সাংস্কৃতিক সংযোগে ভাৰত-ছৌদি আৰবৰ সম্পৰ্ক শক্তিশালী কৰিছে

Story by  atv | Posted by  Munni Begum • 1 Months ago
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান
 
মহম্মদ মুদ্দাছিৰ কোৱামাৰ
 
উপসাগৰীয় আৰু পশ্চিম এছিয়াত ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ দেশ হৈছে ছৌদি আৰব। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কৌশলগত স্বায়ত্তশাসন, অৰ্থনৈতিক উন্নয়ন, আভ্যন্তৰীণ আৰু আঞ্চলিক নিৰাপত্তা তথা সুস্থিৰতাৰ উমৈহতীয়া লক্ষ্য আৰু বিশ্বদৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। 
 
গ্ল’বেল ছাউথৰ দেশ দুখন বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ভিতৰত অন্যতম আৰু গ্ৰুপ অৱ ২০ (জি-২০)ৰ সদস্য। ২০২৩-২৪ চনত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আছিল $৪৩.৩৭ বিলিয়ন। বিগত বছৰসমূহত ছৌদি আৰব ভাৰতৰ পঞ্চম বৃহত্তম বাণিজ্যিক অংশীদাৰ আছিল, যদিও ভাৰত ছৌদি আৰবৰ চতুৰ্থ বৃহত্তম বাণিজ্যিক অংশীদাৰ আছিল। 
 
ভাৰতে ছৌদি আৰবৰ পৰা খাৰুৱা তেল আমদানিৰ কৰাৰ এক দৃশ্য
 
ছৌদি আৰৱৰ পৰা ভাৰতৰ শক্তি আমদানি দ্বিপাক্ষিক বাণিজ্যৰ অন্যতম মূল ভেটি, আৰু দশক দশক ধৰি ছৌদি আৰব ভাৰতলৈ খাৰুৱা তেলৰ বিশ্বাসযোগ্য যোগানকাৰী দেশ হিচাপে চিহ্নিত হৈ আহিছে। যদিও ক’ভিড-১৯ আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দৰে বিশ্বব্যাপী পৰিঘটনাৰ বাবে শক্তি বাণিজ্যৰ উত্থান-পতন দেখা গৈছে, তথাপিও ইয়াৰ ফলত ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ছৌদি আৰবৰ ওপৰত নিৰ্ভৰশীলতাৰ কোনো পৰিৱৰ্তন হোৱা নাই। 
 
একেদৰে, ভাৰত ছৌদি আৰবৰ বাবে খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ সৰ্ববৃহৎ যোগানকাৰী দেশসমূহৰ ভিতৰত অন্যতম আৰু ছৌদি আৰবৰ খাদ্য সুৰক্ষাৰ মুখ্য স্তম্ভ হৈয়েই আছে। বাণিজ্যৰ উপৰিও বিনিয়োগ, প্ৰবাসী, আৰু ৰেমিটেন্সৰ বৰ্ধিত প্ৰবাহ দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ উপাদান। ২০১৪ চনৰ পৰা ভাৰত আৰু ছৌদি আৰবে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আৰু কৌশলগত আৰু নিৰাপত্তামূলক সহযোগিতা সম্প্ৰসাৰণৰ বাবে উল্লেখযোগ্য কূটনৈতিক আৰু ৰাজনৈতিক পুঁজি বিনিয়োগ কৰি সন্ত্ৰাসবাদ বিৰোধী, চোৰাংচোৱা তথ্য বিনিময়, আৰু প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতা অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে জনসাধাৰণৰ বাবে স্থায়ী সমৃদ্ধিৰ বাবে নিজ নিজ দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু বিশ্ব অৰ্থনীতিৰ সৈতে একত্ৰীকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক উমৈহতীয়া বুজাবুজিত উপনীত হৈছে। ইয়াৰ এটা উদাহৰণ হ’ল ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়ত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আই এম ই চি) আৰম্ভ কৰা, যিয়ে ভাৰতক ছৌদি আৰব, ইউ এ ই আৰু ইজৰাইলৰ জৰিয়তে ইউৰোপৰ সৈতে সংযোগ কৰিব। 
 
