মণিপুৰৰ সংঘাত নিৰাময়ৰ উপায়

Story by  atv | Posted by  [email protected] • 4 Months ago
শান্তি বিচাৰি মণিপুৰৰ ৰাজপথত এদল যুৱতী
শান্তি বিচাৰি মণিপুৰৰ ৰাজপথত এদল যুৱতী

 

 পল্লব ভট্টাচাৰ্য্য

মণিপুৰ উচ্চ ন্যায়ালয়ে ১০ বছৰীয়া পূৰ্বে প্ৰদান কৰা এক পৰামৰ্শৰ ভিত্তিত মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি (এছটি)ৰ মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছতেই মণিপুৰত ২০২৩ চনৰ মে’ মাহৰ পৰা সংঘাত আৰম্ভ হয়।

১৯৪৯ চনত মণিপুৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ হয়। পূৰ্বে জনজাতি হিচাপে স্বীকৃতি লাভ কৰিছিল যদিও তাৰ পিছত তেওঁলোকৰ পৰিচয় হেৰুৱাই পেলাইছিল বুলি যুক্তি দি মেইটেই সম্প্ৰদায়ে ২০১২ চনৰ পৰা এছ টি মৰ্যাদা দাবী কৰি আহিছে। তেওঁলোকৰ মতে এছ টি মৰ্যাদা প্ৰদান কৰিলে তেওঁলোকৰ সংস্কৃতি, পৰম্পৰা, আৰু পূৰ্বপুৰুষৰ ভূমি ৰক্ষা কৰাত সহায়ক হ’ব।কিন্তু এই দাবী ৰাজ্যৰ অন্যান্য জনজাতীয় সংগঠনৰ বিৰোধিতাৰ সন্মুখীন হৈছিল।

তেওঁলোকে যুক্তি দিছিল যে মেইটেই সম্প্ৰদায়ে ইতিমধ্যে জনগাঁথনিগত আৰু ৰাজনৈতিক সুবিধা লাভত প্ৰধান্য পাই আহিছে আৰু এছ টিৰ মৰ্যাদা প্ৰদান কৰিলে তেওঁলোকে পাহাৰতো নিয়োগৰ সুযোগ পাব আৰু মাটি অধিগ্ৰহণ হ’ব, যাৰ ফলত জনজাতীয় গোটসমূহৰ আৰু অধিক প্ৰান্তীয়কৰণ আবশ্যম্ভাবী হৈ পৰাতো নিশ্চিত হ’ব।

গোষ্ঠীগত সংঘৰ্ষত পীড়িত হৈ ঘৰ-বাৰী ত্যাগ কৰিবলৈ বাধ্য হোৱা একাংশ মণিপুৰী লোক (ফাইল ফটো) 

শেহতীয়াকৈ মণিপুৰত হোৱা অশান্তিৰ ফলত বিভিন্ন জনগোষ্ঠীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ লগতে ভাৰতীয় সেনা আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে যদিও ৰাজনৈতিক কাৰণত শান্তি প্ৰতিস্থা সম্ভৱ হোৱা নায়। মেইটেই আৰু কুকিৰ দৰে জনজাতিৰ মাজত বিভাজন, কিছুমান বিশেষ গাঁওক অবৈধ বসতি হিচাপে পক্ষপাতিত্বমূলকভাবে চিহ্নিত  কৰা চৰকাৰী জাননীৰ ওপৰত অসন্তুষ্টি, ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ ফলত শৰণাৰ্থী সংকট আদি বিভিন্ন কাৰণত পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

খ্ৰীষ্টান মিছনেৰী আৰু হিন্দু ধৰ্মীয় গোটৰ সৈতে জড়িত শেহতীয়া কিছু পৰিঘটনাই সমস্যাটোৰ এক নতুন মাত্ৰা প্ৰকাশ পাইছে। খ্ৰীষ্টান মিছনেৰীৰ সৈতে জড়িত কাহিনীটোৱে হিংসাত আক্ৰান্ত ৪৭টা মণিপুৰী শিশুৰ বাবে নতুন আৰম্ভণিৰ বাবে কেৰালাৰ সত্যম মন্ত্ৰালয়ে গ্ৰহণ কৰা ইতিবাচক প্ৰচেষ্টাক উজ্জ্বল কৰি তুলিছে। শিশুসকলৰ শিক্ষা অব্যাহত ৰাখিব পৰাকৈ আৰু জীৱনত স্বাভাৱিকতাৰ অনুভূতি লাভ কৰিবলৈ তেওঁলোকে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা, খাদ্য, শিক্ষা, আৰু অন্যান্য সা-সুবিধা খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰাপ্ৰদান কৰা হৈছে।

