মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ অৱদানে অসমীয়া জাতিক সদায় সমৃদ্ধ কৰি ৰাখিব

Story by  Pulin Deka | Posted by  Munni Begum • 12 d ago
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ প্ৰতিনিধিত্বমুলক ছবি
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ প্ৰতিনিধিত্বমুলক ছবি
 
  পুলিন ডেকা
 
ঐতিহ্যমণ্ডিত অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনৰ সোণসেৰীয়া ভূমিতে শংকৰী ধৰ্ম-সংস্কৃতিৰ বীজ অংকুৰিত আৰু ক্রমে বিস্তাৰ লাভ কৰিছে। মধ্যযুগীয়া পৰিমণ্ডলত সংজ্ঞাৰ কোনো আদর্শাত্মক ভিত্তি নাছিল যদিও মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চিন্তনে এক বিশ্বজনীন অৱয়ব আহৰণ কৰিবলৈ সক্ষম হৈছিল। বিশ্বজনীনতাৰ সাম্প্ৰতিক পৰম্পৰাৰ বিপৰীতে শ্রীমন্ত শংকৰদেৱে স্বকীয় সাংস্কৃতিক প্রযুক্তিৰে ভাৰতখনকে অসম মূলকলৈ কঢ়িয়াই লৈ আনিছিল। শংকৰদেৱৰ সমগ্র চিন্তন আৰু সৃজন মধ্যযুগীয় ভাৰতৰ ভক্তি আন্দোলনৰ পটভূমিত আধাৰিত হ'লেও তেৰাৰ মাজৰ বৈপ্লৱিক সত্তা আৰু সাংস্কৃতিক প্রকাশে প্রকৃততে তেৰাক 'মধ্যযুগীয়া' কৰি নাৰাখিলে। 
 
মধ্যযুগ যদিও সদায় ধর্মীয় চিন্তন আৰু ধ্যান-ধাৰণাৰে পৰিচালিত হয়, শংকৰদেৱ কিন্তু সদায় ধর্মীয় ধ্যান-ধাৰণাৰে পৰিচালিত হোৱা নাছিল। শংকৰদেৱক মধ্যযুগ অতিক্রম কৰোৱাৰ দায়িত্ব সাম্প্রতিক লেখক, আলোচক আৰু গৱেষকৰ। 'মানৱতাবাদ' আৰু 'পুনৰাজাগৰণ' সদৃশ বাস্তৱিকতা তেৰাৰ সৃজন আৰু চিন্তনৰ মাজত আৱিষ্কৃত হৈ উঠিলেহে শংকৰদেৱৰ বিশ্বজনীনতা আৰু মধ্যযুগ অতিক্রমণ সম্ভৱ হৈ উঠিব। এক ছন্দ, ভক্তি দর্শন, গভীৰ কৰণা আৰু সীমাহীন সাৰল্যৰ মাজত চিৰন্তন অন্বেষণ অব্যাহত ৰাখিলেই শ্রীমন্ত শংকৰদেৱৰ বিশ্বজনীনতা প্রত্যক্ষ কৰাটো প্রতিনিয়ত সম্ভৱ নহয়। তেৰাৰ সৃজন, চিন্তন আৰু ব্যক্তিত্বৰ এক সুকীয়া গতি আছে, এই গতিয়ে সকলোকে স্পর্শ কৰিব পাৰে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
গুৰু শংকৰদেৱে নাম কীৰ্ত্তনৰ যোগেদি কৃষ্ণমুখী সংস্কৃতিৰে গঢ় দিছিল চাৰিখুঁটিৰ অন্যতম খুঁটি ভকত তত্ত্বক। শংকৰদেৱৰ সংস্কৃতিক অতি উচ্চস্থান দিছে এই ভকত তত্ত্বই। নাম, দেৱ, গুৰু, ভকত এই চাৰিতত্ত্বৰ মাজেদি ব্যক্ত হোৱা শংকৰী সংস্কৃতিৰ দার্শনিক ভিত্তি হৈছে মায়াবাদীৰ জীৱ ব্রহ্মত এক হৈ যোৱা অদ্বৈতবাদৰ প্রতিমুখে থকা এক আদর্শ। শংকৰী সংস্কৃতিৰ মূলত আছে পার্থিৱ জীৱনৰ স্বীকৃতি- অপার্থিৱ বা দিব্য আদর্শৰ নিয়ন্ত্রণত পার্থিৱ জীৱনে স্বকীয় মর্যাদাত প্রতিষ্ঠা পাইছে বাবেই মহাপুৰুষীয়া লিখনিসমূহত নৰতনুৰ ইমান প্রশংসা। আধ্যাত্মিকতা, বৌদ্ধিক চেতনা, সাংস্কৃতিক জাগৰণ তথা ভাৰতবোধৰ মহৎ আদর্শ প্রতিষ্ঠা কৰি অসমীয়া মানুহৰ অন্তৰ্জীৱন আৰু বহিজীৱনৰ ৰূপান্তৰ সাধনৰ জৰিয়তে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে যি মার্গ দর্শন দি গ'ল, সেয়া অসমীয়া জাতিৰ বাবে আপুৰুগীয়া সম্পদ হিচাপে পৰিগণিত হ'ল। এক স্বকীয় প্রতিভাৰ আকাৰ মহাপুৰুষগৰাকী আছিল সর্বগুণাকৰ। 
 
