, বিগত ৩৯ বছৰে সমষ্টিটোক প্ৰতিনিধিত্ব কৰা ফণীভুষণ চৌধুৰীয়ে তেওঁৰ অবৰ্তমানত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ দ্বিতীয় এজন নেতা সৃষ্টি নকৰিলে, অথবা সৃষ্টি হ'ব নিদিলে৷ সেয়ে এতিয়া উপ-নিৰ্বাচনত কোন হ'ব অগপৰ প্ৰাৰ্থী তাকে লৈ দলত টনা-আজোৰা আৰম্ভ হৈছে৷ দলীয়ভাৱে চালে দেখা যায় যে, ফণীভূষণ চৌধুৰীৰ পিছত বঙাইগাঁৱত ৰাইজৰ মাজত প্ৰভাৱ থকা নেতা হ'ল অগপৰ জিলা সম্পাদক শৈলেন সৰকাৰ৷ তেও উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰো প্ৰবল দাবীদাৰ৷ এই দাবী তেওঁ ইতিমধ্যে উপস্থাপন কৰিছে৷ 
 
কিন্তু ফণীভুষণ চৌধুৰীয়ে শৈলেন সৰকাৰৰ প্ৰাৰ্থিত্ব বিচৰা নাই৷ ইয়াৰ পৰিবৰ্তে সমষ্টোটো নিজৰ হাতত ৰখাৰ স্বাৰ্থত নিজৰ পত্নীক টিকট দিয়াটো বিচাৰিছে৷ যদি সেয়া হয়, তেন্তে ই দলৰ বাবে আত্মঘাতী সিদ্ধান্ত হ'ব পাৰে৷ কাৰণ এনে ইংগিত পাই শৈলেন সৰকাৰে ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ 
 
অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ব্ৰজেনজিৎ সিংহ
 
এই কথা জানিব পাৰি দলৰ শীৰ্ষ নেতাসকল সৰকাৰক তেনে নকৰিবলৈ ৰাজি কৰাৰ উদ্দেশ্যে উঠিপৰি লাগিছে৷ এনে অৱস্থাত ১৩ নৱেম্বৰত হ'ব লগা উপ-নিৰ্বাচনৰ বাবে ২৫ অক্টোবৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখৰ পূৰ্বে দলীয় নেতৃত্বই শৈলেন সৰকাৰক সৈমান কৰাব নোৱাৰিলে অগপৰ বিপদ নিশ্চিত৷ 
 
কাৰণ বিৰোধী দল কংগ্ৰেছেও এইবাৰ অলপতে দলত যোগদান কৰা এসময়ৰ প্ৰভাৱশালী ছাত্ৰ নেতা তথা অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ব্ৰজেনজিৎ সিংহক উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ কথা চিন্তা-চৰ্চা কৰি আছে৷ ব্ৰজেনজিৎ সিংহয়ো বঙাইগাঁৱত ৰাইজৰ মাজত সোমাই গন সংযোগ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ফণীভূষণ চৌধুৰীৰ অবৰ্তমানত তথা অগপৰ অভ্যন্তৰীন সংঘাতৰ মাজত কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ নি:সন্দেহে শক্তিশালী প্ৰাৰ্থী৷ 
 
(প্ৰিয়া শৰ্মা এগৰাকী  স্বতন্ত্ৰ লেখিকা)


শেহতীয়া খবৰ