যোগ প্ৰশিক্ষক নৌফ মাৰৱাই
 
ভাৰত আৰু ছৌদি আৰবৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তোলা অসংখ্য কাৰকৰ ভিতৰত দুয়োখন দেশৰ মাজত সাংস্কৃতিক সংযোগো আছে। দুয়োখন দেশৰ সাংস্কৃতিক সংযোগৰ যথেষ্ট গুৰুত্ব আছে আৰু ই অবিৰতভাৱে সম্প্ৰসাৰিত হৈ আছে, যদিও ইয়াক প্ৰায়ে কমকৈ মূল্যায়ন কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে মোদী আৰু মহম্মদ বিন ছলমান উভয়ৰে বৈদেশিক নীতিৰ বাছনিত সংস্কৃতি আৰু পৰম্পৰা অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সাৰ্বজনীন শান্তিৰ বাবে ধাৰণাসমূহৰ বহুত্ব আৰু সাংস্কৃতিক সম্প্ৰীতি বুজি পোৱাৰ লগতে উগ্ৰবাদ, মৌলবাদ আৰু সন্ত্ৰাসবাদৰ দৰে অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজনীয়তাও দুয়োগৰাকী নেতাৰ এক উমৈহতীয়া লক্ষ্য হৈ আহিছে।
 
ভাৰতে দীৰ্ঘদিন ধৰি মৌলবাদী মতাদৰ্শ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে একাধিকবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। মোদীয়ে ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থা আৰু অনুশীলন, যেনে যোগ আৰু আয়ুষ, তথা বাসুদেৱ কুটুম্বকম (পৃথিৱী এক পৰিয়াল)ৰ দৰে ধাৰণাক প্ৰচাৰ আৰু উজ্জ্বল কৰি প্ৰকৃতিৰ সৈতে বহনক্ষম আৰু সুসম জীৱন যাপনৰ দিশত কাম কৰি আহিছে। 
 
ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে তেওঁৰ যুগান্তকাৰী সংস্কাৰৰ জৰিয়তে ছৌদি আৰবত সাংস্কৃতিক দিশসমূহ মুকলিৰ প্ৰক্ৰিয়া ত্বৰান্বিত আৰু ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। সমাজত মহিলাসকলৰ অধিক অংশগ্ৰহণৰ দিশত বিশেষ উদ্যোগ গ্ৰহণ, সংখ্যালঘু আৰু প্ৰবাসীসকলৰ ওপৰত নিষেধাজ্ঞা হ্ৰাস, বিনোদন আৰু পৰ্যটনমূলক কাৰ্যকলাপৰ বাবে স্থান প্ৰসাৰিত কৰা আৰু ৰাজহুৱা জীৱনত ইছলামৰ কঠোৰ ব্যাখ্যাৰ পৰা আঁতৰি আহি ক্ৰাউন প্ৰিন্সে ছৌদি জনসাধাৰণৰ মাজত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ফলস্বৰূপে ভাৰত-ছৌদি সাংস্কৃতিক সহযোগিতাৰ পৰিসৰ শেহতীয়া বছৰবোৰত যথেষ্ট বৃদ্ধি পাইছে।  
 
ভাৰতে ৰপ্তানি কৰা খাদ্য সামগ্ৰী
 
সাংস্কৃতিক সম্পৰ্কৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশসমূহৰ ভিতৰত ইছলাম অন্যতম। ভাৰতত বিশ্বৰ অন্যতম বৃহৎ মুছলমান জনসংখ্যা আছে, আৰু ইছলাম প্ৰতিষ্ঠা হোৱা ঠাই হিচাপে ছৌদি আৰবক ইছলামিক বিশ্বাসৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হয়। ইয়াত ইছলামৰ দুটাকৈ পবিত্ৰ স্থান আছে–মক্কাৰ কাবা আৰু মদীনাৰ মছজিদ আল-নবাৱী (নবীৰ মছজিদ)। ইছলাম ঐতিহাসিকভাৱে আৰব উপদ্বীপ আৰু ভাৰতৰ মাজত বিশেষকৈ দক্ষিণ উপকূলীয় অঞ্চলত সাংস্কৃতিক সংযোগৰ এক প্ৰধান উৎস হৈ আহিছে। বাৰ্ষিক হজযাত্ৰা আৰু বছৰজোৰা উমৰা তীৰ্থযাত্ৰাৰ বাবে ছৌদি আৰবলৈ যোৱা অন্যতম বৃহৎ দল হৈছে ভাৰত। একেদৰে, দুয়োখন দেশক একত্ৰিত কৰাত ইছলামে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকাৰ সময়তে সাংস্কৃতিক সংযোগসমূহ ধৰ্মীয় বিশ্বাসৰ বিষয়সমূহৰ বাহিৰলৈ গৈছে।
 
