পল্লব ভট্টাচাৰ্য্য
'দাস্তানগৈ' এটা পাৰ্চী শব্দ যি 'দাস্তান' (গল্প) আৰু 'গৈ' (গল্প-কথক বা আখ্যায়ক) শব্দৰ সমষ্টি। প্ৰাচীন কালত গল্প-কথকতা সামাজিকভাৱে ভাবৰ আদান-প্ৰদানৰ বাবে ব্যৱহৃত হৈছিল। বৰ্তমানেও গল্প আমাৰ সমাজত প্ৰচলিত; কিন্তু প্ৰাচীন কালত ই সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ আছিল। সেই সময়ৰ সীমিত মনোৰঞ্জন আৰু যোগাযোগৰ সূবিধা ইয়াৰ কাৰণ হʼব পাৰে।
সেই সময়ত বিভিন্ন সম্প্ৰদায়ৰ মাজত নিপুণ ভাষ্যকাৰৰ ('দাস্তানগো') দ্বাৰা বৰ্ণিত এই গল্প-কথকতা ভাবৰ আদান প্ৰদানৰ এক মূল আহিলা আছিল। লোকগাঁথা, ৰজা-মহাৰজাৰ বীৰত্ব বা মধ্যযুগৰ প্ৰেমৰ কাহিনী বা জীৱ-জন্তুৰ অভূতপূৰ্ব ব্যৱহাৰ বা কাহিনী, পুতলানাচ আদি এই গল্প-কথকতাৰ মূল উপাদান আছিল।
'দাস্তানগৈ' শীৰ্ষক এক অনুষ্ঠানত মাহমুদ ফৰুকীয়ে গল্প কোৱা এক দৃশ্য
পাৰ্চীয়াত (বৰ্তমানৰ ইৰাণ) ডাঙৰকৈ আবৃত্তি কৰি মধ্যযুগৰ বীৰ-বীৰাঙ্গনাৰ প্ৰেমৰ গাঁথা বা অন্যান্য আমোদজনক কাহিনী ব্যক্ত কৰা এক কলাত পৰিণত হৈ জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ হৈছিল। দুঃসাহসিক কৰ্ম, যাদু আৰু যুদ্ধৰ গল্পই, যাক পাৰ্চী ভাষাত দাস্তান বুলি কোৱা হয়, এক নতুন জগত আৰু দিগন্তৰ সূচনা কৰিছিল। কিছুমান 'দাস্তান' সৰল আছিল যদিও আন কিছুমানে সৰলতা আৰু ব্যৱহাৰিকতাৰ ক্ষেত্ৰখনৰ বাহিৰলৈ গৈ অদৃশ্যৰ সন্মুখীন হৈছিল আৰু সেই কাহিনীবোৰত নায়কে বহুতো কষ্ট স্বীকাৰ কৰি প্ৰেমিক-প্ৰেমিকাৰ মাজেৰে আগবাঢ়ি গৈ সকলো বিপদ জয় কৰি অৱশেষত তেওঁৰ অভিযান সফলকামী হৈছিল।
নায়কৰ দুঃসাহসিক অভিযান কেতিয়াবা যুদ্ধৰ বাহিৰলৈ গৈ ৰহস্যময় অভিযানলৈ পৰিণত হৈছিল। কাহিনী কওঁতে কথকসকলে মুক্তভাৱে আন গল্পৰ পৰা বিষয়বস্তু ধাৰ লৈছিল। এই কাৰণেই চাগে ৰুমীৰ 'মাছনৱী' আৰু 'আৰবীয় ৰাতিʼৰ দুয়োটাতে বহু কাহিনীত ভাৰতৰ পঞ্চতন্ত্ৰ পৰম্পৰা সন্নিবিষ্ট হ’ল। পাৰ্চীয়ান আৰু আৰবীয় গল্পকাৰসকলে প্ৰায়ে পৰী, জিন আৰু ভৱিষ্যদ্বাণীৰ যাদুকৰী জগতখনৰ কথা উল্লেখ কৰি এই অভিজ্ঞতা সামগ্ৰিকভাৱে সমৃদ্ধ কৰাৰ প্ৰয়াস কৰছিল। বীৰত্ব, ত্যাগ, ভক্তি, শাৰীৰিক শক্তি আৰু সাহসৰ কাহিনী মাত্ৰ এজন বা দুজন নায়কৰ মাজত সীমিত ৰখা হৈছিল। দ্যা হামজাৰ কাহিনীবোৰ আটাইতকৈ জনপ্ৰিয়, বিশেষকৈ যিটোত পাৰস্যৰ ৰজাৰ মুখ্যমন্ত্ৰীয়ে নিজৰ বিপদত তেওঁক সহায় কৰিবলৈ হামজাক মাতিছিল।
