পুলিন ডেকা
মানৱ সভ্যতাৰ পথিকৃৎ যাত্রাত যুদ্ধৰ অৱক্ষয়ী চেতনাই এগৰাকী লেখকৰ অন্তৰাত্মাক আলোড়িত কৰাৰ ফলস্বৰূপে যিবোৰ সাহিত্যৰ সূচনা হৈছিল, তাৰ ফলস্বৰূপে সমাজ বীক্ষাৰ নান্দনিক স্বৰূপ উন্মেষিত হয়। মানুহৰ ইতিহাস যিদৰে বিকাশ আৰু উত্থানৰ সৈতে সম্পর্কিত, ঠিক একেদৰে সংঘাতৰ অৱধাৰিত ৰূপে প্রতিটো যুগৰ সাহিত্যিকসকলৰ চিন্তাৰ জগতখনক প্ৰভাৱিত কৰিছিল। এগৰাকী সাহিত্যিকৰ কালজয়ী দর্শনে মানুহক সকীয়াই দিছিল যুদ্ধৰ ভয়ংকৰ পৰিণাম।
যুদ্ধই কঢ়িয়াই অনা সভ্যতাৰ সংকট আৰু এখন শান্তিৰ পৃথিৱীৰ সন্ধানত সাহিত্যিকৰ চিন্তাপ্রসূত অবলোকনে মানুহক দিছিল এক নতুন প্রতীতি। আগবাঢ়ি যোৱাৰ আত্মবিশ্বাস। বিশ্ব সম্পর্কে মানুহৰ চিন্তাভাৱনাৰ ওপৰত প্রথম বিশ্বযুদ্ধৰ এক বিশাল প্রভাৱ আছিল। সেই প্রভাৱ যুদ্ধ সাহিত্যত দৃশ্যমান হৈছিল। যুদ্ধৰ আগতে বৃটেইন, ফ্রান্স, জার্মান, মার্কিন যুক্তৰাষ্ট্ৰৰ মানুহে বিশ্বাস কৰিছিল যে নিজৰ দেশৰ বাবে মৃত্যুক সাবটি লোৱাটো পৰম গৌৰৱৰ বিষয়।
বিশ্ব যুদ্ধৰ সৈতে সংগতি ৰাখি ৰচিত কেইখনমান জনপ্ৰিয় গ্ৰন্থৰ বেতুপাট
প্রথম বিশ্বযুদ্ধৰ ফলস্বৰূপে মানুহৰ বেছিভাগ স্বপ্নৰে অৱসান হৈছিল। মানুহৰ মনত যি হতাশা, তিমিৰাচ্ছন্ন পৰিৱেশৰ সূচনা কৰিছিল তাৰ পৰা মুক্তি আৰু নৱ বিশ্বৰ সন্ধান দিয়াৰ উদ্দেশ্যৰে ৰচিত সাহিত্যিৰাজি মানৱ সভ্যতাৰ বাবে অপূর্ব সম্পদ হৈ ৰ'ল। সম্ভৱত যুদ্ধৰ প্রতিকল্পৰূপে সাহিত্যিকৰ ভূমিকা আছিল অনন্য আৰু সুদূৰপ্ৰসাৰী। ঔপন্যাসিক, কবি, নাট্যকাৰসকলে যুদ্ধৰ প্রতি উত্তৰ দিছিল বৌদ্ধিক চেতনাৰে। লেখক সকলে মানুহৰ মনত এনেভাৱ জাগৰিত কৰিছিল যে এখন যুদ্ধই মানুহৰ ইতিহাস সলনি কৰিব পাৰে।
বিশ্ব সংঘাতৰ ধাৰণাই মানুহৰ সামগ্রিকতাক কিদৰে প্ৰভাৱিত কৰিব পাৰে, তাৰ শক্তিশালী স্থিতি নিৰূপণৰ বাবেই সূচনা কৰিছিল সাহিত্য আন্দোলনৰ। যাৰ অন্তৰালত নিহিত আছিল মানুহৰ উর্দ্ধমুখী গতিত ত্বছৰান্বিত কৰাটো। লেখকসকলে চিন্তা কৰিছিল সমাজ আৰু মানুহৰ কলাত্মক স্থিতি। ইয়াৰ ফলস্বৰূপে বহু ধ্রুপদী সাহিত্যৰ সৃষ্টি হৈছিল।
ইছৰাইল আৰু গাজা যুদ্ধৰ এক দৃশ্য