ব্যক্তিৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে উপযোগী হিচাপে প্ৰমাণিত হোৱা ভাৰতীয় পৰম্পৰাগত যোগাভ্যাসে সমগ্ৰ বিশ্বক আকৰ্ষিত কৰিছে। বিশেষকৈ ছৌদি আৰৱকে ধৰি বহু ইছলামিক দেশত যোগাসন জনপ্ৰিয় হৈ পৰিছে। স্কুলীয়া দিনত যোগাসনৰ সৈতে পৰিচয় হোৱা ড° নৌফ আল-মাৰৱাইয়ে ছৌদি আৰবত বিশেষকৈ মহিলাসকলৰ মাজত যোগাসনক জনপ্ৰিয় ক্ৰীড়া-ধ্যান-ধাৰণামূলক ব্যায়াম হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক আছিল।  
 
ছৌদি যোগ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক হিচাপে ২০১৭ চনত ছৌদি বিদ্যালয়সমূহত ক্ৰীড়া পাঠ্যক্ৰমৰ অংশ হিচাপে যোগ প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ড° মাৰৱাইক ছৌদি আৰব আৰু আৰব বিশ্বত যোগক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হৈছিল। ২০২১ চনত ড০ মাৰৱাইক মুৰব্বী হিচাপে লৈ ছৌদি যোগ সমিতি (SYC) প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২২ চনৰ মাৰ্চ মাহত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো যোগ প্ৰৱৰ্তন কৰা হ’ব বুলি সমিতিয়ে ঘোষণা কৰিছিল।   
 
ছৌদি আৰৱত একাংশ মহিলাই যোগ কৰি থকাৰ মুহূৰ্ত
 
ছৌদি আৰবৰ নতুন চলচ্চিত্ৰ উদ্যোগটোৱে মুম্বাইৰ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিছে। ২০২২ চনৰ এপ্ৰিল মাহত ছৌদি আৰবৰ সাংস্কৃতিক মন্ত্ৰী ৰাজকুমাৰ বদৰ বিন আব্দুল্লাই ভাৰত ভ্ৰমণ কৰি কেইবাজনো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু প্ৰযোজকক সাক্ষাৎ কৰি বলীউড আৰু ছৌদি চলচ্চিত্ৰ উদ্যোগৰ মাজত সহযোগিতাৰ সম্ভাৱনাৰ সন্ধান কৰিছিল। যিহেতু ছৌদি আৰবে ৰাজহুৱা প্ৰদৰ্শনৰ বাবে থিয়েটাৰ আৰু চিনেমা হল মুকলি কৰাৰ অনুমতি দিছে, সেয়েহে পিভিআৰৰ দৰে বহু ভাৰতীয় বিতৰক আৰু থিয়েটাৰ চেইনে ছৌদি আৰৱৰ সৈতে যৌথ উদ্যোগত দেশখনত চিনেমা হল মুকলি কৰিছে। 
 
জেদ্দাত অনুষ্ঠিত বাৰ্ষিক লোহিত সাগৰীয় চলচ্চিত্ৰ মহোৎসৱ (Red Sea Film Festival)ত ভাৰতৰ প্ৰখ্যাত শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ ছবিৰ প্ৰিমিয়াৰ প্ৰদৰ্শন কৰে। বছৰ বছৰ ধৰি শ্বাহৰুখ খান, অক্ষয় কুমাৰ, ছলমান খান, ৰণবীৰ সিং, আলিয়া ভাটকে ধৰি বহু ভাৰতীয় মেগাষ্টাৰে এই উৎসৱত অংশগ্ৰহণ কৰি আহিছে। ছৌদি চলচ্চিত্ৰ আৰু মনোৰঞ্জন উদ্যোগ আগবাঢ়ি যোৱাৰ লগে লগে কলাত্মক আৰু বাণিজ্যিক সহযোগিতাৰ পৰিসৰো বৃদ্ধি পাইছে।
 
ছৌদি আৰবে হলিউড আৰু বলীউডৰ চলচ্চিত্ৰ শ্বুটিঙৰ স্থান হিচাপেও আত্মপ্ৰকাশ কৰিছে, কাৰণ দেশখনে নিজৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য আৰু অত্যাধুনিক সুবিধাসমূহ ভ্ৰমণ আৰু অন্বেষণ কৰিবলৈ বিখ্যাত লোকসকলক আকৰ্ষিত কৰাৰ দিশত উল্লেখনীয় কাম কৰি আহিছে। সাংস্কৃতিক ক্ষেত্ৰখনত ছৌদি আৰব আৰু ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, আৰু ছৌদি ঐতিহ্যৰ লোকসকলৰ মাজত ইব্ৰাহিম আল-কাজীৰ নামটোৱে ভাৰতত নাট্য শিল্প আৰু উদ্যোগৰ ভেটি আৰু বিকাশত অৰিহণা যোগোৱা বুলি চৰ্চা হৈ আহিছে।
 