ৰুমীৰ 'মাছনৱী' গ্ৰন্থৰ বেটুপাত আৰু 'আৰবীয় ৰাতিʼ গল্পগ্ৰন্থ
এই প্ৰক্ৰিয়াত হামজাই বহুতো দুঃসাহসিক অভিযান, সত্তা আৰু প্ৰজাতিৰ সন্মুখীন হয়, যদিও শেষত তেওঁৱেই বিজয়ী আৰু অপৰাজিত হয়। বিশ্ববিখ্যাত 'এক হাজাৰ আৰু এক ৰাতি' (হাজাৰো-এক-শ্বাব) এনেধৰণৰ গল্প-কথকতাৰে নিদৰ্শন। গল্প কোৱাটো এতিয়া দীৰ্ঘদিন ধৰি যুৱক-যুৱতীসকলক শিক্ষা দিয়াৰ এক মূল্যৱান পদ্ধতি হিচাপে পৰিগণিত হৈছে।
ভাৰতবৰ্ষৰ লগতে অসমতো এই গল্প কোৱাৰ প্ৰৱণতা অতীজৰে পৰা কিঞ্চিতকৈ হ'লেও বিদ্যমান। উদাহৰণস্বৰূপে, ওজাপালি, নাগাৰানাম, বৰফুকনৰ গীত, হৰদত্ত আৰু বীৰদত্ত গীত, ফুলকোঁৱৰৰ গীত আদি এই পৰম্পৰাৰ নিদৰ্শন। সেইদৰে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত এই পৰম্পৰা অতীজৰে পৰা আছিল। মধ্যপ্ৰদেশ আৰু চত্তিশগড়ৰ পাণ্ডবানী, কৰ্ণাটকৰ তাল্মান্দালে আৰু য়ক্ষ্যগন, কেৰেলাৰ চাক্যকথু আৰু কথকলী, মহাৰাষ্ট্ৰৰ গন্ধাল আৰু পোৱাৰা, অন্ধ্ৰপ্ৰদেশৰ বুৰ্ৰাকথা আৰু কথা, ওৰিস্যাৰ দশকথীয়া আৰু চ্যাইতি ঘোড়া আদি ইয়াৰ উদাহৰণ।
ওজাপালি
উল্লেখযোগ্য যে, প্ৰাগ-ঐতিহাসিক আৰু প্ৰাচীন কালত ভাৰতবৰ্ষ সংস্কৃত সাহিত্য, অঙ্কশাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ, স্বাস্থ্যবিজ্ঞান আদি কৰি বিভিন্ন বিষয়ত পৃথিৱীৰ ভিতৰত আগশাৰীৰ দেশ আছিল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উচ্চমানসম্পন্ন বিশ্ববিদ্যালয় যেনে নালন্দা, তক্ষশীলা, বলভী, বিক্ৰমশীলা আদিৰ আবিৰ্ভাৱ হৈছিল। লগতে, অসংখ্য বৌদ্ধবিহাৰত জ্ঞানৰ আদান প্ৰদান হৈছিল। গুৰু-শিষ্য পৰম্পৰাই এই বিশ্ববিদ্যালয়সমূহৰ লগতে বৌদ্ধবিহাৰসমূহলৈ চীন, দক্ষিণ আৰু দক্ষিণ-পূব এচীয়া, পাৰস্যকে আদি কৰি পৃথিৱীৰ বিভিন্ন দেশৰ পণ্ডিত ব্যক্তিৰ সমাগম ঘটিছিল। বৌদ্ধধৰ্মৰ প্ৰতি আসক্তি সমগ্ৰ এচিয়া মহাদেশত বিয়পি পৰিছিল। এই দেশসমূহত আৱিষ্কৃত বিভিন্ন বিহাৰসমূহে ইয়াকে প্ৰমান কৰে।
