প্ৰিয়া শৰ্মা
চলিত বৰ্ষত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰি সংসদলৈ নিৰ্বাচিত হৈছে কংগ্ৰেছী নেতা ৰকিবুল হুছেইন৷ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বসতি প্ৰধান এই সমষ্টিটোত তেওঁ ধুবুৰীৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা নেতা বদৰুদ্দিন আজমলক পৰাজিত কৰিছে৷ দু্য়োৰে ভোটৰ ব্যবধান আছিল ১০ লাখতকৈ অধিক৷
এই পৰিসংখ্যা দেশৰ ভিতৰতে অভিলেখ পৰিমাণৰ৷ এ আই ইউ ডি এফৰ সভাপতি আজমলক ইমানদিনে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ অপ্ৰতিদ্বন্দী নেতা হিচাবে গন্য কৰা হৈছিল৷ কাৰণ, ধুবুৰী লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱাৰ উপৰি তেওঁ দক্ষিন শালমাৰা বিধানসভা সমষ্টিৰ পৰাও বিধানসভালৈ নিৰ্বাচিত হৈছিল৷
কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ৰ এক দৃশ্য
বদৰুদ্দিন লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত দক্ষিণ শালমাৰা সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ আজমলে তেওৰ পুত্ৰক তাৰ পৰা জয়ী কৰাইছিল৷ মু্ঠতে আজমলে ইমানদিনে ধুবুৰী জিলাৰ সাধাৰন সংখ্যালঘু জনতাৰ একপ্ৰকাৰ অপ্ৰতিদ্বন্দী নেতা হিচাবে নিজকে প্ৰতিষ্ঠা কৰাবলৈ সক্ষম হৈছিল৷ কিন্ত এইবাৰৰ লোকসভা নিৰ্বাচনে আজমলৰ পুৰ্বৰ প্ৰতিষ্ঠা যেন ম্লান কৰি পেলালে৷ লগতে তেওঁ আজমলৰ ধুবুৰী পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো প্ৰত্যহ্বান কঢ়িয়াই আনিছে৷ ইয়াৰ বিপৰীতে মধ্য অসমৰ পৰা আৰম্ভ কৰি প্ৰায় সমগ্ৰ নামনি অসমত আজমলৰ সলনি ৰকিবুল হুছেইনহে সংখ্যালঘু জনগণৰ অপ্ৰতিদ্বন্দী নেতা হৈ পৰিল৷
তদুপৰি আন এক গুৰুত্বপূৰ্ণ বিষয় হ'ল যে ৰাজ্যৰ সংখ্যালঘু ভোটাৰৰ মাজত থকা কংগ্ৰেছৰ পূৰ্বৰ যিখিনি সমৰ্থন এ আই ইউ ডি এফে কাঢ়ি নিছিল, ধুবুৰীৰ নিৰ্বাচনী ফলাফলৰ জৰিয়তে এইবাৰ তাৰে বহুখিনি কংগ্ৰেছে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বাকীখিনি অহা ২০২৬ চনত হ'বলগা ৰাজ্যৰ বিধানসভা নিৰ্বাচনত স্পষ্ট হ'ব৷
কিন্ত ২০২৬ চনৰ পূৰ্বে, অহা ১৩ নবেম্বৰত হ'ব লগা ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ছেমিফাইনেল হিচাপে বিবেচিত হৈছে৷ বিশেষকৈ ৰাজ্যৰ নিৰ্বাচনত নিৰ্ণায়ক ভুমিকা পালন কৰি অহা সংখ্যালঘু ভোটাৰৰ বাবে এই উপ-নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ৷ তাতোকৈ গুৰুত্বপূৰ্ণ ৰকিবুল হুছেইনৰ দৰে নেতাৰ বাবে৷ কাৰণ তেওঁ পাচবাৰকৈ প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টি ধৰি ৰখাটো যিমান প্ৰত্যাহ্বানপূৰ্ণ, উপ-নিৰ্বাচনত সংখ্যালঘু ভোটাৰক নিজৰ পক্ষে ধৰি ৰাখিব পৰাটো সিমানেই প্ৰত্যহ্বানজনক৷
চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপুল ৰঞ্জন শৰ্মা
এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ধলাই, চামগুৰি, বিহালী, বঙাইগাও আৰু ছিদলীত হ'ব লগা উপ- নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃতাধীন এ আই ইউ ডি এফে প্ৰতিদ্বন্দ্বিতা কৰা নাই৷ গতিকে উক্ত সমষ্টিবোৰত সংখ্যালঘু ভোটাৰৰ সন্মুখত কংগ্ৰেছৰ বাহিৰে আন কোনো বিকল্প নাইI