জেদ্দাত অনুষ্ঠিত বাৰ্ষিক লোহিত সাগৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে গোল্ডেণ ইউছৰ সন্মানীয় বঁটা লাভ কৰিছে চলচ্চিত্ৰ "হেংগিং গাৰ্ডেনছ" আৰু জেকী চানে
 
ছৌদি আৰু ভাৰত চৰকাৰে কলাত্মক আৰু সাহিত্যিক উৎসৱ, শিল্প প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত ভাৰতীয় আৰু ছৌদি গোট আৰু ব্যক্তিৰ অংশগ্ৰহণৰ জৰিয়তে সাংস্কৃতিক সহযোগিতা বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৮ চনত ছৌদি আৰবৰ নেচনেল ফেষ্টিভেল ফৰ হেৰিটেজ এণ্ড কালচাৰ (জানাড্ৰিয়াহ ফেষ্টিভেল নামেৰে জনপ্ৰিয়)ত ভাৰতে সন্মানীয় অতিথি হিচাপে অংশ লৈছিল। দিল্লী আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা, ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলাকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে আয়োজিত বাণিজ্য, গ্ৰন্থ আৰু হস্তশিল্প মেলাত বহু ছৌদি প্ৰদৰ্শক, নিৰ্মাতা আৰু প্ৰকাশকে যোগদান কৰে।
 
আনকি ক্ৰীড়াৰ ক্ষেত্ৰতো ভাৰত আৰু ছৌদি আৰবৰ সহযোগিতা যোৱা কিছু বছৰত যথেষ্ট উন্নতি হৈছে। ২০২৩ চনত Saudi Aramco নামৰ চৰকাৰী খণ্ডৰ তৈল কোম্পানীটো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অন্যতম পৃষ্ঠপোষক আছিল। জেদ্দা আৰু অন্যান্য চহৰত থকা ভাৰতীয় দূতাবাস আৰু কনছুলেটসমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সংগতি ৰাখি দেশখনত সাংস্কৃতিক উৎসৱৰ আয়োজন কৰি ধ্ৰুপদী ভাৰতীয় নৃত্য আৰু সংগীতৰ ৰূপ আৰু জনপ্ৰিয় সংস্কৃতিৰ প্ৰচাৰত অৰিহণা যোগাইছে।  
 
সাংস্কৃতিক সংযোগ সংগঠিত কাৰ্য্যকলাপৰ পৰিসীমাৰ বাহিৰলৈ গৈছে। বহু ছৌদি পৰ্যটক আৰু ভ্ৰমণকাৰী ভাৰতৰ বিভিন্ন চহৰ আৰু ৰাজ্যলৈ বিশেষকৈ কেৰালালৈ অৱসৰ আৰু স্বাস্থ্য পৰ্যটনৰ বাবে আহে। শৈক্ষিক আৰু বৈজ্ঞানিক সহযোগিতাৰ প্ৰসাৰৰ বাবে দুয়োখন দেশে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এইদৰে, ভাৰত-ছৌদি সাংস্কৃতিক সহযোগিতাৰ ভৱিষ্যত পূৰ্বতকৈ উজ্জ্বল যেন দেখা গৈছে। 
 
ছৌদি আৰবত ছবিৰ শ্বুটিং কৰি থকা এক দৃশ্য
 
ভাৰত আৰু ছৌদি আৰবে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, বাণিজ্যিক, কৌশলগত আৰু নিৰাপত্তা সহযোগিতাৰ জৰিয়তে নিজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সময়তে দুয়োখন দেশৰ উমৈহতীয়া ঐতিহাসিক, সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কক প্ৰায়ে পাহৰি যায়। এই সম্পৰ্কই  শেহতীয়া বছৰবোৰত দুয়োখন দেশৰ মাজত এক প্ৰাণৱন্ত সাংস্কৃতিক সহযোগিতাৰ পথ প্ৰশস্ত কৰিছে। প্ৰকৃতাৰ্থাত ভাৰতীয় আৰু ছৌদি সংস্কৃতিৰ প্ৰসাৰতা বিশেষভাৱে নিজ নিজ দেশত বৃদ্ধি পাইছে, আৰু ই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ অন্যতম শক্তিশালী দিশ হিচাপে আত্মপ্ৰকাশ কৰিছে।
 
(লেখক নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ৱেষ্ট এছিয়ান ষ্টাডিজৰ সহযোগী অধ্যাপক আৰু India's Saudi Policy: Bridge to the Future গ্ৰন্থৰ অন্যতম লেখক। লেখাটোত প্ৰকাশিত দৃষ্টিভংগী তেওঁৰ ব্যক্তিগত।)