স্কটিছ ইতিহাসবিদ আৰু জয়পূৰ সাহিত্য উৎসৱৰ প্ৰতিষ্ঠাপক নিৰ্দেশক উইলিয়াম দেলৰিম্পলে তেওঁৰ শেহতীয়া গৱেষণামূলক পুস্তক 'The Golden Road-How Ancient India Transformed The World'ত এইসম্পৰ্কে এক মনোগ্ৰাহী বিৱৰণ সন্নিবিষ্ট কৰিছে। ভাৰত আৰু পাৰস্য (বৰ্তমানৰ ইৰাণ) দেশৰ বিভিন্ন জ্ঞানৰ আদান-প্ৰদান এই গ্ৰন্থত ঐতিহাসিক তথ্যৰে উন্মোচিত হৈছে। বৰ্তমান আলোচনা কৰি থকা ইৰাণত উদ্ভাৱন হোৱা 'দাস্তানগৈ' পৰম্পৰাৰ ভাৰতত প্ৰৱেশ আৰু বৰ্তমান ইয়াৰ প্ৰাদূৰ্ভাৱ আৰু ভাৰতৰ দৰে বহুত্ববাদী সমাজে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কেনেদৰে এই পদ্ধতিক আকোৱালি লৈ সমগ্ৰ বিশ্বত আশাৰ সঞ্চাৰ কৰিছে, সেই সম্পৰ্কে প্ৰৱন্ধত আলোচনা কৰা হʼব।
মোগল সাম্ৰাজ্যৰ প্ৰতিনিধিত্বমূলক ছবি
মোগলসকলৰ ভাৰতলৈ আগমনৰ পিছত তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰা ভাৰতীয় সংস্কৃতিৰ স্বভাৱগত আঁকোৱালি লোৱা মানসিকতাৰে পাৰ্চী-ভাৰতীয় সংমিশ্ৰণেৰে এক আকৰ্ষণীয় নৱ-সংস্কৃতিৰ সৃষ্টি কৰিলে। মোগল ক'ৰ্টত পাৰ্চী ভাষাৰ প্ৰচলন হʼল। লাহে লাহে দাস্তানগৈ পৰম্পৰা দিল্লীকে আদি কৰি বিভিন্ন অঞ্চললৈ বিয়পি পৰিল। ওপৰত উল্লেখ কৰাৰ দৰে গল্প কোৱাৰ প্ৰৱণতা অতীজৰে পৰা ভাৰতবৰ্ষত থকাৰ বাবে দাস্তানগৈ প্ৰক্ৰিয়া অতি সহজে জনগণে গ্ৰহণ কৰিছিল। চুফী গায়ক, সংগীতজ্ঞ, কবি আৰু পণ্ডিত আমিৰ খুছৰৌ (১২৫৩ – ১৩২৫ খ্ৰীষ্টাব্দ) দিল্লী চুলতানত্বৰ যুগত ভাৰতীয়ৰ সাংস্কৃতিক ইতিহাসৰ এক কিংবদন্তি পাৰ্চী ব্যক্তি আছিল। তেওঁৰ দাস্তানগৈ পৰম্পৰাৰ প্ৰসাৰত পৰোক্ষভাবে হʼলেও এক যোগাত্মক পৰিৱেশৰ সৃষ্টি কৰিছিল।
ভাৰতবৰ্ষত মোগল সম্ৰাট আকবৰৰ যুগৰ পৰাই দাস্তানগৈ পৰম্পৰা আৰম্ভ হৈছিল। সেই সময়ত পাৰ্চী ভাষাতেই দাস্তানগৈৰ প্ৰচাৰ হৈছিল। ১৮ শতিকাত দাস্তানগৈ দিল্লীৰ পৰা লক্ষ্ণৌলৈ বিস্তাৰিত হʼল আৰু ইয়াতেই ই জনপ্ৰিয়তাৰ শিখৰত উপনীত হয়। দাস্তানগৈৰ গল্প কোৱাৰ প্ৰৱণতা ইছলামৰ গল্পৰ পৰা লাহে লাহে হিন্দু, বৌদ্ধ আৰু বিভিন্ন ধৰ্মৰ গল্পলৈ বিস্তাৰিত হৈ একত্ৰীকৰণৰ প্ৰতিভূ হৈ জিলিকি উঠিল। উদাহৰণস্বৰূপে, পুনম গিৰ্ধনী আৰু ৰাজেশ কুমাৰৰ দৰে দাস্তানগোৰ 'দাস্তান কালেকটিভ' নামৰ সংগঠণে দস্তান-ই-ইৰফান-ই-বুদ্ধ নামৰ এক গল্প-কথকতা বৌদ্ধ ধৰ্মৰ জাতক কাহিনীৰ আধাৰত (বুদ্ধৰ জীৱন কাহিনী) মঞ্চস্থ কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হʼল।