শিশুসকলৰ মংগল আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু বিদ্যালয়ত নামভৰ্তিৰ সুবিধাৰ ক্ষেত্ৰত থিৰুভালাৰ আৰ্চবিশ্বপ জড়িত হৈ পৰিছে আৰু তেওঁৰ সক্ৰীয় সহযোগিতাই তেওঁলোকৰ কাৰ্য্যৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে। কিন্তু কিছুমান মানুহে মূলতঃ কুকিসম্প্ৰদায়ৰ এই শিশুসকলক মিছনেৰীসকলে ধৰ্মান্তৰিত কৰাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে, যাৰ ফলত তেওঁলোকৰ মানৱীয় প্ৰচেষ্টাৰ আঁৰৰ উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি হয়।

মণিপুৰত গোষ্ঠীগত সংঘৰ্ষৰ ভয়াবহ ৰূপ

আনহাতে, প্ৰায় ২০০ জনীয়া মেইটেই শিশুৰ এটা দলক এক বিশেষ হিন্দু ধৰ্মীয় সংগঠনে সুৰক্ষা, নিৰাপত্তা আৰু মংগলৰ বাবে মহাৰাষ্ট্ৰলৈ লৈ যায়। এক প্রতিবেদনত এই কার্যকলাক মহাৰাষ্ট্রলৈ নিয়াৰ পূর্বে ৰাজ্য চৰকাৰক প্রতিবেদন নিদিয়াৰ দৰে প্রতিষ্ঠিত নীতি-নিয়ম উলংঘা কৰা বুলি প্রকাশ কৰা হৈছে আৰু ইয়াৰ লগত জড়িত হিন্দু সংগঠনসমূহৰ উদ্দেশ্যক লৈ প্রশ্ন উত্থাপন কৰা হৈছে৷ উদ্দেশ্য অনিষ্টকাৰী নহ’বও পাৰে যদিও সঠিক পদ্ধতি মানি চলি চৰকাৰৰ ওচৰত বিতং তথ্য দাখিল কৰাৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে এনে শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

সামগ্ৰিকভাৱে এই ঘটনাসমূহৰ পৰষ্পৰ বিৰোধী মতামতসমূহ স্থানচ্যুত মণিপুৰী শিশুসকলক সাহায্য আৰু সহায় আগবঢ়োৱাৰ লগত জড়িত বিভিন্ন সংগঠনৰ কাৰ্য্য আৰু উদ্দেশ্যৰ ওপৰত আবদ্ধ।

ভাৰতীয় সংবিধানে মৌলিক অধিকাৰ আৰু ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ সংমিশ্ৰণৰ জৰিয়তে শিশুৰ অধিকাৰক সম্বোধন কৰে। এইক্ষেত্ৰত অনুচ্ছেদ ১৪ (সমতাৰ অধিকাৰ), ১৫ (বৈষম্যৰ বিৰুদ্ধে অধিকাৰ), ২১ (জীৱন আৰু স্বাধীনতাৰ অধিকাৰ), ২১এ (বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ), ২৩(মানৱ সৰবৰাহৰ নিষেধাজ্ঞা), ২৪ (মানৱ সৰবৰাহৰ পৰা সুৰক্ষা), ৩৯(চ) (সুস্থ বিকাশৰ সুযোগ), ৪৫ (প্ৰাথমিক শিশুকালৰ যত্ন আৰু শিক্ষা), ৪৬ (দুৰ্বল অংশৰ সুৰক্ষা ) আৰু ৪৭ (পুষ্টি আৰু জীৱন ধাৰণৰ মানদণ্ডৰ অধিকাৰ) উল্লেখনীয়। এই বিধানসমূহে একেলগে শিশুৰ মংগল সুৰক্ষিত কৰা আৰু তেওঁলোকে লাভৱান হ’ব পৰা পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে।

আশ্ৰয় শিবিৰত অনিশ্চিত জীৱন কটাইছে মণিপুৰৰ সংঘৰ্ষপীড়িত শিশুৱে 

ভাৰতত শিশু সুৰক্ষাৰ বাবে প্ৰধান আইনসমূহ হ’ল কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫, ২০০৬ চনৰ শিশু বিবাহ নিষেধাজ্ঞা আইন, বণ্ডেড লেবাৰ চিষ্টেম এণ্ড এবলিচন এক্ট, শিশু শ্ৰমিক (নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ) আইন ১৯৮৬ আৰু ১৯৯৪ চনৰ মানৱ অংগ প্ৰতিস্থাপন আইন।