সাহিত্যৰ ওপৰত যুদ্ধৰ প্রভাৱ হৈছে সংঘাতৰ সময়ত মানুহৰ অভিজ্ঞতা, আৱেগ আৰু সমাজৰ পৰিবৰ্তনৰ এক বাধ্যতামূলক অন্বেষণ। সৃষ্টিশীলতাত যুদ্ধৰ গভীৰ প্রভাৱ সোমাই পৰে যুদ্ধৰ সৈতে জড়িত ভয়াৱহতা, বীৰত্ব, আঘাত আৰু নৈতিকতা। দ্বিধাবোধক প্রতিফলিত কৰা আখ্যানসমূহক গঢ় দিয়ে। এই সৃষ্টিশীলতাৰ মাজত ব্যক্তিগত জীৱন আৰু বহল সমাজ উভয়তে যুদ্ধৰ নেতিবাচক দিশ উন্মোচিত কৰে। সাহিত্যই প্রতিকূলতাৰ বিপৰীতে মানৱ সৃষ্টিশীলতাৰ স্থিতিস্থাপকৰ পোহৰ সিঁচি দিয়ে। এনে সাহিত্যই এক ঐতিহাসিক অন্তদৃষ্টি প্রদান কৰে, সাহিত্যই অতীতৰ এক অনন্য স্বৰূপ উদ্ভাষিত কৰে। ঐতিহাসিক প্রসংগ আৰু সংঘাতৰ সময়ত মানৱ অভিজ্ঞতাৰ প্রত্যক্ষ দৃষ্টিভংগী আগবঢ়ায়। সেই সময়ত পৃথিৱীখনক গঢ় দিয়া সমাজ, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰকসমূহ বুজিবলৈ সহায় কৰে।
সাহিত্যই ব্যক্তি আৰু সম্প্রদায়ৰ ওপৰত যুদ্ধৰ আৱেগিক আৰু মানসিক স্থিতিৰ কথা প্রকাশ কৰে, ইয়াৰ দ্বাৰা পাঠকসকলে যুদ্ধৰ দ্বাৰা প্রভাৱিত সমাজৰ যন্ত্রণা, দুখ-কষ্ট আৰু স্থিতিস্থাপকৰ প্রতি সহানুভূতিশীল হ'ব পাৰে। যুদ্ধই প্রায়ে গভীৰ নৈতিক প্রশ্ন উত্থাপন কৰে। সাহিত্যই লেখকসকলৰ বাবে এই দ্বিধা-দ্বন্দ্বৰ সৈতে যুজিবলৈ এক মঞ্চ প্রদান কৰে। বিভিন্ন অঞ্চল আৰু সময়ৰ সাহিত্যই যুদ্ধৰ ওপৰত বৈচিত্র্যময় সাংস্কৃতিক দৃষ্টিভংংগী আগবঢ়ায়। যুদ্ধৰ পৰিণতিৰ সৈতে বিভিন্ন সমাজে মোকাবিলা কৰা আৰু ইয়াৰ প্রতি সঁহাৰি জনোৱাৰ অনন্য পদ্ধতিৰ ওপৰত পোহৰ পেলায়।
'প্ৰথম বিশ্ব যুদ্ধ' আৰু 'যুদ্ধ আৰু শান্তি' গ্ৰন্থ দুখনৰ বেটুপাট
সাহিত্য হৈছে সময় আৰু স্থানক অতিক্রম কৰা এবিধ কলা। ইয়াৰ দ্বাৰা লেখকসকলে বাস্তৱ জগতখনক ব্যৱহাৰ কৰি জটিল ধাৰণা আৰু আবেগ প্রকাশ কৰিব পাৰে যাৰ ফলত যুদ্ধৰ সময়ত মানৱ অভিজ্ঞতাক ধৰি ৰখাৰ ই এক শক্তিশালী মাধ্যম হৈ উঠে। সাহিত্যই জনমতক প্রভাৱিত কৰিব পাৰে আৰু সমাজ পৰিবর্তনত অৰিহণা যোগাব পাৰে। যুদ্ধ বিষয়ক সাহিত্যই সংঘাতৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে মানৱ সভ্যতাক উপলব্ধ কৰোৱায়।