প্ৰতিনিধিত্বমূলক ছবি
ত্ৰয়োদশ শতিকাৰ মৌখিক গল্প কোৱাৰ ৰূপ দাস্তানগৈৰ ১৯ শতিকাত ভাৰত উপমহাদেশত জনপ্ৰিয় উত্থান ঘটি ১৯২৮ চনত বিখ্যাত দাস্তানগো মিৰ বকৰ আলিৰ মৃত্যুৰ পিছত ক্ৰমাত পতনৰ দিশে গতি কৰে। সূদীৰ্ঘ কেইবাটাও দশকৰ পিছত ২০০৫ চনত প্ৰায় পাহৰি যোৱা এই কলাই পুনৰ প্ৰাণ পাই উঠিল এক নতুন নাটকীয় ৰূপত। ইয়াৰ বাবে কেইবাগৰাকীও যুৱ শিল্পীৰ অৰিহণা প্ৰণিধানযোগ্য যাৰ ভিতৰত পুনম গিৰ্ধনী আৰু ৰাজেশ কুমাৰৰ দৰে দাস্তানগোৰ অবদান অতুলনীয়।
তেওঁলোকৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলস্বৰূপে হাজাৰ হাজাৰ দাস্তানগৈ শ্ব' ভাৰত আৰু বিদেশত পৰিৱেশন হৈছে। তেওঁলোকে বহু বিদ্যালয়তো এই প্ৰদৰ্শনীৰ আয়োজন কৰি যুৱ-প্ৰজন্মক এই অভিনৱ কলা সম্পৰ্কে অৱগত কৰাইছিল। যোৱা পাঁচ বছৰত পুনম আৰু ৰাজেশৰ লগতে আন তেওঁলোকৰ গল্প কোৱা গোটৰ সদস্যসকলে, এনে একাধিক অনুষ্ঠান পৰিৱেশন সংগঠিত কৰি পৰিবেশন কৰিছিলঃ
দিল্লীৰ শেষৰজন গল্পকাৰ মিৰ বকৰ আলি
দাস্তান বিক্ৰম কে ইছক কি -ৰাজা বিক্ৰমাদিত্যৰ প্ৰেম আৰু হৃদয়বিদাৰক কাহিনীৰ আধাৰত; দাস্তান এলিছ কি, লুইছ কেৰলৰ এলিছ ইন-ৱাণ্ডাৰলেণ্ডৰ ওপৰত আধাৰিত। দাস্তানগৈসকলে ইতিহাস, সাহিত্য আৰু পৌৰাণিক কাহিনীত নিজৰ দাস্তানৰ সামগ্ৰী বিচাৰে। কিন্তু তেওঁলোকৰ আখ্যানৰ ভিতৰত শ্ৰেষ্ঠ হʼল এই তিনিটা মৌলৰ মিশ্ৰণ। উদাহৰণস্বৰূপে দিল্লীত অনুষ্ঠিত এটা পৰিৱেশনত এক দাস্তানৰ বিষয়বস্তু আছিল গৌতম বুদ্ধৰ জন্মৰ সময়ত ভাৰতৰ চাৰিটা চুকত চাৰিটা ডাঙৰ মাটিৰ পাত্ৰ সোণ ভৰপূৰ হৈ থকা এক আখ্যানৰ ভিত্তিত।
এজন সফল দাস্তানগোৰ বাবে ভাষাৰ ওপৰত আধিপত্য অতি প্ৰয়োজনীয়; ধ্ৰুপদী কলা হোৱাৰ বাবে বিষয়বস্তুৰ লগতে ইয়াৰ প্ৰতিটো উপাদানৰ সফল পৰিৱেশনৰ বাবে সম্পূৰ্ণ অংগীকাৰ, আৰু সাহিত্যৰ লগত বিজ্ঞান, ভূগোল, ইতিহাস আৰু অন্যান্য বিষয়ত পাৰদৰ্শিতা বাঞ্চনীয়। এই সকলো বিষয় জ্ঞাত হ'লেহে এজন দাস্তানগো সফল হʼব পাৰিব।
চুফি পণ্ডিত আমিৰ খুচৰো