২০১৩ চনৰ ফৌজদাৰী (সংশোধনী) আইনখনে ভাৰতীয় দণ্ডবিধিৰ ৩৭০ ধাৰাৰ ঠাইত ৩৭০ আৰু ৩৭০ এ ধাৰা স্থাপন কৰিছিল, য’ত শাৰীৰিক শোষণকে ধৰি যিকোনো ধৰণৰ শোষণৰ বাবে শিশু সৰবৰাহৰকে ধৰি মানৱ সৰবৰাহৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ ব্যাপক ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছিল বা যিকোনো ধৰণৰ যৌন শোষণ, দাসত্ব, বা বলপূৰ্বকভাৱে অংগ আঁতৰোৱা আদি বিষয় সন্নিবিষ্ট কৰা হৈছিল। যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO), শিশু শ্ৰমিক (সুৰক্ষা আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮৬, বণ্ডেড লেবাৰ চিষ্টেম (বিলোপ) আইন, ১৯৭৬আৰু আন্তঃৰাজ্যিক প্ৰব্ৰজিত শ্ৰমিক (নিয়োগৰ চৰ্ত নিয়ন্ত্ৰণ) আইন ১৯৭৯ শিশু সুৰক্ষাৰ সুনিশ্চিত কৰাৰ দিশত প্ৰচিত কৰা আন কিছুমান আইন।

কেন্দ্ৰীয় চৰকাৰে মানৱ সৰবৰাহ ৰোধ কৰাৰ উদ্দেশ্যে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ জৰিয়তে আৰুশিশুৰ অধিকাৰ উলংঘা প্ৰতিৰোধ শক্তিশালী কৰাৰ উদ্দেশ্যে ২০০৯ চনত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ সৈতে অংশীদাৰিত্বৰে সংহত শিশু সুৰক্ষা আঁচনি (আইচিপিএছ) আৰম্ভ কৰা হৈছিল। CHILDLINE দেশৰ প্ৰথমটো টোল ফ্ৰী ১৯৯৬ চনত স্থাপন কৰা দুৰ্দশাগ্ৰস্ত ৰাজপথৰ শিশুৰ বাবে এক helpline।

সেনাৰে সংঘাত মণিপুৰী মহিলাৰ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে সৰবৰাহৰ প্ৰতিৰোধ আৰু বাণিজ্যিক যৌন শোষণৰ বাবে সৰবৰাহৰ বলি হোৱা লোকসকলক উদ্ধাৰ, পুনৰ্বাসন আৰু পুনৰ সংযোগৰ বাবে এক বিস্তৃত আঁচনি প্ৰস্তুত কৰে। উজ্বলা আঁচনিখনত ভাৰতত মহিলা আৰু শিশু সৰবৰাহৰ বলি হোৱা লোকক প্ৰতিৰোধ, উদ্ধাৰ, পুনৰ্বাসন, পুনৰ সংযোগ আৰু প্ৰত্যাৱৰ্তনৰ বাবে নিৰ্দিষ্ট পাঁচখন আঁচনি আছে।

ইয়াৰ সমান্তৰালভাবে শিশু শোষণৰ নিবাৰণৰ লগতে মণিপুৰ সমস্যা সমাধানৰ পথত সকলো অংশীদাৰৰ উদ্বেগক সম্বোধন কৰাৰ এক ব্যাপক পন্থাৰ প্ৰয়োজনতা অতি জৰুৰী হৈ পৰিছে। যুগ যুগ ধৰি চলি অহা ভাৰতীয় পৰম্পৰা “সৰ্ব ধৰ্ম সমাভৱ”ৰ লগত খাপ খুৱাই এক শান্তিপূৰ্ণ সমাধান উলিয়াবলৈ চৰকাৰে বিভিন্ন জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হোৱাৰ প্ৰয়োজন।

মণিপুৰৰ হিংসাৰ সাক্ষী হোৱা কেইটামান নিষ্পাপ শিশু

জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰাটোও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও আৰ্থ-সামাজিক বৈষম্য দূৰ কৰাৰ লগতে মণিপুৰৰ সম উন্নয়ন নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উচ্চতম ন্যায়ালয়ে মানৱীয় হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি মণিপুৰত শান্তি আৰু সুস্থিৰতা পুনৰুদ্ধাৰৰ ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব।

শিশু সূৰক্ষাৰ সংবিধানৰ ওপৰত উল্লেখ কৰা বিভিন্ন অনুচ্ছেদ আৰু আইনৰ কঠোৰ পালনে বৰ্তমানৰ সংঘাত নিৰাময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। শেহতীয়াকৈ আৰ এছ এছৰ মুৰব্বীৰ পৰামৰ্শই ঐকমত্য আৰু বিবাদ নিষ্পত্তিৰ বাবে সংঘাতপূৰ্ণ পক্ষৰ মাজত আলোচনাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। ৰাইজ আৰু প্ৰশাসনৰ উমৈহতীয়াভাবে ভাৰতবৰ্ষৰ প্ৰাচীন প্ৰমানিত নীতি ʼসৰ্ব ধৰ্ম সমভাৱʼৰ ৰূপায়ণে এই সংঘাত নিৰাময়ৰ একমাত্ৰ সমাধানসূত্ৰ হিচাবে চিহ্নিত হোৱাতো নিশ্চিত।

(লেখক এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)