প্রথম বিশ্বযুদ্ধৰ সময়ত অভূতপূর্ব মাত্ৰাত হিংসা আৰু ধ্বংসলীলা সৃষ্টি হৈছিল। ইয়াৰ ফলত এটা প্রজন্মৰ সামূহিক চেতনাত গভীৰ প্রভাৱ পৰিছিল। দ্যা লষ্ট জেনেৰেশ্বন নামেৰে জনাজাত এই যুগৰ সাহিত্যত আর্নেষ্ট হেমিংৱে, এফ স্কট ফিটজেৰাল্ড, টি এছ এলিয়ট আদিয়ে নৱ চিন্তাৰ উন্মেষ সাধন কৰে। বহু গ্রন্থত যুদ্ধৰ মোহভংগ, আঘাত আৰু অসাৰতাক চিত্রিত কৰিছিল। বিভিন্ন যুদ্ধ আৰু সংঘাতৰ ঐতিহাসিক প্রেক্ষাপটে যুগ যুগ ধৰি সাহিত্যক যথেষ্ট প্রভাৱিত কৰিছে। যাৰ বাবে সাহিত্যিকসকলে এই উত্তাল সময়ৰ প্ৰতি সঁহাৰি জনাব পাৰে। লেখকসকলে দীর্ঘদিন ধৰি যুদ্ধৰ অভিজ্ঞতাৰ পৰাই জাতি, ক্ষমতা, গণতন্ত্র, মানসিক চাপৰ পৰিস্থিতি, মানুহৰ আচৰণ আদি বিষয়বস্তু পৰীক্ষা কৰি আহিছে। আংশিকভাৱে এই আৰু অনুৰূপ বিষয়সমূহক অভূতপূর্ব স্পষ্টতা আৰু ব্যস্তৱতাৰে সমাধান কৰাৰ জৰিয়তে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰু তাৰ পিছত আমেৰিকাৰ যুদ্ধ সাহিত্য পৰিপক্ক হৈছিল। বহু অসাধাৰণ বর্ণনাৰে উপন্যাসক সৃষ্টি হৈছিল। সাহিত্যৰ বিভিন্ন ধাৰাৰ মাজেৰে নতুন সূক্ষ্মতা আৰু স্পষ্টতা প্রদর্শন কৰিছিল।
ইউক্ৰেইন আৰু ৰাছিয়া যুদ্ধৰ এক দৃশ্য
দ্বিতীয় মহাযুদ্ধৰ লোমহর্ষক ঘটনাপ্রবাহে অকল ৰাজনৈতিক ক্ষেত্রখনকে নহয়, বিশ্বৰ আৰ্থ-সামাজিক, মানৱীয় দিশত এক স্থায়ী প্রভাৱ পেলাই যায়। বৌদ্ধিক আৰু সাংস্কৃতিক প্রত্যাহ্বানৰ বাবেই যেন উদয় হৈছিল এক প্রশ্ন- মানুহক এই ভয়ংকৰ সংকটৰ পৰা মুক্ত কৰাৰ উপাই কি? জার্মান বহিনীৰ নৃশংসতাৰ সন্মুখত অসহায়, বিপন্ন হৈ পৰিছিল মানৱতাবোধৰ সকলো পৰিভাষা। ইতিহাসৰ সেই কলংকিত অধ্যায়ৰ সাক্ষী হৈ ৰ'ল এচাম বৌদ্ধিক প্রবক্তা। যাৰ সৃষ্টিশীলতাৰ মাজত যেন বিশ্ববাসীয়ে বিচাৰি পাইছিল শাসকীয় সত্ত্বাৰ দুৰ্বাৰ আকাংক্ষাই মানুহৰ ভবিষ্যত কিদৰে অন্ধকাৰাচ্ছন্ন কৰিব পাৰে।
ইহুদী সংখ্যালঘু, ৰোমান যাযাবৰ, ৰাজনৈতিক প্রতিপক্ষ আৰু যুদ্ধবন্দীৰ ওপৰত নাজী বাহিনীয়ে যি ভয়াবহ নির্যাতন আৰু বৰ্বৰ হত্যাকাণ্ড চলাইছিল, তাক ইতিহাসত হ'ল'কাষ্ট হিচাপে পৰিচিতি লাভ কৰে। এই হ'ল 'কাষ্ট নির্মমতাৰ অন্যতম প্রত্যক্ষদর্শী আছিল ইমৰে কের্টেজ। তেওঁ অকল নাজীবাহিনীৰ হত্যাকাণ্ডৰ সাক্ষীয়ে নাছিল, কনচেট্ৰেশ্যন কেম্পত থকা সময়ত আহৰিত নাৰকীয় অভিজ্ঞতাক