দ্বাদশ শতিকাত আৰবিক, পাৰ্চী আৰু তূৰ্কী ভাষাৰ সংমিশ্ৰণত দিল্লী আৰু লক্ষ্ণৌৰ আশে-পাশে উদ্ভৱ হোৱা উৰ্দু ভাষাতো দাস্তানগৈ প্ৰথাৰ বিপুল প্ৰচাৰ হʼব ধৰে। উৰ্দু দাস্তানগোৰ প্ৰসাৰ লক্ষ্ণৌত আৰম্ভ হয়। আমিৰ খূচৰোৰ 'দাস্তান ই আমীৰ হামজা' অতি জনপ্ৰিয় আছিল আৰু বহু উৰ্দু দাস্তানগৈ ১৯ শতিকাত সৃষ্টি হৈ এই কলাক জনপ্ৰিয় কৰি তোলে। ১৯ শতিকাৰ প্ৰকাশক, মুন্সী নবাল কিছুৰে (যি ভাৰতৰ ৱিলিয়াম কেক্সতন্ বুলি জনাজাত) ১৮৮০ৰ দশকত ৪৬ খণ্ড দাস্তানগৈ প্ৰকাশ কৰি উলিয়ায়।উৰ্দু দাস্তানসমূহে সেই সময়ৰ ভাৰতৰ লোকাচাৰ, বিস্ময়কৰ আৰু কৌতুকপূৰ্ণ ঘটনাপ্ৰবাহ, সমসাময়িক শব্দৰাজী আৰু মৌখিক পৰম্পৰাৰ চিত্ৰণ কৰে। উৰ্দু দাস্তানগৈ সম্পৰ্কে বিশদভাৱে জানিবলৈ নিম্নুক্ত ৱেবলিঙ্ক দ্ৰষ্টব্য: www.dastangoi.in
কবি, সাহিত্যিক, সমালোক, তাত্বিক চামচুৰ ৰহমান ফাৰুকীয়ে (১৯৩৫-২০২০) উৰ্দু ভাষাৰ আধুনিকীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছিল। গোৰখপুৰৰ এক সাহিত্যদৰদী বংশত জন্মগ্ৰহণ কৰা ফাৰুকী উৰ্দু দাস্তানগৈৰ উত্তৰণৰ মূল হোতা আছিল। তেওঁৰ ভাগিন মাহমুদ ফাৰুকীও এগৰাকী বিখ্যাত লেখক আৰু তেওঁ দাস্তানগৈ পৰম্পৰা পুনৰ উজ্জীৱিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছিল। দাস্তানগৈৰ ২০০৫ চনৰ এক অনুস্থান পৰ্যবেক্ষন কৰি ৱাল ষ্টীত জাৰ্নেলৰ মালিক কালীয়ানে নিম্নোক্ত মন্তব্য কৰিছিলঃ
আক্ষৰা থিয়েটাৰ আৰু দাস্তানগৈ দলে পৰিবেশন কৰা গল্পকাহিনী 'দাস্তান এলিছ কি'
“Faced with two hours of nonstop Urdu, I expected the worst. But the performance proved riveting. The perfectly pitched musicality of the voices, by turns lyrical and humorous; the astonishing plasticity of facial expressions; the infinitely varied hand-gestures - suddenly, I was staring down the centuries at a civilizationʼs golden moment. This, I thought, is how all those figures in miniatures would sound and act if they came to life.”
কালীয়ানৰ এই বক্তব্যই ভাৰতবৰ্ষৰ বিভিন্ন শ্ৰেণীৰ মানুহক একত্ৰিত কৰি দেশৰ ইতিহাসৰ হেৰাই যোৱা সাহিত্যৰ মুকুতাস্বৰূপ ঘটনাসমূহেৰে নতুন প্ৰজন্মক উৎসাহিত কৰাতো ধূৰূপ।
(লেখক অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান; অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু 'আৱাজ-দ্য ভইচ অসম'ৰ মুখ্য কাৰ্যবাহী বিষয়া)