সনাতন সভ্যতা-সংস্কৃতিৰ অন্যতম ৰূপকাৰ মহাপুৰুষগৰাকীয়ে সমাজ-সাহিত্য, কলা-ধর্ম- সংস্কৃতি, এটাৰ লগত আনটোৰ সংযোগ সাধনাৰে মধ্যযুগীয়া অসমীয়া মানুহৰ মানসিকতাক বিশিষ্ট ৰূপ দান কৰে। সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ তত্ত্বক নিজস্ব দর্শনেৰে এক বিশিষ্ট আয়তন দি তেৰাই শ্রৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে ভক্তিৰ নৱ চেতনাৰ উন্মেষ কৰে। তেৰাই শ্রীমদ্ভাগৱত পুৰাণৰ কৃষ্ণৰ মাজেৰে বেদান্তৰ ব্ৰহ্মক অনুভৱ কৰাৰ পথ প্রশস্ত কৰি ভগৱৎ-ভক্তিৰ মহিমা প্রতিষ্ঠিত কৰিলে। মানুহক পৰিশীলন জীৱন যাত্ৰাৰ পথ প্রদর্শনৰ দ্বাৰা তেৰাই সমন্বয়ৰ এক শক্তিশালী ধাৰা বোঁৱাই যায়। অসম আৰু সৰ্বভাৰতীয় লোক সংস্কৃতিৰ আধাৰত সৃষ্ট সাংস্কৃতিক বৈভৱসমূহে আমাৰ স্বকীয়তাক নৱৰূপেৰে উদ্ভাৱিত কৰি তোলে। তেৰাই মানৱতা, সুশৃংখলিত সমাজ ব্যৱস্থাৰ যি মহান আদর্শ দি গ'ল, সেয়াই অসমীয়া জাতিৰ অনিৰুদ্ধ গতিৰ পাথেয় হৈ ৰ'ল। মহাপুৰুষগৰাকীৰ বিশাল সৃষ্টিৰাজিক বিশ্বমুখী কৰিব লাগিলে, একবিংশ শতিকাৰ ধ্যান-ধাৰণাৰে আগুৱাই আহিব লাগিব। তেৰাৰ জীৱন-দর্শন আৰু সৃষ্টিৰাজিক বিজ্ঞানসম্মতভাৱে গৱেষণা কৰিব পাৰিলে, বিশ্ববাসীয়ে তেৰাৰ সাগৰ সদৃশ অৱদানসমূহৰ বিষয়ে অৱগত হ'ব পাৰিব।
 