এতিয়া এইবাৰৰ উপ নিৰ্বাচনৰ সমষ্টিসমুহ যদি বিশ্লেষন কৰো চোৱা যায়, সংখ্যালঘু ভোটাৰৰ সংখ্যগৰিষ্ঠতা থকা একমাত্ৰ সমষ্টি হল চামগুৰি৷ইয়াত মুঠ প্ৰায় ১.৮০ লাখ ভোটাৰৰ ভিতৰত ১ লাখতকৈ অধিক ভোটাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ৷ ইয়াৰ বাহিৰে বিহালী সমষ্টিত প্ৰায় ১৮ হেজাৰ আৰু ধলাই সমষ্টিত প্ৰায় ২৫ হেজাৰ সংখ্যালঘু ভোটাৰ আছে৷
ধালাইৰ সংখ্যালঘু ভোটাৰৰ সংখ্যা মুঠ ভোটাৰৰ প্ৰায় ২৫%৷ বিহালীত এই সংখ্যা কিছু কম হব৷সেয়া হলেও দুয়োটা সমষ্টিতে সংখ্যলঘু ভোটাৰ নিৰ্নায়ক ভুমিকা গ্ৰহন কৰিব পাৰে৷ আনহাতে বঙাইগাও আৰু ছিদলীত সংখ্যলঘু ভোটাৰৰ সংখ্যা তেনেই কম৷ সমষ্টি দুটাত এনে ভোটাৰৰ সংখ্যা অতি বেছি দহ হেজাৰ৷
কংগ্ৰেছ নেতা ৰকিবুল হুছেইন তেওঁৰ পত্নী আৰু পুত্ৰ তাঞ্জিল হুছেইনৰ সৈতে
ইয়াৰে বঙাইগাও সমষ্টিৰ ভোটাৰখিনি ইমান দিনে অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীৰ সপক্ষে ভোটদান কৰি আহিছে৷ জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ছিদলীত এই ভোট খিনি বি টি চিৰ দুই ৰাজনৈতিক দল বি পি এফ আৰু ইউ পি পি এলৰ মাজত বিভাজন হৈ আহিছে৷ সেয়েহে সংখ্যালঘু ভোটাৰৰ সমগ্ৰ বিষয়টো কেন্দ্ৰীভুত হৈ পৰিছে চামগুৰি, বিহালী আৰু ধলাই সমষ্টিত৷
এই তিনি সমষ্টিৰ ভিতৰত চামগুৰি আটাইতকৈ বেছি লক্ষ্যনীয় হ'ব৷ কাৰণ, সমষ্টিটোৰ পূৰ্বৰ বিধায়ক ৰকিবুল হুছেইন তাৰ পৰা ২০০১, ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত একেৰাহে পাচবাৰকৈ নিৰ্বাচিত হৈছে৷ প্ৰতিবাৰেই তেওঁ সহজভাবেই জয়লাভ কৰিছে৷
অৰ্থাৎ সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টিটোৰ ৰকিবুল হুছেইন অপ্ৰতিদ্বন্দী নেতা৷ ধুবুৰীৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা পিতৃ ৰকিবুল হুছেইনৰ পদাংক অনুসৰন কৰি এইবাৰৰ উপ নিৰ্বাচনত সমষ্টটোৰ পৰা কংগ্ৰেছৰ প্ৰতিদ্বন্দিতা কৰিব তেওৰ পুত্ৰ তানজিল হুছেইন৷ ইয়াৰ জৰিয়তে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰবেশ ঘটিব তানজিল হুছেইনৰ৷
অসমৰ সংখ্যালঘু ভোটাৰ
বিগত প্ৰায় ২৫ বছৰে পিতৃয়ে নিজৰ দখলত ৰাখি নিজৰ বাবে মসৃন কৰি ৰখা ক্ষেত্ৰখনত খেলি ৰাজনীতিত প্ৰবেশ কৰাটো হয়তো তানজিলৰ বাবে বৰ বেছি কঠিন কাম নহ'ব৷ সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব৷ কাৰণ, ইয়াত আৰু কোনো তৃতীয় প্ৰাৰ্থী নাই৷
বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা দিপ্লু ৰঞ্জন শৰ্মা প্ৰাৰ্থী হিচাবে একেবাৰে উলাই কৰিব পৰা বিধৰ নহয়৷ কিন্ত সমষ্টিটোৰ ভোটাৰৰ জনবিন্যাসে স্বাভাবিকতে তানজিল হুছেইনক আগত ৰাখিছে৷ গৰিষ্ঠসংখ্যক সংখ্যালঘু ভোটাৰ খিনিয়ে ইমান দিনে যিহেতু ৰকিবুল হুছেইনৰ সমৰ্থনতে ভোট দান কৰি আহিছে, এইবাৰ ৰকিবুল হুছেইনৰ আহ্বানত তেওঁৰ পুত্ৰকে যে ভোট দিব তাত কোনো সন্দেহ নাই৷
কেবল হিন্দু ভোটৰ ওপৰত নিৰ্ভৰশীল বিজেপিৰ বাবে চামগুৰি দখল কৰাটো নিঃসন্দেহে যথেষ্ট কঠিন হ'ব৷ স্পষ্টভাবে ক'বলৈ গ'লে চামগুৰিত কোন জিকিব সেয়া সংখ্যালঘু ভোটাৰে নিৰ্ণয় কৰিব৷ বিহালী আৰু ধলাইৰ পৰিস্থিতি চামগুৰিৰ দৰে নহ'লেও কিন্তু এই দুয়োটা সমষ্টিতে সংখ্যালঘু ভোটাৰে কোনো প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব৷
(প্ৰিয়া শৰ্মা এগৰাকী স্বতন্ত্ৰ লেখিকা)