তুলি ধৰিছিল উপন্যাসৰ মাজেৰে। ২০০২ চনত সাহিত্যৰ ন'বেল বঁটা প্রাপক হাংগেৰীয়ান সাহিত্যিক ইমৰে হ'ল 'কাষ্ট লেখক হিচাপে সুপৰিচিত লাভ কৰিলেও তেওঁ ইহুদী প্রশ্ন অথবা ঐতিহাসিক ব্যতিক্রমক হ'ল'কাষ্টৰ আৱৰ্ত মাজত সীমাবদ্ধ ৰখা নাছিল। ইয়াৰ সৈতে জড়িত কৰিছিল মানৱতা প্রশ্ন, ইউৰোপৰ দুহেজাৰ বছৰীয়া নৈতিক আৰু সাংস্কৃতিক ইতিহাস।
ইমৰে কের্টেজেৰ গ্ৰন্থ 'হ'ল 'কাষ্ট'ৰ বেটুপাট
বিংশ শতাব্দীৰ লব্ধপ্রতিষ্ঠ প্রায় প্রতিগৰাকী লেখকে বিশ্বযুদ্ধৰ ভয়াৱহতা আৰু মানৱীয় সত্ত্বাৰ প্রতি আহি পৰা প্ৰত্যাহ্বানৰ পৰা নিজকে মুক্ত কৰিব পৰা নাছিল। পাশৱিকতা, গণমৃত্যু, শিবিৰবোৰত সংঘটিত অমানৱীয় কার্যই এগৰাকী লেখকক সমাজবীক্ষাৰ নব্য ধাৰণাৰে আগুৱাই যাবলৈ বাধ্য কৰিছিল। ইমৰে কের্টেজে নাজী বাহিনীৰ ভয়ংকৰ স্বৰূপ সাহিত্যৰ মাজত উপজীব্য কৰি তুলিছিল। তেওঁৰ মতে হ'ল'কাষ্ট শব্দটোৰ প্ৰতি আছে এটা ইউফেমিজম, এটা কাপুৰুষ আৰু কল্পনাহীন গ্লিবনেছ।
দুখনকৈ বিশ্বযুদ্ধই যেতিয়া মানৱ সভ্যতাৰ সম্মুখত সংকট নমাই আনিছিল, তেতিয়া মানৱতাৰ ৰম্যভূমিত দিকদর্শী চেতনাৰ উন্মেষ সাধন হৈছিল বহু মহান গ্রন্থৰ মাজেৰে। সাহিত্যৰ সকলোবোৰেই চিত্রণ আৱেগ, অভিজ্ঞতা, পৰিস্থিতি কেন্দ্রিক। যিকোনো যুদ্ধই অৱশেষত দুর্যোগৰ সৃষ্টি কৰে। যুদ্ধ হৈছে সশস্ত্র সংঘাতৰ ক্ষয়িষ্ণু অবস্থা, সাহিত্যত এনে দুর্যোগ ট্রেজেদিলৈ ৰূপান্তৰিত হয়। যুদ্ধৰ বৈচিত্র্যপূর্ণ প্রভাৱে সৃষ্টি কৰা সাহিত্যই ভৱিষ্যমুখী যাত্রাপথৰ পাথেয় শক্তিলৈ ৰূপান্তৰিত হয়।
প্ৰতিনিধিত্বমূলক ছবি
সাহিত্যৰ যুদ্ধৰ ধাৰাটোৱে সৈনিক আৰু সাধাৰণ নাগৰিকৰ অভিজ্ঞতাক আলোকপাত কৰে। এই কাহিনীবোৰত প্রায়ে বীৰত্ব, ত্যাগ, ব্যক্তি আৰু সমাজৰ ওপৰত যুদ্ধৰ প্রভাৱ অন্মেষণ কৰে। যুদ্ধৰ উপন্যাসসমূহ প্ৰাৰম্ভণিতে আছিল ধ্রুপদী। মধ্যযুগৰ মহাকাব্যিক কবিতা আৰু কাহিনীসমূহত সংঘাত অথবা যুদ্ধৰ অনুভূতিৰ প্ৰকাশ আছিল। এনে গ্রন্থসমূহত যুদ্ধৰ পৃষ্টভূমি গঢ়ি তুলিছিল, যিবোৰ মূলত সাংস্কৃতিক ইতিহাস বা পৌৰাণিক কাহিনীসমূহ সংৰক্ষণ কৰিবলৈ লিখা হৈছিল।
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংসংলগ্ন।)