শংকৰদেৱ তিথি উপলক্ষে আয়োজন কৰা নাম-কীৰ্তন
 
অসমৰ আধ্যাত্মিক, সাংস্কৃতিক জীৱনধাৰাত আজান ফকীৰৰ ভূমিকা অতুলনীয়। আধ্যাত্মিকতাৰ ভেটিত এক প্রমূল্যবোধৰ সমাজ নির্মাণ, মানৱীয়তাৰ ভিত্তিত ঐক্যবদ্ধ সমাজ গঢ়ি তোলাৰ আদৰ্শৰে আজান ফকীৰে অসমীয়া মানুহৰ ইতিহাসত এক নতুন আয়তন সংযোজন কৰে। সুদূৰ ইৰাকৰ পৰা অসমলৈ আহি কেৱল ইছলাম ধৰ্মৰ প্ৰচাৰতে সীমাবদ্ধ নাথাকি অসমীয়া লোক-সংস্কৃতিৰ আধাৰত গঢ় দিয়া সাংস্কৃতিক জীৱনবোধ আছিল আজান ফকীৰৰ জীৱনশৈলীৰ অন্যতম বৈশিষ্ট্য। অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ আজান ফকীৰে জাতীয় জীৱনৰ চিৰপ্ৰৱাহমান সোঁতটোক অধিক গতিশীল কৰি তুলিছিল। আজান ফকীৰৰ সাংস্কৃতিক চেতনা আছিল অতি উৰ্বৰ। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে ধর্মই মানুহক শৃংখলাবদ্ধ কৰি সামাজিক এক ভেটি নির্মাণত অৰিহণা যোগায়। আনহাতে, সংস্কৃতিয়ে মানুহৰ স্বকীয়তাক গৰিমামণ্ডিত কৰি মিলনৰ ঐক্যতান সুদৃঢ় কৰে। সেইবাবেই তেওঁ অসমৰ লোক-জীৱনৰ প্রতি বিশেষভাৱে আকর্ষিত হৈছিল। আনকি, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সাংস্কৃতিক বৈভৱৰ সৈতে একাত্মতা অনুভৱ কৰি একেই পথেৰে অসমীয়া সমাজখনক প্ৰগতিৰ উদ্ধলৈ নি মিলনৰ এক আৱাসস্থল হিচাপে গঢ়ি তুলিব বিচাৰিছিল। 
 
মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা বিশ্লেষণ কৰিলে দেখিবলৈ পোৱা যায় যে, আজান ফকীৰৰ সাংস্কৃতিক শৈলীৰ মাজেৰে অসমৰ লোক-জীৱনৰ সামগ্রিক চিত্র এখন প্রকত হয়। হাজোত কেইবছৰমান থাকি অসমীয়া ভাষা ভালদৰে শিকি লৈ অসমীয়া ভাষা আৰু সংস্কৃতিৰ ক্ষেত্রলৈ অপৰিসীম অৱদান আগবঢ়োৱাটোৱে আজান ফকীৰৰ বৌদ্ধিক জীৱনৰ এক বৃহৎ পৰিসৰ হিচাপেও অভিহিত কৰিব পাৰি। অসমৰ ৰীতি-নীতি আয়ত্ত্ব কৰাৰ লগতে ওজা-পালি, নৃত্য-গীত, দেহ-বিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ সামঞ্জস্যৰে অসমীয়া সংস্কৃতি জিকিৰ আৰু জাৰীৰে সমৃদ্ধ কৰি গ'ল। আজান ফকীৰে অসমৰ মুছলমান সকলক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল আৰু এই জিকিৰৰ মাধ্যমেৰে মুছলমানসকলৰ মাজত আল্লাহৰ বিষয়ে জ্ঞান দিছিল। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধর্ম সম্পর্কীয় কিছুমান পার্চি আৰু আৰবী শব্দ গীতসমূহত স্থান দিছিল। 
 
হজৰত আজান পীৰৰ দৰগাহ
 
অসমীয়া দেহ-বিচাৰৰ গীতৰ লগত সাদৃশ্য থকা এই জিকিৰ সমূহত থলুৱা বাদ্যযন্ত্ৰৰ প্রয়োগো অন্যতম এক মন কৰিবলগীয়া দিশ। আনহাতে, জাৰী গীতবোৰৰ বিষয়বস্তু ধার্মিক নহয় যদিও কাৰবালা শ্বহীদক লৈ লিখা গীতবোৰ অতিকৈ কৰুণ হোৱা বাবে মানুহৰ অন্তৰ সহজে স্পর্শ কৰিছিল। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু আজান ফকীৰে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰালৈ আগৱঢ়াই যোৱা অৱদানে জাতিটোক সদায়ে সমৃদ্ধ কৰি ৰাখিব।